স্নেহপ্ৰভা দাস (ইংৰাজী ভাষা: Snehaprava Das; জন্ম: ১০ অক্টোবৰ ১৯৫৫) এগৰাকী ভাৰতীয় ওড়িয়া ভাষাৰ লেখিকা আৰু অনুবাদক। তেওঁ ওড়িয়া ভাষাৰ কেইবাখনো ধ্ৰুপদী গ্ৰন্থ ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত এগৰাকী অগ্ৰণী ব্যক্তি। ইয়াৰ উপৰিও তেওঁ বিশ্বৰ কেইবাখনো ধ্ৰুপদী সাহিত্য ওড়িয়া ভাষালৈ অনুবাদ কৰিছে। ওড়িয়া ভাষাৰ পৰা অনূদিত গ্ৰন্থসমূহৰ ভিতৰত তেওঁৰ ইংৰাজী অনুবাদসমূহ অন্যতম শ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়।১২
জীৱনী
স্নেহপ্ৰভাই উৎকল বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী আৰু অনুবাদ অধ্যয়ন তথা তুলনামূলক সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰে। এগৰাকী সহযোগী অধ্যাপিকা হিচাপে তেওঁ কেইবাখনো উচ্চ শিক্ষা প্ৰতিষ্ঠানত ইংৰাজী সাহিত্য অধ্যাপনা কৰিছিল। তেওঁ ব্ৰহ্মপুৰৰ বিনায়ক আচাৰ্য মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
কৰ্মৰাজি
স্নেহপ্ৰভাই উমেশ চন্দ্ৰ চৰকাৰৰ ওড়িয়া ভাষাৰ প্ৰথমখন উপন্যাস পদ্মমালী ইংৰাজীলৈ অনুবাদ কৰাৰ উপৰিও ফকীৰ মোহন সেনাপতিৰ কেইবাখনো উপন্যাস অনুবাদ কৰিছে। তেওঁৰ অন্যান্য কৰ্মৰ ভিতৰত আছে বৈষ্ণৱ চৰণ দাসৰ ওড়িয়া উপন্যাস মনে মনেৰ ইংৰাজী অনুবাদ দ্য ৱৰ্ল্ড উইদিন আৰু ৰামশংকৰ ৰয়ৰ বিবাসিনী, এ হিষ্ট’ৰিকল ৰোমাঞ্চ। তেওঁ ইংৰাজীৰ পৰা ওড়িয়ালৈ কেইবাখনো বিশ্বখ্যাত সাহিত্য অনুবাদ কৰিছে, যাৰ ভিতৰত এলিজাবেথ জেনিংছ আৰু পি.বি. শ্বেলীৰ কবিতাৰ লগতে চাকি (Saki) আৰু অস্কাৰ ৱাইল্ডৰ চুটিগল্প অন্যতম। তেওঁ কেইবাটাও কবিতা আৰু গল্প সংকলন তথা জীৱনী অনুবাদ কৰিছে, যাৰ ভিতৰত গোপবন্ধু দাসৰ বিখ্যাত আত্মজীৱনী বন্দীৰ আত্মকথা অন্যতম।
তেওঁ এগৰাকী কবিও। তেওঁৰ ওড়িয়া ভাষাত লিখা কবিতাসমূহ প্ৰতিৱেশী, কাহিনী, অনুপম ভাৰত আদি আলোচনীত প্ৰকাশ পাইছে। আনহাতে তেওঁৰ ইংৰাজী অনুবাদসমূহ ইণ্ডিয়ান লিটাৰেচাৰ, দ্য উৰিষ্যা ৰিভিউ, দ্য লিটল মেগাজিন, ৰক পেবলছ আদিত প্ৰকাশিত হৈছে।
পৰমিতা শত্পথীৰ কালাৰ্ছ অৱ লনলিনেছৰ তেওঁ কৰা অনুবাদটোৱে সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।৩ তেওঁৰ আটাইতকৈ আলোচিত অনুবাদমূলক কামটো হৈছে ৱান থাউজেণ্ড ইয়াৰ্ছ ইন এ ৰেফ্ৰিজাৰেটৰ।৪ তেওঁৰ মতে, অনুবাদ হৈছে সমাজৰ স্তৰবিন্যাসক ওফৰাই পেলোৱা আৰু সকলো ধৰণৰ আধিপত্য পৰীক্ষা কৰাৰ এক কৌশল, লগতে ই মানৱ চেতনাৰ মুক্তিৰ এক আহিলা।৫
বঁটা আৰু স্বীকৃতি
- ২০২২:- জীৱনানন্দ দাস বঁটা
গ্ৰন্থপঞ্জী
ওড়িয়াৰ পৰা ইংৰাজীলৈ অনুবাদ
- দ্য পেনেন্স (মূল ওড়িয়া: ফকীৰ মোহন সেনাপতিৰ প্ৰায়শ্চিত্ত)
- দ্য ৱৰ্ল্ড উইদিন (মূল ওড়িয়া: বৈষ্ণৱ চৰণ দাসৰ মনে মনে)
- কালাৰ্ছ অৱ লনলিনেছ (মূল ওড়িয়া: পৰমিতা শত্পথীৰ দ্বাৰা)৬
- ৱান থাউজেণ্ড ডেইজ ইন এ ৰেফ্ৰিজাৰেটৰ (মনোজ কুমাৰ পাণ্ডাৰ পৰা)৭৮
- এ বাউণ্ডলেছ মমেণ্ট (মূল ওড়িয়া: পৰমিতা শত্পথীৰ দ্বাৰা)
- গোপবন্ধু দাস: দ্য প্ৰিজনৰ্ছ অটোবায়’গ্ৰাফী
স্নেহা প্ৰভা দাসৰ কবিতা
- চংছ অৱ ছলিটিউড
- ডাস্ক ডায়েৰী
- এল’ন
- মুডছ এণ্ড মমেণ্টছ
- নেভাৰ চে নো টু এ ৰোজ
- কালাৰ্ছ অৱ লনলিনেছ এণ্ড আডাৰ ষ্টৰীজ (পৰমিতা শত্পথীৰ কবিতাৰ পৰা)
তথ্যসূত্ৰ
- ↑ Priyanka Lundgren. (3 January 2020). Eight Odia Books in Translation You Must Read. HuffPost
- ↑ Karyn Wisselink. (10 January 2017). Thoughts on Translation - Spark of Light. AU Press
- ↑ (11 August 2019). Shades of Solitude. The Indian Express
- ↑ Sumitra Kannan. (31 July 2016). Defying Gravity. Deccan Herald
- ↑ Mini Krishnan. (23 June 2018). Language Does Not Simply Mirror Us. The Hindu
- ↑ (11 July 2019). Colours of Loneliness. APN News
- ↑ (1 August 2016). One Thousand Days in a Refrigerator. The Caravan Magazine
- ↑ Sudipta Datta. (7 August 2016). One Thousand Days in a Refrigerator - Book Review. Financial Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্নেহপ্ৰভা দাস” প্ৰবন্ধৰ সংশোধন ৫৯১৯৭১ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।