আনাৰকলী (; Anarkali; জন্ম. শৰিফ-উন-নিচা) বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্গত লাহোৰৰ এগৰাকী নৰ্তকী আছিল। তেওঁৰ জন্মৰ নাম শৰিফ-উন-নিচা আৰু তেওঁক নাদিৰা বেগম বুলিও জনা যায়। এটা কাহিনী অনুসৰি তেওঁৰ মোগল চাহজাদা চেলিমৰ (পিছলৈ জাহাঙ্গীৰ) সৈতে অবৈধ সম্পৰ্ক আছিল, যাৰবাবে তেওঁক মোগল সম্ৰাট আকবৰে জীয়াই জীয়াই কবৰ দিয়ে। অৱশ্যে চলচ্চিত্ৰ, গল্প আৰু বুৰঞ্জী আধাৰিত কাল্পনিক কাহিনীবোৰত এই চৰিত্ৰটোক যিভাৱে চিত্ৰিত কৰে, তাৰ কোনো ঐতিহাসিক ভিত্তি নাই।১
আনাৰকলীৰ বিষয়ে প্ৰথম এজন ইংৰাজ পৰ্যটক আৰু সদাগৰ ৱিলিয়াম ফিনচৰ ৰচনাত উল্লেখ হৈছিল। তেওঁ ১৬০৮ খ্ৰীষ্টাব্দত মোগল সাম্ৰাজ্য ভ্ৰমণ কৰিছিল। এই কাহিনীটো এজন ভাৰতীয় লেখক আব্দুল হালিম শাৰাৰৰ গ্ৰন্থতো লিপিবদ্ধ হৈছিল। গ্ৰন্থখনৰ প্ৰথম পৃষ্ঠাতে তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছিল যে এয়া এক কাল্পনিক কাহিনী। অন্যান্য ৰচনা-ৰাজি বা চলচ্চিত্ৰতো অভিযোজন কৰা হৈছে।২
১৯৬০ চনত মুক্তি পোৱা বলিউডী ছবি মুগল-ই-আজমত আনাৰকলী চৰিত্ৰটো চিত্ৰিত কৰা হৈছে। আনাৰকলীৰ ভূমিকাত অভিনয় কৰিছে মধুবালাই।৩
আনাৰকলিৰ সমাধি

আনাৰকলীৰ সমাধি নামেৰ লাহোৰত এটা ঐতিহাসিক স্থাপত্য আছে। ইতিহাসবিদ মহম্মদ বাকিৰৰ মতে আনাৰকলী প্ৰকৃতাৰ্থত বাগিছাখনৰ নাম, য’ত এই সমাধিটো আছে। সময়ৰ সোঁতত স্থাপত্যটোৱে আনাৰকলীৰ নাম পৰিগ্ৰহ কৰিলে। শাহ জাহানৰ পুত্ৰ দাৰা চিকোৰ চকিনত অল-আউলিয়া গ্ৰন্থত এই বাগিছাখনৰ নাম উল্লিখিত হৈছে। এই বাগিছাখনত সন্ত মিয়ান মিৰে মাজেমাজে বহিছিল। দাৰাৰ ৰচনাত এই সমাধিটোৰ বিষয়েও লিখা হৈছে, কিন্তু তেওঁ ইয়াৰ নাম আনাৰকলীৰ সমাধি বুলি উল্লেখ কৰা নাই।৪
চিত্ৰায়ন
আনাৰকলী ভাৰত, বাংলাদেশ আৰু পাকিস্তানৰ অসংখ্য গ্ৰন্থ, নাটক আৰু চলচ্চিত্ৰৰ বিষয়। এই চৰিত্ৰটোৰ বিষয়ে আটাইতকৈ পুৰণি আৰু পৰিবেশিত ঐতিহাসিক নাটক হ’ল ইমতিয়াজ আলি তাজৰ উৰ্দু ভাষাৰ নাট আনাৰকলী, যিখন ১৯২২ চনত মঞ্চায়িত হৈছিল। এই নাটখনৰ আধাৰত লাভ অফ এ মুগল প্ৰিঞ্চ নামৰে নিৰ্বাক চলচ্চিত্ৰ এখনো নিৰ্মিত হৈছিল; ১৯২৮ চনত মুক্তি পোৱা ছবিখনত নাট্যকাৰ তাজে আকবৰৰ চৰিত্ৰত অভিনয় কৰিছল।৫ আন এখন নিৰ্বাক ছবি আনাৰকলী সেই একেটা বছৰতে মুক্তি পাইছিল, যাৰ পৰিচালক আছিল আৰ.এচ. চৌধুৰী। এই ছবিখন একে নামৰে ১৯৩৫ চনত পুনৰ্নিৰ্মাণ কৰা হৈছিল। ১৯৫৩ চনত মুক্তি পোৱা আনাৰকলীৰ মূল চৰিত্ৰত অভিনয় কৰিছিল বীণা ৰায়ে। তামিল ভাষাৰ ১৯৬৬-ৰ আনাৰকলীৰ পৰিচালক আছিল কুনচাকো আৰু ইয়াত অভিনয় কৰিছিল আক্কিনেনি নাগেশ্বৰ ৰাও আৰু অঞ্জলি দেৱীয়ে। ১৯৬০ চনত ভাৰতীয় চলচ্চিত্ৰ জগতৰ মাইলৰ খুঁটিস্বৰূপ কে. আচিফ পৰিচালিত আনাৰকলী মুক্তি পায়, য’ত নাম ভূমিকাত অভিনয় কৰিছিল মধুবালাই, চেলিমৰ ভূমিকাত দিলীপ কুমাৰ আৰু আকবৰৰ ভূমিকাত পৃথ্বীৰাজ কাপুৰে। ১৯৭৯ চনত এন.টি. ৰামাৰাৱে পৰিচালনা কৰা আকবৰ চেলিম আনাৰকলী মুক্তি পায়।৬
পাকিস্তানত নুৰ জাহানে মূল ভূমিকা ৰূপায়ণ কৰা আনাৰকলী ১৯৫৮ চনত ছবিগৃহলৈ আহে।৭
২০১৩ চনৰ একতা কাপুৰৰ টিভি ধাৰাবাহিক জোধা আকবৰতো আনাৰকলীৰ চৰিত্ৰটো চিত্ৰায়ন কৰা হৈছে। তাত আনাৰকলীৰ সৰুকালৰ চৰিত্ৰত অভিনয় কৰিছে চনিয়া তকীৰ আৰু ডাঙৰকালৰ চৰিত্ৰটোত অভিনয় কৰিছে হিনা পাৰমাৰে। কালাৰ্চ টিভিৰ ডেইলী চ’প দাষ্টান-ই-মুহব্বত চালিম আনাৰকলিত চেলিম আৰু আনাৰকলীৰ ভূমিকাত অভিনয় কৰিছে ক্ৰমে শাহিৰ শেখ আৰু সোণাৰিকা ভাদোৰিয়াই।৮
বাহ্যিক সংযোগ
- Anarkali Tomb. University of Alberta.
তথ্যসূত্ৰ
- ↑ Glover, William. (January 2007). Making Lahore Modern, Constructing and Imagining a Colonial City. Univ Of Minnesota Press. ISBN 978-0816650224
- ↑ Legend: Anarkali: myth, mystery and history
- ↑ Bhattacharya, Roshmila. (9 March 2018). This Week, That Year: Living a Mughal dream. Mumbai Mirror
- ↑ The Story of Anarkali - Fact or Fiction?.. Read More at www.livehistoryindia.com/herstory/2018/03/15/the. www.livehistoryindia.com
- ↑ Loves of a Moghul Prince
- ↑ Rajadhyaksha, Ashish; Willemen, Paul. (1999). Encyclopaedia of Indian cinema. British Film Institute
- ↑ "Anarkali (1958)" imdb; based on the Imtiaz Ali Taj play/script as adapted by Hakim Ahmad Shuja for his son Anwar Kamal Pasha's production/direction
- ↑ Jodha Akbar – Watch All Episodes Online in HD for Free – OZEE – Zee TV Page:1. zeetv.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনাৰকলী” প্ৰবন্ধৰ সংশোধন ৩৮৪৭৬০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।