অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

সাতঘৰীয়া আহোম

সাতঘৰীয়া আহোম হৈছে আহোমসকলৰ সাতটা ফৈদ (ঘৰ) বা সামাজিক ভাগ। তৃতীয়জন আহোম স্বৰ্গদেৱ চুবিণ্‌ফাৰ ৰাজত্বকালত আহোমসকলৰ মাজত আনুষ্ঠানিকভাৱে শাসক আৰু শাসিত শ্ৰেণীৰ সৃষ্টি হৈছিল। সাতঘৰীয়া আহোম পৰিয়ালকেইটা শাসক শ্ৰেণীত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাকী লোকসকল শাসিত শ্ৰেণীত সোমাই পৰিছিল।

হালনাগাদ: ৩০ মে’ ২০২১ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সাতঘৰীয়া আহোম হৈছে আহোমসকলৰ সাতটা ফৈদ (ঘৰ) বা সামাজিক ভাগ। তৃতীয়জন আহোম স্বৰ্গদেৱ চুবিণ্‌ফাৰ ৰাজত্বকালত আহোমসকলৰ মাজত আনুষ্ঠানিকভাৱে শাসক আৰু শাসিত শ্ৰেণীৰ সৃষ্টি হৈছিল। সাতঘৰীয়া আহোম পৰিয়ালকেইটা শাসক শ্ৰেণীত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাকী লোকসকল শাসিত শ্ৰেণীত সোমাই পৰিছিল।১ এই ফৈদকেইটা আছিল ৰাজপৰিয়াল বা গোহাঁ‌ই (ছ্যু), বুঢ়াগোহাঞি (চাও-ফ্ৰং-মুং), বৰগোহাঞি (চাও-থাও-লুং) আৰু চাৰিটা পুৰোহিত শ্ৰেণীৰ ফৈদ ক্ৰমে দেওধাই (ম-প্ল'ঙ), বাইলুং (ম-চাম), মহন (ম-হুন) আৰু চিৰিং (চি-ৰিং)।২৩৪৫

সম্প্ৰসাৰণ আৰু মিশ্ৰণ

বুৰঞ্জীবিদ পদ্মেশ্বৰ গগৈৰ মতে প্ৰথমগৰাকী আহোম স্বৰ্গদেৱ চ্যু-কা-ফা অসমলৈ আহোঁতে তেওঁৰ সৈতে তিনিগৰাকী কুঁ‌ৱৰী আই-মে-চাও-ল', নাং-চেং-চুম-পা আৰু য়ি-ল'-ৱেং-চিং-চুম-পা, দুজন পুত্ৰ, এগৰাকী কন্যা, অন্য পাঁ‌চখন ৰাজ্যৰ পাঁ‌চজন স্বাধীন দলনেতা,৬ পুৰোহিত শ্ৰেণীৰ লোক আৰু সৈন্য-সামন্তকে ধৰি মুঠ এহাজাৰ আশীগৰাকী লোক আহিছিল।৭৮৯১০ কোনো কোনো সূত্ৰৰ মতে এই সংখ্যা তিনিশ১১১২ আৰু কিছুসংখ্যৰ মতে ন হাজাৰ।১৩ চুবিণফাই কৰা বিভাজনত এই লোকসকলেই প্ৰথমতে সাতঘৰীয়া আহোমত অন্তৰ্ভুক্ত আছিল যদিও পৰৱৰ্তী সময়ত সাতঘৰীয়া গোটৰ সম্প্ৰসাৰণ ঘটিবলৈ লয়। দিহিঙীয়া, সন্দিকৈ, লাহন আৰু দুৱৰাও সাতঘৰীয়া আহোমত অন্তৰ্ভুক্ত হয়।৪ ১৬শ শতিকাত চতুৰ্দশ স্বৰ্গদেৱ চুহুংমুঙে তেওঁৰ ৰাজত্বকালত বৰপাত্ৰগোহাঞি নামৰ এক নতুন পদবীৰ সৃষ্টি কৰে আৰু ই এক নতুন ফৈদ হিচাপে অন্তৰ্ভুক্তি লাভ কৰে। সময় বাগৰাৰ লগে লগে উপফৈদ কিছুমানে জন্মলাভ কৰে আৰু চুহুংমুঙৰ সময়তেই ছ্যু বা ৰজাঘৰীয়া ফৈদক পুনৰ সাতোটা উপফৈদত বিভক্ত কৰা হয়। এইকেইটা হৈছে চাৰিঙ্গীয়া, তিপমীয়া, দিহিঙ্গীয়া, চামগুৰীয়া, তুংখুঙীয়া, পৰ্বতীয়া আৰু নামৰূপীয়া। একেদৰে বুঢ়াগোহাঁ‌ই ফৈদক আঠটা, বৰগোহাঁ‌ইক ষোল্লটা, দেওধাইক বাৰটা, মহনক সাতটা আৰু বাইলুং তথা চিৰিং উভয়কে আঠোটাকৈ উপফৈদত ভগোৱা হয়। পৰৱৰ্তী সময়ত এই ফৈদসমূহতো বিভিন্ন সংযোজন হয় আৰু মিচিং, মৰাণ (সন্দিকৈ আৰু পাত্ৰ ফৈদত),১৪ চুতীয়া আদি জনগোষ্ঠীৰ (চেতিয়া আৰু লাহন ফৈদত)১৫ লোকৰ লগতে নগা আদি লোকো উপফৈদসমূহত (বাইলুং ফৈদত নগা বাইলুং, মিৰি বাইলুং আৰু নৰা বাইলুং হিচাপে) সোমাই পৰে।৩

তথ্যসূত্ৰ

  1. ↑ Baruah 1993, পৃ. 16
  2. ↑ Baruah 1993, পৃ. 44ff
  3. ↑ Gogoi 2006, পৃ. 9
  4. ↑ Guha 1983, পৃ. 13
  5. ↑ Gogoi 1976, পৃ. 15
  6. ↑ Mong-Hkang, Mong-Hkru-Dai, Mong-Hka Mong-Pun, Mong-Phu and Mong-Li Gogoi 1968, পৃ. 256–257
  7. ↑ Phukan, K. Assam Buranji, 1906, p.7.
  8. ↑ Mahanta,S. Assam Buranji.D.H.A.S.,1945, p.5
  9. ↑ A review of Buranjis, p.76
  10. ↑ Sadaramin ''Assam Buranji',1930, p.11.
  11. ↑ Wade, J.P. An Account of Assam, 1800, p. 16.
  12. ↑ Bhuyan,S.K. Deodhai Buranji: Bahgharia Buragohain Buranji. 1932
  13. ↑ Gogoi 1968, পৃ. 256–257
  14. ↑ "For instance the Miri-Sandikoi and Moran Patar were the offices drawn from the Miris and the Morans"Gogoi 2006, পৃ. 9
  15. ↑ "The founders of noted Ahom families, like those of Chetia and Lahon were Chutiyas." Dutta 1985, পৃ. 30

সম্পৰ্কিত শ্ৰেণী

টাই আহোম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাতঘৰীয়া আহোম” প্ৰবন্ধৰ সংশোধন ২৭৯৫৭২ (৩০ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।