সোমপুৰ মহাবিহাৰ বা পাহাৰপুৰ বৌদ্ধবিহাৰ বাংলাদেশৰ এটা প্ৰধান বৌদ্ধ মঠ (mahavihara)। এই বৌদ্ধবিহাৰ বৰ্তমান বাংলাদেশৰ বাদালগাছি, নাওগাঁওত অৱস্থিত। ভাৰত উপমহাদেশৰ বৌদ্ধ বিহাৰসমূহৰ ভিতৰত এইটো এটা অন্যতম আৰু দেশৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থান। ১৯৮৫ চনত ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰে। হয়।
ইতিহাস

প্ৰাচীন ভাৰতত পাল ৰাজবংশ (কামৰূপ)ৰ শাসনকালত বংগ আৰু মগধক সামৰি লৈ ভাৰত উপমহাদেশৰ পূব অঞ্চলত কেইবাটাও মঠ বৌদ্ধ ধৰ্ম মঠ গঢ় লৈ উঠিছিল। তিব্বতী সূত্ৰ অনুসৰি পাঁচটা মহান মহাবিহাৰ (বিশ্ববিদ্যালয়)ৰ অস্তিত্ব আছিল। সেই যুগৰ প্ৰধান বিশ্ববিদ্যালয় হৈছে বিক্ৰমশিলা; নালন্দা মহাবিহাৰ বিশ্ববিদ্যালয়; সোমপুৰা মহাবিহাৰ; ওদান্তপুৰা; আৰু জগদালা।১] সোমপুৰা মহাবিহাৰত (সেই সময়ত প্ৰাচীন ভাৰতৰ সৰ্ববৃহৎ বিশ্ববিদ্যালয়) বাস কৰা আতিছা বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে বংগৰপৰা তিব্বতলৈ যাত্ৰা কৰিছিল। অষ্টম শতিকাৰ ভিতৰতে বাংলা ভাষাৰ আদিম ৰূপৰ উন্মেষ ঘটিবলৈ আৰম্ভ কৰে। পাহাৰপুৰত প্ৰত্নতাত্ত্বিক খনন কৰাৰ পাছত " শ্ৰী-সোমাপুৰে-শ্ৰী-ধৰ্মাপালদেৱ-মহাবিহাৰিয়ৰ্য-ভিক্ষু-সংঘশ্য" লিপি থকা ছীল পোৱাৰ ফলত সোমপুৰা মহাবিহাৰখন পাল বংশৰ দ্বিতীয় পাল ৰজা ধৰ্মপালৰ (প্ৰায় ৭৮১–৮২১)দ্বাৰা নিৰ্মাণ কৰা বুলি চিনাক্ত কৰা হৈছে।২ধৰ্মকায়াবিধি আৰু মধ্যমক ৰত্নপ্ৰদীপৰ তিব্বতী অনুবাদ, তৰানাথৰ ইতিহাস আৰু পাগ-ছাম-জোন-জাংকে ধৰি তিব্বতী উৎসসমূহত উল্লেখ আছে যে ধৰ্মপালৰ উত্তৰাধিকাৰী দেৱপালে (প্ৰায় ৮১০–৮৫০) বৰেন্দ্ৰ বিজয়ৰ পিছত এই বৌদ্ধ মহাবিহাৰ নিৰ্মাণ কৰিছিল।২পাহাৰপুৰ স্তম্ভৰ শিলালিপিত দেৱপালৰ উত্তৰাধিকাৰী মহেন্দ্ৰপালৰ (প্ৰায় ৮৫০–৮৫৪) ৫ম ৰাজত্ব বৰ্ষৰ লগতে ভিক্ষু অজয়গৰ্ভৰ নামো উল্লেখ আছে।৩তাৰানাথৰ "পাগ ছেম জন জাঙ"ত লিপিবদ্ধ কৰা অনুসৰি মহিপালৰ ৰাজত্বকালত (প্ৰায় ৯৯৫–১০৪৩ খ্ৰীষ্টাব্দ) এই মঠটো মেৰামতি কৰা হৈছিল।
বৰ্মন বংশৰ জাতবৰ্মাই একাদশ শতিকাত কৈৱৰ্ত ৰজা দিব্য আৰু বৌদ্ধ ধৰ্মৰ প্ৰতিথকা শত্ৰুতাৰে বৰেন্দ্ৰক আক্ৰমণ কৰে। যদিও কৈৱৰ্ত শাসনৰ কোনো লোকচান হোৱা যেন নালাগিল, তথাপি জাতবৰ্মাৰ সৈন্যই জ্বলোৱা জুইত মহাবিহাৰৰ এটা অংশ ধ্বংস হৈ যায়।৪ সময়ৰ লগে লগে অতিশৰ আধ্যাত্মিক গুৰু ৰত্নাকৰশান্তীয়ে বিহাৰৰ স্থবিৰ হিচাপে কাম কৰিছিল, মহাপণ্ডিতচাৰ্য্য বোধিভদ্ৰই আৱাসী সন্ন্যাসী হিচাপে কাম কৰিছিল আৰু আন পণ্ডিতসকলে কালামহাপদ, বীৰেন্দ্ৰ আৰু কৰুণাশ্ৰীমিত্ৰকে ধৰি মঠটোত জীৱনৰ কিছু অংশ কটায়। নৱম শতিকাৰপৰা দ্বাদশ শতিকাৰ ভিতৰত বহু তিব্বতী সন্ন্যাসীয়ে সোমাপূৰা ভ্ৰমণ কৰিছিল।
স্থাপত্য
চতুৰ্ভুজ আকৃতিৰে নিৰ্মিত ১৭৭টা কোঠা আৰু কেন্দ্ৰত এটা পৰম্পৰাগত বৌদ্ধ স্তুপৰে গঠিত। কোঠাবোৰ সন্ন্যাসীসকলে থকাৰ ব্যৱস্থা আৰু ধ্যান-ধাৰণাৰ বাবে ব্যৱহাৰ কৰিছিল। এই স্থানত বৃহৎসংখ্যক স্তুপ আৰু বিভিন্ন আকাৰ আৰু আকৃতিৰ মন্দিৰৰ উপৰি টেৰাকোটা ফলক, শিলৰ ভাস্কৰ্য্য, শিলালিপি, মুদ্ৰা, মৃৎশিল্প আদি আৱিষ্কাৰ কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ English, Elizabeth. (2002). Vajrayogini: Her Visualization, Rituals, and Forms. Wisdom Publications. পৃ. 15. ISBN 0-86171-329-X
- ↑ Chowdhury, AM. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ en.wikipedia.org/wiki/Asiatic_Society_of_Banglad
- ↑ Ray, Niharranjan. (1994). History of the Bengali People (Ancient Period). Orient Longman. পৃ. 185, 331, 353. ISBN 978-0-86311-378-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোমপুৰ মহাবিহাৰ” প্ৰবন্ধৰ সংশোধন ৫৭২২৫৭ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।