অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

অপাৰেচন অল ক্লিয়াৰ

অপাৰেচন অল ক্লিয়াৰ হৈছে ৰয়েল ভূটান আৰ্মীৰ দ্বাৰা ভূটানৰ দক্ষিণ অংশত থিতাপি লৈ থকা অসমৰ বিচ্ছিন্নতাবাদী সংগঠনৰ ঘাটি উচ্ছেদ কৰিবলৈ ২০০৩ চনৰ ১৫ ডিচেম্বৰৰ পৰা ২০০৪ চনৰ ৩ জানুৱাৰীলৈ চলোৱা এক সামৰিক অভিযান। ৰয়েল ভূটান আৰ্মীয়ে চলোৱা এইটো আছিল প্ৰথম অভিযান।

হালনাগাদ: ২০ জুন ২০২৪ ৩৬৫ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অপাৰেচন অল ক্লিয়াৰ হৈছে ৰয়েল ভূটান আৰ্মীৰ দ্বাৰা ভূটানৰ দক্ষিণ অংশত থিতাপি লৈ থকা অসমৰ বিচ্ছিন্নতাবাদী সংগঠনৰ ঘাটি উচ্ছেদ কৰিবলৈ ২০০৩ চনৰ ১৫ ডিচেম্বৰৰ পৰা ২০০৪ চনৰ ৩ জানুৱাৰীলৈ চলোৱা এক সামৰিক অভিযান। ৰয়েল ভূটান আৰ্মীয়ে চলোৱা এইটো আছিল প্ৰথম অভিযান।

আঁৰৰ কথা

১৯৯০ চনত ভাৰতীয় সেনা বাহিনীয়ে অসমৰ বিচ্ছিন্নতাবাদী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম বা চমুকৈ আলফাৰ বিৰুদ্ধে অপাৰেচন বজৰং আৰু অপাৰেচন ৰাইন' চলাইছিল। যাৰ ফলত উক্ত সংগঠনটোৰ সদস্যসকলে ভূটানত আশ্ৰয় লবলৈ বাধ্য হৈছিল।১

১৯৯০ চনত আলফা আৰু এনডিএফবিয়ে ভূটান চৰকাৰক থলুৱা ল'টচাম্পা লোকসকলক উচ্ছেদ কৰাত সহায় কৰিছিল আৰু তেওঁলোকে এৰি যোৱা খালী ঠাইসমূহ দখল কৰিছিল।২৩

১৯৯৬ চনত ভূটান চৰকাৰে মন কৰিলে যে ভূটানৰ দক্ষিণ ফালে ভাৰত-ভূটান সীমাৰ ওচৰত বহুকেইটা সংগঠনৰ ঘাটি বহিছে। তাত অসমৰ চাৰিটা শিবিৰ আছিল। সেইয়া হ'ল- আলফা, এনডিএফবি, বড়ো লিবাৰেচন টাইগাৰ ফ'ৰ্চ (বিএলটিএফ) আৰু কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন (কেএলঅ')। তাৰোপৰি নেচ'নেল চছিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (এনএচচিএন) আৰু অল ত্ৰিপুৰা টাইগাৰ ফৰ্চ (এটিটিএফ)-ৰো শিবিৰ আছিল।৪

এই শিবিৰসমূহ সংগঠনৰ সদস্যসমূহক প্ৰশিক্ষণ দিবলৈ আৰু সা-সঁজুলিসমূহ ব্যৱহাৰ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু সেই অঞ্চলৰ ঘন জংগলে বিদ্ৰোহী সংগঠনৰ সদস্যসকলক ভাৰতীয় সেনাৰ অলক্ষিতে ভাৰতত আক্ৰমণ কৰাৰ সুবিধা প্ৰদান কৰিছিল।৫

ভাৰত চৰকাৰে ভূটান চৰকাৰক তেওঁলোকৰ মাটিৰ পৰা বিদ্ৰোহী সংগঠনৰ শিবিৰসমূহ উচ্ছেদ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে। প্ৰয়োজন হ'লে ভাৰত চৰকাৰৰ ফালৰ পৰা সাহায্য প্ৰদান কৰা হব বুলিও কলে। ১৯৯৮ চনত ভূটান চৰকাৰে শান্তিপূৰ্ণ সমাধানত গুৰুত্ব দি সংগঠনসমূহৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত লয়। তাৰ পিছত আলফাৰ সৈতে পাঁচবাৰ, এনডিএফবিৰ সৈতে তিনিবাৰ আলোচনা অনুষ্ঠিত হয়।২০০১ চনৰ জুন মাহত আলফাই চাৰিটা শিবিৰ বন্ধ কৰাৰ কথা ঘোষণা কৰে যদিও ভূটান চৰকাৰে সেই শিবিৰকেইটা পুনৰ স্থাপন কৰাৰ কথা জানিব পাৰে।১

১৯ জুলাই ২০০৩-ত ভূটানৰ সংসদত ভূটানীজ সেনা গঠন কৰাৰ প্ৰস্তাৱ ৰখা হয় যদিও পিছত সেই প্ৰস্তাৱ নাকচ কৰি ভাৰত-ভূটান সীমান্তত নিয়োগ কৰিবলৈ পাঁচ হাজাৰ সৈন্যৰে ৰয়েল ভূটান আৰ্মী গঠন কৰা হয়।৬

অভিযানৰ সময়ৰেখা

  • ১৪ ডিচেম্বৰ ২০০৩: আলফাৰ দুজন কামাণ্ডাৰে পৃথক মন্তব্যত প্ৰকাশ কৰা মতে অভিযানৰ আগদিনা ৰয়েল আৰ্মীৰ এজন মেজৰে আলফাৰ শিবিৰ ভ্ৰমণ কৰি তাৰে পিছদিনা ভূটানৰ ৰজাই বন্ধুত্বপূৰ্ণভাৱে আলফাৰ শিবিৰ ভ্ৰমণ কৰিব বুলি অৱগত কৰে। কিন্তু সকলোকে আচৰিত কৰি ৰয়েল ভূটান আৰ্মীয়ে আলফাৰ শিবিৰত আক্ৰমণ চলায়।৭৫
  • ১৫ ডিচেম্বৰ ২০০৩: ৰয়েল ভূটান আৰ্মীয়ে আলফাৰ শিবিৰত আক্ৰমণ চলাই বিস্তৰ ক্ষতি সাধন কৰে। নব্বৈজন সদস্যই আত্মসমৰ্পণ কৰে। আলফাৰ সদস্য ৰাহুল দত্ত মৃত্যুমুখত পৰে। চামদ্ৰুপ জংখাৰৰ ফুকাটুঙত থকা আলফাৰ কেন্দ্ৰীয় কাৰ্য্যালয় ভূটান আৰ্মীয়ে দখল কৰি লয়।৪১৮
  • ১৬ ডিচেম্বৰ ২০০৩: ভূটানৰ পৰা বিদ্ৰোহী সদস্য ভাৰতত প্ৰৱেশ কৰাত বাধা দিবলৈ ভাৰতীয় সেনাৰ ১২টা বেটেলিয়ন সীমান্তত নিয়োগ কৰা হয়। ভাৰতীয় সেনাই ৰয়েল ভূটান আৰ্মীক হেলিকপ্তাৰ দি সহায় কৰে।দিনটোৰ অন্তত দহটা শিবিৰ ধ্বংস কৰাৰ বাতৰি আহে।৯৮
  • ১৮ ডিচেম্বৰ ২০০৩: তিনিদিন জংঘলত লুকাই থকাৰ পিছত আলফাৰ এটা দলে বৌদ্ধবিহাৰত আত্মসমৰ্পণ কৰে।৭
  • ২০ ডিচেম্বৰ ২০০৩: অভিযান আৰম্ভ কৰাৰ পাঁচদিনৰ অন্তত মুঠতে ত্ৰিশটা শিবিৰ খালী কৰি তাত জুই লগাই সমুলঞ্চে ধ্বংস কৰি পেলোৱা হয়।১
  • ২৫ ডিচেম্বৰ ২০০৩: কেএলঅ'ৰ উপ-সভাপতি হৰ্ষবৰ্দ্ধন বৰ্মনৰ সৈতে পাঁচজন শীৰ্ষ বিদ্ৰোহী নেতাক ভাৰতীয় সেনাৰ হেলিকপ্তাৰত তেজপুৰলৈ অনা হয়। সেইদিনালৈ মুঠতে প্ৰায় ১২০ জন সদস্যই ভূটান আৰ্মীৰ হাতত প্ৰাণ হেৰুৱায়। বহুতে ভাৰত আৰু বাংলাদেশলৈ পলায়ন কৰে।৪
  • ২৭ ডিচেম্বৰ ২০০৩-লৈকে ভূটান আৰ্মীয়ে পাঁচশতকৈয়ো অধিক একে ছিৰিজৰ ৰাইফল, ৰকট লাঞ্চাৰ, মৰ্টাৰ, দূৰসংযোগ যন্ত্ৰ আদি জব্দ কৰে। আলফাৰ মূখ্য কাৰ্যালয়ৰ পৰা এটা বিমান-বিধ্বংসী উদ্ধাৰ কৰা হয়। বন্দী হোৱা সকলো সদস্য আৰু অস্ত্ৰ-শস্ত্ৰসমূহ ভাৰতীয় সেনাক গতাই দিয়া হয়।১০
  • ৩০ ডিচেম্বৰ ২০০৩: গোবৰকুণ্ডাত থকা এটা আলফা শিবিৰ ধ্বংস কৰা হয়। তাৰ পৰা এটা জেনেৰেটৰ, ২০ টন চাউল আৰু টেলিভিছন ছেট পোৱা হয়।১১
  • ৩ জানুৱাৰী ২০০৪-লৈকে অতিৰিক্ত ৩৫ টা ঘাটি ধ্বংস কৰা হয়।১২

তথ্যসূত্ৰ

  1. ↑ Dipankar Banerjee. (January 2004). Implications for insurgency and security cooperation. IPCS
  2. ↑ Anand Swaroop Verma. (April 2004). The military Offensive against ULFA. Revolutionary Democracy
  3. ↑ Praveen Kumar. (July 2004). Assessing Bhutan's Operation All Clear. IDSA
  4. ↑ Anand Kumar. (25 December 2003). Operation All Clear: Bhutan's step for regional security. Kathmandu Post
  5. ↑ Teresa Rehman. (27 January 2007). Seek Revenge!. Tehelka
  6. ↑ Tashi Dema. (16 June 2007). Militia Should Start in 2008. Kuensel
  7. ↑ (22 July 2004). Bhutan attack was betrayal, says Ulfa leader. Telegraph India
  8. ↑ (17 December 2003). 124 killed in Bhutan operation. Tribune India
  9. ↑ (15 August 2004). A Nation Pays Tribute. Kuensel
  10. ↑ (27 December 2003). Protecting mutual concerns and interests. Kuensel
  11. ↑ (3 January 2004). The Bodo & Ulfa Problem. Kuensel
  12. ↑ (3 January 2004). RBA Makes Good Progress in Flushing Out Operations. Kuensel

সম্পৰ্কিত শ্ৰেণী

স্বাধীনোত্তৰ অসমসামৰিক অভিযান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপাৰেচন অল ক্লিয়াৰ” প্ৰবন্ধৰ সংশোধন ৪২৩৬২৫ (২০ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।