সীতা (सीता) এগৰাকী হিন্দু দেৱী আৰু হিন্দু মহাকাব্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণৰ নায়িকা। তেওঁক ভূমিৰ (পৃথিৱী) কন্যা আৰু বিদেহৰ ৰজা জনক আৰু তেওঁৰ পত্নী ৰাণী সুনয়নাৰ দত্তক কন্যা বুলি বৰ্ণনা কৰা হৈছে। তেওঁৰ উৰ্মিলা নামৰ এগৰাকী কনিষ্ঠ ভগ্নী, আৰু মাণ্ডৱী আৰু শ্ৰুতকীৰ্তি নামৰ দুগৰাকী সম্পৰ্কীয় ভগ্নী আছে।১২ সীতা তেওঁৰ নিষ্ঠা, আত্মত্যাগ, সাহস আৰু পবিত্ৰতাৰ বাবে জনাজাত। তেওঁক বৈদেহী, জানকী, বিদেহ নন্দিনী আৰু মৈথিলী আদি নামেৰেও জনা যায়।
সীতাই যৌৱনকালত অযোধ্যাৰ ৰাজকুমাৰ ৰামক স্বয়ংবৰত তেওঁৰ স্বামী হিচাপে বাছনি কৰে। স্বয়ংবৰৰ পিছত তেওঁ ৰামৰ সৈতে অযোধ্যালৈ যায়, কিন্তু পিছত তেওঁৰ স্বামী আৰু দেওৰেক লক্ষ্মণৰ সৈতে বনবাস খাটিবলৈ যায়। নিৰ্বাসিত অৱস্থাত তিনিওজনে দণ্ডকাৰণ্যত বসতি স্থাপন কৰে য'ৰ পৰা তেওঁক লংকাৰ ৰাক্ষস-ৰাজ ৰাৱণে অপহৰণ কৰে। পিছত লংকাৰ অশোক বনত বন্দী হৈ থকাৰ পৰা তেওঁক ৰামে উদ্ধাৰ কৰে। লংকাৰ যুদ্ধৰ পিছত মহাকাব্যৰ কিছুমান সংস্কৰণত, ৰামে সীতাক অগ্নিপৰীক্ষাৰ জৰিয়তে তেওঁৰ পবিত্ৰতা প্ৰমাণ কৰিবলৈ কয়; যাৰ বাবে লক্ষ্মণে তেওঁৰ ভায়েক ৰামৰ ওপৰত প্ৰথম বাৰ খং কৰে।
ৰামায়ণৰ অন্য সংস্কৰণত, ৰাক্ষস-ৰাজ ৰাৱণে অপহৰণ কৰা সীতা গৰাকী প্ৰকৃততে সীতাৰ নকল ৰূপ মায়া সীতাহে আছিল যি অগ্নিৰ দ্বাৰা সৃষ্টি হৈছিল আৰু প্ৰকৃত সীতা জুইত লুকাই আছিল। কিছুমান শাস্ত্ৰত তেওঁক পূৰ্বৱৰ্তী জন্মত বেদৱতী আছিল বুলিও উল্লেখ কৰা হয়, যাক ৰাৱণে উৎপীড়ন কৰিবলৈ চেষ্টা কৰিছিল।৩ অগ্নিপৰীক্ষাৰ দ্বাৰা তেওঁৰ পবিত্ৰতা প্ৰমাণ কৰাৰ পিছত ৰাম আৰু সীতা অযোধ্যালৈ আহে আৰু ৰজা-ৰাণী হিচাপে মুকুট পৰিধান কৰে। এদিন এজনে সীতাৰ পবিত্ৰতাকলৈ প্ৰশ্ন কৰে আৰু নিৰ্দোষতা প্ৰমাণ কৰি নিজৰ আৰু ৰাজ্যৰ মৰ্যাদা বজাই ৰাখিবলৈ সীতাক ঋষি বাল্মীকিৰ আশ্ৰমৰ ওচৰৰ অৰণ্য এখনলৈ পঠিয়াই দিয়া হয়। কেইবছৰ পিছত, সীতাই তেওঁৰ দুই পুত্ৰ লৱ আৰু কুশক তেওঁলোকৰ পিতৃ ৰামৰ সৈতে মিলিত কৰাই দিয়াৰ পিছত তেওঁ বিশুদ্ধতাৰ প্ৰমাণ হিচাপে এক নিষ্ঠুৰ পৃথিৱীৰ পৰা মুক্তিৰ বাবে তেওঁৰ মাতৃ পৃথিৱী (ভূদেৱী) -ৰ গৰ্ভলৈ উভতি যায়।৪
তথ্যসূত্ৰ
- ↑ Sutherland, Sally J. Sita and Draupadi, Aggressive Behavior and Female Role-Models in the Sanskrit Epics. University of California, Berkeley
- ↑ Swami Parmeshwaranand. (2001-01-01). Encyclopaedic Dictionaries of Puranas. Sarup & Sons. পৃ. 1210–1220. ISBN 978-81-7625-226-3
- ↑ (2014-04-10). The haughty Ravana. The Hindu
- ↑ Gopal, Madan. (1990). India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃ. 78
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীতা” প্ৰবন্ধৰ সংশোধন ৪১৯০৯৯ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।