অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

জটায়ু

জটায়ু (जटायु) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত শগুণ বা ঈগলৰূপী এক অৰ্ধদেৱতা। তেওঁ অৰুণ আৰু শ্যেনীৰ কনিষ্ঠ সন্তান আৰু সম্পাতিৰ ভ্ৰাতৃ। জটায়ু ৰামৰ পিতৃ দশৰথৰ পুৰণি বন্ধু।

হালনাগাদ: ২০ এপ্ৰিল ২০২৪ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

জটায়ু (जटायु) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত শগুণ বা ঈগলৰূপী এক অৰ্ধদেৱতা। তেওঁ অৰুণ আৰু শ্যেনীৰ কনিষ্ঠ সন্তান আৰু সম্পাতিৰ ভ্ৰাতৃ। জটায়ু ৰামৰ পিতৃ দশৰথৰ পুৰণি বন্ধু।১

ৰামায়ণৰ বৰ্ণনা

ৰাৱণে যেতিয়া দেৱী সীতাক লংকালৈ অপহৰণ কৰি নি আছিল যেতিয়া জটায়ুৱে তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। জটায়ুৱে ৰাৱণৰ সৈতে সাহসিকতাৰে যুঁজ দিয়ে কিন্তু বৃদ্ধাৱস্থাৰ বাবে জটায়ুক ৰাৱণে সহজতে পৰাজিত কৰি তেওঁৰ ডেউকা খণ্ডিত কৰে। তেতিয়া জটায়ু চাদয়ামঙ্গলমৰ শিলৰ ওপৰত পতিত হয়। সীতাৰ সন্ধানত ভ্ৰমি ফুৰা ৰাম আৰু লক্ষ্মণ পীড়িত আৰু মৃত্যুমুখত পৰা জটায়ুৰ কাষ পায় আৰু তেওঁ দশৰথ পুত্ৰদ্বয়ক জানিবলৈ দিয়ে যে ৰাৱণ দক্ষিণৰ দিশে আগবাঢ়িছে। ইয়াৰ পিছতে জটায়ুৱে মৃত্যুবৰণ কৰে আৰু ৰামে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।২৩

তথ্যসূত্ৰ

  1. ↑ Bhalla, Prem P. (2017-08-22). ABC of Hinduism. Educreation Publishing
  2. ↑ K.V., Raman; T., Padmaja. (1995). Indian Epic Values: Rāmāyaṇa and Its Impact: Proceedings of the 8th International Rāmāyaạ Conference. Peeters Publishers. পৃ. 86. ISBN 9789068317015
  3. ↑ C., Chandramouli. (2003). Temples of Tamil Nadu Kancheepuram District. Directorate of Census Operations, Tamil Nadu

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তিৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জটায়ু” প্ৰবন্ধৰ সংশোধন ৪১৯১৪৪ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।