বিদ্যুৎ-চুম্বকীয় বিকিৰণ (Electromagnetic radiation) হৈছে আধানযুক্ত কণিকাৰ দ্বাৰা বিকিৰিত কৰা আৰু শোষিত কৰা শক্তিৰ এটা ৰূপ, যিয়ে মহাকাশৰ মাজেৰে পৰিভ্ৰমণ কৰোঁতে তৰংগ সদৃশ ধৰ্ম দেখুৱায়। বিদ্যুৎ-চুম্বকীয় বিকিৰণত বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰ দুয়োটাৰে ক্ষেত্ৰ প্ৰাবল্যৰ উপাংশ নিৰ্দিষ্ট অনুপাতত থাকে, আৰু দুয়োটাৰ কম্পন পৰস্পৰ সমকোণীয় দশাত থাকে আৰু শক্তি আৰু তৰংগৰ অগ্ৰগতিৰ দিশৰ উলম্ব দিশত থাকে। শূণ্য স্থানত, বিদ্যুৎ চুম্বকীয় বিকিৰণৰ বেগ পোহৰৰ বেগৰ সমান।
গতিশীল আধান এটাৰ দ্বাৰা সৃষ্ট বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰৰ এক বিশেষ প্ৰকাৰ হৈছে বিদ্যুৎ চুম্বকীয় বিকিৰণ। যিবোৰ বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰ গতিশীল আধানটোৰ পৰা আৱ্শ্যকীয় দূৰত্বত থাকে অৰ্থাৎ যি দূৰত্বত বিদ্যুৎ চুম্বকীয় বিকিৰণে গতিশীল আধানটোৰ আচৰণৰ ওপৰত কোনোধৰণৰ ক্ৰিয়া নকৰে, সেইবোৰকে বিদ্যুৎ চুম্বকীয় বিকিৰণ বুলি কোৱা হয়। বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰৰ এই দুই প্ৰকাৰ নাইবা আচৰণক কেতিয়াবা নিকট আৰু দূৰ ক্ষেত্ৰ বুলি কোৱা হয়। ইয়াত সাধাৰণতে দূৰ-ক্ষেত্ৰকেই বিদ্যুৎ চুম্বকীয় বিকিৰণ হিচাপে লোৱা হৈছে। আধান আৰু বিদ্যুৎ প্ৰবাহে প্ৰত্যক্ষভাবে নিকট-ক্ষেত্ৰৰ সৃষ্টি কৰে। আনহাতে বিদ্যুৎ চুম্বকীয় বিকিৰণ পৰোক্ষভাবেহে সৃষ্টি কৰে- আনকি, বিদ্যুৎ চুম্বকীয় বিকিৰণৰ, চুম্বকীয় আৰু বৈদ্যুতিক ক্ষেত্ৰ দুয়োটাই আনধৰণৰ ক্ষেত্ৰৰ পৰিবৰ্তনৰ দ্বাৰাহে সৃষ্টি হয়, আধান আৰু বিদ্যুৎ প্ৰবাহৰ প্ৰত্যক্ষ পৰিৱৰ্তনৰ কাৰণে নহয়।
বিদ্যুৎ-চুম্বকীয় বিকিৰণে মহাকাশৰ মাজেৰে নিৰৱচিন্নভাবে উৎসৰপৰা আঁতৰলৈ শক্তি কঢ়িয়ায় (কেতিয়াবা বিকিৰিত শক্তি বুলিও কোৱা হয়), (কিন্তু নিকট-ক্ষেত্ৰৰ বাবে প্ৰযোজ্য নহয়)। বিদ্যুৎ-চুম্বকীয় বিকিৰণে ভৰবেগ আৰু কৌণিক ভৰবেগ দুয়োটাকে কঢ়িয়ায় নিয়ে। যেতিয়া বিদ্যুৎ-চুম্বকীয় বিকিৰণে পদাৰ্থৰ লগত ক্ৰিয়া কৰে তেতিয়া এই ধৰ্মবোৰ ই পদাৰ্থৰ ওপৰত প্ৰয়োগ কৰে। বিদ্যুৎ-চুম্বকীয় বিকিৰণ আন প্ৰকাৰৰ শক্তিৰ পৰা সৃষ্টি হয় আৰু যেতিয়া ধংস হয় তেতিয়া ই আন শক্তিলৈ ৰূপান্তৰিত হয়। ফ’টন হৈছে বিদ্যুৎ-চুম্বকীয় প্ৰক্ৰিয়াৰ কোৱাণ্টাম, আৰু ইয়েই বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ মৌলিক "একক" নাইবা সকলো প্ৰকাৰৰ বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ গাঠনিক পদাৰ্থ। উচ্চ কম্পনাংকত পোহৰৰ ধৰ্ম কোৱাণ্টাম ধৰ্মৰ লগত বেছি সাদৃশ্য দেখা যায় (অৰ্থাৎ উচ্চ ফ’টন শক্তিত)। এনেধৰণৰ ফ’টনে কম কম্পনাংকযুক্ত ফ’টনতকৈ বেছি পৰিমাণে কণিকা ধৰ্ম দেখুৱায়।
তথ্য সংগ্ৰহ
- Hecht, Eugene. (2001). Optics. Pearson Education. ISBN 0-8053-8566-5
- Serway, Raymond A. (2004). Physics for Scientists and Engineers. Brooks Cole. ISBN 0-534-40842-7
- Tipler, Paul. (2004). Physics for Scientists and Engineers: Electricity, Magnetism, Light, and Elementary Modern Physics. W. H. Freeman. ISBN 0-7167-0810-8
- Reitz, John. (1992). Foundations of Electromagnetic Theory. Addison Wesley. ISBN 0-201-52624-7
- Jackson, John David. (1999). Classical Electrodynamics. John Wiley & Sons. ISBN 0-471-30932-X
- Allen Taflove and Susan C. Hagness. (2005). Computational Electrodynamics: The Finite-Difference Time-Domain Method, 3rd ed. Artech House Publishers. ISBN 1-58053-832-0
বাহ্যিক সংযোগ
- Electromagnetism - a chapter from an online textbook
- Electromagnetic Radiation - an introduction for electrical engineers
- Electromagnetic Waves from Maxwell's Equations on Project PHYSNET.
- Radiation of atoms? e-m wave, Polarisation, ...
- An Introduction to The Wigner Distribution in Geometric Optics
- The windows of the electromagnetic spectrum, on Astronoo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যুৎ চুম্বকীয় বিকিৰণ” প্ৰবন্ধৰ সংশোধন ৬৩১১০৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।