অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

কৈহাটীৰ ঢুলীয়া

কৈহাটীৰ ঢুলীয়া অসমৰ ঐতিহ্য বহনকাৰী এক আপুৰুগীয়া কৃষ্টি। ই সম্পূৰ্ণৰূপে লৌকিক আৰু অতি জনপ্ৰিয় অনুষ্ঠান। ঢুলীয়া অনুষ্ঠানটিত ভাগ লোৱা লোকসকলৰ অভিনয় কৌশল আৰু হাস্য-ব্যংগ অভিনয়েই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ। কৈহাটীৰ ঢুলীয়া কামৰূপীয়া ঢুলীয়াৰ অংশবিশেষ। কৈহাটীৰ স্থানীয় ভাষাত ঢুলীয়াক ভাইৰা বোলা হয়।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কৈহাটীৰ ঢুলীয়া অসমৰ ঐতিহ্য বহনকাৰী এক আপুৰুগীয়া কৃষ্টি। ই সম্পূৰ্ণৰূপে লৌকিক আৰু অতি জনপ্ৰিয় অনুষ্ঠান। ঢুলীয়া অনুষ্ঠানটিত ভাগ লোৱা লোকসকলৰ অভিনয় কৌশল আৰু হাস্য-ব্যংগ অভিনয়েই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ।<ref name="অসমীয়া সংস্কৃতিৰ কণিকা" ১ কৈহাটীৰ ঢুলীয়া কামৰূপীয়া ঢুলীয়াৰ অংশবিশেষ। কৈহাটীৰ স্থানীয় ভাষাত ঢুলীয়াক ভাইৰা বোলা হয়।

ইতিহাস

বিংশ শতিকাত অসমত প্ৰায় ৩০ টা বিভিন্ন ঢুলীয়াৰ দল আছিল বুলি প্ৰবাদ আছে। এইবোৰৰ ভিতৰত বিখ্যাত আৰু জনপ্ৰিয় আছিল কৈহাটীৰ ঢুলীয়া। আন কেইটামান জনপ্ৰিয় ঢুলীয়াৰ দল হ’ল বালিলেচা, মাধপুৰ, অগ্নিশাল, ডিমৰীয়া, চান্দুকুছি, বৰ্ণি ইত্যাদি।২

ঢুলীয়া অনুষ্ঠানত পুতলা নাচৰ সাদৃশ্য থকালৈ চাই বহুতে ইয়াক পুতলা নাচৰ ক্ৰমবিকশিত ৰূপ বুলি ক’ব খোজে।

বৰ্ণনা

ঢুলীয়া শব্দটো আহিছে ঢোল শব্দটোৰ পৰা। ঢুলীয়াসকলৰ প্ৰধান সাংগিতিক আহিলা হ’ল ঢোল। প্ৰধানতঃ তিনি প্ৰকাৰৰ ঢোল তেওঁলোকে ব্যৱহাৰ কৰে – পাতিঢোল, মাজুঢোল আৰু বৰঢোল। লগতে তাল, মাদল আদিও ব্যৱহাৰ হয়।

ঢুলীয়াৰ প্ৰধান ভাৱৰীয়াজনক সহায় কৰাকৈ দুজন সহযোগী আৰু এজন সূত্ৰধাৰ থাকে। সূত্ৰধাৰজনে ভাৱৰীয়াসকলৰ পৰিচয় কৰাই দিয়াৰ লগতে কাহিনীটোৰ আঁত ধৰি যায়। তাৰোপৰি ঘাই ঢুলীয়া, খৰমৰা ঢুলীয়া, কুস্তিদিয়া ঢুলীয়া, টেমেকা, মহলাধাৰী আৰু অন্যান্য কেবাজনো ব্যক্তিৰদ্বাৰা ঢুলীয়াৰ দলটো গঠিত হয়। ঢুলীয়াৰ সংলাপসমূহৰ কোনো লিখিত ৰূপ নাথাকে। তেওঁলোকৰ ইজনে সিজনৰ লগত তাৎক্ষাণিক ভাবে কৰিব পৰা মনঃসংযোগ আৰু উপস্থিত বুদ্ধি প্ৰয়োগৰ দ্বাৰাই এই অভিনয়সমূহ কৰে। তেওঁলোকে কৰা ভাও অৰ্থাৎ অভিনয়ক স্থানীয় ভাষাত ভাইৰামি আৰু অভিনেতাসকলক ভাইৰা বোলা হয়। ভাও দিয়া ঠাইখিনিক খলা বোলা হয়।

সাজ-পোচাক আৰু অভিনয়

ঢুলীয়াসকলে ৰূপসজ্জাৰ বাবে স্থানীয় গছ-গছনিৰ পাতৰ পৰা তৈয়াৰী ৰং, চাউলগুৰি আদি; দাড়ি-মোচৰ বাবে আটা বা ময়দাৰ লেপন, আৰু সাজ-সজ্জাৰ বাবে খেৰকুটা বা আন তেনে ধৰণৰ বস্তুহে ব্যবহাৰ কৰিছিল। মহিলাৰ চৰিত্ৰৰ বাবে মতা মানুহে ধুতিখন শাৰীৰ দৰে কৰি লৈ পিন্ধি তিৰোতাৰ অভিনয় কৰে। তেনে অভিনয়ৰ বাবে মাতটো সামান্য সৰু কৰি উলিয়ায়।

এই ঢুলীয়াসকলে প্ৰধানতঃ পুৰণি আখ্যানসমূহ আৰু লগতে আন আন সামাজিক বা আৰ্থসামাজিক ঘটনাসমূহ ব্যঙ্গৰূপত পৰিবেশন কৰি ৰাইজক হাঁহিৰ খোৰাক যোগায়। তাৰোপৰি তেওঁলোকে আন আন ধেমেলীয়া অভিনয়ো কৰে।

প্ৰথমতে বৰঢোলত গুৰুঘাত মাৰি অনুষ্ঠানটি আৰম্ভ কৰা হয়। তাৰপিছত গুৰিঢোল বজাই খলা ফুৰোৱা বাদী আদি কাৰ্য্য অনুষ্ঠিত কৰে। ঢোলৰ বাজনা, চং, কুস্তি, খেল-ধেমালি আদি চাৰ্কাচ আৰু কেৰিকচাৰ ধৰ্মী। কিছুমান বিশেষ অভিনয়ৰ বাবে মুখাৰো ব্যৱহাৰ হৈছিল।

স্বীকৃতি

২০০০ চনত মোহন ভাৱৰীয়াৰ জীৱনক লৈ পৰিচালক হেমন্ত দাসে কৈহাটীৰ ঢুলীয়া নামেৰে এখন চলচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছিল। চলচিত্ৰখন নতুন দিল্লীত অনুষ্ঠিত ৪৭ তম আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু সেইখনে নৃতত্ব শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ৩৪৫

বৰ্তমানৰ স্থিতি

কৈহাটীৰ ঢুলীয়াৰ বৰ্তমানৰ স্থিতি সন্তোষজনক নহয়। প্ৰধানতঃ আৰ্থিক দৈন্য, ঢুলীয়া অভিনয় চাবলৈ ৰাইজৰ অনীহা আদিৰ বাবেই এনে অৱস্থা হ’বলৈ পালে বুলি কিছুমানে মত পোষণ কৰে। <ref name="ধনেশ্বৰ দাসৰ ভাষ্য" ৬

উল্লেখযোগ্য ব্যক্তি

  1. মোহন ভাৱৰীয়া (প্ৰকৃত নাম মোহন চন্দ্ৰ বৰ্মণ)
  2. নিততি ভাৱৰীয়া (প্ৰকৃত নাম নিততি ভৰালী)

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সংস্কৃতিৰ কণিকা, সম্পাদনা – ড° নাৰায়ণ দাস আৰু ড° পৰমানন্দ ৰাজবংশী, পৃষ্ঠা - ৭৩
  2. ↑ The lost drummers of Kamrup. itsmynortheast.com
  3. ↑ 47th National Film Awards (MIB, India). Research Reference and Training Division (RRTD), India
  4. ↑ 47th National Film Awards. International Film Festival of India
  5. ↑ 47th National Film Awards (PDF). Directorate of Film Festivals
  6. ↑ কৈহাটীৰ এটা ঢুলীয়া দলৰ প্ৰতিনিধি ধনেশ্বৰ দাসৰ ভাষ্য

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতিকামৰূপ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৈহাটীৰ ঢুলীয়া” প্ৰবন্ধৰ সংশোধন ৩৮৪৯৩২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।