কল্কি (कल्कि) বা কলকিন হৈছে বিষ্ণুৰ দশম তথা অন্তিম অৱতাৰ। বৈষ্ণৱ ব্ৰহ্মাণ্ডতত্ত্ব অনুযায়ী অন্তহীন অস্তিত্ব চক্ৰৰ (কৃত) চাৰিটা সময়ৰ ভিতৰত অন্যতম কলিযুগৰ অন্ত পেলাবলৈ তেওঁৰ আবিৰ্ভাৱ হোৱা বুলি বৰ্ণনা কৰা হৈছে। কোৱা হৈছে যে কলিযুগৰ শেষত কল্কিৰ দ্বাৰা অস্তিত্বৰ চক্ৰত সত্যযুগৰ পুনৰ সূচনা হ’ব।
পুৰাণত কল্কিক হাতত অগ্নিৰে সজ্জিত তৰোৱাল লৈ শুকুলা ঘোঁৰাত উঠি অধৰ্ম দূৰ কৰিবলৈ আটাইতকৈ অন্ধকাৰ আৰু ধ্বংসাত্মক সময়ছোৱাৰ অন্ত পেলাই সত্যযুগৰ সূচনা কৰি অস্তিত্বক সজীৱ কৰি তোলা অৱতাৰ হিচাপে বৰ্ণনা কৰা হৈছে। বিভিন্ন পুৰাণৰ মাজত কল্কিৰ বৰ্ণনা আৰু বিৱৰণ ভিন্ন হোৱা দেখা যায়। বৌদ্ধ গ্ৰন্থসমূহতো কল্কিৰ উল্লেখ পোৱা যায়।১২৩
কল্কি অৱতাৰৰ বিষয়ে শিখ গ্ৰন্থতো ভৱিষ্যদ্বাণী কৰা হৈছে।৪
ব্যুৎপত্তি
কল্কি নামটো কাল (সময়, কলিযুগ) শব্দৰ পৰা উদ্ভৱ হৈছে।৫ সংস্কৃত স্ত্ৰোত্ৰত এই অৱতাৰক কৰ্কি বুলি উল্লেখ কৰা হৈছে।
বিৱৰণ
হিন্দু গ্ৰন্থ
কল্কি হৈছে বিষ্ণুৰ অৱতাৰ। গৰুড় পুৰাণত বিষ্ণুৰ দহটা অৱতাৰৰ তালিকা দিয়া হৈছে আৰু কল্কি ইয়াৰে দশম অৱতাৰ।৬ তেওঁক কলিযুগৰ শেষত আবিৰ্ভাৱ হোৱা অৱতাৰ বুলি বৰ্ণনা কৰা হৈছে। তেওঁ কলিযুগৰ আটাইতকৈ অন্ধকাৰ, অৱক্ষয়ী, আৰু বিশৃংখল পৰ্যায়ৰ অন্ত পেলাই অধৰ্ম দূৰ কৰি সত্যযুগৰ সূচনা কৰে।৭ তেওঁ সময়ৰ নতুন চক্ৰ এটা পুনৰ আৰম্ভ কৰে।৮ পুৰাণত তেওঁক ব্ৰাহ্মণ যোদ্ধা বুলি বৰ্ণনা কৰা হৈছে।৭
দেৱালত কল্কি অৱতাৰৰ মূৰ্তি।]]
মহাভাৰতত প্ৰথমবাৰৰ বাবে কল্কিৰ উল্লেখ পোৱা যায়। ৯ সম্ভৱতঃ বংগত ৰচিত কল্কি পুৰাণ নামৰ এখন তুলনামূলকভাৱে শেহতীয়া আৰু সৰু গ্ৰন্থও পোৱা গৈছে। ই ১৮ শতিকাত ৰচিত বুলি অনুমান কৰা হৈছে।১০ ৱেণ্ডী ডনিগাৰে কল্কি পুৰাণত সন্নিৱিষ্ট কল্কিৰ আখ্যান ১৫০০ৰ পৰা ১৭০০ খ্ৰীষ্টাব্দৰ ভিতৰৰ বুলি মত প্ৰকাশ কৰে।১১
কল্কি পুৰাণ অনুযায়ী কুশমা আৰু মদন পৰিয়ালত শম্বলা নামৰ এখন গাঁৱত কল্কিৰ জন্ম হৈছিল।১২ কম বয়সতে তেওঁক পৰশুৰামৰ তত্ত্বাৱধানত ধৰ্ম, কৰ্ম, অৰ্থ, জ্ঞান আদি বিষয় আৰু সামৰিক প্ৰশিক্ষণৰ শাস্ত্ৰ শিকোৱা হয়।১৩ তাৰ পিছত তেওঁ শিৱক আৰাধনা কৰে। শিৱ সন্তুষ্ট হৈ তেওঁক দেৱদত্ত (গৰুড়ৰ অৱতাৰ) নামৰ এটা শুকুলা দৈৱিক ঘোঁৰা, এখন তৰোৱাল আৰু সৰ্বজ্ঞানী শুক নামৰ এটা কপৌ প্ৰদান কৰে। অন্যান্য দেৱতা, দেৱী আৰু সন্তই তেওঁক বিভিন্ন সামগ্ৰী প্ৰদান কৰে।১৪ তেওঁ বহুকেইখন যুদ্ধত অৱতীৰ্ণ হৈ অশুভ শক্তিৰ অন্ত পেলায়। ত্তেওঁ এক নতুন যুগৰ আৰম্ভণি কৰে আৰু তাৰ পিছত বৈকুণ্ঠলৈ প্ৰস্থান কৰে।১৫
অগ্নি পুৰাণতো কল্কিৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।১৬
জন্ম আৰু আগমনৰ বিষয়ে ভৱিষ্যদ্বাণী
পুৰাণত বৰ্ণিত সময়ৰ লেখ কল্পৰ হিচাপত কলিযুগ ৪ লাখৰ পৰা ৪ লাখ ৩২ হাজাৰ বছৰৰ ভিতৰত চলিব বুলি বিভিন্ন ধৰণে অনুমান কৰা হৈছে। কিছুমান বৈষ্ণৱ গ্ৰন্থত কলিযুগৰ অন্ত পেলাবলৈ আৰু এক নতুন যুগৰ সৈতে পৃথিৱীখনক নতুনকৈ সৃষ্টি কৰিবলৈ প্ৰলয়ৰ দিনা শুকুলা ঘোঁৰাত উঠি কল্কিৰ আবিৰ্ভাৱ হ'ব বুলি পূৰ্বানুমান কৰা হৈছে।১৭১৮
তথ্যসূত্ৰ
- ↑ Donald S. Lopez Jr. (2015). Buddhism in Practice. Princeton University Press. পৃ. 202–204. ISBN 978-1-4008-8007-2
- ↑ Perry Schmidt-Leukel. (2017). Religious Pluralism and Interreligious Theology: The Gifford Lectures. Orbis. পৃ. 220–222. ISBN 978-1-60833-695-1
- ↑ [a] Björn Dahla. (2006). Exercising Power: The Role of Religions in Concord and Conflict. Donner Institute for Research in Religious and Cultural History. পৃ. 90–91. ISBN 978-952-12-1811-8, Quote: "(...) the Shambala-bodhisattva-king [Cakravartin Kalkin] and his army will defeat and destroy the enemy army, the barbarian Muslim army and their religion, in a kind of Buddhist Armadgeddon. Thereafter Buddhism will prevail."; [b] David Burton. (2017). Buddhism: A Contemporary Philosophical Investigation. Taylor & Francis. পৃ. 193. ISBN 978-1-351-83859-7 [c] Johan Elverskog. (2011). Islam and Tibet: Interactions Along the Musk Routes. Ashgate Publishing. পৃ. 293–310. ISBN 978-0-7546-6956-2
- ↑ Rinehart. (2011). Debating the Dasam Granth. Oxford University Press. পৃ. 29–30. ISBN 978-0-19-975506-6
- ↑ Klostermaier. (2006). Mythologies and Philosophies of Salvation in the Theistic Traditions of India. Wilfrid Laurier Univ. Press. পৃ. 75. ISBN 978-0-88920-743-1
- ↑ Gopal. (1990). India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃ. 73
- ↑ Wendy Doniger; Merriam-Webster, Inc. (1999). Merriam-Webster's Encyclopedia of World Religions. Merriam-Webster. পৃ. 629. ISBN 978-0-87779-044-0
- ↑ Ludo Rocher. (22 March 2004). Time and Temporality in the Ancient World. UPenn Museum of Archaeology. পৃ. 91–93. ISBN 978-1-931707-67-1
- ↑ Alf Hiltebeitel. (2011). Reading the Fifth Veda: Studies on the Mahābhārata - Essays by Alf Hiltebeitel. BRILL Academic. পৃ. 89–110, 530–531. ISBN 978-90-04-18566-1
- ↑ Rocher 1986
- ↑ Doniger. (1988). Textual Sources for the Study of Hinduism. Manchester University Press. পৃ. 5. ISBN 978-0-7190-1867-1
- ↑ (2021-05-29). Kalki Avatar - Birth, family & Mission · Kali Yuga Predictions. The Gaudiya Treasures of Bengal
- ↑ vishnu - Will Parashurama reappear in Kaliyuga?. Hinduism Stack Exchange
- ↑ The Kalki Purana scripture
- ↑ Rocher 1986
- ↑ www.wisdomlib.org. (2021-11-01). Manifestation of Viṣṇu as Buddha and Kalki (Chapter 16). www.wisdomlib.org
- ↑ Coulter; Turner, Patricia. (2013). Encyclopedia of Ancient Deities. Routledge. ISBN 9781135963972
- ↑ James R. Lewis; Inga B. Tollefsen. The Oxford Handbook of New Religious Movements, Volume 2. Oxford University Press. পৃ. 488
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্কি” প্ৰবন্ধৰ সংশোধন ৪৬১৮৬৫ (৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।