অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

জিন ৰাজবংশ

জিন ৰাজবংশ বা জিন সাম্ৰাজ্য যাক কোনো কোনোৱে চিমা জিন বা দুই জিনৰ নামেৰেও অভিহিত কৰে, এটি সাম্ৰাজ্যবাদী চীনা ৰাজবংশ। এই ৰাজবংশ ২৬৬ৰ পৰা ৪২০ চনলৈ অস্তিত্বত আছিল। চিমা য়ান, যি চিমা ঝাওৰ জ্যেষ্ঠ পুত্ৰ, এই সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক, যাৰ বিপৰীতে, চিমা ঝাও আছিল জিনৰ ৰজা।

হালনাগাদ: ১৮ জুলাই ২০২৬ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জিন ৰাজবংশ বা জিন সাম্ৰাজ্য যাক কোনো কোনোৱে চিমা জিন বা দুই জিনৰ নামেৰেও অভিহিত কৰে, এটি সাম্ৰাজ্যবাদী চীনা ৰাজবংশ। এই ৰাজবংশ ২৬৬ৰ পৰা ৪২০ চনলৈ অস্তিত্বত আছিল। চিমা য়ান, যি চিমা ঝাওৰ জ্যেষ্ঠ পুত্ৰ, এই সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক, যাৰ বিপৰীতে, চিমা ঝাও আছিল জিনৰ ৰজা। এই ৰাজবংশৰ ইতিহাসত দুই মুখ্য বিভাজন দেখা যায়। পশ্চিমীয়া জিন (২৬৬ৰ পৰা ৩১৬ চন) চাও ৱেইৰ উত্তৰাধিকাৰী হিচাপে গঢ় লৈ উঠিছিল, চিমা য়ানে চাও হুৱানৰ পৰা ক্ষমতা কাঢ়ি লোৱাৰ পাছত। পশ্চিমীয়া জিনৰ প্ৰথম ৰাজধানী আছিল লুৱ'য়াং, আৰু পাছলৈ চাং'আন, যি বৰ্তমানৰ শ্বি'আন। ২৮০ চনত, পূৰ্বী ৱু বিজয় কৰাৰ পাছত, পশ্চিমীয়া জিনৰ উত্থানে তিনি ৰাজ্যৰ কালৰ অন্ত পেলালে। চীনৰ মূল প্ৰান্তসমূহ পুনঃ এক হ'ল, হান ৰাজবংশৰ পতনৰ পাছত প্ৰথম বাৰৰ বাবে।

আঁঠ ৰাজকুমাৰৰ যুদ্ধ

২৯১ৰ পৰা ৩০৬ চনলৈ "আঁঠ ৰাজকুমাৰৰ যুদ্ধ" নামৰ এক গৃহযুদ্ধৰ ক্ৰম দেখা দিছিল। জিন ৰাজ্যৰ ওপৰত আধিপত্যৰ বাবে এই যুদ্ধসমূহ সংঘটিত হৈছিল, যাৰ ফলস্বৰূপে ৰাজ্যখন দুৰ্বল হৈ পৰিছিল। ৩০৪ চনত এই ৰাজ্যৰ বিৰুদ্ধে অনা-হান লোকেও বিদ্ৰোহ কৰা আৰম্ভ কৰিছিল, যাক হানসকলে "পাঁচ বৰ্বৰ"ৰ নামেৰে অভিহিত কৰিছিল। "বৰ্বৰ"সকলে পাছলৈ উত্তৰ চীনৰ কেইবাটাও অস্থায়ী ৰাজবংশীয় ৰাজ্য স্থাপন কৰিছিল।১ ইয়াৰ ফলস্বৰূপেই চীনা ইতিহাসৰ ষোল্ল ৰাজ্যৰ কাল আৰম্ভ হৈছিল। এই কালত উত্তৰ চীনৰ ৰাজ্যসমূহৰ সঘনাই উত্থান আৰু পতন ঘটিছিল আৰু সেই ৰাজ্যসমূহে নিজৰ মাজত আৰু জিনৰ লগত যুদ্ধ কৰি থাকিছিল। তাৰেই এখন ৰাজ্য, হান ঝাৱে জিনৰ ৰাজধানী লুৱ'য়াং দখল কৰি লৈছিল ৩১১ চনত, আৰু ৩১৬ চনত চাং'আন দখল কৰিছিল। জিনৰ সম্ৰাট মিনক ৩১৮ চনত তেওঁলোকে হত্যা কৰিছিল, যাৰ পাছত পশ্চিমীয়া জিন সাম্ৰাজ্যৰ অন্ত পৰিছিল।২ সম্ৰাট মিনৰ পাছৰ চিমা ৰুইয়ে জিন ৰাজবংশৰ পুনৰ্স্থাপনা কৰিছিল পূৰ্বী জিনৰ ৰূপত।

পূৰ্বী জিন

পূৰ্বী জিন ৰাজবংশৰ প্ৰায় সকলো সময়তে নিজৰ উত্তৰী চুবুৰীয়াৰ সৈতে যুদ্ধৰত আছিল। ই উত্তৰ দিশে কেইবাটাও সামৰিক অভিযান আৰম্ভ কৰিছিল, আগতে হেৰুৱা ভূমি পুনঃ লাভ কৰা আশাত। ৩৮৩ চনত জিনে পূৰ্বৰ চিন ৰাজ্যৰ ওপৰত ভীষণ আঘাট কৰিছিল, যি চিনে আগতে চীনক কিছু সময়ৰ বাবে এক কৰিছিল।৩ যুদ্ধৰ পাছত পূৰ্বৰ চিন ৰাজ্য দুৰ্বল হৈ পৰিছিল আৰু জিন সেনাই হালধীয়া নদীৰ দক্ষিণৰ ভূমি দখল অক্ৰিছিল। পিচে, পূৰ্বী জিনক পাছলৈ ৪২০ চনত লিউ চং ৰাজবংশই পৰাস্ত কৰিলে। পূৰ্বী জিনক ছয় ৰাজবংশৰ দ্বিতীয় গণ্য কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Albert E. Dien. (2007). The Cambridge History of China: Volume 2, The Six Dynasties, 220–589. Cambridge University Press. পৃ. 258. ISBN 9780521820602
  2. ↑ Albert E. Dien. (2007). The Cambridge History of China: Volume 2, The Six Dynasties, 220–589. Cambridge University Press. পৃ. 175. ISBN 9780521820602
  3. ↑ Michael C. Rogers. (1991). The Myth of the Battle of the Fei River (A.D. 383). T’oung Pao. পৃ. 269–301

সম্পৰ্কিত শ্ৰেণী

চীনৰ ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিন ৰাজবংশ” প্ৰবন্ধৰ সংশোধন ৬১৮০৮১ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।