মৌখিক ইতিহাস (Oral history) হ'ল ব্যক্তি, পৰিয়াল, গুৰুত্বপূৰ্ণ ঘটনা, বা দৈনন্দিন জীৱনৰ বিষয়ে ঐতিহাসিক তথ্যৰ সংগ্ৰহ আৰু অধ্যয়ন, য'ত অডিঅ' ট্ৰেপ, ভিডিঅ' ট্ৰেপি, বা পৰিকল্পিত সাক্ষাৎকাৰৰ প্ৰতিলিপি ব্যৱহাৰ কৰা হয়। এই সাক্ষাৎকাৰবোৰ অতীতৰ ঘটনাসমূহত অংশগ্ৰহণ কৰা বা পৰ্যবেক্ষণ কৰা লোকসকলৰ সৈতে কৰা হয় আৰু তেওঁলোকৰ স্মৃতি আৰু উপলব্ধিসমূহ ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এক শ্ৰৱণ ৰেকৰ্ড হিচাপে সংৰক্ষণ কৰা হ'ব। মৌখিক ইতিহাসে বিভিন্ন দৃষ্টিকোণৰ পৰা তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰে আৰু ইয়াৰ অধিকাংশই লিখিত উৎসত পোৱা নাযায়। মৌখিক ইতিহাস এই ধৰণে সংগ্ৰহ কৰা তথ্য আৰু এনে তথ্যৰ ওপৰত আধাৰিত লিখিত কাম (প্ৰকাশিত বা অপ্ৰকাশিত ) বুলিও উল্লেখ কৰে, যি প্ৰায়ে আৰ্কাইভ (লেখ্যাগাৰ)আৰু বৃহৎ পুথিভঁৰাল সমূহত সংৰক্ষণ কৰা হয়।১২ Oral History (OH) ৰ দ্বাৰা প্ৰদৰ্শন কৰা জ্ঞান অনন্য, কিয়নো ই প্ৰাথমিক ৰূপত সাক্ষাৎকাৰকাৰৰ অস্পষ্ট দৃষ্টিভংগী, চিন্তা, মতামত আৰু বুজা বুজিৰ ভাগ বতৰা কৰে।৩
এই শব্দটো কেতিয়াবা সাধাৰণ অৰ্থত ব্যৱহাৰ কৰা হয়, য'ত সাক্ষীসকলে আন কোনো ব্যক্তিক কৈছিল অতীতৰ ঘটনাৰ বিষয়ে যিকোনো তথ্যৰ কথা উল্লেখ কৰে, কিন্তু পেছাদাৰী বুৰঞ্জীবিদসকলে ইয়াক সাধাৰণতে মৌখিক পৰম্পৰা বুলি গণ্য কৰে।৪৫ অৱশ্যে, কলম্বিয়া এনচাইক্ল'পিডিয়াৰ ব্যাখ্যা অনুসৰিঃ১
প্ৰাচীন সমাজসমূহে লিখিত ইতিহাসৰ অভাৱত অতীতৰ ৰেকৰ্ড সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি মৌখিক পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। পশ্চিমীয়া সমাজত, প্ৰাৰম্ভিক গ্ৰীক বুৰঞ্জীবিদ হেৰোদোদোদ আৰু থুচিদিদেছৰ পৰা মুখৰ পৰা সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল, যিয়ে সাক্ষাৎকাৰ সকলৰ মৌখিক প্ৰতিবেদন বিস্তৃতভাৱে ব্যৱহাৰ কৰিছিল। ১৯৪০ৰ দশকত এলান নেভিনছ আৰু তেওঁৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ সহযোগীসকলে মৌখিক ইতিহাসৰ আধুনিক ধাৰণাটো বিকশিত কৰিছিল। সাধাৰণ অৰ্থত এনেদৰে ব্যাখ্যা কৰিব পাৰি যে মৌখিক ইতিহাস বুলি ক'লে অতীতৰ এক গুৰুত্বপূৰ্ণ ঘটনা বা পৰিঘটনাৰ দৃশ্য-শ্ৰাব্য নাইবা কেৱল শ্ৰব্যযন্ত্ৰৰ সহায়ত সংগৃহীত একৰূপ আৰু ইয়াৰ অধ্যয়ণ।
তথ্যসূত্ৰ
- ↑ oral history. (n.d.) The Columbia Electronic Encyclopedia®. (2013). Retrieved March 12, 2018 from encyclopedia2.thefreedictionary.com/oral+history
- ↑ Definition of oral history from the Online Dictionary for Library and Information Science
- ↑ Nkala; David, Rodreck. (2015). Oral History Sources as Learning Materials: A Case Study of The National University of Science and Technology. Oral History Journal of South Africa. পৃ. 82
- ↑ Definition of oral history from the Macmillan Dictionary
- ↑ Definition of oral history from the Cambridge Advanced Learner's Dictionary
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌখিক ইতিহাস” প্ৰবন্ধৰ সংশোধন ৫৮৪৬২৩ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।