দেৱবৰ্ণিনী বা ইলৱিড়া বা ইড়াৱিদা (Devavarnini) লংকাৰ ৰজা ৰাৱণৰ মাহীমাক আছিল৷ ভৰদ্বাজ মুনি বিশ্ৰবাৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা দেৱবৰ্ণিনীক অৰ্পণ কৰিছিল৷ তেওঁ গৰ্গ মুণি আৰু গুৰু দ্ৰোণাচাৰ্যৰ ভনী আছিল৷ দেৱবৰ্ণিনী বিশ্ৰবাৰ প্ৰথমগৰাকী পত্নী আছিল। বিশ্ৰবা পুলস্ত্যৰ পুত্ৰ আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাৰ নাতি আছিল।১২ দেৱবৰ্ণিনীৰ ঔৰসত কুবেৰৰ জন্ম হয়।৩ যি স্বৰ্ণলংকাৰ (লংকা) প্ৰকৃত ৰজা তথা ধন ঐশ্বৰ্যৰ ৰজা আছিল।৪৫
ভাগৱত পুৰাণৰ মতে, তেওঁ বৈৱস্তৱ মনু আৰু আলম্বুশাৰ বংশধৰ ৰজা ট্ৰনাবিন্দু (King Trnabindu) -ৰ কন্যা। তেওঁৰ ভাই-ভনীসকলৰ ভিতৰত আছে- বিশাল, ধুম্ৰাকেটু আৰু শূন্যবন্ধু।
বিশ্ৰবাই দেৱবৰ্ণিনী এৰিছিল যেতিয়া ৰজা সুমালী আৰু ৰাণী কেতুমতীৰ জীয়ৰী অসুৰ ৰাজকুমাৰী কৈকেষীৰ প্ৰেমত পৰে। ৰাৱণ আৰু কুম্ভকৰ্ণ কৈকেষী আৰু বিশ্ৰবাৰ সন্তান আছিল৷
যেতিয়া ৰাৱণে লংকা আক্ৰমণ কৰি ডাঙৰ ভায়েক কুবেৰৰ সিংহাসন দখল কৰে, তেতিয়া বিষাদগ্ৰস্ত হৈ বিশ্ৰবাই কৈকেষীসহ পৈশাচিক পৰিয়াল এৰি দেৱবৰ্ণিনীৰ ওচৰলৈ ঘূৰি যায়৷ কুবেৰো দেৱলোক (স্বৰ্গ) লৈ পলাই যায় য’ত দেৱৰাজ ইন্দ্ৰই তেওঁক কোষাগাৰ পৰিচালনা কৰিবলৈ কয়। সেয়েহে হিন্দুসকলে কুবেৰক পূৰ্বৰ লংকাৰ ৰজা হিচাপে নলৈ এগৰাকী ধন ঐশ্বৰ্যৰ দেৱতা হিচাপে লয়৷
তথ্যসূত্ৰ
- ↑ Encyclopedia for Epics of Ancient India Quote: VISRAVAS. [Source: Dowson's Classical Dictionary of Hindu Mythology] Son of Prajapati Pulastya, or, according to a statement of the Mahabharata, a reproduction of half Pulastya himself. By a Brahmani wife, daughter of the sage Bharadwaja, named Idavida or Ilavida, he had a son, কুবেৰ, the god of wealth
- ↑ বিশ্ৰবা
- ↑ ঋষি বিশ্ৰবা
- ↑ Encyclopedia for Epics of Ancient India
- ↑ Sage Vishrava Pulastya
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱবৰ্ণিনী” প্ৰবন্ধৰ সংশোধন ৩০১৪৩৮ (২৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।