প্ৰাচীন ভাৰতৰ দুখন প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন হৈছে ৰামায়ণ। ইয়াক বাল্মিকীয়ে ৰচনা কৰিছিল।
এই মহাকাব্যখনত দেখা পোৱা গুৰুত্বপূৰ্ণ চৰিত্ৰবোৰ তলত দিয়া হ’ল-
অ
অকম্পন
মূল প্ৰবন্ধ: অকম্পন'অকম্পন' (Akampan) লংকাৰ ৰজা ৰাৱণৰ মামাক/মোমায়েক আছিল। তেওঁ সুমালী আৰু কেতুমতীৰ দহগৰাকী পুত্ৰৰ মাজৰ এগৰাকী আছিল। তেওঁৰ চাৰিগৰাকী ভগ্নীও আছিল।
অক্ষয়কুমাৰ
মূল প্ৰবন্ধ: অক্ষয়কুমাৰ'অক্ষয়কুমাৰ বা অক্ষকুমাৰ (Akṣayakumāra, अक्षयकुमार) ৰাৱণৰ কনিষ্ঠ পুত্ৰ১ তথা মেঘনাদৰ ভাতৃ আছিল। তেওঁক অক্ষয় বা অক্ষ' নামেৰেও জনা যায়৷ ৰামায়ণত হনুমানে সীতাৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত যেতিয়া অশোক বন ধ্বংস কৰিবলৈ আৰম্ভ কৰে তেতিয়া ৰাৱণে অশোকবন ৰক্ষাৰ্থে অক্ষয়কুমাৰক ৰাক্ষস সেনাৰ মুৰব্বী হিচাপে তালৈ পঠিয়াইছিল। মাত্ৰ ষোল্ল বছৰ বয়সতে তেওঁৰ দেউতাক ৰাৱণৰ আদেশ মৰ্মে তেওঁ ৰথত উঠি যুদ্ধলৈ যায়। তেওঁ হনুমানক লক্ষ্যভেদ কৰি বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰে যুদ্ধ কৰিছিল। হনুমানে যুৱ ৰাজকুমাৰৰ বীৰত্ব আৰু দক্ষতাৰ প্ৰতি আকৃষ্ট হ’লেও শেষত হনুমানে তেওঁক হত্যা কৰিছিল।
অগস্ত্য
মূল প্ৰবন্ধ: অগস্ত্য'অগস্ত্য' (अगस्त्य) হৈছে প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি।২ ভাৰতীয় সংস্কৃতিৰ মতে তেওঁ এজন প্ৰখ্যাত আৰু প্ৰভাৱশালী বহু ভাষাৰ জ্ঞান থকা বিদগ্ধ পণ্ডিত। অগস্ত্য আৰু তেওঁৰ সহধৰ্মিণী লোপামুদ্ৰাই সংস্কৃত ভাষাত ঋকবেদৰ শ্লোক ১.১৬৫ ৰ পৰা ১.১৯১ আৰু অন্যান্য বৈদিক সাহিত্যৰ ৰচনা কৰিছিল।২৩৪
অঙ্গদ
মূল প্ৰবন্ধ: অঙ্গদ'অংগদ বা অঙ্গদ' (अङ्गदः অংগ দাতা) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এটা বান্দৰ চৰিত্ৰ, যিয়ে ৰামক তেওঁৰ পত্নী সীতাক বিচাৰি উলিওৱাত আৰু তেওঁৰ হৰণকাৰী ৰাৱণৰ সৈতে যুঁজ দিয়াত সহায় কৰিছিল। পিছত তেওঁ কিষ্কিন্ধা ৰ ৰজা হিচাপে মুকুট পৰিধান কৰে।৫
অঞ্জনা
মূল প্ৰবন্ধ: অঞ্জনা'অঞ্জনা (अञ्जना) হৈছে ৰামায়ণৰ নায়কসমূহৰ অন্যতম হনুমানৰ মাতৃ। তেওঁক অঞ্জনী বা অঞ্জলী' নামেৰেও জনা যায়। তেওঁ আছিল এগৰাকী অপ্সৰা আৰু কপিকুলৰ এজন মুখিয়াল কেশৰীৰ সহধৰ্মিণী। তেওঁক ভাৰতৰ কোনো কোনো অঞ্চলত পৰিয়ালৰ দেৱী হিচাপে পূজা কৰা হয়।
অতিকায়
মূল প্ৰবন্ধ: অতিকায়'অতিকায়' মহাকাব্য ৰামায়ণৰ এজন দৈত্য চৰিত্ৰ। ৰামায়ণ মহাকাব্যত আতিকায় ৰাৱণ আৰু তেওঁৰ পত্নী মন্দোদৰীৰ পুত্ৰ বুলি উল্লেখ আছে।৬ অৱশ্যে মহাকাব্যখনৰ কিছুমান সংস্কৰণত তেওঁক ৰাৱণৰ দ্বিতীয় পত্নী ধন্যমালিনীৰ পুত্ৰ বুলি উল্লেখ কৰা হৈছে।৭ আতিকয়া মেঘানাদৰ সৰু ভায়েক আছিল আৰু অত্যন্ত শক্তিশালী আছিল।
অশ্বপতি
মূল প্ৰবন্ধ: অশ্বপতি'অশ্বপতি' (अश्वपति) হৈছে হিন্দু পুৰাণসমূহত বৰ্ণিত বহুতো ৰজাৰ উপাধি। ইয়াৰ অৰ্থ হৈছে 'ঘোঁৰাৰ অধিপতি। ৰামায়ণৰ মতে অশ্বপতি আছিল উন্নত ঘোঁৰাৰ দেশ কেকেয় ৰাজ্যৰ ৰজা। তেওঁ এগৰাকী কন্যা কৈকেয়ী (ৰজা দশৰথৰ ৰাণী) আৰু সাতজন পুত্ৰৰ পিতৃ আছিল। তেওঁৰ পুত্ৰ যুধাজিতে ৰামায়ণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অশ্বপতিয়ে মানৱ জাতিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত উত্তৰ বিচাৰি এক যাত্ৰা কৰিছিল।
অহল্যা
মূল প্ৰবন্ধ: অহল্যা'অহল্যা(अहल्या), গৌতম মহৰ্ষিৰ পত্নী। তেওঁক অহিল্যা' বুলিও জনা যায়। বহুতো হিন্দু শাস্ত্ৰত উল্লেখ কৰা অনুসৰি ইন্দ্ৰই (দেৱতাৰ ৰজা) তেওঁৰ সতীত্ব নষ্ট কৰিছিল, বিশ্বাসঘাতকতাৰ বাবে তেওঁৰ স্বামীয়ে অভিশাপ দিছিল, আৰু ৰামৰ দ্বাৰা এই অভিশাপৰ পৰা মুক্ত হৈছিল।
অৰুন্ধতী
মূল প্ৰবন্ধ: অৰুন্ধতী'অৰুন্ধতী' (अरुन्धती) হৈছে সপ্তৰ্ষিৰ অন্যতম ঋষি বশিষ্ঠৰ সহধৰ্মিণী। তেওঁক শুক্ৰ গ্ৰহৰ সৈতে জড়িত কৰা হয়। অৰুন্ধতীকো সপ্তৰ্ষিৰ সমমৰ্যাদা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সৈতে উপাসনাও কৰা হয়। বৈদিক আৰু পুৰাণ সাহিত্যত তেওঁক সতীত্ব, দাম্পত্য আনন্দৰ প্ৰতীক আৰু পতীব্ৰতা নাৰীৰূপে উপস্থাপন কৰা হয়। পৰৱৰ্তী কালৰ মহাকাব্যিক ৰচনাসমূহত তেওঁক তেওঁক সতী তথা অনুকৰণীয় আদৰ্শ ৰূপত বৰ্ণোৱা হৈছে। হিন্দু পৰম্পৰাত অৰুন্ধতীক কেন্দ্ৰ কৰি বহুতো ৰীতি-নীতি বা লোকাচাৰ আছে। ইয়াৰে ভিতৰত বিবাহৰ সময়ত পালন কৰা সপ্তপদী নামৰ উপবাস অন্যতম। সংস্কৃত ভাষাত অৰুন্ধতী শব্দৰ অৰ্থ হৈছে সূৰ্যৰ ৰশ্মিয়ে প্ৰক্ষালন কৰা।
ই
ইন্দ্ৰজিৎ
মূল প্ৰবন্ধ: ইন্দ্ৰজিৎ'ইন্দ্ৰজিৎ বা মেঘনাদ' হৈছে লংকাৰ ৰাজকুমাৰ আৰু ইন্দ্ৰৰ নগৰী অৰ্থাৎ ইন্দ্ৰলোকৰ বিজেতা। পৌৰাণিক হিন্দু সাহিত্যসমূহত তেওঁক মহানতম যোদ্ধাসমূহৰ এজন বুলি স্বীকৃতি দিয়া হৈছে। ৰামায়ণত ইন্দ্ৰজিতৰ উল্লেখ তথা বৰ্ণনা পোৱা যায়। ৰাম আৰু ৰাৱণৰ যুদ্ধত ইন্দ্ৰজিতে সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুৰু শুক্ৰনীতিৰ পৰা তেওঁ বিভিন্ম দৈৱিক অস্ত্ৰ-শস্ত্ৰ লাভ কৰিছিল। তেওঁ স্বৰ্গৰ দেৱতাসকলকো পৰাজিত কৰিছিল।৮ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি তেওঁ একেদিনাই ৬৭০ নিযুত বানৰ সেনাক নিধন কৰি বানৰ জাতিক প্ৰায় নিঃশেষ কৰাৰ উপক্ৰম কৰিছিল। ৰামায়ণৰ বৰ্ণনা অনুসৰি পৃথিৱীৰ কোনো যোদ্ধাই এই সংখ্যা স্পৰ্শ কৰিব পৰা নাছিল।৮৯
উ
উৰ্মিলা
মূল প্ৰবন্ধ: উৰ্মিলা'উৰ্মিলা' (ऊर्मिला) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰামৰ সৰু ভায়েক লক্ষ্মণৰ পত্নী।
ঋ
ঋষি কম্ভোজ
মূল প্ৰবন্ধ: ঋষি কম্ভোজ
ঋষি কম্ভোজ বা কুম্ভজ হৈছে সংস্কৃত মহাকাব্য ৰামায়ণৰ এটা চৰিত্ৰ। তেওঁক ঋষি অগস্ত্যৰ ঘনিষ্ঠ বন্ধু হিচাপে উপস্থাপন কৰা হৈছে। ঋষি অগস্ত্য ঋষি বশিষ্ঠৰ ভাতৃ আছিল আৰু দক্ষিণপথত সন্ন্যাসী হিচাপে বাস কৰিছিল।১০ ৰাম, লক্ষ্মণ আৰু সীতা ঋষি কুম্ভজৰ আশ্ৰমলৈ গৈছিল আৰু তাৰ পৰা তেওঁলোকে লংকাৰ ৰজা ৰাৱণৰ দ্বাৰা সীতাক অপহৰণ কৰাৰ আগতে তেওঁলোকৰ বনবাসৰ সময়ত পঞ্চৱতীলৈ গৈছিল।
ঋষ্যশৃংগ
মূল প্ৰবন্ধ: ঋষ্যশৃংগ'ঋষ্যশৃংগ' (ऋष्यशृंग) হৈছে খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ শেষৰ ফালৰ, ভাৰতীয় (হিন্দু আৰু বৌদ্ধ) শাস্ত্ৰত উল্লেখ কৰা ঋষি। হিন্দু মহাকাব্য ৰামায়ণৰ মতে, তেওঁ অপ্সৰা উৰ্বশীৰ গৰ্ভত আৰু ঋষি বিভাণ্ডকৰ ঔৰষত হৰিণৰ শিঙৰ সৈতে জন্মগ্ৰহণ কৰিছিল। তেওঁ এজন ভৱিষ্যতদ্ৰষ্টা হৈ আছিল আৰু ৰাজপৰিয়াল আদিৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। তেওঁক যজ্ঞ আদি অনুষ্ঠানৰ বাবে আমন্ত্ৰণ কৰা হৈছিল। এনে এক যজ্ঞৰ ফলতেই ৰজা দশৰথে পুত্ৰ সন্তান লাভ কৰে। তেওঁ বৌদ্ধ জাতকাসকলৰ মাজৰ এজন বুলিও ভৱা হয়। য'ত তেওঁক বোধিসত্তৰ পুত্ৰ বুলি উল্লেখ কৰা হৈছে।
ক
কবন্ধ
মূল প্ৰবন্ধ: কবন্ধ'কবন্ধ' (Kabandha) এগৰাকী ৰাক্ষস আছিল৷ তেওঁক শ্ৰীৰামে হত্যা কৰি অভিশাপৰ পৰা মুক্ত কৰিছিল৷
কাকভুশুন্দি
মূল প্ৰবন্ধ: কাকভুশুন্দি'কাকভুশুন্দি' হিন্দু মহাকাব্য ৰামায়ণৰ এটা বিশিষ্ট চৰিত্ৰ। বাল্মীকি ঋষিৰ শিষ্য হোৱাৰ লগতে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিস্তৃত জ্ঞানৰ বাবে তেওঁ পৰিচিত। তেওঁৰ নামৰ অনুবাদ হৈছে সংস্কৃতত "সোণৰ পাখি থকা কাউৰী।" তেওঁ হিন্দু পৌৰাণিক কাহিনীৰ এজন পূজনীয় ব্যক্তি আৰু আধ্যাত্মিকতা আৰু গুপ্ত বিষয়ৰ অপৰিসীম জ্ঞানৰ বাবে জনাজাত। ত্ৰেতা যুগ আৰু দ্বাপৰ যুগৰ মাজেৰে জীয়াই থকা আৰু ক্ৰমে ভগৱান ৰাম আৰু ভগৱান কৃষ্ণৰ কাহিনী প্ৰত্যক্ষ কৰা কেইজনমান ঋষিৰ ভিতৰত তেওঁ অন্যতম বুলি বিশ্বাস কৰা হয়। যুগ যুগ ধৰি তেওঁৰ শিক্ষা বহু আধ্যাত্মিক সাধকৰ বাবে প্ৰেৰণাৰ উৎস হৈ আহিছে আৰু তেওঁৰ জীৱন অলৌকিক কৰ্মৰ কাহিনীৰে ভৰি আছে।
কুম্ভকৰ্ণ
মূল প্ৰবন্ধ: কুম্ভকৰ্ণ'কুম্ভকৰ্ণ' (कुम्भकर्ण) হৈছে বিখ্যাত হিন্দু মহাকাব্য ৰামায়ণৰ এজন প্ৰখ্যাত ৰাক্ষস আৰু ৰাৱণৰ এজন কনিষ্ঠ ভ্ৰাতৃ। বিশালাকায় শৰীৰ আৰু অসাধাৰণ ক্ষুধাৰ গৰাকী কুম্ভকৰ্ণক প্ৰাচীন হিন্দু পুৰাণত এজন সৎ চৰিত্ৰৰ ব্যক্তি আৰু মহান যোদ্ধা বুলি বৰ্ণনা কৰা হৈছে। ৰামায়ণৰ যুদ্ধৰ সময়ত কেৱল নিজৰ শক্তি দেখুৱাবলৈকে তেওঁ বহুতো বান্দৰ হত্যা আৰু ভক্ষণ কৰিছিল। তেওঁক ধাৰ্মিক আৰু বুদ্ধিমান বুলি গণ্য কৰা হৈছিল। তেওঁ এজন অতুলনীয় যোদ্ধাও আছিল কিয়নো দেৱৰাজ ইন্দ্ৰৰ সৈতে হোৱা যুদ্ধত কুম্ভকৰ্ণৰেই জয় হৈছিল।
কুশ
মূল প্ৰবন্ধ: কুশ'কুশ' (कुश) ১১ আৰু তেওঁৰ যমজ ভাতৃ লৱ, ৰাম আৰু সীতাৰ সন্তান আছিল। ১২ তেওঁলোকৰ কাহিনী হিন্দু মহাকাব্য, ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণত বৰ্ণনা কৰা হৈছে। কোৱা হয় যে তেওঁলোকৰ মাতৃৰ দৰে লৱ বগা-সোণালী বৰণৰ আছিল, আনহাতে কুশ তেওঁলোকৰ দেউতাকৰ দৰে ক'লা বৰণৰ আছিল।
কুশধ্বজ
মূল প্ৰবন্ধ: কুশধ্বজ
ৰজা কুশধ্বজ( তেওঁ কুশদ্ভোজন নামেও পৰিচিত), অছিল ৰজা জনকৰ অনুজ ভাতৃ। কুশধ্বজৰ দুগৰাকী কন্যাসন্তান আছিল ক্ৰমে মাণ্ডৱী আৰু শ্ৰুতকীৰ্তি। তেওঁলোক দুগৰাকীৰ যথাক্ৰমে অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ আৰু ৰামৰ অনুজ ভৰত আৰু শত্ৰুঘ্নৰে বিবাহ সম্পন্ন হয়।১৩১৪
কেতুমতী
মূল প্ৰবন্ধ: কেতুমতী'কেতুমতী' (Ketumati) ৰাক্ষষ ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ পুত্ৰ সুমালীৰ দাম্পত্য সঙ্গী আছিল৷১৫ তেওঁ আছিল গন্ধৰ্ব ৰাজকুমাৰী নৰ্মদাৰ কন্যা৷ তেওঁ ১০ গৰাকী পুত্ৰ আৰু ৪ গৰাকী কন্যা সন্তানৰ মাতৃ আছিল৷১৬
তেওঁৰ ভনী দুগৰাকীৰ নাম হৈছে- বসুদা আৰু সুন্দৰী,১৬ যাক মালী আৰু মাল্যবানে বিবাহ কৰাইছিল৷ তেওঁৰ কন্যা কৈকেষী ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এটি কন্যা শূৰ্পনখাৰ জন্ম হয়।১৭
কেৱট
মূল প্ৰবন্ধ: কেৱট'কেৱট' (Kewat)১৮ হিন্দু মহাকাব্য ৰামায়ণৰ এটি চৰিত্ৰ৷ বনবাসৰ সময়ত তেৱেঁ ৰাম, সীতা আৰু লক্ষ্মণক নাৱত তুলি লৈ গঙ্গা নদী পাৰ কৰাই দিছিল৷১৯২০ এই কাহিনীটো ৰামায়ণৰ অযোধ্যা কাণ্ডত বৰ্ণিত আছে৷২১
কৈকেয়ী
মূল প্ৰবন্ধ: কৈকেয়ী'কৈকেয়ী' (Kaikeyi) হিন্দু মহাকাব্য ৰামায়ণৰ ৰজা দশৰথৰ তৃতীয়গৰাকী পত্নী আৰু অযোধ্যাৰ ৰাণী আছিল৷ দশৰথৰ তিনিগৰাকী পত্নীৰ ভিতৰত কৈকেয়ীৰ ভূমিকা সকলোতকৈ বেছি৷ তেওঁ কেকেয় ৰাজ্যৰ জীয়াৰী আৰু এগৰাকী শক্তিশালী যোদ্ধা আছিল, যিয়ে যুদ্ধৰ সময়ত তেওঁৰ পতি দশৰথক সহায় কৰিছিল৷ কৈকেয়ী ভৰতৰ মাক আছিল৷ প্ৰথমতে তেওঁ সৎ পুত্ৰ ৰামক মৰম আৰু মাতৃসুলভ জ্ঞান কৰিছিল যদিও পিছত মন্থৰাৰ কথাত পতিয়ন গৈ ৰামক বনবাসলৈ পঠিয়াইছিল৷
কৈকেষী
মূল প্ৰবন্ধ: কৈকেষী'কৈকেষী বা কৈকসী' (Kaikeshi বা Kaikashi) আছিল ঋষি বিশ্ৰবাৰ পত্নী আৰু ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু শূৰ্পনখাৰ মাতৃ। তেওঁ ৰাক্ষক ৰজা সুমালীৰ কন্যা আছিল৷২২
কৌশল্যা
মূল প্ৰবন্ধ: কৌশল্যা'কৌশল্যা' হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ কোশল ৰাজ্যৰ ৰাজকুমাৰী আছিল আৰু ৰজা দশৰথৰ পত্নী, ৰামৰ মাতৃ ২৩২৪ আৰু অযোধ্যাৰ জ্যেষ্ঠ ৰাণী আছিল। তেওঁ শান্তা নামৰ এগৰাকী কন্যা সন্তানৰ মাতৃও আছিল। বাল্মীকি ৰামায়ণৰ বালকাণ্ডত শান্তাৰ উল্লেখ আছে।২৫
খ
খৰ
মূল প্ৰবন্ধ: খৰ'খৰ' (खर) ভাৰতীয় মহাকাব্য ৰামায়ণত বৰ্ণিত এজন মানুহ খোৱা ৰাক্ষস আছিল। তেওঁ লংকাৰ অধিপতি ৰাৱণৰ সম্পৰ্কীয় ভাই আৰু কৈকেষীৰ ভগ্নী ৰাকৰ পুত্ৰ আছিল।
গ
গংগা দেৱী
মূল প্ৰবন্ধ: গংগা দেৱী'গঙ্গা বা গংগা (সংস্কৃত: गंगा, থাই: คงคา Khongkha) গঙ্গা নদীৰ' মূৰ্তিস্বৰূপ এক হিন্দু দেৱী। হিন্দুধৰ্মত এই দেৱী বিশেষ গুৰুত্বপূৰ্ণ স্থানৰ অধিকাৰিণী। হিন্দুসকলে বিশ্বাস কৰে যে গঙ্গাত স্নান কৰিলে সমস্ত পাপ খণ্ডন হয় আৰু জীৱই মুক্তিলাভ কৰে। অনেকে আত্মীয়স্বজনৰ দেহাৱশেষ বহু দূৰদূৰণিৰ পৰা কঢ়িয়াই আনি গঙ্গাত বিসৰ্জন দিয়ে; তেওঁলোকে ধৰি লয় যে, ইয়াৰ ফলত মৃত ব্যক্তিৰ আত্মাই স্বৰ্গলৈ গমন কৰে। গঙ্গাৰ তীৰবৰ্তী বহু স্থান হিন্দু বিশ্বাস অনুযায়ী পবিত্ৰ। ইয়াৰ মাজত আছে হৰিদ্বাৰ, প্ৰয়াগৰাজ, বাৰাণসী, নবদ্বীপ, গঙ্গাসাগৰ প্ৰভৃতি। থাইলেণ্ডৰ লয় ক্ৰাথং উৎসৱত পুণ্যাৰ্থীসকলে নদীত বন্তিযুক্ত সৰু সৰু নৌকা উটুৱাই বুদ্ধ আৰু গঙ্গা দেৱীক শ্ৰদ্ধা জনায়।
জ
জটায়ু
মূল প্ৰবন্ধ: জটায়ু'জটায়ু' (जटायु) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত শগুণ বা ঈগলৰূপী এক অৰ্ধদেৱতা। তেওঁ অৰুণ আৰু শ্যেনীৰ কনিষ্ঠ সন্তান আৰু সম্পাতিৰ ভ্ৰাতৃ। জটায়ু ৰামৰ পিতৃ দশৰথৰ পুৰণি বন্ধু।২৬
জনক
মূল প্ৰবন্ধ: জনক'জনক' (जनकः) প্ৰাচীন ভাৰতৰ মিথিলা অঞ্চলত অৱস্থিত বিদেহ ৰাজ্যৰ ৰজা আছিল। তেওঁৰ শাসনকাল আনুমানিক ভাৱে খীষ্ট্ৰপূৰ্ব অষ্টম অথবা সপ্তম শতিকাত আছিল বুলি ঠাৱৰ কৰা হৈছে।২৭ বিদেহ ৰাজ্যৰ অধিপতিসকলক জনক নামেৰে জনা গৈছিল। অৰ্থাৎ জনক বিদেহ ৰাজ্যৰ অধীশ্বৰসকলৰ কৌলিক খিতাপ। জনক নামৰ এক বা একাধিক ৰজাৰ উল্লেখ ৰামায়ণ, মহাভাৰত, উপনিষদ্ আৰু পুৰাণত পোৱা যায়।
জাম্বৱন্ত
মূল প্ৰবন্ধ: জাম্বৱন্ত'জাম্বৱন বা জাম্বৱন্ত' হৈছে মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ, সেই অনুসৰি তেওঁ ভালুকৰ ঐশ্বৰিক ৰজা, যাক ব্ৰহ্মা দেৱতাই লংকাৰ ৰজা ৰাৱণৰ বিৰুদ্ধে তেওঁৰ হোৱা সংগ্ৰামত ৰামক সহায় কৰিবলৈ সৃষ্টি কৰিছিল।২৮ জাম্বৱন্ত ভাৰতীয় মহাকাব্য পৰম্পৰাত এবিধ এছিয়ান ক'লা ভালুক বা শ্লথ ভালুক, অৱশ্যে আন কিছু শাস্ত্ৰত তেওঁক বান্দৰ বুলিও বৰ্ণনা কৰা হৈছে।২৮
ত
তাড়কা
মূল প্ৰবন্ধ: তাড়কা'তাড়কা (ताड़का) বা তাতকা' মহাকাব্য ৰামায়ণৰ এক ৰাক্ষসী চৰিত্ৰ। তেওঁৰ সন্তান মাৰীচ আৰু সুবাহুৰ সৈতে তেওঁ অৰণ্যত যজ্ঞ কৰা ঋষিক হাৰাশাস্তি আৰু আক্ৰমণ কৰিছিল। অৱশেষত তেওঁলোকক মহৰ্ষি বিশ্বমিত্ৰৰ নিৰ্দেশত ৰাম আৰু লক্ষ্মণে হত্যা কৰিছিল।২৯৩০
তাৰা
মূল প্ৰবন্ধ: তাৰা (ৰামায়ণৰ চৰিত্ৰ)'তাৰা' (तारा) (আক্ষৰিক অৰ্থত তৰা৩১) হৈছে ৰামায়ণত বৰ্ণিত কিষ্কিন্ধাৰ ৰাণী আৰু বানৰৰাজ বালিৰ সহধৰ্মিণী। বালিৰ মৃত্যুৰ পিছত তাৰা সুগ্ৰীৱৰ সৈতে বিবাহত বহে।
ত্ৰিজঁটা
মূল প্ৰবন্ধ: ত্ৰিজঁটা'ত্ৰিজঁটা' (त्रिजटा) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এগৰাকী ৰক্ষী যাক লংকাৰ অধিপতি ৰাৱণে অপহৰণ কৰা সীতাক ৰক্ষা কৰাৰ দায়িত্ব দিয়া হৈছে।৩২ ৰামায়ণৰ পৰৱৰ্তী অভিযোজনত ত্ৰিজঁটাক ৰাৱণৰ ভ্ৰাতৃ বিভীষণৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে।
ত্ৰিশিৰা
মূল প্ৰবন্ধ: ত্ৰিশিৰা'ত্ৰিশিৰা' (: त्रिशिर, যাৰ তিনিটা মূৰ আছে।) এজন দৈত্য (ৰাক্ষস) আছিল, আৰু তেওঁৰ প্ৰসংগ ৰামায়ণত উল্লেখ পোৱা যায়। তেওঁ ৰাৱণৰ ছয়জন পুত্ৰৰ ভিতৰত এজন আছিল। তেওঁৰ আন ভাতৃসকল আছিল মেঘনাদ অতিকায়, অক্ষয়কুমাৰ, নৰান্তক আৰু দেৱান্তক।৩৩
দ
দশৰথ
মূল প্ৰবন্ধ: দশৰথ'দশৰথ' (दशरथ) হৈছে ৰামায়ণ আৰু বিষ্ণু পুৰাণত বৰ্ণিত কোশল দেশৰ ৰজা আৰু ৰামৰ পিতৃ। তেওঁৰ ৰাজধানীৰ নাম অযোধ্যা। তেওঁ আছিল ৰজা অজ আৰু ৰাণী ইন্দুমতীৰ পুত্ৰ। তেওঁৰ তিনিগৰাকী ভাৰ্যা আছিল। তেওঁলোক হৈছে কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। তেওঁলোকৰ গৰ্ভত দশৰথৰ ঔৰষত ৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়।
দূষণ
মূল প্ৰবন্ধ: দূষণ'দূষণ' (दूषण) ভাৰতীয় মহাকাব্য ৰামায়ণত বৰ্ণিত এজন মানুহ খোৱা ৰাক্ষস আছিল। তেওঁ লংকাৰ অধিপতি ৰাৱণৰ সম্পৰ্কীয় ভাই আৰু কৈকেষীৰ ভগ্নী ৰাকৰ পুত্ৰ আছিল। খৰ আৰু তেওঁ যমজ ভাতৃ আছিল।৩৪
দেৱবৰ্ণিনী
মূল প্ৰবন্ধ: দেৱবৰ্ণিনী'দেৱবৰ্ণিনী বা ইলৱিড়া বা ইড়াৱিদা' (Devavarnini) লংকাৰ ৰজা ৰাৱণৰ মাহীমাক আছিল৷
দেৱৱতী
মূল প্ৰবন্ধ: দেৱৱতী'দেৱৱতী' (Devavati) গ্ৰামণী নামৰ এগৰাকী গন্ধৰ্বৰ জীয়ৰী আছিল৷৩৫ উল্লেখ আছে যে- তেওঁ দেখাত সাক্ষাৎ লক্ষ্মীদেৱীৰ দৰে আছিল৷৩৫ তেওঁক ৰাক্ষস ৰজা সুকেশে বিবাহ কৰাইছিল৷৩৬ তেওঁৰ পতি সুকেশ আছিল ৰাৱণৰ মাকৰ পিতামহ৷৩৭ যাক ভগৱান শিৱ আৰু পাৰ্বতীয়ে লালন-পালন কৰিছিল৷৩৭ দেৱৱতী আৰু সুকেশৰ ঔৰসত তিনি পুত্ৰ সুমালী, মাল্যবান আৰু মালীৰ জন্ম হয়, যিয়ে গন্ধৰ্ব ৰাজকুমাৰী নৰ্মদাৰ তিনিগৰাকী কন্যা যথাক্ৰমে সুমালীয়ে কেতুমতীক, মাল্যবানে সুন্দৰীক আৰু মালীয়ে বসুদাক বিবাহ কৰাইছিল৷১৬
তেওঁৰ পুত্ৰ সুমালী আৰু কেতুমতীৰ কন্যা কৈকেষীৰ বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এগৰাকী কন্যা শূৰ্পনখাৰ জন্ম হয়৷৩৫৩৭
দেৱান্তক
মূল প্ৰবন্ধ: নৰান্তক-দেৱান্তক
দেৱান্তক ৰাৱণৰ পুত্ৰ আছিল৷ তেওঁক হনুমানে বধ কৰিছিল৷
ধ
ধন্যমালিনী
মূল প্ৰবন্ধ: ধন্যমালিনী
হিন্দু শাস্ত্ৰত ধন্যমালিনী (Dhanyamalini) ৰাৱণৰ দ্বিতীয়গৰাকী পত্নী আছিল। তেওঁ এগৰাকী নম্ৰ আৰু যত্নশীল মহিলা আছিল। তেওঁৰ প্ৰকৃত পৰিচয় অজ্ঞাত যদিও কিছুমান কাহিনীয়ে তেওঁক মায়াসুৰৰ জীয়ৰী আৰু মন্দোদৰীৰ ভগ্নী বুলি উল্লেখ কৰে। ধন্যমালিনী আৰু ৰাৱণৰ পুত্ৰ চাৰিগৰাকী; নৰান্তক-দেৱান্তক আৰু ত্ৰিশিৰা।
ন
নল
মূল প্ৰবন্ধ: নল'নল' (नल),হিন্দু মহাকাব্য ৰামায়ণৰ এক বানৰ চৰিত্ৰ। সেই অনুসাৰে তেওঁ আছিল দেৱশিল্পী বিশ্বকৰ্মাৰ পুত্ৰ, যাৰ নামৰ আক্ষৰিক অৰ্থ শ্বেতপদ্ম বা বগা পদুম ফুল। বিশ্বকৰ্মাৰ পুত্ৰ হিচাপে তেওঁ আছিল বানৰৰূপী। তেওঁ ৰামায়ণৰ মুখ্য চৰিত্ৰ ৰামৰ লংকা গমনৰ সুবিধাৰ হেতু সমুদ্ৰৰ ওপৰত নিৰ্মিত ভাৰতৰ দক্ষিণ দিশে অৱস্থিত ৰামেশ্বৰমৰ পৰা লঙ্কাৰ ( বৰ্তমানৰ শ্ৰীলংকা ৰাষ্ট্ৰ) মান্নাৰ অবধি বিস্তৃত বিশাল এক সেতু নিৰ্মাণৰ অন্যতম পৰিকল্পক আছিল।৩৮৩২ এই সেতু খনক নল সেতু বুলিও জনা যায়।৩৯ একাধিক সংস্কৰণভেদে এই ৰামসেতু নিৰ্মাণত ৰামৰ বানৰ সেনাৰ মাজত এক প্ৰযৌক্তিক বানৰ তথা নলৰ ভ্ৰাতা নীলৰ নামো উল্লেখ পোৱা যায়। নলক বানৰ সকলৰ স্থাপত্যশিল্পী হিচাপে উল্লেখ কৰা হয়। ৰামায়ণৰ লংকাকাণ্ডত নল আৰু নীল উভয়কেই ৰামৰ পক্ষে লঙ্কাৰ ৰজা ৰাৱণৰ বিৰুদ্ধে যুদ্ধ কৰা বুলি উল্লেখ আছে।
নৰান্তক
মূল প্ৰবন্ধ: নৰান্তক-দেৱান্তক'নৰান্তক' ৰাৱণৰ পুত্ৰ আছিল৷ তেওঁক অংগদে বধ কৰিছিল৷
নীল
মূল প্ৰবন্ধ: নীল'নীল হৈছে হিন্দু মহাকাব্য ৰামায়ণ ৰ এক বান্দৰ চৰিত্ৰ। সেই অনুসাৰে নীল' আছিল দেৱতা জুইৰ পুত্ৰ, যাৰ নামৰ আক্ষৰিক অৰ্থ নীলা বৰণ। মহাকাব্য ৰামায়ণত স্পষ্ট উল্লেখ পোৱা যায় যে বিষ্ণুৰ অৱতাৰ, অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ ৰাম পিতৃবাক্য পালনাৰ্থে বনবাসলৈ যোৱাত বনতেই তেওঁৰ স্ত্ৰী সীতাক লংকাৰ ৰাক্ষস ৰজা ৰাৱণে অপহৰণ কৰে। সীতাৰ অনুসন্ধানকালত বানৰৰাজ সুগ্ৰীৱৰ সৈতে তেওঁৰ মিত্ৰতা হয় আৰু তেওঁ বানৰসকলৰ সহায়ত বানৰসেনা তৈয়াৰ কৰে। নীল আছিল এই বানৰদলৰ গোষ্ঠীপ্ৰধান।৪০ তেওঁ অছিল কিষ্কিন্ধাৰ বানৰৰাজ সুগ্ৰীৱৰ বানৰসেনাৰ অধিনায়ক। ৰাম ৰাৱণৰ যুদ্ধত ৰামৰ পক্ষে বানৰসেনাৰ সেনাধ্যক্ষৰ দায়িত্ব লয় আৰু লঙ্কাৰ ৰজা ৰাৱণৰ পক্ষে যুদ্ধত অংশ লোৱা একাধিক ৰাক্ষসক নিধন কৰে।
প
পৰশুৰাম
মূল প্ৰবন্ধ: পৰশুৰাম'পৰশুৰাম (परशुराम) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। তেওঁক ৰাম জমদগ্ন্য, ৰাম ভাৰ্গৱ বা বীৰৰাম' নামেৰেও জনা যায়।৪১ তেওঁক কলি যুগৰ অন্তত বিষ্ণুৰ দশম অৱতাৰ অৰ্থাৎ কল্কিৰ গুৰুৰূপে আৱিৰ্ভাৱ ঘটিব লগা চিৰঞ্জীৱিসকলৰ এজন বুলি ধৰা হয়। তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ ভিতৰত আগ্ৰাসী ভাব, ৰণনিপুণতা, বীৰত্ব, নিৰ্মলতা, জ্ঞান আৰু ধৈৰ্য অন্যতম।
প্ৰহস্ত
মূল প্ৰবন্ধ: প্ৰহস্ত
হিন্দু মহাকাব্য ৰামায়ণ অনুসৰি প্ৰহস্ত (Prahasta, प्रहस्त) আছিল লংকাৰ ৰজা ৰাৱণৰ সেনাৰ মুখ্য কমাণ্ডাৰ তথা এগৰাকী শক্তিশালী ৰাক্ষস যোদ্ধা। তেওঁ সুমালী আৰু কেতুমতীৰ পুত্ৰ আছিল।৪২ পৰজনমত তেওঁ মহাভাৰতৰ দুৰ্যোধনৰ বিশ্বস্ত সহযোগী পুৰোচন নামেৰে জন্মলাভ কৰে, যিয়ে পৰৱৰ্তী সময়ত দুৰ্যোধন আৰু তেওঁৰ দুষ্ট পৰামৰ্শদাতা শকুনিৰ আদেশত লক্ষগ্ৰাহ সৃষ্টি কৰিছিল।
পুলস্ত্য
মূল প্ৰবন্ধ: পুলস্ত্য)
পৌৰাণিক হিন্দু কাহিনী অনুসৰি পুলস্ত্য (पुलस्त्य; Pulastya) আছিল ব্ৰহ্মাৰ দশ মানস পুত্ৰ তথা দশ প্ৰজাপতিৰ এজন৪৩ আৰু তেওঁ আছিল এজন সপ্তৰ্ষিৰ (সাতজন মহা ঋষি) প্ৰথম মানৱতাৰ।৪৪
মহাভাৰতৰ অনুসৰি, ৰাক্ষসকুল আৰু কিন্নৰকুল উভয়ে আছিল মুনি পুলস্ত্যৰ সন্তান।
ব
বালি
মূল প্ৰবন্ধ: বালি (ৰামায়ণৰ চৰিত্ৰ)'বালি' (वाली), হিন্দু মহাকাব্য ৰামায়ণত কিষ্কিন্ধাৰ ৰজা আছিল। তেওঁ সুগ্ৰীৱৰ জ্যেষ্ঠ ভাতৃ আৰু অংগদৰ পিতৃ, বৃক্ষৰাজৰ জৈৱিক পুত্ৰ তাৰাৰ স্বামী আছিল। তেওঁক বিষ্ণুৰ অৱতাৰ ৰামৰ দ্বাৰা হত্যা কৰা হৈছিল। ত্ৰেতা যুগৰ সময়ত বালি অজেয় আছিল। বালিয়ে ৰাৱণৰ দৰে কেইজনমান মহান যোদ্ধাক পৰাজিত কৰিছিল।
বাল্মীকি
মূল প্ৰবন্ধ: বাল্মীকি'বাল্মীকি সংস্কৃত ভাষা ভাষাৰ এজন বৰেণ্য কবি, আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা। ৰামায়ণ খ্ৰীষ্টপূৰ্ব পাঁচৰ পৰা এক শতিকাৰ সময়চোৱাত লিখা হৈছিল।৪৫৪৬ ৰামায়ণৰ পাততে বাল্মীকিৰ নাম উল্লেখ থকা পোৱা যায়।৪৭ তেওঁক আদিকবি' বুলিও জনা যায়।
বিভীষণ
মূল প্ৰবন্ধ: বিভীষণ'বিভীষণ' হৈছে ৰামায়ণত বৰ্ণিত লংকাৰ অধিপতি ৰাৱণৰ কনিষ্ঠ ভ্ৰাতৃ।৪৮ নিজে ৰাক্ষস হোৱা স্বত্বেও বিভীষণে ৰাৱণক পৰিত্যাগ কৰি ৰামৰ পক্ষ লৈছিল। ৰাৱণ বধৰ পিছত ৰামে বিভীষণক লংকাৰ ৰজা পাতে।
বিৰাধ
মূল প্ৰবন্ধ: বিৰাধ'বিৰাধ' (विराध) হৈছে ৰামায়ণৰ অৰণ্য কাণ্ডৰ এক সৰু চৰিত্ৰ। তেওঁ দণ্ডকাৰণ্যত বাস কৰা এক ৰাক্ষস যিয়ে এটা খণ্ডত সীতাক অপহৰণ কৰে।৪৯৫০
বিশ্ৰবা
মূল প্ৰবন্ধ: বিশ্ৰবা'ঋষি বিশ্ৰবা' (Vishrava) হ’ল ব্ৰহ্মাৰ পুত্ৰ ঋষি পুলস্ত্য (সংস্কৃত ভাষা: पुलस्त्य)ৰ পুত্ৰ আৰু অগস্ত্য মুনিৰ ভাই।৫১হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত উল্লিখিত ঋষি বিশ্ৰবা আছিল মুনিসকলৰ মাজৰ অতি গুৰুত্বপূৰ্ণ ঋষি। তেওঁ তপস্যাৰ বলত বিশেষ ক্ষমতাৰ অধিকাৰী হৈছিল। ভৰদ্বাজ মুনি ঋষি বিশ্ৰবাৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা দেৱবৰ্ণিনীক অৰ্পণ কৰিছিল। দেৱবৰ্ণিনীৰ ঔৰসত কুবেৰৰ জন্ম হয়।৫২ কুবেৰ আছিল স্বৰ্ণলংকাৰ (লংকা) প্ৰকৃত ৰজা তথা ধন ঐশ্বৰ্যৰ ৰজা।৫১৫৩
বেদৱতী
মূল প্ৰবন্ধ: বেদৱতী'বেদৱতী' (वेदवती) আছিল বৃহস্পতিৰ পুত্ৰ কুশধ্বজৰ এগৰাকী জীয়ৰী। তেওঁক মিথিলাৰ ৰজা জনকৰ গৃহত জন্মলাভ কৰা সীতাৰ আত্মা আছিল বুলি কোৱা হয়। যি ৰামায়ণ মহাকাব্যৰ নায়িকা তথা ৰামৰ পত্নী আছিল।
ভ
ভৰত
মূল প্ৰবন্ধ: ভৰত (ৰামায়ণৰ চৰিত্ৰ)'ভৰত' হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এক চৰিত্ৰ। তেওঁ ৰামৰ সতীয়া ভ্ৰাতৃ আৰু দশৰথ তথা কৈকেয়ীৰ পুত্ৰ।
ম
মকৰধ্বজ
মূল প্ৰবন্ধ: মকৰধ্বজ'মকৰধ্বজ' হৈছে পৌৰাণিক হিন্দু কিংবদন্তিৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ হনুমান পুত্ৰ। হনুমানৰ ঘামৰ পৰা তেওঁৰ জন্ম হৈছে। ৰামায়ণৰ বিভিন্ন আঞ্চলিক সংস্কৰণত তেওঁৰ উপস্থিতি বৰ্ণনা কৰা হৈছে। ৪২৫৪
মণিভদ্ৰ
মূল প্ৰবন্ধ: মণিভদ্ৰ'মণিভদ্ৰ বা মণিগ্ৰীৱ' হৈছে এজন অন্যতম প্ৰধান যক্ষ৷ তেওঁ প্ৰাচীন ভাৰতৰ জনপ্ৰিয় দেৱতা আছিল। তেওঁ ধন-সম্পত্তিৰ অধিষ্ঠাতা যক্ষৰাজ কুবেৰৰ পুত্ৰ আৰু নলকুবেৰৰ ভ্ৰাতৃ। নাৰদৰ দ্বাৰা শাপগ্ৰস্ত হৈ তেওঁ নলকুবেৰৰ সৈতে যমজ অৰ্জুন গছৰ ৰূপ পাইছিল। পিছলৈ শিশু কৃষ্ণৰ স্পৰ্শত দুয়ো মুক্তিলাভ কৰে।
মন্থৰা
মূল প্ৰবন্ধ: মন্থৰা'মন্থৰা' (Manthara) ৰামায়ণৰ এক চৰিত্ৰ। তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ দ্বিতীয় পত্নী ৰাণী কৈকেয়ীৰ দাসী আছিল। তেওঁ দেখাত কুঁজা আছিল। তেওঁ ৰাণী কৈকেয়ীক সন্মত কৰিছিল যে মহাৰাজৰ সিংহাসন তেওঁৰ পুত্ৰ ভৰত হে আচল উত্তৰাধিকাৰী আৰু তেওঁৰ সতীয়া পুত্ৰ ৰাজকুমাৰ ৰামক ৰাজ্যৰ পৰা নিৰ্বাসিত কৰা উচিত।৫৫
মন্দোদৰী
মূল প্ৰবন্ধ: মন্দোদৰী'মন্দোদৰী' (मंदोदरी (আক্ষৰিক অৰ্থত সুকোমল উদৰৰ গৰাকী৫৬) হৈছে লংকাৰ অধিপতি ৰাৱণৰ সহধৰ্মিণী। ৰামায়ণৰ বৰ্ণনা অনুসৰি মন্দোদৰী আছিল অতীৱ সুন্দৰী, নিৰ্মল আৰু ধাৰ্মিক প্ৰকৃতিৰ। হিন্দু ধৰ্ম অনুসৰি তেওঁ পঞ্চকন্যাৰ অন্যতম। পঞ্চকন্যাৰ নাম ল'লে পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়।
মাণ্ডৱী
মূল প্ৰবন্ধ: মাণ্ডৱী'মাণ্ডৱী' হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ কন্যা তথা৫৭ ৰামৰ ভায়েক ভৰতৰ পত্নী আছিল। মাণ্ডৱী আছিল সংকস্য (বৰ্তমানৰ সপ্তৰী জিলাৰ ৰাজবিৰাজ অঞ্চল)ৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। মাণ্ডৱীৰ শ্ৰুতকীৰ্তি নামৰ এগৰাকী সৰু ভগ্নী আছিল।৫৮
মায়া সীতা
মূল প্ৰবন্ধ: মায়া সীতা'মায়া সীতা (माया सीता) বা ছায়া সীতা' (छाया सीता) (আক্ষৰিক অৰ্থত ভ্ৰমাত্মক সীতা) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ কিছুমান অভিযোজনত দেৱী সীতাৰ ভ্ৰমাত্মক নকল। যাক প্ৰকৃত সীতাৰ পৰিৱৰ্তে লংকাৰ ৰাক্ষসৰাজ ৰাৱণে অপহৰণ কৰে।
মায়াসুৰ
মূল প্ৰবন্ধ: মায়াসুৰ'মায়াসুৰ বা ময়াসুৰ' (मयासुर) হিন্দু শাস্ত্ৰত বৰ্ণিত অসুৰ, দেৱতা আৰু ৰাক্ষস জাতিৰ এজন মহান প্ৰাচীন ৰজা আছিল। মায়া তেওঁৰ উজ্জ্বল স্থাপত্যৰ বাবে জনাজাত আছিল। মহাভাৰতত বৰ্ণিত মায়াসভা বা ভ্ৰমৰ কক্ষ - তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল।
মালী
মূল প্ৰবন্ধ: মালী'মালী' (Mali) ৰাক্ষস ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ সন্তান আছিল৷৫৯ তেওঁৰ দুজন ভাই আছিল মাল্যবান আৰু সুমালী। মালী বসুদা বিবাহ কৰাইছিল। তেওঁৰ ৪গৰাকী পুত্ৰৰ নাম আছিল ক্ৰমে- অনল, অনিল, হৰ আৰু সম্পাতী; যি পিছলৈ বিভীষণৰ মন্ত্ৰী হৈছিল৷
মাল্যবান
মূল প্ৰবন্ধ: মাল্যবান'মাল্যবান' Malyavan লংকাৰ সম্ৰাট ৰাৱণৰ মুখ্য ৰাজকীয় উপদেষ্টা আছিল। মাল্যবান লংকাৰ বৌদ্ধিক আৰু ৰাজকীয় বৃত্তৰ ভিতৰত এক সন্মানীয় ব্যক্তি আছিল। তেওঁ আছিল সুকেশৰ পুত্ৰ আৰু সুমালী আৰু মালীৰ ভাই তথা ৰাৱণৰ ককা৷
মাৰীচ
মূল প্ৰবন্ধ: মাৰীচ'মাৰীচ' (Maricha, मारीच) হিন্দু মহাকাব্য ৰামায়ণত উল্লিখিত এগৰাকী ৰাক্ষস, যাক ভগৱান বিষ্ণুৰ অৱতাৰ ৰামে হত্যা কৰিছিল। তেওঁক মহাকাব্যৰ ৰাৱণৰ সহযোগী হিচাপে উল্লেখ কৰা হয়। ৰামৰ পত্নী সীতাক অপহৰণত কৰাত তেওঁৰ বিশেষ ভূমিকা আছে। তেওঁৰ পুত্ৰ কলনেমিক হনুমানে বধ কৰে।
ৰ
ৰাম
মূল প্ৰবন্ধ: ৰাম'ৰাম বা ৰামা বা ৰামচন্দ্ৰ' (राम) হ'ল হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ।২৪ হিন্দু ধৰ্মগ্ৰন্থবোৰত তেওঁক অযোধ্যাৰ ৰজা বুলি উল্লেখ আছে। সপ্তম অৱতাৰ ৰাম আৰু অষ্টম অৱতাৰ কৃষ্ণ হ'ল বিষ্ণুৰ অৱতাৰবোৰৰ ভিতৰত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। হিন্দু ধৰ্মত তেওঁ এজন জনপ্ৰিয় দেৱতা। ভাৰত আৰু নেপাল দেশত তেওঁৰ পূজাৰ বহুল প্ৰচলন দেখা যায়। হিন্দু ধৰ্মৰ ৰাম উপাসনা-কেন্দ্ৰিক সম্প্ৰদায়বোৰত ৰামক বিষ্ণুৰ অৱতাৰ নামানি সৰ্বোচ্চ ঈশ্বৰ হিচাপে মান্য কৰাৰ প্ৰৱণতা দেখা যায়। ৰামে সূৰ্যবংশত (ইক্ষ্বাকু বংশ বা পৰৱৰ্তীকালত উক্ত বংশৰ ৰজা ৰঘুৰ নামানুসাৰে ৰঘুবংশ নামে পৰিচিত) জন্মগ্ৰহণ কৰিছিল। ৰামৰ এটি বিশেষ মূৰ্তিত তেওঁৰ ওচৰত তেওঁৰ ভাতৃ লক্ষ্মণ, স্ত্ৰী সীতা আৰু ভক্ত হনুমানক দেখা যায়। এই মূৰ্তিকে বোলা হয় "ৰাম পৰিবাৰ"। হিন্দু মন্দিৰত এই "ৰাম পৰিবাৰ" মূৰ্তিৰ পূজাই বেছিকৈ হোৱা দেখা যায়।৬০৬১
ৰাৱণ
মূল প্ৰবন্ধ: ৰাৱণ'ৰাৱণ (Ravana) হৈছে তুলসীদাস ৰচিত ৰামচৰিত মানস, মহাকবি বাল্মীকিৰ ৰামায়ণ, ৰামায়ণৰ সমস্ত সংস্কৰণ, বিষ্ণু পুৰাণ, হিন্দু মহাকাব্যসমূহত বৰ্ণনা কৰা লংকা (বৰ্তমানৰ শ্ৰীলংকা)-ৰ ৰজা। তেওঁৰ দহটা মূৰ থকাৰ কাৰণে তেওঁক দহ মুখীয়া ৰাৱণ বা দশানন' (দশ=দহ, আনন=মুখ; দশানন বি. (সং.) “দশমুখ”) বুলিও জনা যায়।৫২৬২
ৰুমা
মূল প্ৰবন্ধ: ৰুমা'ৰুমা' হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ বানৰ ৰাজ সুগ্ৰীৱৰ পত্নী আৰু কিষ্কিন্ধাৰ ৰাণী আছিল। প্ৰথম বাৰৰ বাবে তেওঁ উপস্থিতি ৰামায়ণৰ চতুৰ্থ কাণ্ড কিষ্কিন্ধাকাণ্ডত দেখা যায়। ৰুমা আৰু সুগ্ৰীৱ ইজনে সিজনৰ প্ৰেমত পৰিছিল আৰু ইজনে সিজনক বিয়া কৰাব বিচাৰিছিল। কিন্তু ৰুমাৰ দেউতাকে তেওঁলোকৰ বিবাহৰ বাবে অনুমোদন জনোৱা নাছিল। সেয়েহে, সুগ্ৰীৱে হনুমানৰ সহায়ত ৰুমাক হৰণ কৰে আৰু ইজনে সিজনক বিয়া কৰায়। দুজন ৰাজকীয় বানৰ ভাতৃৰ বিবাদৰ পিছত বালিয়ে ৰুমাক সুগ্ৰীৱৰ পৰা আঁতৰাই লৈ গৈছিল।
ল
লক্ষ্মণ
মূল প্ৰবন্ধ: লক্ষ্মণ'লক্ষ্মণ (लक्ष्मण) (আক্ষৰিক অৰ্থত যাৰ ভাগ্যশালীৰ লক্ষণ আছে) লখন' হৈছে ৰামায়ণৰ মূল চৰিত্ৰ ৰামৰ ভ্ৰাতৃ। তেওঁক সৌমিত্ৰ, ৰামানুজ আৰু ভৰতানুজ নামেৰেও জনা যায়। তেওঁ শত্ৰুঘ্নৰ যঁমজ ভ্ৰাতৃ।
লঙ্কিনী
মূল প্ৰবন্ধ: লঙ্কিনী'লঙ্কিনী' প্ৰাচীন হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত এগৰাকী শক্তিশালী ৰাক্ষসী আছিল। তেওঁৰ নামৰ আক্ষৰিক অৰ্থ হৈছে "লংকাৰ দেৱতা" কিয়নো তেওঁ চহৰখনৰ একমাত্ৰ মহিলা ব্যক্তিত্ব আছিল যি লংকাৰ দুৱাৰৰ অভিভাৱকত্ব লাভ কৰিছিল।৬৩
লৱ
মূল প্ৰবন্ধ: লৱ'লৱ' (लव) ১১ আৰু তেওঁৰ যমজ ভাতৃ কুশ, ৰাম আৰু সীতাৰ সন্তান আছিল। ১২ তেওঁলোকৰ কাহিনী হিন্দু মহাকাব্য, ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণত বৰ্ণনা কৰা হৈছে। কোৱা হয় যে তেওঁলোকৰ মাতৃৰ দৰে তেওঁ বগা-সোণালী বৰণৰ আছিল, আনহাতে কুশ তেওঁলোকৰ দেউতাকৰ দৰে ক'লা বৰণৰ আছিল।
লৱই লৱপুৰী (আধুনিক লাহোৰ চহৰ), ৬৪ ৬৫প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয় আৰু তেওঁৰ নামেৰেই ঠাইখন নামকৰণ কৰা হৈছে।৬৬
শ
শত্ৰুঘ্ন
মূল প্ৰবন্ধ: শত্ৰুঘ্ন'শত্ৰুঘ্ন (शत्रुघ्न) হৈছে ৰামৰ কনিষ্ঠ ভ্ৰাতৃ আৰি দশৰথ তথা সুমিত্ৰাৰ পুত্ৰ। তেওঁ লক্ষ্মণৰ যমজ ভ্ৰাতৃ। শত্ৰুঘ্নক ৰিপুদমন' নামেৰেও জনা যায়। বাল্মীকি ৰামায়ণৰ মতে শত্ৰুঘ্ন বিষ্ণুৰ অৱতাৰ ৰামৰেই অংশ। মহাভাৰতৰ বিষ্ণু সহস্ৰনামত শত্ৰুঘ্নৰ স্থান ৪১২।
শবৰী
মূল প্ৰবন্ধ: শবৰী'শবৰী' (शबरी)) হৈছে হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত এগৰাকী বৃদ্ধ তপস্বী। তেওঁক এগৰাকী উৎসাহী মহিলা হিচাপে বৰ্ণনা কৰা হৈছে যিয়ে নিজ ভক্তিৰ বলত ৰামৰ দৰ্শন আৰু আশীৰ্বাদ লাভ কৰিছিল।
শান্তা
মূল প্ৰবন্ধ: শান্তা'শান্তা' হিন্দু মহাকাব্য ৰামায়ণৰ এটা চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা দশৰথ আৰু কৌশল্যাৰ জীয়ৰী আছিল। পিছত তেওঁক অংগ প্ৰদেশৰ ৰজা ৰোমাপদে তুলি লৈছিল।
শিৱ
মূল প্ৰবন্ধ: শিৱ'শিৱ' (शिव; আক্ষৰিক অৰ্থ "শুভ" বা "মঙ্গল") এজন হিন্দু দেৱতা। তিনি ত্ৰিমূৰ্তিৰ (হিন্দুসকলৰ মতে তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্তা) অন্যতম। ত্ৰিমূৰ্তিৰ শিৱ হৈছে ধ্বংসৰ প্ৰতীক।৬৭ হিন্দুধৰ্মৰ শৈৱ শাখা সম্প্ৰদায়ৰ মতে, শিৱই হ’ল সৰ্বোচ্চ ঈশ্বৰ।৬৮ যিসকল হিন্দুধৰ্মাবলম্বীয়ে শিৱকেই প্ৰধান দেৱতা বুলি জ্ঞান কৰে তেখেতৰ পূজা কৰে, তেখেতসকল "শৈৱ" নামে পৰিচিত।৬৯ বিষ্ণু-পূজক বৈষ্ণৱ বা দেৱী-পূজক শাক্তসকলৰ অনুসৰি শৈৱধৰ্মও হিন্দুধৰ্মৰ অন্যতম প্ৰধান শাখাসম্প্ৰদায়।৬৮
শূৰ্পনখা
মূল প্ৰবন্ধ: শূৰ্পনখা'শূৰ্পনখা' (शूर्पणखा) হৈছে ৰামায়ণত বৰ্ণিত এক ৰাক্ষসী। তেওঁৰ আন এটা নাম মীনাক্ষী। তেওঁ লংকাধিপতি ৰাৱণৰ কনিষ্ঠ ভগ্নী আৰু ঋষি বিশ্ৰবা তথা ৰাক্ষসী কৈকেষীৰ জীয়ৰী। মূল বাল্মীকি ৰামায়ণত শূৰ্পনখাৰ ভূমিকা সৰু যদিও গুৰুত্বপূৰ্ণ।৭০
শ্ৰুতকীৰ্তি
মূল প্ৰবন্ধ: শ্ৰুতকীৰ্তি'শ্ৰুতকীৰ্তি' হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ কন্যা তথা৭১ ৰামৰ সৰু ভায়েক শত্ৰুঘ্নৰ পত্নী আছিল। শ্ৰুতকীৰ্তি আছিল সংকস্যৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ সৰু জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। শ্ৰুতকীৰ্তিৰ মাণ্ডবী নামৰ এগৰাকী ডাঙৰ ভগ্নী আছিল।৭২
শ্ৰৱণ কুমাৰ
মূল প্ৰবন্ধ: শ্ৰৱণ কুমাৰ'শ্ৰৱণ কুমাৰ' হৈছে ৰামায়ণৰ এটি চৰিত্ৰ। তপস্বী দম্পতী শান্তণু আৰু মলয়াৰ পুত্ৰ। শ্ৰৱণৰ মাক দেউতাক উভয়ৰে দৃষ্টি শক্তি ক্ষীণ আছিল, পিছলৈ গৈ তেওঁলোক একেবাৰে অন্ধ হৈ পৰে। শ্ৰৱণ কুমাৰ পূৰ্বজন্মত ৰাজকোঁৱৰ আছিল। শাপৰ ফলত তেওঁ অন্ধমুনিৰ পুত্ৰ হৈ জন্ম লয়।
স
সম্পাতি
মূল প্ৰবন্ধ: সম্পাতি
বৈদিক গ্ৰন্থসমূহত সম্পাতি (सम्पाति) হৈছে অৰুণ আৰু শ্যেনীৰ জ্যেষ্ঠ সন্তান তথা জটায়ুৰ ভ্ৰাতৃ।৭৩ তেওঁৰ অৱয়ব এক শগুনৰ দৰে। ব্ৰহ্ম পুৰাণৰ মতে, বব্ৰু নামেৰে সম্পাতিৰ এক পুত্ৰ আছে যি অতি বেগবান আৰু খাতিমান। শৈশৱ কালতে সম্পাতিয়ে নিজৰ ডেউকা দুখন হেৰুৱায়।
সীতা
মূল প্ৰবন্ধ: সীতা'সীতা' হিন্দু মহাকাব্য ৰামায়ণৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ আৰু মিথিলা ৰাজ্যৰ ৰজা জনকৰ পুত্ৰী। তেওঁৰ অন্য নাম বৈদেহী, জানকী, মৈথেলী, ভূমিজা। সীতাক হিন্দু ধৰ্মৰ ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়। হিন্দুসকলৰ প্ৰধান পূজ্য দেৱতা বিষ্ণুৰ ৰাম অৱতাৰৰ সময়ত লক্ষ্মী দেৱীয়ে সীতা ৰূপে অৱতাৰ গ্ৰহণ কৰে আৰু ৰামৰ পত্নী হয়। সীতাক আদৰ্শ হিন্দু নাৰীচৰিত্ৰৰ প্ৰতীক হিচাপে মান্যতা প্ৰদান কৰা হয়। পতিব্ৰত ধৰ্ম পালন, আত্মবলিদান, অদম্য সাহস আৰু পৱিত্ৰতাৰ বাবে সীতা হিন্দু নাৰী সকলৰ আদৰ্শ চৰিত্ৰ।
সুকেশ
মূল প্ৰবন্ধ: সুকেশ'সুকেশ' (Sukesa) লংকাৰ ৰাক্ষক ৰজা আছিল৷ তেওঁ গন্ধৰ্ব ৰাজকুমাৰী মণিমায়াক বিবাহ কৰাইছিল৷ তেওঁৰ তিনিটা সন্তান আছিল ক্ৰমে- সুমালী, মাল্যবান আৰু মালী৷
সুগ্ৰীৱ
মূল প্ৰবন্ধ: সুগ্ৰীৱ'সুগ্ৰীৱ' (सुग्रीव, 'সুন্দৰ ডিঙি') হিন্দু মহাকাব্য ৰামায়ণৰ এক বানৰ চৰিত্ৰ। সেই অনুসৰি তেওঁ বালিৰ সৰু ভায়েক আছিল। সুগ্ৰীৱে বালিক পৰাভূত কৰি কিষ্কিন্ধা, বানৰ ৰাজ্যৰ শাসক হিচাপে সফল হৈছিল। ৭৪ ৰুমা তেওঁৰ পত্নী আছিল। তেওঁ হিন্দু দেৱতা সূৰ্য্যৰ পুত্ৰ আছিল। ভানৰৰ ৰজা হিচাপে সুগ্ৰীৱে ৰাক্ষস ৰজা ৰাৱণৰ হাতৰ পৰা ৰাম পত্নী সীতাক মুক্ত কৰাৰ অন্বেষণত ৰামক সহায় কৰিছিল।
সুবাহু
মূল প্ৰবন্ধ: সুবাহু'সুবাহু' (सुबाहु, சுபாகு ) ৰামায়ণত বৰ্ণিত এটা ৰাক্ষস চৰিত্ৰ আছিল। তেওঁ আৰু তেওঁৰ মাক তাড়কাই জংঘলৰ মুনিসকলক, বিশেষকৈ বিশ্বামিত্ৰৰ যজ্ঞ স্থলীত, মাংস আৰু তেজ ছটিয়াই তেওঁলোকৰ যজ্ঞত ব্যাঘাত জন্মাই হাৰাশাস্তি কৰাত অপৰিসীম আনন্দ লাভ কৰিছিল।৭৫
সুভন্নমচ্ছ
মূল প্ৰবন্ধ: সুভন্নমচ্ছ'সুভন্নমচ্ছ (สุพรรณมัจฉา) বা সুৱৰ্ণমৎস্য' (सुवर्णमत्स्य) হৈছে থাই ভাষাৰ লগতে দক্ষিণ-পূব এছিয়াৰ বিভিন্ন ৰামায়ণ সংস্কৰণত উল্লিখিত টছাকনাথ বা ৰাৱণৰ জীয়ৰী। সুৱৰ্ণমৎস্যৰ আক্ষৰিক অৰ্থ হৈছে সোণোৱালী মাছ।৭৬ তেওঁ হৈছে জলকুঁৱৰীসকলৰ এক ৰাজকুমাৰী। যেতিয়া হনুমানে ৰাম আৰু বানৰ বাহিনীৰ সৈতে সমুদ্ৰক অতিক্ৰম কৰি লংকালৈ যাবলৈ সেতু নিৰ্মাণ কৰিবলৈ লয় তেতিয়া সুভন্নমচ্ছই এই পৰিকল্পনা বিফল কৰিবলৈ চেষ্টা কৰে।৭৭
সুমালী
মূল প্ৰবন্ধ: সুমালী'সুমালী' (Sumali) ৰাক্ষক ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ সন্তান আছিল।৭৮ তেওঁৰ দুজন ভাই আছিল মাল্যবান আৰু মালী। সুমালী কেতুমতীক বিবাহ কৰাইছিল। তেওঁৰ ১০গৰাকী পুত্ৰ আছিল ক্ৰমে- (প্ৰহস্ত, অকম্পন, বিকট, কালিকামুখা, ধুমৰক্ষ, দণ্ড, সুপ্ৰস্ব, সংৰাদি, প্ৰঘাস (Praghasa) আৰু ভাস্কৰ্ণ) আৰু ৪গৰাকী কন্যা ক্ৰমে- ৰাকা (Raka), পুষ্পটকতা (Puspotkata), কৈকেষী আৰু কুম্ভনাশী। তেওঁৰ কন্যা কৈকেষী ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এটি কন্যা শূৰ্পনখাৰ জন্ম হয়।৭৯৮০
সুমিত্ৰা
মূল প্ৰবন্ধ: সুমিত্ৰা'সুমিত্ৰা' (सुमित्रा) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ দ্বিতীয় সহধৰ্মিনী আৰু ৰাণী। ৮১ ৰামায়ণত উল্লেখ কৰা অনুসৰি তেওঁ যমজ সন্তান লক্ষ্মণ আৰু শত্ৰুঘ্নৰ মাতৃ।৮২
সুলোচনা
মূল প্ৰবন্ধ: সুলোচনা (ৰামায়ণৰ চৰিত্ৰ)'সুলোচনা' (सुलोचना; তেওঁ, যাৰ চকু ধুনীয়া) সৰ্পৰাজ শেষনাগৰ কন্যা আছিল আৰু ৰাৱণৰ জ্যেষ্ঠ পুত্ৰ মেঘানাদ (ইন্দ্ৰজিৎ)ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷৮৩ বাল্মীকি ৰামায়ণত সুলোচনাৰ কোনো উল্লেখ পোৱা নাযায়, অৱশ্যে ইয়াৰ পৰৱৰ্তী সংস্কৰণসমূহত তেওঁৰ উল্লেখ আছে।৮৪ মেঘনাদ বধ কাব্য নামৰ মালিতাত উল্লেখ কৰা প্ৰমিলাক ইন্দ্ৰজিৎৰ পত্নী বুলি কোৱা হয়। সেয়েহে, এইটো যুক্তিসঙ্গতভাৱে ধৰি ল'ব পাৰি যে সুলোচনাকে প্ৰমিলা বুলিও জনা গৈছিল।
সৰমা
মূল প্ৰবন্ধ: সৰমা'সৰমা' (सरमा) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ লংকাৰ ৰাক্ষস ৰজা ৰাৱণৰ ভাতৃ বিভীষণৰ পত্নী। ৩২ তেওঁক ৰাক্ষসী৮৫ বা গন্ধৰ্ব বংশৰ বুলি কোৱা হয়। ৰামায়ণৰ সকলো সংস্কৰণতে তেওঁ ৰাৱণে অপহৰণ কৰা আৰু লংকাত বন্দী হৈ থকা ৰামৰ সহধৰ্মিনী সীতাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিছিল বুলি উল্লেখ আছে। ৰাৱণৰ বিৰুদ্ধে যুদ্ধত ৰামৰ পক্ষ লোৱা তেওঁৰ স্বামীৰ দৰে, সৰমাই সীতাৰ প্ৰতি সদয় আছিল আৰু ৰামক সীতা উদ্ধাৰত সহায় কৰে। সৰমা আৰু বিভীষণৰ ত্ৰিজঁটা নামৰ এজনী ছোৱালী আছিল।
হ
হনুমান
মূল প্ৰবন্ধ: হনুমান'হনুমান' (हनुमान) হিন্দু শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্ৰন্থত তেওঁক মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰামৰ পৰম ভক্ত বুলি জনা যায়। শৈশৱ কালত তেওঁ ৰক্তিম বৰণীয়া সূৰ্যক ফল বুলি বিবেচনা কৰি ভক্ষণ কৰাৰ বাবে আকাশমাৰ্গত যাত্ৰা কৰিছিল। সূৰ্যদেৱ হনুমানৰ অভিসন্ধি উপলদ্ধি কৰি গদাৰে হনুমানক প্ৰহাৰ কৰি ভূতলশায়ী কৰিছিল।
হবিৰ্ভূ
মূল প্ৰবন্ধ: হবিৰ্ভূ'হবিৰ্ভূ বা মনিনী' (हविर्भू) আছিল কৰ্দম ঋষি আৰু দেৱহুতীৰ চতুৰ্থী কন্যা আৰু ঋষি পুলস্ত্যৰ পত্নী। তেওঁ বিশ্ৰবা আৰু ঋষি অগস্ত্যৰ মাতৃ আছিল।৮৬৮৭
তথ্যসূত্ৰ
- ↑ Agarwal, Shashi. (1977). Maithilīśaraṇa Gupta ke kāvya kī antarkathāoṃ ke śrota. Hindī Sāhitya Sammelana
- ↑ Wendy Doniger. (1981). The Rig Veda: An Anthology: One Hundred and Eight Hymns, Selected, Translated and Annotated. Penguin Books. পৃ. 167–168. ISBN 978-0-14-044402-5
- ↑ Richard S Weiss 2009, পৃ. 49–51
- ↑ Roshen Dalal 2010, পৃ. 7–8
- ↑ Who was Angad? What is Angad's role in Ramayana?. www.timesnownews.com
- ↑ James G. Lochtefeld. (2002). The Illustrated Encyclopedia of Hinduism: A-M. The Rosen Publishing Group. পৃ. 69. ISBN 978-0-8239-3179-8
- ↑ books.google.co.in/books?id=YmUOAAAAYAAJ&q=a
- ↑ C. G. Uragoda. (2000). Traditions of Sri Lanka: A Selection with a Scientific Background. Vishva Lekha Publishers. ISBN 978-955-96843-0-5
- ↑ George M. Eberhart. (1 January 2002). Mysterious Creatures: A Guide to Cryptozoology. ABC-CLIO. পৃ. 388. ISBN 978-1-57607-283-7
- ↑ indiangyan.com. indiangyan.com
- ↑ Lohana History
- ↑ Chandra Mauli Mani. (2009). Memorable Characters from the Rāmāyaṇa and the Mahābhārata. Northern Book Centre. পৃ. 77–. ISBN 978-81-7211-257-8
- ↑ H. L. Luthra. (1988). Tales from Kalidasa. Ediciones Gamma S.A. পৃ. 15. ISBN 9788120902282
- ↑ Lakshmi Lal. (1988). The Ramayana. Orient Longman. পৃ. 20. ISBN 9780861318056
- ↑ ancientvoice.wikidot.com/src-vrm:ram7-5
- ↑ Ketumati wife sumali.. Indianetzone.com
- ↑ Mittal, J. P. (2006). History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4
- ↑ www.patrika.com/festivals/kewat-jayanti-2019-in-
- ↑ www.amarujala.com/uttarakhand/champawat/kevat-to
- ↑ www.jagran.com/uttar-pradesh/varanasi-city-14764
- ↑ www.telegraphindia.com/india/pm-narendra-modi-to
- ↑ (2020-04-16). Know interesting things about Ravana. News Track
- ↑ Hess, L. (2001). Rejecting Sita: Indian Responses to the Ideal Man's Cruel Treatment of His Ideal Wife. Journal of the American Academy of Religion. পৃ. 1–32
- ↑ Ganguly, S. (2003). The Crisis of Indian Secularism. Journal of Democracy. পৃ. 11–25
- ↑ Rao, Desiraju Hanumanta. Bala Kanda in Prose, Sarga 11. Valmiki Ramayana. Valmiki Ramayan.net
- ↑ Bhalla, Prem P. (2017-08-22). ABC of Hinduism. Educreation Publishing
- ↑ Raychaudhuri 2006, পৃ. 41–52
- ↑ Patricia Turner, Charles Russell Coulter. Dictionary of ancient deities. 2001, page 248
- ↑ Gibbs, Laura. Mythology and Folklore UN-Textbook: Ramayana: Vishwamitra, Rama's Teacher. Mythology and Folklore UN-Textbook
- ↑ Rama and Lakshmana Slay the mighty tataka. The New Indian Express
- ↑ Lefeber p. 234
- ↑ Mani, Vettam. (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. পৃ. 519. ISBN 0-8426-0822-2
- ↑ Mittal, J. P. (2006). History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4
- ↑ A Classical Dictionary of Hindu Mythology & Religion by John Dowson
- ↑ Mittal, J. P. History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. পৃ. 198. ISBN 978-81-269-0615-4
- ↑ ancientvoice.wikidot.com/src-vrm:ram7-5
- ↑ চন্দ্ৰ, ড° দীপক শৰ্মা. (২০১৩). ((দশানন ৰাৱণ (গ্ৰন্থ)|দশানন ৰাৱণ)). অসম পাবলিচিং কোম্পানী. পৃ. ৪. ISBN 978-81-86384-43-5
- ↑ Swamy p. 43
- ↑ Nanditha Krishna. (1 May 2014). Sacred Animals of India. Penguin Books Limited. পৃ. 246. ISBN 978-81-8475-182-6
- ↑ Mani, Vettam. (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. পৃ. 538. ISBN 0-8426-0822-2
- ↑ Julia Leslie. (2014). Myth and Mythmaking: Continuous Evolution in Indian Tradition. Taylor & Francis. পৃ. 63–66 with footnotes. ISBN 978-1-136-77888-9
- ↑ Mittal, J. P. (2006). History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4
- ↑ Kisari Mohan Ganguli (1883 - 1896). The Mahabharata. Sacred texts
- ↑ Inhabitants of the Worlds Mahanirvana Tantra, translated by Arthur Avalon, (Sir John Woodroffe), 1913, Introduction and Preface. The Rishi are seers who know, and by their knowledge are the makers of shastra and "see" all mantras. The word comes from the root rish Rishati-prapnoti sarvvang mantrang jnanena pashyati sangsaraparangva, etc. The seven great Rishi or saptarshi of the first manvantara are Marichi, Atri, Angira, Pulaha, Kratu, Pulatsya, and Vashishtha. In other manvantara there are other saptarishi. In the present manvantara the seven are Kashyapa, Atri, Vashishtha, Vishvamitra, Gautama, Jamadagni, Bharadvaja. To the Rishi the Vedas were revealed. Vyasa taught the Rigveda so revealed to Paila, the Yajurveda to Vaishampayana, the Samaveda to Jaimini, Atharvaveda to Samantu, and Itihasa an
- ↑ (23 August 2008). All Indian life is here. The Guardian
- ↑ Sri Aurobindo on the Indian Epic Ramayana. uwf.edu. University of West Florida. পৃ. 2
- ↑ Valmiki, Robert P. Goldman. (1990). : An Epic of Ancient India. Princeton University Press. পৃ. 14–15. ISBN 0-691-01485-X
- ↑ (3 January 2020). Ravana | King Ravana - Viral Sri Lanka
- ↑ Aranyakanda, Sarga 2
- ↑ Goldman, Robert P. (1984). The Ramayana of Valmiki: an Epic of Ancient India. Princeton University Press. পৃ. 9. ISBN 0-691-06561-6
- ↑ Encyclopedia for Epics of Ancient India
- ↑ Amazing Facts About Ravana | url=https://m.jagranjosh.com/general-knowledge/10-amazing-facts-about-ravana-1469597380-1 | আহৰণ কৰা হৈছে: ১৫ মে ২০২০
- ↑ Sage Vishrava Pulastya
- ↑ Lord Hanuman and Makardhwaja, his son
- ↑ Mani 2015
- ↑ Rāmopākhyāna: the story of Rāma in the Mahābhārata p.429
- ↑ Dawar, Sonalini Chaudhry. (2006). Ramayana, the Sacred Epic of Gods and Demons. Om Books International. ISBN 9788187107675
- ↑ Prakāśa, Veda; Guptā, Praśānta. (1998). Vālmīkī Rāmāyaṇa. Ḍrīmalaiṇḍa Pablikeśansa. ISBN 978-81-7301-254-9
- ↑ ancientvoice.wikidot.com/src-vrm:ram7-5
- ↑ আৰ্কাইভ কপি
- ↑ translate.google.com/#hi/en/%E0%A4%AA%E0%A4%B0%E
- ↑ দশাননৰ অৰ্থ | উৎস=হেমকোষ | প্ৰণেতা=হেমচন্দ্ৰ বৰুৱা | পৃষ্ঠা=৫৪৭ আৰু ৫৪৮ | সংস্কৰণ=ত্ৰয়োদশ সংস্কৰণ ২০০৭| আহৰণ কৰা হৈছে=১৫ মে ২০২০
- ↑ Kishore, B.R. (1995). Ramayana. Diamond Pocket Books. ISBN 9789350837467
- ↑ Bombay Historical Society. (1946). Annual bibliography of Indian history and Indology, Volume 4. পৃ. 257
- ↑ Baqir, Muhammad. (1985). Lahore, past and present. B.R. Pub. Corp. পৃ. 19–20
- ↑ Masudul Hasan. (1978). Guide to Lahore. Ferozsons
- ↑ Zimmer (1972) p. 124
- ↑ Flood (1996), p. 17
- ↑ Tattwananda, p. 45
- ↑ Johnson, W.J. (2009). A Dictionary of Hinduism. Oxford University Press. ISBN 9780191726705
- ↑ Dawar, Sonalini Chaudhry. (2006). Ramayana, the Sacred Epic of Gods and Demons. Om Books International. ISBN 9788187107675
- ↑ Prakāśa, Veda; Guptā, Praśānta. (1998). Vālmīkī Rāmāyaṇa. Ḍrīmalaiṇḍa Pablikeśansa. ISBN 978-81-7301-254-9
- ↑ Dalal, Roshen. (2010). Hinduism: An Alphabetical Guide. Penguin Books India. ISBN 978-0-14-341421-6
- ↑ Bhimrao Ramji Ambedkar. (1979). Dr. Babasaheb Ambedkar, Writings and Speeches: Riddles in Hinduism. Education Department, Government of Maharashtra
- ↑ Gita Jnana Brahmacharini Sharanya Chaitanya. (1 July 2018). Rama Brings Ahalya Back to Her Living Form. The New Indian Express
- ↑ Satyavrat Sastri. (2006). Discovery of Sanskrit Treasures: Epics and Puranas. Yash Publications. পৃ. 77. ISBN 978-81-89537-04-3
- ↑ S.N. Desai. (2005). Hinduism in Thai Life. Popular Prakashan. পৃ. 135. ISBN 978-81-7154-189-8
- ↑ ancientvoice.wikidot.com/src-vrm:ram7-5
- ↑ Mittal, J. P. (2006). History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4
- ↑ Mittal, J. P. (2006). History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4
- ↑ (2012-06-19). Dasharatha's third Queen. Charanamrit.com
- ↑ Mani, Vettam. (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. পৃ. 448-9. ISBN 978-0-8426-0822-0
- ↑ Das 2005
- ↑ Singh, Avadhesh K. (2007). Rāmāyaṇa Through the Ages: Rāma, Gāthā in Different Versions. D.K. Printworld. ISBN 978-81-246-0416-8
- ↑ Venkatesananda p. 358
- ↑ Srimad-Bhagavatam
- ↑ Kuber
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামায়ণৰ চৰিত্ৰসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩২৮৪৪ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।