মুচিৰি (তামিল: [musiri], প্ৰাচীন তামিল: Muciṟi; মালয়ালম: [mutːʃiri]), যাক মুচিৰী আৰু প্ৰাচীন গ্ৰীক-ৰোমান নাম মুজিৰিছ/মাউজিৰিছ (প্ৰাচীন গ্ৰীক: Μουζιρίς১) বুলিও জনা যায়, আছিল দক্ষিণ ভাৰতৰ মালাবাৰ উপকূলৰ এক প্ৰাচীন বন্দৰ আৰু নগৰীয় কেন্দ্ৰ।২ এই বন্দৰটো তামিলকমৰ চেৰা ৰাজ্যৰ পেৰিয়াৰ নদীৰ মোহনাত অৱস্থিত আছিল।
বিশেষকৈ মধ্যপ্ৰাচ্য আৰু ভূমধ্যসাগৰীয় বিশ্বৰ সৈতে ভাৰত মহাসাগৰৰ মচলাৰ ব্যৱসায়ত ইয়াৰ গুৰুত্বৰ বাবে কেইবাটাও প্ৰাচীন তামিল উৎসত (ছাংগম সাহিত্য বা আৰম্ভণিৰ তামিল কবিতা) আৰু গ্ৰেকো-ৰোমান ধ্ৰুপদী গ্ৰন্থ যেনে পেৰিপ্লাছ আৰু প্লিনি দ্য এলডাৰৰ লেখাত মুজিৰিছ উদ্যাপন কৰা হয়। ৩৪ দ্বিতীয় শতিকাৰ এটা পেপিৰাছে বিশেষকৈ আলেকজেণ্ড্ৰিয়া (ইজিপ্ত) আৰু মুজিৰিছৰ ব্যৱসায়ীসকলৰ মাজত হোৱা মাল ঋণৰ ব্যৱস্থাৰ বৰ্ণনা কৰিছে, য'ত বাণিজ্যৰ বাবে মুজিৰিছত জাহাজত ভৰোৱা সামগ্ৰীৰ বিৱৰণ দিয়া হৈছে।৫ বহু শতিকা ধৰি মুজিৰিছ দক্ষিণ ভাৰতৰ এক গুৰুত্বপূৰ্ণ বন্দৰ হৈয়েই আছিল, অনুমাণিকভাৱে ১৩৪১ খ্ৰীষ্টাব্দত পেৰিয়াৰ নদীৰ বিধ্বংসী "বানপানী"ৰ আগলৈকে।৬৭ ইয়াৰ উপৰি অনুমান কৰা হৈছে যে মুজিৰিছ পেৰিয়াৰ মোহনাটোৰ ওচৰৰ মধ্যযুগীয় "মুয়ৰিকোডে" (কোডুংগালুৰ)ৰ সৈতে একে হ'ব পাৰে।৮৯
প্ৰাচীন বন্দৰটোৰ সঠিক স্থানৰ বিষয়ে ইতিহাসবিদ আৰু পুৰাতত্ত্ববিদসকলৰ মাজত দীৰ্ঘদিন ধৰি বিতৰ্কৰ বিষয় হৈ আহিছে। ইয়াৰ পূৰ্বে কেৰেলা ৰাজ্যৰ কোডুংগালুৰ (থ্ৰিছুৰ)ৰ আশে-পাশে থকা অঞ্চলত ইয়াক অৱস্থিত বুলি ধাৰণা কৰা হৈছিল।৩২০০৭ চনৰপৰা কেৰালাৰ উত্তৰ পাৰাভুৰ (এৰ্নাকুলাম)ৰ ওচৰৰ পাটনামত কৰা খনন কাৰ্য্যৰ ফলত কিছুমান বিশেষজ্ঞই সেই স্থানৰ পক্ষপাতী হৈছে।১০
ব্যুৎপত্তি
মুজিৰিছ নামটোৰ উৎপত্তি এই বন্দৰটোৰ স্থানীয় নাম 'মুচ্চিৰি' (Mucciṟi) ৰপৰা হোৱা বুলি কোৱা হয়। প্ৰাচীন তামিল ভাষাত এই শব্দটোৰ অৰ্থ হ'ল 'ফাটা ওঠ', আৰু পেৰিয়াৰ নদীখনো সঁচাকৈয়ে ফাটা ওঠৰ দৰে দুভাগত বিভক্ত হৈ পৰিছে। সংঘম সাহিত্যৰ কবিতা যেনে— একানানুৰু (অৰুক্কাত্তুৰ তায়নকান্নানাৰৰদ্বাৰা ৰচিত ১৪৯ নম্বৰ গীত), পুৰানানুৰু (পৰাণাৰৰদ্বাৰা ৰচিত ৩৪৩ নম্বৰ গীত), পাথিটু্ৰাপাত্তু আদিত মুজিৰিছক সঘনাই 'মুচিৰি' বুলি উল্লেখ কৰা হৈছে। সংস্কৃত মহাকাব্য ৰামায়ণত ইয়াক 'মুৰাচিপাট্টানাম' আৰু একাদশ শতিকাৰ চেৰা ৰজাৰ ইহুদী তাম্ৰফলিত 'মুয়িৰিক্কোডু' বুলি উল্লেখ পোৱা যায়।১১১২
অৱস্থান

পূৰ্বে, মুজিৰিছক কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পশ্চিমত থকা মাংগালুৰুৰ আশে-পাশে থকা অঞ্চলটো বুলি চিনাক্ত কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ৰ এটা ধাৰণা আছিল যে মুজিৰিছ কেৰালা ৰাজ্যৰ থ্ৰিছুৰ জিলাৰ এটা নগৰ আৰু তালুক (মহকুমা) বৰ্তমানৰ কোডুংগাল্লুৰৰ আশে-পাশে অৱস্থিত আছিল; আৰু সঁচাকৈয়ে কোডুংগাল্লুৰে দ্বিতীয় চোল যুগৰপৰা চেৰা শাসকসকলৰ এক মুখ্য কেন্দ্ৰ হিচাপে দক্ষিণ ভাৰতৰ ইতিহাসত বিশেষ স্থান দখল কৰি আহিছে।১৩১৪১৫
যি হওক, যেতিয়া কেৰালা ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অধীনস্থ এক স্বায়ত্তশাসিত সংস্থা 'কেৰালা কাউন্সিল ফৰ হিষ্ট'ৰিকেল ৰিচাৰ্চ' (KCHR) ৰদ্বাৰা ২০০৬-২০০৭ চনত কোডুংগাল্লুৰ আৰু উত্তৰ পৰাভুৰৰ মাজৰ পট্টনাম গাঁৱত খনন কাৰ্য চলোৱা হৈছিল, তেতিয়া ঘোষণা কৰা হৈছিল যে হেৰাই যোৱা মুজিৰিছ বন্দৰটো উদ্ধাৰ কৰা হৈছে, আৰু এনেদৰে এক নতুন ধাৰণাৰ সৃষ্টি হৈছিল। পট্টনামক মুজিৰিছ বুলি কৰা এই চিনাক্তকৰণে ইতিহাসবিদসকলৰ মাজতো বিতৰ্কৰ সূচনা কৰিছিল।১৬১৭
বাণিজ্য
মুজিৰিছ দক্ষিণ ভাৰত আৰু পাৰস্য, মধ্য প্ৰাচ্য, উত্তৰ আফ্ৰিকা, আৰু গ্ৰীক-ৰোমান ভূমধ্যসাগৰীয় অঞ্চলৰ মাজত ব্যাৱসায়িক সম্পৰ্কৰ এক মুখ্য কেন্দ্ৰ আছিল।১৮১৯ প্লিনী দ্য এল্ডাৰে তেওঁৰ 'নেচাৰেল হিষ্ট্ৰী' গ্ৰন্থত মুজিৰিছক "ভাৰতৰ প্ৰথম বাণিজ্য কেন্দ্ৰ" বুলি অভিহিত কৰিছিল। ২০ যদিও খ্ৰীষ্টীয় পঞ্চম শতিকাৰপৰা ভাৰত আৰু ৰোমৰ মাজত বাণিজ্য হ্ৰাস পাইছিল, তথাপি মুজিৰিছে অন্য দেশসমূহৰ—বিশেষকৈ পাৰ্চী, চীনা আৰু আৰবসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
মুজিৰিছৰপৰা ৰপ্তানি হোৱা মুখ্য জনাজাত সামগ্ৰীসমূহ আছিল মচলা (যেনে: ক'লা গোলমৰিচ আৰু তেজপাত); অৰ্ধ-মূল্যৱান শিল (যেনে: বেৰিল); মুক্তা, হীৰা আৰু নীলা মণি; হাতীৰ দাঁত; চীনা ৰেচম; গংগা উপত্যকাৰ জটামাংসী আৰু কাছৰ চাল। ৰোমান নাৱিকসকলে সোণৰ মুদ্ৰা; পেৰিডোট (এবিধ সেউজীয়া মণি); পাতল কাপোৰ; নক্সা থকা চাদৰ/লিনেন আৰু ৰঙীন বস্ত্ৰ; এণ্টিমণিৰ চালফাইড, তাম, টিন, সীহ আৰু প্ৰবাল; কেঁচা কাঁচ; মদ; আৰু মনশিল (realgar) তথা হৰিতাল (orpiment) লৈ আনিছিল।২১২২
প্ৰাৰম্ভিক বৰ্ণনা
সংগম সাহিত্য
প্ৰাচীন তামিল সংঘম সাহিত্যত মুজিৰিছৰ উল্লেখ পোৱা যায়, যাৰ সময়সীমা মুখ্যতঃ খ্ৰীষ্টপূৰ্ব ১০০ ৰপৰা ২৫০ খ্ৰীষ্টাব্দলৈ বিস্তৃত আছিল, যদিও কিছু পূৰ্বৰ বা পৰৱৰ্তী সময়ৰো হ'ব পাৰে। উদাহৰণস্বৰূপে, 'এত্টুট্টোকাই' সংকলনৰ অন্যতম অংশ 'অকানানুৰু' ৰ ১৪৯.৭-১১ নম্বৰ কবিতাত তলত দিয়া ধৰণে পোৱা যায়:২৩
"...সেইখন নগৰ য'ত যৱনসকলৰ [আয়োনীয়সকলৰ] সুন্দৰ জাহাজবোৰে চেৰাৰ নদী চুল্লি [পেৰিয়াৰ]ত বগা ফেন তুলিছিল, যিবোৰ সোণ ২৪২৫লৈ আহিছিল আৰু গোলমৰিচ লৈ গুচি গৈছিল—যেতিয়া সমৃদ্ধিৰে ভৰি থকা সেই মুচিৰি যুদ্ধৰ কোলাহলেৰে ঘেৰি পৰিছিল।"
আন এক প্ৰাচীন তামিল গ্ৰন্থ 'পুৰানানুৰু' ত মুজিৰিছক এখন ব্যস্ত বন্দৰ-নগৰ হিচাপে বৰ্ণনা কৰা হৈছে, য'ত থলুৱা সামগ্ৰীবোৰ আমদানি কৰা সোণৰ বিনিময়ত লেনদেন কৰা হৈছিল। এনে লাগে যেন চেৰা প্ৰধানসকলে ৰোমান ব্যৱসায়ীসকলৰ সৈতে থকা সম্পৰ্কক পোনপটীয়া ব্যাৱসায়িক লেনদেনতকৈ উপহাৰ বিনিময়ৰ এক ৰূপ হিচাপেহে গণ্য কৰিছিল:২৬
"ইয়াৰ ৰাস্তাবোৰ, ঘৰবোৰ, আৰু মাছ বিক্ৰী কৰা চালি থকা মাছমৰীয়া নাওসমূহ, য'ত চাউলৰ দম কৰি থোৱা হয়—নদীৰ পাৰৰ কোলাহলপূৰ্ণ ব্যস্ত ভিৰ, য'ত ক'লা গোলমৰিচৰ বস্তাবোৰ পাহাৰৰ দৰে জমা কৰা হয়—সাগৰীয় জাহাজত কঢ়িয়াই অনা সোণৰ সামগ্ৰীসমূহ, যিবোৰ থলুৱা নাৱেৰে নদীৰ পাৰলৈ অনা হয়; সোণৰ হাৰ পিন্ধা কুত্তুভানৰ (চেৰা প্ৰধান) নগৰখন, যিখন নগৰে ইয়াৰ দৰ্শনাৰ্থীসকলক বিনে কোনো ভেদাভেদাকৈ ধন-সম্পত্তি প্ৰদান কৰে, পাহাৰৰ ব্যৱসায়ীসকল, আৰু সাগৰৰ ব্যৱসায়ীসকল, আৰু য'ত সুৰাৰ প্ৰচুৰতা আছে—হৈ, গৰ্জন কৰা সাগৰৰ পাৰৰ এই মুচিৰি মোক এক আশ্চৰ্য, এক সম্পদ হিচাপে উপহাৰ দিয়া হৈছে।"
যি হওক, অকানানুৰুৰ মতে, মুচিৰি বন্দৰৰ ওপৰত পাণ্ড্যসকলৰ আক্ৰমণৰ বাবে ইয়ালৈ হোৱা ৰোমান বাণিজ্যৰ দিশ সলনি হৈছিল যেন লাগে, যদিও এই ঘটনাটোৰ সময়সীমা নিৰ্ধাৰণ কৰাতো কঠিন:২৬
"ই সেই যুঁজাৰুসকলে অনুভৱ কৰা কষ্টৰ দৰেই, যিসকল যুদ্ধৰ হাতীৰদ্বাৰা মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত আৰু নিহত হৈছিল। যেতিয়া পাণ্ড্য ৰাজকুমাৰে সুসজ্জিত ঘোঁৰাৰে চালিত পতাকাযুক্ত ৰথত উঠি মুচিৰি বন্দৰ ঘেৰাও কৰিবলৈ আহিছিল, তেতিয়া দৃশ্যমান হোৱা যাতনা আছিল সেয়া। নিজৰ বিশাল আৰু শ্ৰেষ্ঠ যুদ্ধ-হাতীত উঠি পাণ্ড্য ৰাজকুমাৰে যুদ্ধত জয়লাভ কৰিছিল। চহকী মুচিৰিৰ যুদ্ধত জয়ী হোৱাৰ পিছত তেওঁ পৱিত্ৰ মূৰ্তিসমূহ কাঢ়ি লৈছিল।"
ইৰিথ্ৰিয়ান সাগৰৰ পেৰিপ্লাছ
খ্ৰীষ্টীয় প্ৰথম শতিকাৰ গ্ৰীক ভ্ৰমণ বৃত্তান্ত 'পেৰিপ্লাছ অৱ দ্য এৰিথ্ৰিয়ান চি' (যাৰ অৰ্থ হ'ল লোহিত সাগৰৰ জলযাত্ৰা) ৰ অচিনাক্ত লেখকে চেৰা ৰাজ্যৰ এক বিস্তৃত বৰ্ণনা দাঙি ধৰিছে, য'ত মুজিৰিছৰ গুৰুত্ব প্ৰকাশ পাইছে:২৭২৮
"...তাৰ পিছত আহে নৌৰা আৰু তিনিডিছ, যিবোৰ লিমিৰিকৰ প্ৰথম বজাৰ; আৰু তাৰ পিছত আহে মুজিৰিছ আৰু নেলকিণ্ডা, যিবোৰ বৰ্তমান মুখ্য গুৰুত্বপূৰ্ণ। তিনিডিছ প্ৰাচীন চেৰোবোট্ৰা (চেৰা) ৰাজ্যৰ অন্তৰ্গত; ই সাগৰৰ পাৰত সহজে চকুত পৰা এখন গাঁও। একেখন ৰাজ্যৰে মুজিৰিছত আৰৱ আৰু গ্ৰীকসকলৰদ্বাৰা মাল বস্তুৰে ওপচাই পঠোৱা জাহাজেৰে ভৰি থাকে; ই এখন নদীৰ পাৰত অৱস্থিত, নদী আৰু সাগৰৰ পথৰে তিনিডিছৰপৰা ৫০০ ষ্টেডিয়া দূৰত, আৰু সাগৰৰ পাৰৰপৰা নদীৰ উজানি দিশে ২০ ষ্টেডিয়া দূৰত ....ইয়াৰপৰা গোলমৰিচ ৰপ্তানি কৰা হয়, যি কেৱল এই বজাৰসমূহৰ ওচৰৰ কট্টোনাৰা নামৰ এটা অঞ্চলতহে উৎপাদিত হয়।"
'পেৰিপ্লাছে' প্ৰকাশ কৰে যে কিদৰে মুজিৰিছৰ এই বৃহৎ জনবসতি অঞ্চলটো বৈদেশিক বাণিজ্যৰ জৰিয়তে চেৰা ৰাজ্যৰ এক সমৃদ্ধিশালী মুখ্য ব্যাৱসায়িক বন্দৰ হৈ পৰিছিল। ওচৰৰ পাহাৰৰপৰা অনা ক'লা গোলমৰিচ থলুৱা উৎপাদকসকলে মুজিৰিছলৈ আনিছিল আৰু ৰোমান ব্যৱসায়ীসকলৰ আগমনলৈ বাট চাই গুদামবোৰত ওখকৈ জমা কৰি থৈছিল। যিহেতু মুজিৰিছৰ অগভীৰ পানীয়ে গভীৰ খোলাযুক্ত জাহাজসমূহক নদীৰ ওপৰেৰে বন্দৰলৈ যাবলৈ বাধা দিয়াৰ বাবে ৰোমান মালবাহী জাহাজসমূহে লেগুনৰ প্ৰান্তত আশ্ৰয় ল'বলৈ বাধ্য হয় আৰু তেওঁলোকৰ সামগ্ৰীসমূহ সৰু সৰু জাহাজত ওপৰলৈ স্থানান্তৰিত কৰা হয়।২৬
'পেৰিপ্লাছ'ত এই কথাও উল্লেখ আছে যে মুজিৰিছৰ দৰে ঠাইলৈ বিশেষ খাদ্যশস্যৰ চালান পঠোৱা হৈছিল, আৰু পণ্ডিতসকলৰ মতে এই খাদ্যশস্যসমূহ তাত বসবাস কৰা ৰোমানসকলৰ বাবে আছিল, যিসকলক থলুৱা ভাত/চাউলৰ আহাৰৰ উপৰি অতিৰিক্ত খাদ্যৰ প্ৰয়োজন হৈছিল।২৬
প্লিনি দ্য এলডাৰৰ প্ৰাকৃতিক ইতিহাস
প্লিনী দ্য এল্ডাৰে খ্ৰীষ্টীয় প্ৰথম শতিকাৰ ভাৰত যাত্ৰাৰ বিস্তৃত বৰ্ণনা দিছে। তেওঁৰ 'নেচাৰেল হিষ্ট্ৰী'২৯গ্ৰন্থত কেইবাটাও ভাৰতীয় বন্দৰৰ উল্লেখ কৰিছে। অৱশ্যে, তেওঁৰ দিনলৈ দক্ষিণ ভাৰতৰ সৈতে হোৱা ৰোমান বাণিজ্যত মুজিৰিছ আগৰ দৰে পছন্দৰ স্থান হৈ থকা নাছিল:৩০
"যিসকল লোক ভাৰতলৈ যাত্ৰা কৰিব বিচাৰে, তেওঁলোকৰ বাবে অকেলিস্ব (লোহিত সাগৰৰ পাৰত অৱস্থিত) জাহাজত উঠাৰ আটাইতকৈ উপযুক্ত স্থান। যদি হিপ্পালুছ ( দক্ষিণ-পশ্চিম মৌচুমী বায়ুক) নামৰ বতাহজাক বলি থাকে, তেন্তে মাত্ৰ ৪০ দিনৰ ভিতৰত ভাৰতৰ সমীপৱৰ্তী বজাৰ 'মুজিৰিছ'ত উপস্থিত হোৱাটো সম্ভৱ। অৱশ্যে, জাহাজৰপৰা নমাৰ বাবে এইখন বৰ সুৰক্ষিত স্থান নহয়, কাৰণ ইয়াৰ ওচৰ-পাজৰৰ 'নুট্ৰিয়াছ' নামৰ ঠাইখন জলদস্যুৰে ভৰি থাকে; তদুপৰি, ব্যাৱসায়িক সামগ্ৰীৰ ক্ষেত্ৰতো ই বৰ চহকী নহয়। ইয়াৰ উপৰি, জাহাজ ৰখোৱা স্থানসমূহ সাগৰৰ পাৰৰপৰা বহু দূৰত অৱস্থিত, আৰু মাল-বস্তু নমোৱা বা তুলিবলৈ নাৱৰ ব্যৱহাৰ কৰিবলগীয়া হয়। মই এই পৃষ্ঠাখন লিখি থকাৰ সময়ত, এই ঠাইখনৰ ৰজাৰ নাম আছিল চেলেবোট্ৰাছ।"
টলেমীৰ জিঅ'গ্ৰাফিয়া
টলেমীয়ে তেওঁৰ 'জিঅ'গ্ৰাফিয়া' গ্ৰন্থত মুজিৰিছ বাণিজ্য কেন্দ্ৰটোক চিউডোষ্টমাছ নদীৰ মোহনাৰ উত্তৰ দিশত স্থান দিছিল। চিউডোষ্টমাছ (গ্ৰীক ভাষাত যাৰ আক্ষৰিক অৰ্থ 'মিছা মুখ' বা 'ভুৱা মোহনা') ক সাধাৰণতে বৰ্তমানৰ পেৰিয়াৰ নদী বুলি চিনাক্ত কৰা হয়।৩১
মুজিৰিছ পেপিৰাছ
খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ এই গ্ৰীক পেপিৰাছখনত আলেকজেণ্ড্ৰিয়াৰ এজন আমদানিকাৰী ব্যৱসায়ী আৰু এজন বিত্তীয় যোগানকাৰীৰ মাজত মুজিৰিছৰপৰা অনা জাহাজৰ মাল-বস্তু, বিশেষকৈ গোলমৰিচ আৰু মচলা সম্পৰ্কে হোৱা এটা চুক্তিৰ তথ্য লিপিবদ্ধ আছে। ৩২এই খণ্ড-বিখণ্ড ঐতিহাসিক নথিখনত 'হাৰ্মাপল্লন' নামৰ ৰোমান ব্যাৱসায়িক জাহাজখনত মুজিৰিছৰপৰা অনা প্ৰায় ৯ নিযুত 'চেষ্টাৰ্চেছ' (ৰোমান মুদ্ৰা) মূল্যৰ সামগ্ৰীৰ বিস্তৃত বিৱৰণ পোৱা যায়। এই আৱিষ্কাৰে প্ৰাচীন আন্তঃৰাষ্ট্ৰীয় আৰু বাণিজ্য আইনৰ এটা শক্তিশালী ভেটি গঢ়ি তুলিছিল, যাৰ ওপৰত অৰ্থনীতিবিদ, আইনজ্ঞ আৰু ইতিহাসবিদসকলে ব্যাপক অধ্যয়ন কৰিছে।৩৩৩৪
চিলপ্পাথিকাৰম
খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ সময়ছোৱাত কোডুংগাল্লুৰৰ জৈন কবি-ৰাজকুমাৰ ইলাংগো আদিগালৰদ্বাৰা ৰচিত তামিল মহাকাব্য 'চিলপ্পাথিকাৰম' (ভৰিৰ নূপুৰৰ সাধু) ত মুজিৰিছক এনে এক স্থান হিচাপে বৰ্ণনা কৰা হৈছে, য'ত গ্ৰীক ব্যৱসায়ীসকলে গোলমৰিচ ক্ৰয় কৰিবলৈ সোণৰ বিনিময় প্ৰথা ব্যৱহাৰ কৰিবলৈ জাহাজত উঠি আহিছিল। ইয়াত এই কথাও উল্লেখ কৰা হৈছে যে বিনিময় প্ৰথাত বহুত সময় লাগিছিল বাবে, ব্যৱসায়ীসকলে এক 'বিদেশী/অদ্ভুত' জীৱন-শৈলী যাপন কৰিছিল, যিটো থলুৱা লোকসকলৰ বাবে আছিল এক "বিস্ময়ৰ উৎস।" ৩৫৩৬৩৭
'চিলপ্পাথিকাৰম'ত গ্ৰীক ব্যৱসায়ীসকলৰ নিজ দেশলৈ প্ৰত্যাৱৰ্তনৰ দৃশ্যটো তলত দিয়া ধৰণে বৰ্ণনা কৰা হৈছে:৩৭
"যেতিয়া দক্ষিণ দিশৰপৰা ৰ’দৰ পোহৰ বিয়পি পৰে আৰু প্ৰাৰম্ভিক শীতল ঋতুত বগা ডাৱৰৰ সৃষ্টি হ'বলৈ ধৰে, তেতিয়া উত্তাল কলা সাগৰখন পাৰ হোৱাৰ সময় আহে। তিনিডিছৰ শাসকসকলে অগৰু কাঠ, ৰেশম কাপোৰ, চন্দন কাঠ, মচলা আৰু সকলো ধৰণৰ কৰ্পূৰেৰে পৰিপূৰ্ণ জাহাজসমূহ ৰাওনা কৰোৱায়।
টাবুলা পেউটিঞ্জেৰিয়ানা
'টাবুলা পেউটিঞ্জেৰিয়ানা' (পেউটিঞ্জেৰ মানচিত্ৰ) হ'ল প্ৰাচীন ৰোমান পথৰ মানচিত্ৰৰ এখন মধ্যযুগীয় অস্বাভাৱিক আকাৰৰ প্ৰতিলিপি, য'ত খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ তথ্য অন্তৰ্ভুক্ত হৈ থাকিব পাৰে। এই মানচিত্ৰখনত মুজিৰিছ আৰু টণ্ডিছ দুয়োখন ঠাইকে স্পষ্টভাৱে চিহ্ন কৰা হৈছে আৰু মুজিৰিছৰ পিছফালে এটা ডাঙৰ হ্ৰদ দেখুওৱা হৈছে। এই হ্ৰদটোৰ কাষতে 'Templ(um) Augusti' বুলি চিহ্নিত এটা আইকন আছে, যাৰ অৰ্থ সাধাৰণতে ৰোমান সম্ৰাট অগষ্টাছৰ এটা মন্দিৰ বুলি ধৰা হয়। ৰোমৰ বাসিন্দা অনেকে ৰোমলৈ উভতি যোৱাৰ বাবে অনুকূল বতাহ-বতাহৰ অপেক্ষাত নিশ্চয় এই অঞ্চলত কেইবামাহো কটাইছিল, যিয়ে এই মানচিত্ৰত এটা অগষ্টাছৰ মন্দিৰৰ স্থিতি লিপিবদ্ধ হোৱাৰ কাৰণ ব্যাখ্যা কৰিব পাৰে। এইটোও সম্ভৱ যে মুজিৰিছত ৰোমানসকলৰ এখন আচল উপনিৱেশ আছিল।৩৮৩৯২৬
মুজিৰিছৰ বিলুপ্তি
মুজিৰিছ প্ৰাচীন কালৰ প্ৰতিখন জনাজাত মানচিত্ৰৰপৰা কোনো চিন-ছাপ নোহোৱাকৈ অদৃশ্য হৈ পৰিছিল। সম্ভৱতঃ ১৩৪১ চনত সংঘটিত এক প্ৰলয়ংকৰী ঘটনা ইয়াৰ কাৰণ আছিল: পেৰিয়াৰ নদীৰ ভয়ংকৰ বানপানী, যিয়ে অঞ্চলটোৰ ভৌগোলিক অৱস্থা সলনি কৰি পেলাইছিল। "ইন চাৰ্চ অৱ মুজিৰিছ" নামৰ অধ্যয়ন এটাত ইতিহাসবিদ ৰাজন গুৰুক্কাল আৰু ডিক হুইটাকাৰে কৈছে যে—যিটো ঘটনাই বৰ্তমানৰ কোচি পোতাশ্ৰয় আৰু ভেম্বানাদ কয়াল প্ৰণালীক সাগৰৰ সৈতে সংযোগ কৰিছিল আৰু কোচিৰ ওচৰৰ ভাইপিন নামৰ দ্বীপটোৰ দৰে এক নতুন ভূ-ভাগৰ সৃষ্টি কৰিছিল—সেয়া আছিল "অনাদিকালৰ পৰা" এই অঞ্চলত চলি থকা ভৌতিক পৰিৱৰ্তন আৰু ভূ-গঠনৰ আটাইতকৈ নাটকীয় পৰিৱৰ্তনহে।
উদাহৰণস্বৰূপে, গুৰুক্কাল আৰু হুইটাকাৰৰ মতে, অঞ্চলটোৰ এক ভূ-পদাৰ্থবিজ্ঞানসংক্ৰান্তীয় জৰীপত দেখা গৈছে যে ২০০-৩০০ বছৰ আগতে সাগৰীয় উপকূলৰেখা বৰ্তমানৰ উপকূলৰপৰা প্ৰায় ৩ কিলোমিটাৰ পূবে আছিল—আৰু প্ৰায় ২,০০০ বছৰ পূৰ্বে ই আৰু অধিক পূবে, প্ৰায় ৬.৫ কিলোমিটাৰ ভিতৰলৈ আছিল। তেওঁলোকে সিদ্ধান্ত দিয়ে: "যদি ৰোমান যুগত মুজিৰিছ ইয়াত ক'ৰবাত অৱস্থিত আছিল, তেন্তে সেই সময়ৰ উপকূলৰ ৰেখা বৰ্তমানৰ ৰেখাতকৈ প্ৰায় ৪-৫ কিলোমিটাৰ পূবে আছিল। নদীৰ মোহনাত একেৰাহে পলি বা বালি জমা হোৱাৰ ফলত অৱশেষত ইয়াৰ বন্দৰ হিচাপে কাম-কাজ বন্ধ হৈছিল।" ১৫
প্ৰত্নতাত্ত্বিক খনন
১৯৪৫ চনৰপৰা আৰম্ভ হোৱা কোডুংগালুৰত কৰা ধাৰাবাহিক খননত ত্ৰয়োদশ শতিকাৰ আগৰ কোনো তথ্য পোৱা নগ’ল। ১৯৬৯ চনত ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপে কোডুংগালুৰৰপৰা ২ কিলোমিটাৰ উত্তৰত থকা চেৰমন পাৰম্বুত কৰা আন এটা খননত ত্ৰয়োদশ আৰু ১৬ শতিকাৰ প্ৰাচীন সামগ্ৰীহে উদ্ধাৰ কৰা হয়।৪০
পিছলৈ পাটনামত কৰা দুটা খননে অৱশ্যে তেওঁলোকৰ তথ্যত ভাল ফলাফল দেখুৱাইছিল। ১৯৮৩ চনত পাটনামৰপৰা প্ৰায় ৯.৭ কিলোমিটাৰ দূৰত্বৰ এটা স্থানত মুজিৰিছৰপৰা পালঘাট ফাঁক হৈ আৰু ভাৰতৰ পূব উপকূলৰ কাবেৰী উপকূলৰ কাষেৰে অভ্যন্তৰীণ বাণিজ্যিক সংযোগৰ ইংগিত পোৱা স্থানত ৰোমান মুদ্ৰাৰ বৃহৎ ভঁৰাল পোৱা গৈছিল। তথাপি ২০০৭ চনৰপৰা আৰম্ভ কৰি কেচিএইচআৰে কৰা অগ্ৰণী খননত বহুসংখ্যক শিল্পকৰ্ম উদ্ধাৰ কৰা হয়।৪১৪২৪৩৪৪৪৫ এতিয়ালৈকে পাটনামত সাতটা ঋতুৰ খনন সম্পূৰ্ণ হৈছে (২০০৭–২০১৪)।৪৬
যেতিয়া কেচিএইচআৰে প্ৰত্নতাত্ত্বিক আৱিষ্কাৰৰ ভিত্তিত পাটনামত মুজিৰিছৰ সম্ভাৱ্য আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল, তেতিয়া ইতিহাসবিদ আৰু পুৰাতত্ত্ববিদসকলৰপৰা সমালোচনাৰ আমন্ত্ৰণ জনাইছিল—উদাহৰণস্বৰূপে আৰ নাগাস্বামী, কে এন পানীকাৰ আৰু এম জি এছ নাৰায়ণনৰ দৰে ইতিহাসবিদৰ পৰা, যিয়ে অধিক বিশ্লেষণৰ আহ্বান জনাইছিল।৪৭৩৮৪৫ইতিহাসবিদ আৰু শিক্ষাবিদ ৰাজন গুৰুক্কলকে ধৰি আন কিছুমানে ইয়াক সমৰ্থন কৰিছিল, যিয়ে মন্তব্য কৰিছিল যে যদিও তেওঁ এই স্থানটোক ভূমধ্যসাগৰীয় ব্যৱসায়ীৰ উপনিৱেশতকৈ বেছি বুলি নাভাবে কাৰণ ইয়াত বিকশিত প্ৰশাসন বা কৌশলগততাৰ অভাৱ আছিল, যদিহে মুজিৰিছ অন্য ঠাইত অৱস্থিত হ'লহেঁতেন তেন্তে তেওঁ লিপিবদ্ধ প্ৰমাণ আশা কৰিলেহেঁতেন।৪৮
যদিও কেচিএইচআৰৰ মুৰব্বীয়ে সংবাদ মাধ্যমৰ আগত কৈছিল যে পাটানাম মুজিৰিছৰ স্থান নেকি সেয়া তেওঁৰ বাবে কোনো চিন্তাৰ বিষয় নহয়,৪৯ আনকি খননৰ শেষৰ ক্ষেত্ৰ প্ৰতিৱেদনতো (২০১৩) পাটানামক মুজিৰিছ বুলি স্পষ্টভাৱে চিহ্নিত কৰা হৈছে।৫০
প্ৰত্নতাত্ত্বিক গৱেষণাই যিটো নিশ্চিতভাৱে দেখুৱাইছে সেয়া হ'ল যে পট্টানাম আছিল ৰোমানসকলে সঘনাই অহা-যোৱা কৰা বন্দৰ, ইয়াৰ বাসস্থানৰ ইতিহাস খ্ৰীষ্টপূৰ্ব দশম শতিকাৰপৰাই আছিল আৰু খ্ৰীষ্টপূৰ্ব ১ম শতিকাৰপৰা খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ ভিতৰত ৰোমান বাণিজ্যিক সংযোগৰ শিখৰত উপনীত হৈছিল। পাটনামৰপৰা অহা বৃহৎ পৰিমাণৰ শিল্পকৰ্মই ভূমধ্যসাগৰ আৰু লোহিত সাগৰ আৰু ভাৰত মহাসাগৰৰ ৰিমৰ সৈতে ঠাইখনৰ সামুদ্ৰিক সংস্পৰ্শক প্ৰতিনিধিত্ব কৰে। প্ৰধান আৱিষ্কাৰসমূহৰ ভিতৰত এম্ফোৰা শ্বাৰ্ড আৰু টেৰা ছিগিলাটাকে ধৰি চিৰামিক; লেপিডাৰী সম্পৰ্কীয় বস্তু যেনে অৰ্ধমূল্য শিলৰ গুটি; কাঁচৰ টুকুৰা; ধাতুৰ বস্তু; তামৰ মিশ্ৰণ আৰু সীহৰদ্বাৰা নিৰ্মিত চেৰা যুগৰ মুদ্ৰা; স্থাপত্যৰ ধ্বংসাৱশেষ; ভূ-তাত্ত্বিক, প্ৰাণীবিজ্ঞান আৰু উদ্ভিদবিজ্ঞানৰ অৱশিষ্ট; আৰু এটা ঘাট, সংশ্লিষ্ট বলাৰ্ড আৰু এখন দীঘল কাঠৰ নাওৰ অৱশিষ্ট।৫০৫১৫২
- ভূমধ্যসাগৰীয় সামগ্ৰী (খ্ৰীষ্টপূৰ্ব ১০০ ৰপৰা ৪০০ খ্ৰীষ্টাব্দ): এমফোৰা আৰু টেৰা ছিগিলাটা ৰ মৃণ্ময় পাত্ৰৰ ভাঙি থকা টুকুৰা; ৰোমান কাঁচৰ স্তম্ভ সদৃশ বাটিৰ টুকুৰা; আৰু খেলত ব্যৱহৃত গুটি।
- পশ্চিম এছিয়া, দক্ষিণ আৰৱ, আৰু মেচোপটেমিয়াৰ সামগ্ৰী (খ্ৰীষ্টপূৰ্ব ৩০০ ৰপৰা ১০০০ খ্ৰীষ্টাব্দ): ফিৰোজা ৰঙৰ সজা চকা থকা মাটিৰ পাত্ৰ; টৰ্পিডো জাৰৰ (হাতল নথকা ডাঙৰ এমফোৰা সদৃশ মাটিৰ জাৰ, যিবোৰ জুলীয়া সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হৈছিল) টুকুৰা; আৰু লোবানৰ টুকুৰা।
- চীনা সামগ্ৰী (১৬০০ খ্ৰীষ্টাব্দ ৰপৰা ১৯০০ খ্ৰীষ্টাব্দ): বগাৰ ওপৰত নীলা ৰঙৰ চীনা মাটিৰ পাত্ৰৰ টুকুৰা।
- আঞ্চলিক/থলুৱা সামগ্ৰী (খ্ৰীষ্টপূৰ্ব ১০০০ ৰপৰা ২০০০ খ্ৰীষ্টাব্দ): ক'লা আৰু ৰঙা মাটিৰ পাত্ৰৰ টুকুৰা; ভাৰতীয় ৰুলেটেড ৱেৰ (বিশেষ চকাৰে কটা আঁচ থকা সুন্দৰ অলংকৰণ যুক্ত এবিধ মাটিৰ পাত্ৰ); মূল্যৱান শিল; কাঁচৰ মনি; অৰ্ধ-মূল্যৱান শিলৰ মনি, ইনলে’ আৰু ইণ্টাগ্লিঅ’ (ছাপ মৰা আঙঠি); কেমিঅ’ ব্লাংক (উপহাৰ বা আলংকাৰিক নক্সাৰ আধাৰ হিচাপে বনোৱা অপূৰ্ণ অংশ); মুদ্ৰা; মচলা; মাটিৰ পাত্ৰ; আৰু টেৰাকোটাৰ (পোৰামাটিৰ) সামগ্ৰী।
- নগৰীয় জীৱনৰ প্ৰমাণ (খ্ৰীষ্টপূৰ্ব ১০০ ৰপৰা ৪০০ খ্ৰীষ্টাব্দ): পোৰা ইটা; চালৰ টালি; ৰিং-ৱেল (মাটিৰ আঙঠি বা ইটাৰে একোটাৰ ওপৰত আনটো জাপি সাজি তোলা কুঁৱা, যিবোৰ পানীৰ উৎস বা নলা হিচাপে ব্যৱহাৰ কৰা হৈছিল); সংৰক্ষণৰ বাবে ব্যৱহৃত ডাঙৰ পাত্ৰ; শৌচাগাৰসংক্ৰান্তীয় সঁজুলি; চাকি; মুদ্ৰা; ষ্টাইলাছ (লিখিবলৈ ব্যৱহাৰ কৰা সঁজুলি); ব্যক্তিগত অলংকাৰৰ সামগ্ৰী; আৰু মাটিৰ পাত্ৰত লিখা লিপি।
- উদ্যোগৰ প্ৰমাণ (খ্ৰীষ্টপূৰ্ব ১০০ ৰপৰা ৪০০ খ্ৰীষ্টাব্দ): লোহা, তাম, সোণ আৰু সীহৰ সামগ্ৰীত প্ৰতিফলিত ধাতুশিল্প; মূছা (ধাতু গলোৱা পাত্ৰ); ধাতুৰ অৱশিষ্ট বা ধাতুৰ মল; ভাটি বা চুলিৰ সংস্থাপন; অৰ্ধ-মূল্যৱান শিল কাটি অলংকাৰ কৰাৰ অৱশিষ্ট; আৰু সূতা কটা সঁজুলি।
- সামুদ্ৰিক কাৰ্যকলাপৰ প্ৰমাণ (খ্ৰীষ্টপূৰ্ব ১০০ ৰপৰা ৪০০ খ্ৰীষ্টাব্দ): পোৰা ইটাৰে নিৰ্মিত ঘাট; এটা গুদাম ঘৰ; এখন কানু (এবিধ পৰম্পৰাগত সৰু নাও); আৰু বলৰ্ড (নাও/জাহাজ বান্ধিবলৈ ঘাটত ব্যৱহাৰ কৰা খুঁটা)।
২০০৭ চনৰ পট্টনাম খননকাৰ্যত পোৱা আটাইতকৈ উল্লেখযোগ্য আৱিষ্কাৰটো আছিল নাও নোঙৰ কৰিবলৈ ৯টা বলৰ্ড থকা পোৰা ইটাৰে নিৰ্মিত এটা ঘাটৰ ভগ্নাৱশেষ আৰু ইয়াৰ মাজতে সংৰক্ষিত হৈ থকা অতিশয় পচি যোৱা এখন কানু নাও, যিবোৰ বোকাৰ তলত সম্পূৰ্ণৰূপে সংৰক্ষিত অৱস্থাত আছিল। ৬ মিটাৰ দীঘল এই কানু নাওখন মালবাৰ উপকূলত নাও বনাবলৈ ব্যৱহাৰ কৰা 'আৰ্টোকাৰ্পাছ হিৰছুটাছ' (এবিধ কঁঠাল জাতীয় গছ) গছৰ কাঠেৰে তৈয়াৰ কৰা হৈছিল। বলৰ্ডবোৰৰ কিছুমান এতিয়াও উন্নত অৱস্থাত আছে, যিবোৰ চেগুন কাঠেৰে তৈয়াৰ কৰা হৈছিল। এই সামগ্ৰীসমূহে নিশ্চিতভাৱে প্ৰমাণ কৰে যে পট্টনামত যথেষ্ট সামুদ্ৰিক কাৰ্যকলাপ চলিছিল।৫৩৫৪
পট্টনামৰ খনন কাৰ্যত পোৱা আন এক আকৰ্ষণীয় আৱিষ্কাৰ আছিল তামিল-ব্ৰাহ্মী লিপিৰ তিনিটা নিদৰ্শনৰ ভিতৰত এটা—যিটো এটা মাটিৰ পাত্ৰৰ কাষত লিখা আছিল আৰু ই খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ বুলি অনুমান কৰা হৈছে। এই লিপিটো 'অ-ম-ন' (a-ma-na) বুলি পঢ়িব পাৰি, যাৰ অৰ্থ মালয়ালম ভাষাত জৈন বুলি ধৰা হয়। যদি এই পাঠ্য আৰু অৰ্থ সঠিক হয়, তেন্তে ই প্ৰমাণ কৰে যে অতি কমেও দ্বিতীয় শতিকাৰপৰাই মালবাৰ উপকূলত জৈন ধৰ্মৰ প্ৰচলন আছিল। ফলত প্ৰত্নতাত্ত্বিকসকলে প্ৰাচীন কেৰালাৰ ধৰ্মীয় ব্যৱস্থাৰ সৈতে জড়িত ঐতিহাসিক প্ৰমাণ প্ৰথমবাৰৰ বাবে লাভ কৰে।৫৫
পট্টনামত উদ্ধাৰ হোৱা কংকালৰ নমুনাসমূহৰ ডি.এন.এ. বিশ্লেষণৰপৰা অতীতৰ মুজিৰিছত পশ্চিম ইউৰেছীয় বংশোদ্ভূত মানুহৰ উপস্থিতি প্ৰমাণ হয়। ইয়াক অতীতত এই প্ৰাচীন বন্দৰ-নগৰখনৰ থকা বিশাল আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰ এক নিদৰ্শন বুলি গণ্য কৰা হয়। অৱশ্যে, ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে এই সন্দৰ্ভত অধিক সন্দেহ প্ৰকাশ কৰি কয় যে চাইটটোত ইউৰেছীয় লোকৰ উপস্থিতি নিশ্চিত কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন।৫৬৫৭
মুজিৰিছ ঐতিহ্য প্ৰকল্প
মুজিৰিছ ঐতিহ্য প্ৰকল্প (Muziris Heritage Project) হৈছে কেৰালা চৰকাৰৰ পৰ্যটন বিভাগৰ এক অভিলাষী তথা ঐতিহাসিক উদ্যোগ, যাৰ মূল উদ্দেশ্য হৈছে প্ৰাচীন মুজিৰিছ বন্দৰ অঞ্চলৰ সমৃদ্ধিশালী ইতিহাস, বৈচিত্ৰ্যমজ় সংস্কৃতি আৰু বাণিজ্যিক তাৎপৰ্য পুনৰুজ্জীৱিত কৰা। পট্টনামত 'কেৰালা কাউন্সিল ফৰ হিষ্ট’ৰিকেল ৰিচাৰ্চ' ৰদ্বাৰা চলোৱা ব্যাপক খনন কাৰ্য আৰু ঐতিহাসিক আৱিষ্কাৰসমূহৰ সফলতাৰ পিছতেই এই বৃহৎ প্ৰকল্পৰ ধাৰণাটো গঢ় লৈ উঠে। এই প্ৰকল্পই কেৱল পট্টনামতে সীমাৱদ্ধ নাথাকি মধ্য কেৰালাৰ কেইবাটাও ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চল, ঐতিহ্যপূৰ্ণ স্মাৰক, প্ৰাচীন বজাৰ, ঐতিহাসিক বন্দৰ আৰু বিভিন্ন ধৰ্মীয় উপাসনা স্থলীক সামৰি লৈছে।৫৮
ইয়াৰ অংশ হিচাপে, ২০১০ চনৰ মে’ মাহৰপৰা ষোড়শ শতিকাত নিৰ্মিত ঐতিহাসিক কোট্টাপুৰাম দুৰ্গ ( আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত বিস্তৃত খনন কাৰ্য চলোৱা হয়, যাতে সেই সময়ৰ সামৰিক তথা বৈদেশীক ব্যৱসায়-বাণিজ্যৰ অৱশিষ্ট ইতিহাস প্ৰত্যক্ষভাৱে উন্মোচিত কৰিব পৰা যায়। প্ৰত্নতাত্ত্বিক সংৰক্ষণ, শৈক্ষিক গৱেষণা আৰু পৰিৱেশ-বান্ধৱ পৰ্যটনৰ এক নিপুণ সমন্বয় ঘটাই এই প্ৰকল্পটোৱে প্ৰাচীন ভূমধ্যসাগৰীয় আৰু এছীয় বাণিজ্যৰ প্ৰধান কেন্দ্ৰস্বৰূপ মুজিৰিছক আধুনিক বিশ্বৰ আগত এক জীৱন্ত সাংস্কৃতিক ঐতিহ্য হিচাপে তুলি ধৰিছে।৫৯
লগতে চাওক
- কোটটাইল কোভিলাকম
- কোচি-মুজিৰিছ বিয়েনালে – কেৰালাৰ কোচিত অনুষ্ঠিত সমসাময়িক শিল্পৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী।
বাহ্যিক সংযোগসমূহ
- Shajan, K. P.; Tomber, R.; Selvakumar, V. (2004). Locating the Ancient Port of Muziris: Fresh Findings from Pattanam. Journal of Roman Archaeology. পৃ. 312–320
- Selvakumar, V. (2017). Imperial Rome, Indian Ocean Regions and Muziris: New Perspectives on Maritime Trade. Routledge: Taylor & Francis. পৃ. 289–90. ISBN 978-1-138-23480-2
- Gurukkal, Rajan; Whittaker, Dick. (2001). In Search of Muziris. Journal of Roman Archaeology. পৃ. 348–349
- Romanis, Federico De. (2020). The Indo-Roman Pepper Trade and the Muziris Papyrus. Oxford University Press. ISBN 9780198842347
তথ্যসূত্ৰ
- ↑ Müller. (1882). Geographi Graeci: Minores. Firmin-Didot Et Sociis. পৃ. 53–54
- ↑ Menon, A. Sreedhara. (2022). A Survey of Kerala History. DC Books. পৃ. 61-63
- ↑ Thapar, Romila. (2003). The Penguin History of Early India: From the Origins to AD 1300. Penguin Books. পৃ. 241-42
- ↑ Menon, A. Sreedhara. (2022). A Survey of Kerala History. DC Books. পৃ. 61-63
- ↑ Singh, Upinder. (2024). A History of Ancient and Early Medieval India: from the Stone Age to the 12th Century. Pearson India. পৃ. 1072 and 1103. ISBN 978-93-570-5618-2
- ↑ Menon, A. Sreedhara. (2022). A Survey of Kerala History. DC Books. পৃ. 61-63
- ↑ Veluthat, Kesavan. (2009). The Early Medieval in South India. Oxford University Press. পৃ. 244 and 248
- ↑ Menon, A. Sreedhara. (1967). A Survey of Kerala History. Sahitya Pravarthaka Co-operative Society. পৃ. 58–59
- ↑ De Romanis, Federico. (2020). The Indo-Roman Pepper Trade and the Muziris Papyrus. Oxford University Press. পৃ. 97-98. ISBN 978-0-19-884234-7
- ↑ De Romanis, Federico. (2020). The Indo-Roman Pepper Trade and the Muziris Papyrus. Oxford University Press. পৃ. 86-87. ISBN 978-0-19-884234-7
- ↑ Muziris heritage project - history. Kerala Tourism
- ↑ Gantzer, Hugh & Colleen. (2 December 2010). Muziris: Bustling heart of the Malabar spice coast. The Economic Times
- ↑ J. Sturrock. (1894). Madras District Manuals - South Canara (Volume-I). Madras Government Press
- ↑ ৰমিলা থাপাৰ. There is no mention of trade via sea-routes or of any ports during the Sangam Era. It was the Vikings who created the first ships that could cross a sea, let alone an ocean. The Scandinavians used their ships to cross the sea and reach nearby countries in Europe in the early 12th century. The Penguin History of Early India: From the Origins to AD 1300. p. 46, Penguin Books India, 2003
- ↑ Krishnakumar, P. "Muziris, at last?". www.frontline.in Frontline, 10–23 April 2010. Web
- ↑ Nair, C. Gouridasan. (2009). Pattanam Richest Indo-Roman Site on Indian Ocean Rim. The Hindu
- ↑ Expert nails false propaganda on Muziris. newindianexpress.com
- ↑ Balfour, Edward, ed. (1871) "Hippalus". Cyclopaedia of India and of Eastern and Southern Asia. Vol. II (2nd ed.). Madras: The Asylum, the Scottish and Foster Presses, pp. 548-85
- ↑ Search for India's Ancient City11 June 2006. BBC News
- ↑ Perur, Srinath. (10 August 2016). Lost cities #3 – Muziris: Did Black Pepper Cause the Demise of India's Ancient Port?. The Guardian
- ↑ Steven E. Sidebotham. Berenike and the Ancient Maritime Spice Route, pp 191. University of California Press 2011
- ↑ George Gheverghese Joseph. (2009). A Passage to Infinity. SAGE Publications Pvt. Ltd. পৃ. 13. ISBN 978-81-321-0168-0
- ↑ Kulke, Hermann; Dietmar Rothermund (2004). A History of India. Routledge
- ↑ Peter Francis. Asia's Maritime Bead Trade: 300 B.C. to the Present, p. 120 University of Hawaii Press, 1 January 2002
- ↑ Menachery, George; Azhikode-Kodungallur (1987). Kodungallur City of St. Thomas
- ↑ Raoul McLaughlin. Rome and the Distant East: Trade Routes to the Ancient Lands of Arabia, India and China. pp 48-50, Continuum (2010)
- ↑ The Voyage around the Erythraean Sea. depts.washington.edu
- ↑ Martin, K. a; Anandan, S.; Martin, K. a. (21 January 2012). Re-enact Muziris voyages, KHA tells Navy. The Hindu
- ↑ Philemon Holland's Pliny. penelope.uchicago.edu
- ↑ প্লিনি দ্য এল্ডাৰ, Natural History, vi.(26).104
- ↑ Peter Francis. Asia's Maritime Bead Trade: 300 B.C. to the Present, p. 119 University of Hawaii Press, 2002
- ↑ Romila Thapar. The Penguin History of Early India: From the Origins to AD 1300. Penguin Books India, 2003
- ↑ Raoul McLaughlin. Rome and the Distant East: Trade Routes to the Ancient Lands of Arabia, India and China. p. 40, Continuum (2010)
- ↑ For the full text in Greek and its translation, see www.uni-koeln.de/phil-fak/ifa/zpe/downloads/1990
- ↑ Madhukar, Jayanthi. (2016-12-03). Malayala panorama. The Hindu
- ↑ Muthiah, S. (2017-04-24). The ancient ports of India. The Hindu
- ↑ McLaughlin, Raoul. (2014-09-11). The Roman Empire and the Indian Ocean: The Ancient World Economy and the Kingdoms of Africa, Arabia and India. Pen and Sword. ISBN 9781473840959
- ↑ (2010-04-01). Navigation News - Frontline. FRONTLINE
- ↑ Gantzer, Hugh & Colleen. (2 December 2010). Muziris: Bustling heart of the Malabar spice coast during the Roman rule. The Economic Times
- ↑ Srivathsan, A. "In search of Muziris". The Hindu [Madras]. 2 May 2010. Web
- ↑ (2006-06-11). Search for India's ancient city. BBC News
- ↑ Govind, M. Harish. (23 March 2004). Archaeologists stumble upon Muziris. দ্য হিন্দু
- ↑ (2004-03-28). Hunting for Muziris. দ্য হিন্দু
- ↑ (2007-04-01). Excavations highlight Malabar maritime heritage. দ্য হিন্দু
- ↑ Rajagopal, Shyama; Surendranath, Nidhi. (30 August 2013). Archaeology Dept. lumbering under shortage of manpower. The Hindu
- ↑ Srivathsan, A. (22 May 2013). Pattanam antiquity authenticated by radiocarbon dating. The Hindu
- ↑ "Archaeologist calls for excavations at Kodungalloor". The Hindu [Madras]. 5 August 2011. Web
- ↑ "Kerala historians at loggerheads over archaeological findings at Pattanam", Kochi, 28 May 2014 The Hindu
- ↑ S. Anandan, "Was Pattanam an urban trade centre?" 28 May 2014 The Hindu
- ↑ KCHR Pattanam Seventh Season Handbook. keralahistory.ac.in
- ↑ " Oxford University to join Pattanam excavations" Thiruvananthapuram, 25 December 2013 দ্য হিন্দু
- ↑ (1 April 2007). Excavations highlight Malabar maritime heritage. দ্য হিন্দু
- ↑ KCHR reports 2007. P. J. Cherian et al
- ↑ Chambers, W. 1875. Chambers's Etymological Dictionary of the English Language. London. p. 513
- ↑ Subramanian, T. S. (2011-03-14). Tamil-Brahmi script Found at Pattanam in Kerala. The Hindu
- ↑ (29 April 2023). One or Two DNA Samples Will Not Give Us Entire Idea: ASI on DNA Research Showing Eurasian Imprints in Kerala. ThePrint/ANI
- ↑ (29 April 2023). Ancient DNA Research Confirms West Eurasian Genetic Imprints in Pattanam. Mathrubhumi
- ↑ Muziris: Introduction. Kerala Tourism. Government of Kerala
- ↑ (2016). Exhibition on Kottappuram Fort Excavations. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুজিৰিছ” প্ৰবন্ধৰ সংশোধন ৬৪০১৬৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।