অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

আকবৰৰ নৱৰত্ন

ভাৰতৰ মহান মোগল বাদশ্বাহ আকবৰ স্বয়ং নিৰক্ষৰ হোৱা সত্ত্বেও ইতিহাসবিদ, চিত্ৰকাৰ, বিচাৰক, ধৰ্মগুৰু, কলাকাৰ তথা বুদ্ধিজীৱীৰ বিশেষ প্ৰেমী আছিল। কোৱা হয় যে আকবৰৰ ৰাজসভাত এনে ন(৯)জন গুণী ব্যক্তি আছিল যাক কালক্ৰমত আকবৰৰ নৱৰত্ন বুলি জনা গৈছিল।

হালনাগাদ: ৩ এপ্ৰিল ২০২২ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ
আকবৰৰ নৱৰত্ন: টো়ডৰমল, তানসেন, আবুল ফজল, ফৈজী, আব্দুল ৰহীম
আকবৰৰ নৱৰত্ন: টো়ডৰমল, তানসেন, আবুল ফজল, ফৈজী, আব্দুল ৰহীমছবি: Original uploader was DrMKVaish at hi.wikipedia · Public domain

ভাৰতৰ মহান মোগল বাদশ্বাহ আকবৰ স্বয়ং নিৰক্ষৰ হোৱা সত্ত্বেও ইতিহাসবিদ, চিত্ৰকাৰ, বিচাৰক, ধৰ্মগুৰু, কলাকাৰ তথা বুদ্ধিজীৱীৰ বিশেষ প্ৰেমী আছিল। কোৱা হয় যে আকবৰৰ ৰাজসভাত এনে ন(৯)জন গুণী ব্যক্তি আছিল যাক কালক্ৰমত আকবৰৰ নৱৰত্ন বুলি জনা গৈছিল। আকবৰৰ এই নৱৰত্ন আছিল- আবুল ফজল, ফৈজী, তানসেন, ৰাজা বীৰবল, ৰাজা টোডৰমল, ৰাজা মানসিং, আব্দুল ৰহীম খান-ই-খানা, ফকীৰ আজিঔ-দিন, আৰু মুল্লাহ দো পিওজা।১

আবুল ফজল

ইতিহাসবিদ আবুল ফজলে আকবৰৰ শাসনকালত মুখ্য ঘটনাবোৰ কলমাবদ্ধ কৰিছিল। এখেতেই আকবৰনামা আৰু আইন-ই-আকবৰী ৰচনা কৰিছিল। এখেতৰ জন্ম আগ্ৰাত হৈছিল।২

ফৈজী

ফৈজী আছিল আবুল ফজলৰ ভাতৃ যিয়ে ফাৰ্চী ভাষাত কবিতা লিখিছিল আৰু এখেতক আকবৰে নিজৰ পুত্ৰৰ গণিত শিক্ষক হিচাপে নিযুক্ত কৰিছিল। শ্বেখ আল-ফেজ, প্ৰচলিত নাম ফৈজী মধ্যকালীন ভাৰতৰ পাৰ্চী কবি আছিল।

তানসেন

কবি তানসেন আকবৰৰ ৰাজসভাৰ এজন বিলক্ষণ প্ৰতিভাসম্পন্ন সংগীতজ্ঞ আছিল। সংগীত সম্ৰাট তানসেনৰ নগৰী গোৱালিয়ৰত কথিত আছে যে তাত শিশুৰ কান্দোনতো তাল প্ৰতিফলিত হয়।

ৰাজা বীৰবল

পৰম বুদ্ধিমান ৰাজা বীৰবল আকবৰৰ যুদ্ধ-পৰামৰ্শদাতা আছিল। হাস্য-পৰিহাসত আকবৰৰ স'তে এখেতৰ কাল্পনিক কাহিনীবোৰ আজিও কোৱা হয়। বীৰবল এজন কবিও আছিল। ব্ৰহ্ম নামত তেখেতে এজন কবি ৰূপে কবিতা লিখিছিল যিবোৰ বৰ্তমান ৰাজস্থানৰ ভৰতপুৰ সংগ্ৰহালয়ত সংৰক্ষিত আছে।

ৰাজা টোডৰমল

ৰাজা টোডৰমল আকবৰৰ ৰাজহ আৰু বিত্তমন্ত্ৰী আছিল।৩ এখেতে ভূমি-জৰীপৰ বাবে বিশ্বৰ প্ৰথম মাপন-প্ৰণালী তৈয়াৰ কৰিছিল। আকবৰৰ ৰাজ্যৰ জৰীপ এখেতেই কৰিছিল। উত্তৰ প্ৰদেশৰ একমাত্ৰ ৰাজহ প্ৰশিক্ষণ সংস্থানৰ নাম এখেতৰ নামেৰে ৰাজা টোডৰমল ভুলেখ প্ৰশিক্ষণ সংস্থান ৰখা হৈছিল য'ত আই.এ.এছ., আই.পি.এছ., পি.চি.এছ. আদিৰ উপৰিও ৰাজহ কৰ্মীবোৰক মাটিৰ জোখমাখ সম্বন্ধীয় প্ৰশিক্ষণ দিয়া হয়।

ৰাজা মানসিং

আকবৰৰ সেনাৰ প্ৰধান সেনাপতি মহাৰাজ মানসিং (জয়পুৰ) ৰাজপুতৰ ৰজা আছিল যাৰ ভগ্নী জোধাবাঈ আকবৰৰ পটৰাণী আছিল।

আব্দুল ৰহীম খান-ই-খানা

ৰহীম এজন প্ৰতিষ্ঠিত কবি আছিল আৰু আকবৰৰ সংৰক্ষক বৈৰম খানৰ পুত্ৰ আছিল।

ফকীৰ অজিঔ-দিন

ফকীৰ অজিঔ-দিন আকবৰৰ পৰামৰ্শদাতা আছিল।

মুল্লাহ দো পিওজা

মুল্লাহ দো পিওজা আকবৰৰ পৰামৰ্শদাতা আছিল।

তথ্যসূত্ৰ

  1. ↑ Singh, Vipul (2006). The Pearson Indian History Manual for the UPSC Civil Services Preliminary Examination. Pearson Education India. ISBN 8131717534. p. 140
  2. ↑ Alfred J. Andrea, James H. Overfield. The Human Record: To 1700. Houghton Mifflin. পৃ. 476
  3. ↑ The Ain i Akbari by Abul Fazlallami, translated from the original Persian, by Heinrich Blochmann and Colonel Henry Sullivan Jarret, Volume 1, Page 376, Low Price Publications India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকবৰৰ নৱৰত্ন” প্ৰবন্ধৰ সংশোধন ৩১৮৪৪৮ (৩ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।