শ্ৰীলংকা ( or;১২) (ශ්රී ලංකාව, শ্ৰী লাংকাবা, இலங்கை, ইলাংকাই) দক্ষিণ এছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰী শ্ৰীলংকা। ১৯৭২ চনৰ আগেয়ে এই দ্বীপ ছিলন নামেও পৰিচিত আছিল। ইয়াৰ ৰাজধানীৰ নাম শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে। ইয়াৰ প্ৰধান চহৰ কলম্বো। ভাৰতৰ দক্ষিণ উপকূলৰ পৰা ৩১ কিলোমিটাৰ দুৰত্বত অৱস্থিত। ২ কোটি জনসংখ্যাৰ এই দেশত ১৪% ৰ অধিক লোকৰ দৈনিক আয় ১.২৫ আমেৰিকান ডলাৰৰ তলত। প্ৰাচীনকালৰ পৰাই শ্ৰীলংকা বৌদ্ধ ধৰ্মাম্বলীসকলৰ তীৰ্থস্থান হিচাপে পৰিচিত। সিংহলি সম্প্ৰদায় এই দেশৰ সংখ্যাগৰিষ্ঠ জনগোষ্ঠী। উত্তৰ-পূব দিশৰ স্বতন্ত্ৰ সাংস্কৃতিক ঐতিহ্যক লৈ তামিল ভাষা সম্প্ৰদায় হৈছে দেশৰ সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়। অন্যান্য সম্প্ৰদায়ৰ মাজত মূৰ, বাৰ্ঘেৰ, কাফিৰ, মালায় উল্লেখযোগ্য৩। শ্ৰীলংকাতচাহ, কফি, নাৰিকল, ৰবৰ উৎপাদন আৰু ৰপ্তানীৰ বাবে বিখ্যাত। নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য সম্বলিত সমুদ্ৰতীৰ, ভূদৃশ্য তদুপৰী সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যই শ্ৰীলংকাক পৃথিৱীৰ পৰ্যটকসকলৰ বাবে অত্যন্ত আকৰ্ষণীয় কৰি তুলিছে।
নামকৰণ
প্ৰাচীনকালৰ পৰাই শ্ৰীলংকা অনেক নামেৰে পৰিচিত। প্ৰাচীন গ্ৰীক ভাষা ভূগোলবিদসকলে ইয়াক তপ্ৰোবান আৰু আৰবৰ চেৰেনদীব নামেৰে মাতিছিল। ১৫০৫ খ্ৰীষ্টাব্দত পৰ্তুগিজসকলে এই দ্বীপত অহা পাছত ইয়াৰ নাম চেইলাও ৰাখে যাৰ ইংৰাজী শব্দ হ’ল Ceylon। ১৯৪৮ চন পৰ্যন্ত ব্ৰিটিছসকলৰ অধীনত থকা অৱস্থাত এই নামেৰেই পৰিচিত আছিল। ১৯৪৮ চনত এই নামেৰেই স্বাধীনতা লাভ কৰে আৰু পাছত ১৯৭২ চনত দাপ্তৰিক নাম পৰিৱৰ্তন কৰে মুক্ত, সাৰ্বভৌম আৰু স্বাধীন প্ৰজাতন্ত্ৰী শ্ৰীলংকা ৰখা হয়। শ্ৰীলংকা নামটি সংস্কৃত শব্দ "শ্ৰী" আৰু "লংকা" ৰ পৰা আহিছে। শ্ৰী শব্দৰ অৰ্থ পবিত্ৰ আৰু লংকাৰ অৰ্থ হ’ল দ্বীপ।
ভূগোল আৰু জলবায়ু
ভাৰত উপমহাদেশৰ দক্ষিণে ভাৰত মহাসাগৰত শ্ৰীলংকা অৱস্থিত। পক্ নামৰ এক অগভীৰ আৰু ঠেক প্ৰণালীয়ে এই দ্বীপক ভাৰত উপমহাদেশৰ পৰা পৃঠক কৰিছে। দ্বীপটো ৫°৫৫'ৰ পৰা ৯°৫০' উত্তৰ অক্ষাংশ আৰু ৭৯°৪২' ৰ পৰা ৮১°২১' পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। ইয়াৰ মুঠ আয়তন ৬৫,৬১০ বৰ্গকিঃমিঃ। দ্বীপটোৰ প্ৰায় তিনিওফালে বহল উপকূল অঞ্চলে আগুৰি থকা দক্ষিণ-মধ্য ভাগত এটা মালভূমি আছে। মালভূমিটোত প্ৰায় ২,১৩৪ মিঃ আৰু ২,৪৩৮ মিঃ উচ্চতাযুক্ত শৃংগৰ কেইবাশাৰী ওখ পৰ্বত আছে। আদাম শৃংগ আৰু পিদুৰাটালাগালা এই অঞ্চলৰ উল্লেখযোগ্য শৃংগ। পিদুৰাটালাগালা শৃংগৰ উচ্চতা ২,৫২৮ মিঃ আৰু ই শ্ৰীলংকাৰ উচ্চতম শৃংগ৪
শ্ৰীলংকাৰ জলবায়ু ক্ৰান্তীয় মৌচুমী। উপকূলীয় সমতল আৰু নিম্নভূমি অংশত এই জলবায়ু উষ্ণ আৰু উচ্চ অংশত ই নাতিশীতোষ্ণ। উপকূল অঞ্চলত সামুদ্ৰিক বায়ুৱে জলবায়ু কিছু পৰিমাণে শীতল কৰি ৰাখে। মে' মাহত ইয়াত সৰ্বাধিক গৰম আনহাতে জানুৱাৰী মাহেই শ্ৰীলংকাৰ আটাইতকৈ শীতল মাহ, যদিও বেছি শীত অনুভৱ নহয়। দ্বীপটোৰ দক্ষিণ-পশ্চিমত বৰষুণৰ পৰিমাণ বেছি। ইয়াৰ নিম্নভূমি অঞ্চলত বৃষ্টিপাতৰ গড় ৭৫ ইঞ্চি আৰু পাৰ্বত্য অঞ্চলত ১০০ ইঞ্চিতকৈ অধিক।৫
কৃষি
শ্ৰীলংকাৰ প্ৰধান ব্যৱসায় হৈছে কৃষি আৰু শ্ৰমিক শ্ৰেণীৰ আধাতকৈ বেছি সংখ্যক লোক কৃষি কৰ্মৰ লগত জড়িত। কৃষি কৰ্মত নিয়োজিত হোৱা শ্ৰমিকৰ ৩/২ ভাগ লোক চাহ, ৰবৰ আৰু নাৰিকলৰ খেতি কৰে। দ্বীপৰাষ্ট্ৰ খনত ৫,৮১,৮২১ একৰ মাটিত চাহ খেতি কৰা হয় আৰু ইয়াৰ বাৰ্ষিক উৎপাদনৰ পৰিমাণ প্ৰায় ৪৫৫ নিযুত পাউণ্ড। শ্ৰীলংকাৰ চাহ যথেষ্ট পৰিমাণে বিদেশলৈ ৰপ্তানি কৰা হয়। ৰবৰ খেতি কৰা হয় প্ৰায় ৬,৬৮,২১৩ একৰ মাটিত আৰু উৎপাদনৰ পৰিমাণ প্ৰায় ৯৮,০০০ টন। চাহ আৰু ৰবৰৰ উপৰিও যথেষ্ট সংখ্যক কৃষকে সৰু সৰু অঞ্চলবোৰত ধান, ফলমূল, শাক-পাচলি, এলাচি, ককো, চিত্ৰনলা, ধঁপাত আৰু নাৰিকলৰ খেতি কৰে।৬
বাহ্যিক সংযোগ
- Official Sri Lankan Government Web Portal, a gateway to government sites.
- Official Web Portal of the Parliament of Sri Lanka.
- Official Government News Portal
- Official Web Portal of the President of Sri Lanka.
- Official website of the Supreme Court of Sri Lanka.
- Sri Lanka Corruption Profile from the Business Anti-Corruption Portal
- Official site of the Department of Census and Statistics.
- Annual Report 2010 from the Ministry of Finance and Planning.
- Sri Lanka from UCB Libraries GovPubs.
- Sri Lanka profile from the BBC News.
- Sri Lanka in the Encyclopædia Britannica.
- Introducing Sri Lanka Overview of the country from Lonely Planet.
- Key Development Forecasts for Sri Lanka from International Futures.
- Mahavamsa an ancient Sri Lankan chronicle written in the 6th century.
- Sketches of the Natural History of Ceylon by Sir James Emerson Tennent, 1861.
- Sri Lanka Map in গুগল মেপ.
- World Bank Summary Trade Statistics Sri Lanka
তথ্যসূত্ৰ
- ↑ "Sri Lanka" in several reference works. Dictionary.com
- ↑ Carnegie Mellon University Pronouncing Dictionary. Carnegie Mellon University
- ↑ Vedda. Encyclopædia Britannica
- ↑ ভূ-দৰ্শন. (২০০২). শ্ৰীলংকা. কামাখ্যা বুক ষ্টল
- ↑ ভূ-দৰ্শন. (২০০২). শ্ৰীলংকা. কামাখ্যা বুক ষ্টল
- ↑ ভূ-দৰ্শন. (২০০২). শ্ৰীলংকা. কামাখ্যা বুক ষ্টল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীলংকা” প্ৰবন্ধৰ সংশোধন ৬১৬৮০৫ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।