অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৌৰভী দেৱবৰ্মা

সৌৰভী দেৱবৰ্মা (জন্ম ১৮ অক্টোবৰ ১৯৮৫) এগৰাকী ভাৰতীয় গায়িকা। তেওঁ টেলিভিছন ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডল ৪-ৰ প্ৰতিযোগী আছিল আৰু এই অনুষ্ঠানৰ প্ৰথম মহিলা বিজয়ী হিচাপে পৰিচিত হয়। তেওঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডধাৰীও।

হালনাগাদ: ২৪ জুলাই ২০২৬ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সৌৰভী দেৱবৰ্মা (জন্ম ১৮ অক্টোবৰ ১৯৮৫) এগৰাকী ভাৰতীয় গায়িকা। তেওঁ টেলিভিছন ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডল ৪-ৰ প্ৰতিযোগী আছিল আৰু এই অনুষ্ঠানৰ প্ৰথম মহিলা বিজয়ী হিচাপে পৰিচিত হয়।১২ তেওঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডধাৰীও। গায়িকা, পৰিৱেশিকা আৰু মনোৰঞ্জন শিল্পী হিচাপে তেওঁ ভাৰতৰ লগতে বিদেশৰ বিভিন্ন দেশ আৰু বিভিন্ন উল্লেখযোগ্য ঠাই, যেনে হংকং, নাইজেৰিয়া, ডাৰ্বান, নিউয়ৰ্ক মহানগৰ, লণ্ডন, কুৱেইট, বাংলাদেশ আৰু নেপালত লাইভ সংগীত অনুষ্ঠান পৰিৱেশন কৰিছে।৩

ব্যক্তিগত জীৱন

সৌৰভী দেৱবৰ্মাৰ জন্ম ১৯৮৫ চনত ত্ৰিপুৰাৰ এটা পৰিয়ালত হয়। যদিও তেওঁৰ অভিভাৱকসকল চৰকাৰী কৰ্মচাৰী আৰু সংগীত জগতৰ সৈতে জড়িত নাছিল, তথাপিও তেওঁলোক তেওঁৰ সংগীতজীৱন বাছনি কৰাৰ সিদ্ধান্তত সদায় সমৰ্থন আৰু উৎসাহ যোগাইছিল।৪ তেওঁ আগৰতলাৰ ছেণ্ট প’লছ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।৫

গিনিছ ৱৰ্ল্ড ৰেকৰ্ড

ত্ৰিপুৰাৰ বাসিন্দা আৰু প্ৰথম মহিলা ইণ্ডিয়ান আইডল বিজয়ী সৌৰভী দেৱবৰ্মাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰি গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে। ১৮ মাৰ্চত এটা ব্যক্তিগত টেলিভিছন চেনেলত প্ৰচাৰিত অনুষ্ঠানত তেওঁ উল্টাকৈ ওলমি থকাৰ অৱস্থাত এটা গান গাই ৰেকৰ্ড ভাঙিবলৈ চেষ্টা কৰে। তেওঁ নিউজিলেণ্ডৰ ৰেবেকা ৰাইটৰ ৩ মিনিট ৫৩ ছেকেণ্ডৰ পূৰ্বৰ ৰেকৰ্ড ভাঙিবলৈ লক্ষ্য লয় আৰু ৪ মিনিট ৩০ ছেকেণ্ড ধৰি গান গাই নতুন ৰেকৰ্ড স্থাপন কৰে। সৌৰভী সংগীতৰ প্ৰতি সৰুৰে পৰা অত্যন্ত আগ্ৰহী আছিল আৰু এএছএমছ কলেজ অৱ কমাৰ্চ, ছায়েন্স এণ্ড ইনফৰ্মেচন টেকন’লজি চিএছআইটি-ত অধ্যয়নৰ সময়ত কলেজৰ সকলো অনুষ্ঠানত সংগীত পৰিৱেশন কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Sourabhee Debbarma wins Indian Idol 4
  2. ↑ Sourabhee's Indian Idol Page
  3. ↑ (13 October 2018). Indian Idol Sourabhee performs in Dimapur. Nagaland Post
  4. ↑ ShowBizy:: The Worlds Biggest Media and Entertainment Directory
  5. ↑ 5 women from Tripura who are making it big at the international arena!. The North East Post

সম্পৰ্কিত শ্ৰেণী

ত্ৰিপুৰাৰ ব্যক্তিগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌৰভী দেৱবৰ্মা” প্ৰবন্ধৰ সংশোধন ৬১৯১৩৯ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।