অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোনম লাম্বা

সোনম লাম্বা (জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৯৭) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী, যিয়ে ষ্টাৰ প্লাছৰ ধাৰাবাহিক সাথ নিভানা সাথিয়াত বিদ্যা মোডী সূৰ্যবংশী চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে পৰিচিত।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সোনম লাম্বা (জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৯৭১) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী, যিয়ে ষ্টাৰ প্লাছৰ ধাৰাবাহিক সাথ নিভানা সাথিয়াত বিদ্যা মোডী সূৰ্যবংশী চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে পৰিচিত।২

জীৱন আৰু কেৰিয়াৰ

জন্ম আৰু প্ৰাৰম্ভিক কাম

লাম্বাৰ জন্ম চণ্ডীগড়ত হৈছিল আৰু তেওঁ প্ৰথমে দেশ কি বেটী নন্দিনী (২০১৩–১৪) ধাৰাবাহিকত মুখ্য মহিলা চৰিত্ৰটোৰ ভনীয়েক ৰিতু পাণ্ডে হিচাপে অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ বালিকা বধূ আৰু দিয়া ঔৰ বাতী হাম ধাৰাবাহিকতো অভিনয় কৰিছিল।

সফলতা (২০১৫–২০২৩)

২০১৫ চনত জনপ্ৰিয় ধাৰাবাহিক সাথ নিভানা সাথিয়াত বিদ্যা আহেম মোডীৰ চৰিত্ৰটোৱে লাম্বাক চৰ্চালৈ লৈ আহে আৰু ২০১৭ চনত ধাৰাবাহিকখন সমাপ্ত হোৱালৈকে তেওঁ ইয়াৰ সৈতে জড়িত আছিল।৩

২০১৮ চনৰ এপ্ৰিল মাহত লাম্বাক ৰিস্তা লিখেংগে হাম নয়া ধাৰাবাহিকৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ বাবে নিৰ্বাচন কৰা হৈছিল। অৱশ্যে কাহিনীৰ বিভিন্ন পৰিৱৰ্তনৰ বাবে তেওঁ ধাৰাবাহিকখনৰপৰা আঁতৰি আহে।৪

২০২১ চনত অঞ্জন টিভিৰ এক দুজে কি পৰছাইৰ জৰিয়তে তেওঁ পুনৰ কেৰিয়াৰ আৰম্ভ কৰে, য’ত তেওঁ সন্ধ্যা নামৰ মুখ্য চৰিত্ৰটো ৰূপায়ণ কৰিছিল।

২০২১ চনৰ ২৩ অক্টোবৰত ঝিং টিভিৰ প্যাৰ তুনে ক্যা কিয়াৰ এটা খণ্ডত সোনমক সুমনৰ চৰিত্ৰত দেখা গৈছিল।

২০২২ চনত সোনমে কালৰ্ছ টিভিৰ চশুৰাল চিমৰ কা ২ত লাবুনিৰ চৰিত্ৰত অভিনয় কৰিছিল।৫

২০২৩ চনৰ আগষ্ট মাহত সোনমে ডিডি নেচনেলৰ ধাৰাবাহিক জাহান চান্দ ৰহতা হ্যায়ত কিৰণ নামৰ মুখ্য চৰিত্ৰটোত অভিনয় কৰিবলৈ আৰম্ভ কৰে।৬

দূৰদৰ্শন

বছৰশীৰ্ষকচৰিত্ৰটোকা
২০১৩−২০১৪দেশ কি বেটী নন্দিনীৰিতু পাণ্ডেছনী এণ্টাৰটেইনমেণ্ট টেলিভিছন
২০১৪বালিকা বধূগকাশী "গুল্লী" মহতকালৰ্ছ টিভী
দিয়া ঔৰ বাতী হামশালিনী "শালু" শাস্ত্ৰীষ্টাৰ প্লাছ
২০১৫−২০১৭সাথ নিভানা সাথিয়াবিদ্যা মোডী সূৰ্যবংশী
২০২১এক দুজে কি পৰছাইসন্ধ্যাঅঞ্জন টিভী
২০২১প্যাৰ তুনে ক্যা কিয়াসুমনঝিং টিভী
২০২২চশুৰাল চিমৰ কা ২লাবুনিকালৰ্ছ টিভী
২০২৩–বৰ্তমানজাহান চান্দ ৰহতা হ্যায়কিৰণডিডি নেচনেল
২০২৪বিশ্বাসথাআস্থাৰাইয়া এণ্টাৰপ্ৰাইজ
২০২৫ত্ৰিনয়নী (অনাগত)অস্মিতাজি টিভী

তথ্যসূত্ৰ

  1. ↑ Sonam Lamba Height, Age, Family, Wiki, News, Videos, Discussion & More. India Forums
  2. ↑ 'Saath Nibhaana Saathiya' to take 10-year leap
  3. ↑ 'Saath Nibhaana Saathiya' to take 10-year leap
  4. ↑ RISHTA HUM LIKHENGE NAYA: Sonam Lamba QUITS the show before even joining it
  5. ↑ Sonam Lamba on her COMEBACK on television with serial Sasural Simar Ka 2. MSN
  6. ↑ (2023-08-11). Exclusive - Sonam Lamba on her role in Jahaan Chaand Rehta Hai: I hope to bring some change in society with this character. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় টেলিভিছন অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোনম লাম্বা” প্ৰবন্ধৰ সংশোধন ৫৯৮৩৮২ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।