মালী (Mali) ৰাক্ষস ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ সন্তান আছিল৷১ তেওঁৰ দুজন ভাই আছিল মাল্যবান আৰু সুমালী। মালী বসুদা বিবাহ কৰাইছিল। তেওঁৰ ৪গৰাকী পুত্ৰৰ নাম আছিল ক্ৰমে- অনল, অনিল, হৰ আৰু সম্পাতী; যি পিছলৈ বিভীষণৰ মন্ত্ৰী হৈছিল৷
মালীৰ পত্নী বসুদা আছিল গন্ধৰ্ব ৰাজকুমাৰী নৰ্মদাৰ জীয়ৰী৷ বসুদাৰ ভনী দুগৰাকীৰ নাম আছিল কেতুমতী আৰু সুন্দৰী,২ যাক সুমালী আৰু মাল্যবানে বিবাহ কৰাইছিল৷
শিৱৰ পৰা বৰ প্ৰাপ্ত কৰি সুকেশৰ তিনি পুত্ৰ সুমালী, মাল্যবান আৰু মালী অহংকাৰী হৈ পৰিছিল আৰু দেৱতা, ঋষি-মুনিসকলক অত্যাচাৰ কৰিবলৈ লৈছিল৷ অত্যাচাৰ সহিব নোৱাৰি গন্ধৰ্ব, দেৱতাসকলে শিৱৰ ওচৰত গৈ সুকেশৰ তিনি পুত্ৰক বধ কৰিবলৈ কয় যদিও শিৱই সুকেশক লালনপালন কৰা হেতু সিহঁতক বধ কৰিবলৈ অস্বীকাৰ কৰে আৰু ভগৱান বিষ্ণুৰ ওচৰলৈহে যাবলৈ কয়৷
দেৱতাসকলে মালীৰ ৰাজ্য আক্ৰমণ কৰাৰ আগতে গোপন সূত্ৰে মালীয়ে এই খবৰ পায় আৰু সিঁহতেও দেৱতাসকল আক্ৰমণ কৰিবলৈ সাজু হৈ যায়৷ পিছত ভগৱান বিষ্ণু আৰু ৰাক্ষসসকলৰ মাজত এক ভয়ানক যুদ্ধ আৰম্ভ হয়৷ অৱশেষত বিষ্ণুৱে সুদৰ্শন চক্ৰৰে মালীক বধ কৰে৷ মালীৰ মৃত্যু হোৱা দেখি মালীৰ দুই ভাই মাল্যবান আৰু সুমালী যুদ্ধ ক্ষেত্ৰৰ পৰা পলাই যায়৷
ইয়াৰ পিছত ভগৱান বিষ্ণুৰ আদেশ মতে লংকাত কুবেৰে শাসন কৰিছিল।
তথ্যসূত্ৰ
- ↑ ancientvoice.wikidot.com/src-vrm:ram7-5
- ↑ Ketumati wife sumali.. Indianetzone.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালী” প্ৰবন্ধৰ সংশোধন ৫৯৬৪৫৫ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।