অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোহা বেচাৰা

সোহা বেচাৰা (অসমীয়া বানান চোহা; আৰবী: سهى بشارة; জন্ম ১৫ জুন ১৯৬৭) খিয়াম ডিটেনচন চেণ্টাৰৰ এগৰাকী লেবাননৰ প্ৰাক্তন বন্দী। ১৯৮৮ চনত ইজৰাইল সমৰ্থিত দক্ষিণ লেবানন সেনাবাহিনীৰ (এছ এল এ) তেতিয়াৰ নেতা এণ্টোৱান লাহাদক হত্যা কৰাৰ বিফল চেষ্টা কৰে; তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি খিয়ামৰ এছ এল এৰ কুখ্যাত…

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৬ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সোহা বেচাৰা (অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) বানান চোহা; আৰবী: سهى بشارة; জন্ম ১৫ জুন ১৯৬৭) খিয়াম ডিটেনচন চেণ্টাৰৰ এগৰাকী লেবাননৰ প্ৰাক্তন বন্দী। ১৯৮৮ চনত ইজৰাইল সমৰ্থিত দক্ষিণ লেবানন সেনাবাহিনীৰ (এছ এল এ) তেতিয়াৰ নেতা এণ্টোৱান লাহাদক হত্যা কৰাৰ বিফল চেষ্টা কৰে; তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি খিয়ামৰ এছ এল এৰ কুখ্যাত কাৰাগাৰত দহ বছৰ ধৰি ৰখা হয়।

প্ৰাথমিক জীৱন

লেবাননৰ ডেইৰ মিমাছত গ্ৰীক অৰ্থডক্স খ্ৰীষ্টান পৰিয়ালত বেচাৰাৰ জন্ম হৈছিল।১ তেওঁৰ পিতৃ ফাৱাজ লেবাননৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য আছিল, যিটো পাৰ্টিত বেচাৰাই নিজেও ১৯৮২ চনত গোপনে যোগদান কৰিছিল। ইজৰাইলে দক্ষিণ লেবানন দখল কৰাৰ সময়ত তেওঁ জামুল আৰু ইউনিয়ন অৱ লেবানন ডেম'ক্ৰেটিক ইউথকে ধৰি বিভিন্ন বাওঁপন্থী ৰাজনৈতিক আৰু উগ্ৰপন্থী আন্দোলনৰ ভিতৰত সক্ৰিয় আছিল।২

হত্যাৰ চেষ্টা

১৯৮৬ চনত বেচাৰাই কলেজ এৰি লেবাননত প্ৰতিৰোধমূলক কাৰ্যসূচীত যোগদান কৰে। তেওঁক লাহদক হত্যা কৰাৰ দায়িত্ব দিয়া হৈছিল। ফলস্বৰূপে তেওঁ দক্ষিণ দিশলৈ ৰাওনা হ’ল, লাহাদৰ পৰিয়ালৰ সৈতে তেওঁৰ পত্নী মিনাৰ্ভাৰ এৰোবিক্সৰ প্ৰশিক্ষক হিচাপে নিজৰ পৰিচয় দিলে। লাহে লাহে সোহাই পৰিয়ালৰ সদস্যসকলৰ লগত পৰিচিত হৈ অনবৰতে তেওঁলোকৰ ওচৰলৈ গৈ মিলিত হৈছিল। ১৯৮৮ চনৰ ৭ নৱেম্বৰত অপাৰেচনৰ সন্ধিয়া লাহদৰ পত্নীয়ে বেচাৰাক চাহ খাবলৈ মাতিলে। বেচাৰাই নিমন্ত্ৰণ গ্ৰহণ কৰি লাহদৰ আগমনলৈকে থাকিল। বয়-বস্তু পেক কৰি ওলাই যোৱাৰ সময়ত বেচাৰাই ৫.৪৫ মিমি ৰিভলভাৰেৰে দুবাৰকৈ লাহদক গুলীয়াই হত্যা কৰে। তেওঁৰ বুকুত এবাৰ আৰু এবাৰ কান্ধত গুলী লাগিছিল, তাৰ পিছত বেচাৰাই বন্দুকটো পেলাই দিছিল আৰু তাৰ পিছত তেওঁৰ দেহৰক্ষীসকলে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।১

লাহদক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই আঠ সপ্তাহ কটায়, স্বাস্থ্যজনিত গুৰুতৰ জটিলতাত ভুগিবলগীয়া হয়। বাওঁহাতখন পক্ষাঘাতগ্ৰস্ত হৈ পৰিছিল। বেচাৰাক ঘৰৰ নিৰাপত্তাৰক্ষীয়ে আবদ্ধ কৰি ৰাখিছিল, অলপ সময়ৰ বাবে ইজৰাইললৈ লৈ গৈছিল, য’ত তেওঁক জেৰা কৰি মাৰপিট কৰিছিল। তাৰ পিছত সোহাক দহ বছৰৰ বাবে খিয়াম কাৰাগাৰলৈ লৈ যোৱা হয়, কোনো অভিযোগ বা বিচাৰ নোহোৱাকৈ। বিদ্যুৎস্পৃষ্ট কৰি নিৰ্যাতন লভি আৰু ছবছৰ ধৰি এটা সৰু কোঠাত এককভাৱে বন্দী হৈ থাকে।৩

লেবানন আৰু ইউৰোপৰ তীব্ৰ অভিযানৰ পিছত ১৯৯৮ চনৰ ৩ ছেপ্টেম্বৰত বেচাৰাক মুকলি কৰি দিয়া হয়।৩

ব্যক্তিগত জীৱন

মুক্তিৰ পিছত বেচাৰা ফ্ৰান্সলৈ যায় আৰু তাৰ পিছত চুইজাৰলেণ্ডৰ জেনেভালৈ যায় আৰু তাৰ পৰাই তেওঁ চুইজাৰলেণ্ডৰ এজন নাগৰিকক বিয়া কৰায় আৰু তেওঁৰ দুটা সন্তান জন্ম দিয়ে।৪ কলেক্টিফ আৰ্জেন্স পেলেষ্টাইন–জেনেভৰ সৈতেও কাম কৰিছে। বেচাৰা সমাজবাদী, গণতান্ত্ৰিক আৰু অসাম্প্ৰদায়িক লেবাননৰ সঘনাই প্ৰবক্তা আৰু সমৰ্থক হৈয়েই আছে।

লেখা

২০০০ চনত তেওঁৰ আত্মজীৱনী ৰেজিষ্টেণ্টে প্ৰকাশ কৰে, য’ত তেওঁৰ প্ৰাৰম্ভিক জীৱন আৰু জেলৰ বছৰবোৰৰ বিষয়ে উল্লেখ কৰা হয় আৰু ২০০৩ চনত ইংৰাজী আৰু আৰবী অনুবাদৰ পিছত।৫ ২০১১ চনত বেচাৰাই আন এখন আত্মজীৱনী প্ৰকাশ কৰে, যাৰ আৰবী শিৰোনাম অনুবাদ হৈছে আই ড্ৰিম অৱ এ চেল অৱ চেৰীছ। তেওঁৰ সহ-লেখক কোচেট ইলিয়াছ ইব্ৰাহিম এগৰাকী লেবাননৰ সাংবাদিক যিজনক খিয়াম কাৰাগাৰতো আবদ্ধ হৈ আছিল। ২০০০ চনৰ ২২ মে’ত ইজৰাইলে লেবাননৰ দক্ষিণৰ পৰা ওলাই অহাৰ পিছত আৰু দক্ষিণ লেবাননৰ সেনাবাহিনীয়ে খিয়াম কাৰাগাৰ পৰিত্যাগ কৰাৰ পিছত তেওঁক মুকলি কৰি দিয়া হয়।

বেচাৰাৰ কাহিনীৰ কিছু অংশ ২০০৩ চনত ৱাজদি মৌৱাদৰ নাটক ইনচেণ্ডিছত ব্যৱহাৰ কৰা হৈছিল, যিখন নাটক ডেনিছ ভিলেনিউভে ২০১০ চনত তেওঁৰ একে শিৰোনামৰ ছবিখনত পৰ্দাৰ লগত খাপ খুৱাই লৈছিল।৬৭৮৯

তথ্যসূত্ৰ

  1. ↑ (2023-03-20). Resistance and Revolutionary Will: Soha Bechara and Nawal Baidoun's Testimonies of Khiam Prison — Liberated Texts. Liberated Texts — An Independent Book Review Website
  2. ↑ Moussa, Lynn Sheikh. (15 June 2021). Lebanese resistance fighter, turns 54. Beirut Today
  3. ↑ lebanons02. (2014-10-16). Souha Bechara arrested and detained without charge or trial until 1998 at Khiyam for attempting to kill SLA leader Antoine Lahd. Civil Society Knowledge Centre
  4. ↑ (12 July 2023). Solidarity with Soha Bechara: Lebanese resistance struggler detained and deported from Greece. Samidoun
  5. ↑ Béchara, Souha [with Gilles Paris], Résistante (N.P.: J. C. Lattès, 2000); trans. as Soha Bechara, Resistance: My Life for Lebanon (Brooklyn, NY: Soft Skull P, 2003)
  6. ↑ Seeing yourself re-made as fiction
  7. ↑ (24 May 2011). Lebanese civil war explodes screen Incendies
  8. ↑ Incendies
  9. ↑ Holstun, Jim. (2015). Antigone Becomes Jocasta: Soha Bechara, Résistante, and Incendies. Mediations vol. 29, no. 1

সম্পৰ্কিত শ্ৰেণী

মহিলা উগ্ৰপন্থীলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোহা বেচাৰা” প্ৰবন্ধৰ সংশোধন ৫৭৫৫০৩ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।