অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কৈকেষী

কৈকেষী বা কৈকসী (Kaikeshi বা Kaikashi) আছিল ঋষি বিশ্ৰবাৰ পত্নী আৰু ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু শূৰ্পনখাৰ মাতৃ। তেওঁ ৰাক্ষক ৰজা সুমালীৰ কন্যা আছিল।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৪ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কৈকেষী বা কৈকসী (Kaikeshi বা Kaikashi) আছিল ঋষি বিশ্ৰবাৰ পত্নী আৰু ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু শূৰ্পনখাৰ মাতৃ। তেওঁ ৰাক্ষক ৰজা সুমালীৰ কন্যা আছিল।১

কৈকেষী, বিশ্ৰবা আৰু ৰাৱণ

কৈকেষীৰ পিতৃ আছিল ৰাক্ষক ৰজা সুমালী আৰু মাতৃ কেতুমতী। তেওঁ লংকাৰ ৰজা ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু শূৰ্পনখাৰ মাতৃ আছিল। মহৰ্ষি পুলস্ত্যৰ পু্ত্ৰ ঋষি বিশ্ৰবা আছিল তেওঁৰ পতি।

কৈকেষীৰ বিবাহৰ বাবে অসুৰ ৰজা সুমালীলৈ বহুতো প্ৰস্তাৱ আহে কিন্তু সুমালীৰ ইচ্ছা যে, তেওঁ তেওঁৰ কন্যা কৈকেষীক মৃত্যু লোকৰ সকলোতকৈ শক্তিশালী জনৰ সৈতেহে বিবাহ দিব, যাতে তেওঁৰ কন্যাৰ সন্তান ব্যতিক্ৰমী, তেজস্বী তথা পৰাক্ৰমী হয়।

কৈকেষী বহুতো ঋষি মুনিৰ মাজত বিশ্ৰবাক বিবাহ যোগ্য বুলি ভাবে আৰু তেওঁক সেৱা শুশ্ৰূষা কৰে। তেওঁৰ সেৱাত সন্তুষ্ট হৈ ঋষি বিশ্ৰবাই তেওঁক বিবাহ কৰায়। ব্ৰহ্ম ঋষি বিশ্ৰবাৰ ঔৰসত কৈকেষীৰ গৰ্ভত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এটি কন্যা শূৰ্পণখাৰ জন্ম হয়। ৰাৱণ আৰু তেওঁৰ সহোদৰসকল শিক্ষা তেওঁৰ পিতৃৰ পৰাই লয়। কৈকেষীৰ পুত্ৰ ৰাৱণ বেদ শাস্ত্ৰৰ অন্যতম এগৰাকী পণ্ডিত আছিল।

তথ্যসূত্ৰ

  1. ↑ (2020-04-16). Know interesting things about Ravana. News Track

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৈকেষী” প্ৰবন্ধৰ সংশোধন ৪১৮৭৬৬ (১৯ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।