অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোনালী নাগৰাণী

সোণালী নাগৰাণী (ইংৰাজী: Shonali Nagrani) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টিভি হষ্ট আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আঁত ধৰিছিল। ইয়াৰ উপৰি তেওঁ হিন্দী ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ৬০৭ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সোণালী নাগৰাণী (ইংৰাজী ভাষা: Shonali Nagrani) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টিভি হষ্ট আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আঁত ধৰিছিল। ইয়াৰ উপৰি তেওঁ হিন্দী ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ ২০০৩ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেলৰ খিতাপ অৰ্জন কৰে। ইয়াৰ জৰিয়তে তেওঁ মিছ ইণ্টাৰনেশ্যনেল ২০০৩ত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পায় আৰু তাত প্ৰথম ৰানাৰ্ছ-আপৰ খিতাপ জয় কৰে।১ এগৰাকী মডেল হিচাপে কাম কৰাৰ লগতে নাগৰাণীয়ে ধাৰাবাহিকভাৱে চাৰি বছৰ ধৰি আই পি এলৰ আঁত ধৰিছে। টাইমছ অৱ ইণ্ডিয়াৰদ্বাৰা ২০১১ আৰু ২০১২ বৰ্ষৰ বাবে ভাৰতৰ "৫০ গৰাকী আটাইতকৈ আকৰ্ষণীয় মহিলা"ৰ এগৰাকী হিচাপে তেওঁ নিৰ্বাচিত হৈছিল।

প্ৰাৰম্ভিক জীৱন

নাগৰাণী দিল্লীৰ এটা সিন্ধী পৰিয়ালৰ সন্তান। তেওঁ বাগডোগ্ৰাৰ বেংডুবীস্থিত গুড শেফৰ্ড ইংলিছ স্কুল আৰু নতুন দিল্লীৰ ধৌলা কুৱানৰ আৰ্মী পাব্লিক স্কুলত পঢ়া-শুনা কৰিছিল। তেওঁ ২০০৩ চনত নতুন দিল্লীৰ লেডী শ্ৰীৰাম মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। নাগৰাণীৰ পৰিয়ালটোৰ এক সামৰিক পটভূমিও আছে, কিয়নো তেওঁৰ পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় নৌসেনা বিষয়া। ২০১৩ চনত তেওঁ কেৰালাত নিজৰ বন্ধু চিৰাজ ভট্টাচাৰ্যৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২৩

কৰ্মজীৱন

মডেলিং

তেওঁক ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ২০০৩ৰ মুকুট পিন্ধোৱা হয় আৰু ইয়াৰ ফলস্বৰূপে তেওঁক ২০০৩ চনৰ মিছ ইণ্টাৰনেশ্যনেলত ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হয়। জাপানৰ টকিঅ'ত অনুষ্ঠিত হোৱা মিছ ইণ্টাৰনেশ্যনেল ২০০৩ত তেওঁ অংশগ্ৰহণ কৰি প্ৰথম ৰানাৰ্ছ-আপ হিচাপে নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত ২০০৩ চনত প্ৰিন্স অৱ ৱেলছৰ চৰকাৰী ভাৰত ভ্ৰমণৰ সময়ত এখন আদৰণি সভাত তেওঁক লগ পোৱাৰ সুযোগ লাভ কৰিছিল। তেতিয়াৰেপৰা তেওঁ এগৰাকী সক্ৰিয় মডেল হিচাপে কাম কৰি আহিছে আৰু অসংখ্য মডেলিং প্ৰতিষ্ঠানৰ শ্ব'ত অংশ লৈছে।৪ টাইমছ অৱ ইণ্ডিয়াৰদ্বাৰা ২০১১ আৰু ২০১২ চনত তেওঁ শীৰ্ষ "৫০ গৰাকী আটাইতকৈ আকৰ্ষণীয় মহিলা"ৰ এগৰাকী হিচাপে নিৰ্বাচিত হৈছিল।

টেলিভিছন

নাগৰাণীয়ে টেলিভিছনৰ উপস্থাপক হিচাপে সফলতা লাভ কৰিছে আৰু ভাৰতীয় তথা ব্ৰিটিছ টেলিভিছনত কাম কৰিছে। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ জুম টিভিত পপকৰ্ণ অনুষ্ঠানৰ আঁত ধৰিছিল। ইয়াৰ উপৰি তেওঁ ইণ্ডিয়ান আইডলৰ বৰদিনৰ বিশেষ খণ্ডৰ অতিথি টেলিভিছন উপস্থাপক হিচাপে উপস্থিত আছিল। ২০০৭ চনত তেওঁ ষ্টাৰ ৱানৰ গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ জৰিয়তে মনোৰঞ্জনধৰ্মী চেনেলত প্ৰৱেশ কৰে। তেওঁ ২০০৭ চনত ডুবাইত ষ্টাৰ প্লাছৰ বাবে আইফা বঁটা অনুষ্ঠানৰ আঁত ধৰিছিল আৰু ইয়াৰ পিছত মালয়েছিয়াত ছনী টিভিৰ বাবে গিমা অনুষ্ঠানৰ আঁত ধৰিছিল। তদুপৰি তেওঁ ছনীত মিষ্টাৰ এণ্ড মিছ টিভিৰ পৰিচালিকা হিচাপে কাম কৰাৰ লগতে ষ্টাৰ ৱানৰ ছালাম-এ-ইস্ক নামৰ এটা ৰিয়েলিটি শ্ব'ৰ উপস্থাপিকা হিচাপেও কাম কৰিছিল। তেওঁৰ অন্যান্য কামৰ ভিতৰত ফিল্মী ককটেইল আৰু দমদাৰ হিটছৰ আঁত ধৰা অন্যতম। ২০০৯ চনত তেওঁ কালাৰ্ছ চেনেলৰ খতৰো কে খিলাড়ী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ২০১১ চনত নাগৰাণীয়ে জনপ্ৰিয় ৰিয়েলিটি শ্ব' বিগ বছৰ পঞ্চম সংস্কৰণত এগৰাকী চেলিব্ৰিটি প্ৰতিযোগী হিচাপে অংশ লৈছিল।

ক্ৰিকেট

নাগৰাণীয়ে ২০০৬ চনৰপৰাই ক্ৰিকেট শ্ব'ৰ এগৰাকী সক্ৰিয় উপস্থাপিকা হিচাপে কাম কৰি আহিছে। সেই বছৰতে তেওঁ চেম্পিয়নছ ট্ৰফীৰ আঁত ধৰি কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ভাৰতীয় দৰ্শকৰ বাবে ২০০৭ চনৰ ক্ৰিকেট বিশ্বকাপৰ অনুষ্ঠান পৰিচালনা কৰিছিল। ২০০৮ চনত তেওঁ এক্সট্ৰা ইনিংছ টি-২০ নামৰ এটা অনুষ্ঠানৰ আঁত ধৰিছিল, য'ত ক্ৰিকেটৰ বিভিন্ন দিশ প্ৰদৰ্শন কৰা হৈছিল। ২০০৯ চনত তেওঁ ই এছ পি এন আৰু ষ্টাৰ ক্ৰিকেটৰ দৰে ডাঙৰ ব্ৰেণ্ডৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ ৱাছিম আক্ৰামৰ সৈতে ২০০৯ চনৰ আই চি চি ৱৰ্ল্ড টি-২০ৰ ওপৰত আধাৰিত ষ্টাম্পড নামৰ এটা অনুষ্ঠানৰ আঁত ধৰে। ২০১০ চনত তেওঁ চাইৰাছ ব্ৰুচা আৰু ৱাছিম আক্ৰামৰ সৈতে আন এক টি-২০ বিশ্বকাপ বিশ্লেষণাত্মক কাৰ্যসূচীৰ আঁত ধৰিছিল, যিটো ই এছ পি এন-ষ্টাৰ স্পৰ্টছত সম্প্ৰচাৰিত হৈছিল। ই এছ পি এন আৰু অন্যান্য নেটৱৰ্কৰ বাবে সফল কামৰ পিছত ২০১১ চনত তেওঁক আই টি ভিয়ে আই পি এলৰ কভাৰেজৰ বাবে মেট স্মিথৰ সৈতে সহ-উপস্থাপিকা হিচাপে চুক্তিবদ্ধ কৰে। তেতিয়াৰেপৰা তেওঁ ইউ কে টেলিভিছনতো খোপনি পুতিছে আৰু ধাৰাবাহিকভাৱে চাৰিটা ছিজনৰ বাবে আই পি এলৰ আঁত ধৰিছে।

চলচ্চিত্ৰ

নাগৰাণীয়ে হিন্দী ভাষাৰ চলচ্চিত্ৰত প্ৰধানকৈ সহযোগী চৰিত্ৰত অভিনয় কৰিছে। আৰম্ভণিতে তেওঁ ২০০৫ চনত ইমৰান হাছমীৰ সৈতে জেহৰ ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰাৰ কথা আছিল। অৱশ্যে ছবিখনৰ নিৰ্মাণত পলম হোৱাৰ বাবে তেওঁ ইয়াৰপৰা আঁতৰি আহিবলৈ বাধ্য হয় আৰু তেতিয়াৰেপৰা তেওঁ কোনো ডাঙৰ চৰিত্ৰত অভিনয় কৰা নাই।৫ অৱশ্যে তেওঁ দিল বোলে হাডিপ্পা! আৰু ৰব নে বনা দি জোড়ী ছবিত দুটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Catch-Up With The Past Miss Indias. The Times Of India
  2. ↑ (1 March 2013). Shonali Nagrani wedding album. intoday.in
  3. ↑ (16 September 2012). Shonali Nagrani to tie the knot. The Times of India
  4. ↑ (1 June 2004). Indian designs going places. The Hindu
  5. ↑ (15 May 2007). Shonali acts funny – Entertainment. DNAindia.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোনালী নাগৰাণী” প্ৰবন্ধৰ সংশোধন ৫৯৯৮২৪ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।