দুৰ্যোধন (दुर्योधन) মহাভাৰতৰ এটি চৰিত্ৰ। কৌৰৱৰ এশ ভাইৰ ভিতৰত জ্যেষ্ঠ। তেওঁ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ পুত্ৰ।
জন্ম-বৃত্তান্ত
মহাভাৰতৰ মতে গান্ধাৰীয়ে কুন্তিৰ আগতে সন্তান জন্ম হোৱাৰ দুখতে তেওঁৰ সন্তান ৰজা নহ'ব বুলি দুখতে গৰ্ভ নষ্ট কৰাৰ চেষ্টা কৰে, কিন্তু ব্যাসদেৱে আহি গৰ্ভধাৰণ কৰা মাংসপিণ্ড এশটা ঘিঁউৰ পাত্ৰত ৰাখি দিয়ে য'ৰ পৰা এশ সন্তানৰ জন্ম হয়, যাৰ জেষ্ঠ্যজনেই দুৰ্যোধন।
মৃত্যু
মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণত তেওঁৰ ভীমৰ হাতত নিহত হৈছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰ্যোধন” প্ৰবন্ধৰ সংশোধন ৫২৮৫১১ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।