অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোনাল শুক্লা

সোনাল শুক্লা (১৯৪১–২০২১) এগৰাকী ভাৰতীয় নাৰীবাদী, কৰ্মী, শিক্ষয়িত্ৰী, লেখিকা আৰু সমাজকৰ্মী আছিল। ভাৰতৰ মুম্বাইত মহিলা পণ্ডিতসকলৰ বাবে পুথিভঁৰাল স্থাপন কৰা ব্যক্তিগত সংস্থা বাচা চেৰিটেবল ট্ৰাষ্ট প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।

হালনাগাদ: ৭ ডিচেম্বৰ ২০২৫ ৫২৪ শব্দ · ৩ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

সোনাল শুক্লা (১৯৪১–২০২১) এগৰাকী ভাৰতীয় নাৰীবাদী, কৰ্মী, শিক্ষয়িত্ৰী, লেখিকা আৰু সমাজকৰ্মী আছিল। ভাৰতৰ মুম্বাইত মহিলা পণ্ডিতসকলৰ বাবে পুথিভঁৰাল স্থাপন কৰা ব্যক্তিগত সংস্থা বাচা চেৰিটেবল ট্ৰাষ্ট প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। মথুৰা ধৰ্ষণ গোচৰক কেন্দ্ৰ কৰি নাৰীবাদী প্ৰতিবাদৰ মূল সদস্য আৰু ১৯৮০ চনত ভাৰতত ধৰ্ষণ আইন সংস্কাৰৰ আন্দোলন সফলতাৰে নেতৃত্ব দিয়া মহিলা অত্যাচাৰ বিৰোধী মঞ্চৰ প্ৰতিষ্ঠাপক সদস্য আছিল।

জীৱনী

১৯৪১ চনত ভাৰতৰ বাৰাণসীত জন্মগ্ৰহণ কৰা শুক্লাৰ পিতৃ নিনু মজুমদাৰ এজন সংগীতজ্ঞ আৰু ৰেডিঅ' উপস্থাপক আছিল যিয়ে ভাৰতৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক অল ইণ্ডিয়া ৰেডিঅ'ৰ বাবে বিবিদ ভাৰতী কেন্দ্ৰৰ সৃষ্টি কৰিছিল আৰু মাতৃ কৌমুদী মুনশী আছিল এগৰাকী শাস্ত্ৰীয় গায়িকা।১ তেওঁৰ তিনিজন ভাই-ভনী আছিল, মীনা, ৰাজুল আৰু উদয়।২ ডাক্টৰ হিমাংশু শুক্লাক বিয়া কৰাইছিল। ২০২১ চনত তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে ৩

কৰ্মজীৱন

শুক্লাই শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল, সাহিত্যত এম.এ. আৰু তুলনামূলক শিক্ষাত এম.এড° ডিগ্ৰী লাভ কৰে। ৪ কেৰিয়াৰৰ আৰম্ভণিতে মুম্বাইৰ অনাময় কৰ্মী আৰু মাছমৰীয়া সম্প্ৰদায়ৰ জীৱন উন্নত কৰাৰ বাবে কেইবাটাও ৰাজহুৱা পদক্ষেপৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল। ঘৰুৱা হিংসাৰ বৃদ্ধিৰ কথা স্বীকাৰ কৰি তেওঁ প্ৰথমতে নিজৰ ঘৰখনক দুবছৰৰ বাবে ঘৰুৱা হিংসাৰপৰা ৰক্ষা পোৱা মহিলাসকলৰ বাবে এক নিৰাপদ স্থানলৈ ৰূপান্তৰিত কৰিছিল। ৫৬

শুক্লা ১৯৭০-আশীৰ দশকত মহিলা সংগঠনৰ সক্ৰিয় সদস্য আছিল। ১৯৭৭ চনত তেওঁ সমাজবাদী মহিলা গোট প্ৰতিষ্ঠা কৰে আৰু ইংৰাজী আৰু হিন্দী ভাষাত ফেমিনিষ্ট নেটৱৰ্ক নামৰ এখন ছপা বাতৰি কাকত প্ৰকাশ কৰে। ১৯৭৯ চনৰ মথুৰা ধৰ্ষণ কাণ্ডৰ পিছত এই বাতৰি কাকতত প্ৰকাশিত চাৰিজন আইন অধ্যাপকে ভাৰতীয় ধৰ্ষণ আইন সমালোচনা কৰি লিখা এখন পত্ৰই ব্যাপক প্ৰতিবাদৰ সূচনা কৰে। ১৯৭৯ চনৰ মথুৰা ধৰ্ষণ গোচৰৰ ন্যায়িক কাৰ্য্যবিধিৰ প্ৰতি সঁহাৰি জনাই গঠন হোৱা ফ’ৰাম এগেইনষ্ট অপ্ৰেছন অৱ উইমেন নামৰ সংস্থাটোৱে ভাৰতত ধৰ্ষণ আইন সংস্কাৰৰ বাবে সফলতাৰে প্ৰচাৰ চলাইছিল। ২৭

১৯৮৭ চনত শুক্লাই মুম্বাইত ভাচা চেৰিটেবল ট্ৰাষ্ট প্ৰতিষ্ঠা কৰে - নাৰীবাদী গৱেষণাৰ সহায়ৰ বাবে পুথিভঁৰাল প্ৰতিষ্ঠা কৰা, লগতে মহিলা ছাত্ৰ-ছাত্ৰীক সম্পদ যোগান ধৰাৰ বাবে (যেনে আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন যিবোৰ সেই সময়ত ভাৰতত সহজলভ্য নাছিল) প্ৰতিষ্ঠা কৰে। ৭ প্ৰথম অৱস্থাত তেওঁৰ ঘৰত ৰখা ট্ৰাষ্ট পিছলৈ এখন বিদ্যালয়লৈ গুচি যায়, য’ত শুক্লাই পুথিভঁৰালটো এটা স্বতন্ত্ৰ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰে। এই পুথিভঁৰালটোত ৩০০০ৰো অধিক কিতাপ আছে আৰু ১৯৯১ চনত সংগীতৰ সংকলনৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনত মহিলাৰ ভূমিকা সম্পৰ্কে তথ্যচিত্ৰ প্ৰকাশ কৰা হয়। ৬ In 1995, ১৯৯৫ চনত শুক্লাই ভাষা সম্প্ৰসাৰণ কৰি মুম্বাইৰ পৌৰসভাৰ বিদ্যালয়ত অধ্যয়ন কৰা শিশুসকলক প্ৰতিষ্ঠানিক সহায় আগবঢ়ায়, মুম্বাইৰ বস্তিসমূহতৃ ১৫টা কেন্দ্ৰ গঠন কৰে, য’ত ইংৰাজী ভাষাৰ বাক্য, ফটোগ্ৰাফী আৰু কম্পিউটাৰকে ধৰি দক্ষতা বিনামূলীয়াকৈ শিকোৱা হয়। ৮ ভাৰতত ক'ভিড-১৯ মহামাৰীৰ সময়ত শুক্লাই বাচাৰ সৈতে স্বেচ্ছাসেৱকৰ এটা দলৰ আয়োজন কৰিছিল, যাতে বিনামূলীয়া খাদ্য, আৰু ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰীকে ধৰি ব্যক্তিগত সামগ্ৰী, আৰ্তজনৰ পৰিয়ালসমূহক, মুম্বাইত প্ৰদান কৰে। ৯

শুক্লাই ১৯৮০ চনৰপৰা ২০২১ চনলৈ তথা মৃত্যুৰ আগলৈকে এখন গুজৰাটী কাকতৰ সৈতে সাপ্তাহিক স্তম্ভ প্ৰকাশ কৰিছিল, য’ত তেওঁ খাদ্য, সাহিত্য, ৰাজনীতিৰপৰা আৰম্ভ কৰি নাৰীবাদী ধাৰণা আৰু নাৰী অধিকাৰৰ বিভিন্ন বিষয়ৰ ওপৰত লিখিছিল। ৭১০ গুজৰাটী লেখিকা গোবৰ্ধনৰাম ত্ৰিপাঠীৰ ওপৰত তেওঁৰ কিছু লেখা ভাৰতীয় সাহিত্যৰ বহল অধ্যয়নৰ অংশ হিচাপে প্ৰকাশ পাইছে। ১১১২নাৰীবাদৰ দৃষ্টিকোণৰপৰা শিক্ষাবিজ্ঞান আৰু শিক্ষাৰ বিষয়েও লিখিছে, শিক্ষক সংঘৰ বিষয়ে, ভাৰতৰ লোকসাহিত্যত নাৰী আৰু পৰিয়ালৰ চিত্ৰণৰ বিষয়েও লিখিছে। ১৩

২০২১ চনত ফ্ৰেড্ৰিখ এবাৰ্ট ফাউণ্ডেচনে তেওঁক 'জেণ্ডাৰ আইকন' হিচাপে স্বীকৃতি দিয়ে আৰু তেওঁৰ সন্মানত জ্যোতি পুনৱানীয়ে লিখা তেওঁৰ জীৱনৰ বিষয়ে এখন সচিত্ৰ গ্ৰন্থ মুকলি কৰে।১৪১৫ শুক্লাই ভাৰতীয় কবি আৰু সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগতে মোহনদাস কৰমচান্দ গান্ধীক তেওঁৰ কৰ্মৰাজিৰ প্ৰধান প্ৰভাৱ বুলি উল্লেখ কৰিছে। ১৬

প্ৰকাশিত গ্ৰন্থৰাজি

  • (2008) Sonal Shukla, 'Family in Feminist Songs: A Continuity with Folk Literature' in Joy Deshmukh-Ranadive ed., Democracy in the Family: Insights from India (SAGE Publications)
  • (2008) Sonal Shukla, 'Promoting Women's Participation in a Teachers' Union: The Role of a Women's Committee' in Jackie Kirk ed., Women Teaching in South Asia (SAGE Publications)
  • (2010) Sonal Shukla and Pradnya Swargaonkar, 'The Adolescent Girl' in Vibhuti Patel, ed., Girls and Girlhoods at Threshold of Youth and Gender—A Vacha initiative (Delhi, The Women Press)
  • (2010) Sonal Shukla and Nischint Hora (eds), Experiencing Girlhood: Stories from Bastis in Mumbai (Vacha Charitable Trust).

তথ্যসূত্ৰ

  1. ↑ (2020-10-14). At 93, 'Nightingale of Gujarat' passes away due to Covid. The Indian Express
  2. ↑ (2015-06-05). Sonal Shukla (1941–2021). Economic and Political Weekly. পৃ. 7–8
  3. ↑ (2021-09-10). Sonal Shukla, noted feminist and educator, dies of cardiac arrest at 80. The Indian Express
  4. ↑ Deshmukh-Ranadive, Joy. (2008-03-11). Democracy in the Family: Insights from India. SAGE Publishing India. ISBN 978-93-5280-116-9
  5. ↑ (2021-09-09). Noted women's rights activist Sonal Shukla passes away. Deccan Herald
  6. ↑ (2021-09-10). Noted women's rights activist Sonal Shukla dead. The Hindu. PTI
  7. ↑ (2021-09-14). Sonal Shukla: a feminist who worked to empower girls from deprived communities. The Indian Express
  8. ↑ Punwani, Jyoti. (17 October 2013). Girls will be girls here. @businessline
  9. ↑ (2020-06-10). Mumbai: Over 1,500 girls help feed 820 families as part of NGO drive. The Indian Express
  10. ↑ PUNWANI, JYOTI. A Feminist Messiah Passes Into The Ages. Rediff
  11. ↑ MENON, PARVATHI. (3 August 2001). Of studies on women. Frontline
  12. ↑ Thorner, Alice; Raj, Maithreyi Krishna. (2000). Ideals, Images, and Real Lives: Women in Literature and History. Orient Blackswan. ISBN 978-81-250-0843-9
  13. ↑ Deshmukh-Ranadive, Joy. (2008-03-11). Democracy in the Family: Insights from India. SAGE Publications India. ISBN 978-81-321-0004-1
  14. ↑ (2021-09-09). Noted women's rights activist Sonal Shukla passes away in Mumbai. The Indian Express
  15. ↑ An icon of the Women's movement in India and across the globe!. india.fes.de
  16. ↑ Gunjal, Geeta. (2021-10-24). Sonal Shukla: Writer, Educator And Iconic Feminist · #IndianWomenInHistory. Feminism In India

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদসমাজকৰ্মীলেখিকাভাৰতীয় ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোনাল শুক্লা” প্ৰবন্ধৰ সংশোধন ৫৬১৭৯০ (৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।