অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অসুৰ

অসুৰ (Asura) হৈছে ভাৰতীয় মূলৰ কিংবদন্তিসমূহত বৰ্ণিত একপ্ৰকাৰৰ জীৱ। হিন্দুধৰ্মৰ ৰচনাৱলীত তেওঁলোকক দেৱতাসকলৰ সৈতে সম্পৰ্কিত কিন্তু এক ক্ষমতালোভী জাতি হিচাপে বৰ্ণনা কৰা হৈছে। বৌদ্ধধৰ্মৰ সাহিত্যত অসুৰ শব্দটো টাইটানসকলক বা অৰ্ধদেৱতাসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৮১৬ শব্দ · ৫ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

অসুৰ (Asura) হৈছে ভাৰতীয় মূলৰ কিংবদন্তিসমূহত বৰ্ণিত একপ্ৰকাৰৰ জীৱ। হিন্দু ধৰ্মৰ ৰচনাৱলীত তেওঁলোকক দেৱতাসকলৰ সৈতে সম্পৰ্কিত কিন্তু এক ক্ষমতালোভী জাতি হিচাপে বৰ্ণনা কৰা হৈছে। বৌদ্ধ ধৰ্মৰ সাহিত্যত অসুৰ শব্দটো টাইটানক বা অৰ্ধদেৱতাসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়।১

হিন্দুধৰ্মৰ সাহিত্যসমূহৰ মতে দেৱতা আৰু অসুৰৰ মাজত সততে যুদ্ধ-বিগ্ৰহ হয়।২ ভাৰতীয় সাহিত্যত অসুৰসকলক আতিভৌতিক ক্ষমতাসম্পন্ন আৰু ভাল-বেয়া দুয়োবিধ গুণৰে অধিকাৰী বুলি বৰ্ণনা কৰা হয়। বৈদিক সাহিত্যত ভাল গুণৰ অসুৰসকলক আদিত্য আখ্যা দিয়া হৈছে আৰু বৰুণ হৈছে তেওঁলোকৰ অধিপতি। আনহাতে বেয়া গুণসম্পন্ন অসুৰসকলক দানৱ আখ্যা দিয়া হৈছে আৰু বৃত্ৰ অৰ্থাৎ বৃত্ৰাসুৰে তেওঁলোকৰ নেতৃত্ব দিয়ে।২ প্ৰাচীনতম বৈদিক সাহিত্যসমূহত অগ্নি, ইন্দ্ৰ আদিকো নিজৰ নিজৰ ক্ষেত্ৰ, জ্ঞান আৰু ক্ষমতাৰ অধিপতি হোৱাৰ বাবে অসুৰ বুলি কোৱা হৈছিল। পৰৱৰ্তী কালৰ ৰচনাসমূহত তেওঁলোকক দেৱতা আখ্যা দিয়া হয় আৰু অসুৰসকলক তেওঁলোকৰ শত্ৰু হিচাপে বৰ্ণনা কৰা হয়।২

দেৱতা, যক্ষ আৰু ৰাক্ষসৰ দৰেই অসুৰসকলো ভাৰতীয় আখ্যানসমূহৰ অংশ। হিন্দু আৰু বৌদ্ধধৰ্মৰ ব্ৰহ্মাণ্ড সম্পৰ্কীয় কাহিনীসমূহত অসুৰসকলৰ উল্লেখ পোৱা যায়।৩৪৫

ক্ৰমবিকাশ

মনিয়েৰ ৱিলিয়ামছৰ মতে অসুৰ শব্দৰ উৎপত্তি অসু ৰপৰা হৈছে যাৰ অৰ্থ পৰলোকৰ আত্মা।৬ বৈদিক সাহিত্যৰ সংহিতাৰ প্ৰাচীনতম ভাগসমূহত অসুৰ হৈছে ভাল বা বেয়া মনোবৃত্তিৰ যিকোনো আত্মা বা দৈৱিক জীৱ আৰু প্ৰকৃতিৰ সংহাৰকাৰী বা সৃজনশীল শক্তি।৬ পৰৱৰ্তী কালৰ সংহিতাৰ মতে অসুৰ হৈছে অশুভ আত্মা, দানৱ আৰু দেৱতাৰ শত্ৰু। পঞ্চম শতিকাৰ দাৰ্শনিক বুদ্ধঘোষে বৰ্ণনা কৰিছে যে অসুৰ নামৰ উৎপত্তি দেৱতা চক্ৰৰ হাতত হোৱা তেওঁলোকৰ পৰজয়ৰপৰা উদ্ভৱ হৈছে। এই কাহিনীটোৰ মতে অসুৰসকল সুৰামত্ত হৈ পৰাৰ কাৰণে সুমেৰু পৰ্বতৰপৰা তেওঁলোকক বহিষ্কাৰ কৰা হৈছিল। ইয়াৰ পিছত তেওঁলোকে কেতিয়াও সুৰাপান কৰা নাছিল। কিছুসংখ্যক বৌদ্ধ সাহিত্য অনুসৰি অসুৰক পূৰ্বদেৱ বা প্ৰাচীন দেৱতা হিচাপে জনা যায়।৭

ইণ্ডো-ইৰানিয়ান বা আৰ্যসকলৰ শুভ আৰু অশুভৰ মাজত হোৱা যুদ্ধৰ কিংবদন্তি অনুসৰি অসুৰে অসূয়া সৃষ্টিকাৰী আত্মাক সূচায়।৬ ফিনলেণ্ডৰ ইণ্ডোল'জিষ্ট এচক' পাৰপলাৰ মতে অসুৰ শব্দৰ সম্ভাৱ্য মূল হৈছে উৰানিক ভাষাৰ এচেৰা যাৰ অৰ্থ অধিপতি বা ৰাজকুমাৰ।৮

হিন্দুধৰ্মৰ সাহিত্য

ঋকবেদ

ৰ পদতলত হিৰণ্যাক্ষ]]

ভাৰ্গৱে উল্লেখ কৰিছে যে অসুৰ আৰু অসূৰ্য শব্দ দুটা ঋকবেদত ৮৮ বাৰ উল্লেখ কৰা হৈছে। ইয়াৰে স্ত্ৰীলিংগ ৰূপ অসূৰ্যা আৰু অসুৰত্ব যথাক্ৰমে ১৯ আৰু ২৪ বাৰ উল্লেখ কৰা হৈছে।৯

ঋকবেদত বৈদিক সূৰ্যদেৱতা সবিৰক এজন অসুৰ আৰু দয়ালু নেতা আখ্যা দিয়া হৈছে।১০১১

हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्वर्वाङ्। अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः॥१०॥১২
— Rig Veda 1.35.10

সামবেদ

সামবেদত কোৱা হৈছে যে অসুৰ শব্দটো অসু (বায়ু) আৰু ৰম (জিৰণি) শব্দ দুটাৰ সংমিশ্ৰণত সৃষ্টি হোৱা।১৩

মহাভাৰত

ভাগৱত গীতাৰ মতে ব্ৰহ্মাণ্ডৰ সকলো জীৱৰ দেহত দৈৱিক আৰু আসুৰিক দুয়োটা গুণেই বিদ্যমান।১৪১৫ ভাগৱত গীতাৰ ষোড়শ অধ্যায়ত কোৱা হৈছে যে মানৱৰ মাজত বিশুদ্ধ দেৱতুল্য সাধু আৰু বিশুদ্ধ অসুৰতুল্য দুষ্ট বিৰল আৰু সামূহিকভাৱে মানৱ সমাজ নগণ্য বা অধিক দোষেৰে সৈতে সৰ্বগুণেৰে পৰিপূৰ্ণ।১৪ জিনিয়েন ফউলাৰৰ মতে গীতাত কৈছে যে বাসনা, বেয়া লগা, লোভ, প্ৰয়োজন, ভাবনা আদি সাধাৰণ জীৱনৰ অংশ। যেতিয়া এইসমূহে কামনা, ঘৃণা, লালসা, আকোৰগোঁ‌জ, অহংকাৰ, নিষ্ঠুৰতা আদিৰ ৰূপ লয় তেতিয়াই এই ঋণাত্মক আৰু ধ্বংসাত্মক চৰিত্ৰই অসুৰৰ ৰূপ পায়। ১৪১৫

ব্ৰহ্মাণ্ড পুৰাণ

ৰ যুদ্ধ।]]

ব্ৰহ্মাণ্ড পুৰাণৰ বৰ্ণনাত কোৱা হৈছে যে অসুৰ শব্দটো ক্ষীৰ সাগৰৰপৰা নিৰ্গত হোৱা সুৰাৰ দেৱী বৰুণীক তেওঁ‌লোকে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰপৰাই (অ-সুৰা=অসুৰ) উদ্ভৱ হোৱা।১৬১৭

বিষ্ণু পুৰাণ

বিষ্ণু পুৰাণ মতে, সমুদ্ৰ মন্থনত সমুদ্ৰৰপৰা উদ্ভৱ হোৱা সুৰাৰ দেৱী বৰুণীক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই দৈত্যসকলে অসুৰ নাম পায়। আনহাতে দেৱতাসকলে বৰুণীক গ্ৰহণ কৰি সুৰ নাম লাভ কৰে।১৮

শিৱ পুৰাণ

আৰু বাণাসুৰৰ যুদ্ধ।]]

এলেইন ডেনিয়েল'ই মত প্ৰকাশ কৰিছে যে ভাৰতীয় কিংবদন্তিসমূহত অসুৰসকল প্ৰথমাৱস্থাত সুগুণসম্পন্ন আৰু শক্তিশালী আছিল। অৱশ্যে তেওঁলোকৰ প্ৰবৃত্তি ক্ৰমাৎ সলনি হ'বলৈ ধৰে। তেওঁলোকে অশুভ শক্তিক প্ৰতিনিধিত্ব কৰিবলৈ লোৱাৰ লগতে ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ ধৰে। শিৱ পুৰাণত কোৱা হৈছে যে অসুৰসকল দেৱতাবিদ্বেষী হৈ উঠে আৰু দেৱতাক ভাবুকি দিয়াৰ বাবে তেওঁলোকক সংহাৰ কৰিবলগা হয়।১৮১৯

ইয়াত অসুৰসকলক অহংকাৰী, পূজা-পাতল নকৰা, অত্যাচাৰী, দেৱতাসকলৰ প্ৰতি ঈৰ্ষান্বিত আৰু সততে দেৱতাসকলক যুদ্ধৰ বাবে প্ৰৰোচিত কৰা চৰিত্ৰৰ বুলি বৰ্ণোৱা হৈছে।১৮১৯

এলেইন ডেনিয়েল'ই কৈছে যে অসুৰৰ ধাৰণাটো প্ৰাচীন ভাৰতৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰিৱৰ্তনৰ লগতেই সলনি হয়। বৈদিক লোকসকলৰ শত্ৰুসকলে উপাসনা কৰা দৈত্য, আত্মা আৰু ভূতৰ সৈতে একাকাৰ হোৱাৰ ফলতেই অসুৰ আৰু ৰাক্ষসৰ কিংবদন্তিসমূহৰ জন্ম হয়। পুৰাণ আৰু মহাকাব্যসমূহত বৰ্ণিত দেৱতা আৰু অসুৰৰ মাজত হোৱা যুদ্ধ সম্ভৱতঃ প্ৰাচীন ভাৰতৰ অধিবাসী আৰু প্ৰব্ৰজনকাৰীসকলৰ মাজত হোৱা সংঘাত।১৯

প্ৰসংগ

ত চিত্ৰায়িত দেৱাসুৰৰ সমুদ্ৰ মন্থন]]

ভাৰতীয় পণ্ডিতকে ধৰি বিভিন্ন দেশৰ পণ্ডিতসকলে অসুৰ শব্দৰ শিপা বিচাৰি গৱেষণা কৰিছে। তেওঁলোকৰ মাজত মতভেদ দেখা পোৱা যায়।২

কুইপাৰে অসুৰসকল ব্ৰহ্মাণ্ডৰ উৎপত্তি সন্দৰ্ভত দেৱতাসকলৰ এক বিশেষ গোট বুলি মত প্ৰকাশ কৰিছে।২০ পৃথিৱী, আকাশ আৰু জীৱৰ উৎপত্তিৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী কালছোৱাত তেওঁলোকৰ ভূমিকাৰ পৰিৱৰ্তন ঘটিছে। আকাশ বা স্বৰ্গলোক দেৱতাৰ হোৱাৰ বিপৰীতে পাতাল’লোঁকত অসুৰসকলৰ অধিকাৰ সাব্যস্ত হৈছে। ইন্দ্ৰ শুভ শক্তিৰ প্ৰতিনিধি হোৱাৰ বিপৰীতে বৃত্ৰাসুৰ অশুভ শক্তিৰ পৰিচায়কৰূপে পৰিগণিত হৈছে।২০ শুভ আৰু অশুভ শক্তি অৰ্থাৎ সৃষ্টি আৰু সংহাৰৰ সংঘাতত শুভ শক্তিৰ পক্ষত থিয় হোৱা অসুৰসকলক দেৱতা আখ্যা দিয়া হৈছে আৰু অশুভ শক্তিৰপক্ষ লোৱাসকলে অসুৰ নাম পাইছে। ব্ৰহ্মাণ্ডৰ সকলোৰে প্ৰকৃতিত বিৰাজমান দ্বৈততাৰ এয়া প্ৰথমটো মতবাদ।২০২ হেলে (১৯৯৯) নিজৰ পৰ্যালোচনাত২ এই কথা কয় যে অসুৰ সম্পৰ্কে কুইপাৰৰ মতবাদ গ্ৰহণযোগ্য কিন্তু দুৰ্বল। কিয়নো বেদসমূহত বৃত্ৰক কেতিয়াও অসুৰ বুলি আখ্যা দিয়া নাই।২ দ্বিতীয়তে, ঋকবেদত অসুৰক দেৱতাৰ গোট বুলি আখ্যা দিয়া নাই। ই কুইপাৰৰ নিজা ধাৰণাহে।২

বিভিন্ন পণ্ডিতে অসুৰক কোনো বিশেষ জ্ঞান, যাদুকৰী শক্তি আৰু বিশেষ ক্ষমতাৰ অধিপতি বুলি বৰ্ণনা কৰিছে যিসমূহ তেওঁলোকে সৃষ্টিশীল অথবা ধ্বংসাত্মক কাৰ্যত ব্যৱহাৰ কৰে। ইয়াৰে প্ৰথমবিধো হৈছে দেৱতা অৰ্থ প্ৰকাশ কৰা অসুৰ আৰু দ্বিতীয়বিধ অশুভ বা দানৱ। কুইপাৰ, ব্ৰাউন, অ'ট্ট' আদিয়ে এই যুক্তি সমৰ্থন কৰিছে যদিও অসুৰ কেতিয়াৰপৰা দানৱ হিচাপে পৰিগণিত হ'ল তাৰ কোনো ব্যাখ্যা আগবঢ়োৱা নাই।২ অসুৰে ঈশ্বৰৰ সলনি তেওঁলোকৰ নিজৰ শক্তিৰ ওপৰতহে বিশ্বাস কৰে।২১

আনন্দ কুমাৰস্বামীয়ে মত আগবঢ়াই যে দেৱতা আৰু অসুৰৰ ধাৰণাটো গ্ৰীক কিংবদন্তিৰ দ্বাদশ অলিম্পিয়ান বা টাইটানৰ লগত তুলনা কৰিলেহে ভালদৰে বুজিব পৰা যায়। গ্ৰীক আখ্যানত দ্বাদশ অলিম্পিয়ান আৰু টাইটান দুয়োপক্ষ শক্তিশালী কিন্তু ভিন্ন বৈশিষ্ট্য আৰু প্ৰবৃত্তিযুক্ত। হিন্দু আখ্যানমতে দেৱতাসকল পোহৰৰ প্ৰতিনিধি আৰু ইয়াৰ বিপৰীতে অসুৰসকল আন্ধাৰৰ প্ৰতিনিধি।২২২ কুমাৰস্বামীৰ মতে এজন অসুৰৰ মাজতো দেৱতাৰ প্ৰকৃতি আছে আৰু দেৱতাৰ মাজতো অসুৰৰ প্ৰকৃতি আছে।২৩২৪

ইণ্ডো ইৰাণীয়ান

১৯ শতিকাত হ'গে এক ধাৰণা আগবঢ়ায় যে ভাষাতাত্ত্বিক দিশৰপৰা চাবলৈ গ'লে অসুৰ শব্দটোৰ উৎপত্তি হৈছে প্ৰাক-য'ৰ'ষ্ট্ৰিয়ান আৰু ইণ্ডো-ইৰাণীয়ান লোকসকলৰ অহুৰৰপৰা। উভয়ৰে ধৰ্মবিশ্বাসত অহুৰা (অসুৰ), বওৰুণ (বৰুণ) আৰু দেইৱৰ (দেৱতা) উপস্থিতি দেখা যায় কিন্তু তেওঁলোকৰ ভূমিকা বৈপৰীত্যধৰ্মী।২ প্ৰাক-য'ৰ'ষ্ট্ৰিয়ান সংস্কৃতিত অহুৰাই শুভ শক্তি সূচোৱাৰ বিপৰীতে বৈদিক ধৰ্মত অসুৰে অশুভ শক্তিক চিহ্নিত কৰে। আনহাতে প্ৰাক-য'ৰ'ষ্ট্ৰিয়ান সংস্কৃতিত দেইৱ অশুভ শক্তিৰ কাৰক হোৱাৰ বিপৰীতে বৈদিক ধৰ্মত দেৱতা শুভ শক্তিৰ প্ৰতিনিধি। এই বিপৰীতধৰ্মী ভূমিকাৰপৰা কিছুসংখ্যক পণ্ডিত এই সিদ্ধান্তলৈ আহে যে আদি-ইণ্ডো-ইউৰোপীয় সমাজসমূহৰ মাজত সংঘৰ্ষ হৈছিল আৰু তেওঁলোকৰ আৰাধ্য দেৱতাই তেওঁলোকৰ মাজত থকা পাৰ্থক্যখিনিকে প্ৰতিফলিত কৰিছিল।২ ১৮৮৫ চনত পিটাৰ ভন ব্ৰেডকেই এই ধাৰণাটোৰ ওপৰত বিস্তৃত গৱেষণা আৰু পৰ্যালোচনা চলায়।২৫২

কুইপাৰে ইণ্ডো-ইৰাণীয়ান কালৰ দেৱতা আৰু অসুৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে বিস্তাৰিত আলোচনা আগবঢ়াইছে।২৬ এইটোৰ লগতে অন্যান্য মতবাদসমূহে বিংশ শতিকাজুৰি বিকাশ লাভ কৰে। কিন্তু আধুনিক কালত এই মতবাদসমূহ সম্বন্ধে প্ৰত্নতাত্ত্বিক প্ৰমাণ নোহোৱাৰ ফলতেই প্ৰশ্ন উত্থাপিত হয়।২৭২ এচক' পাৰপ'লাই ভাষাতাত্ত্বিক আৰু প্ৰত্নতাত্ত্বিক প্ৰমাণ দাখিল কৰি এই বিতৰ্কক পুনৰ আলোচনাৰ মজিয়ালৈ আনে। অৱশ্যে তেওঁ আগবঢ়োৱা সূত্ৰসমূহ উৰালিক যুগৰো আগৰ হ'ব পাৰে।২৮

জাৰ্মান দেৱ-দেৱীৰে সম্পৰ্ক

এচক' পাৰপ'লাকে আদি কৰি কিছুসংখ্যক পণ্ডিতে মত পোষণ কৰে যে অসুৰ শব্দটো আদি-উৰালিক আৰু আদি-জাৰ্মান ইতিহাসৰ সৈতে জড়িত হ'ব পাৰে। বৈদিক সংস্কৃতৰ অসুৰ, প্ৰাচীন নৰ্ছৰ (ন'ৰৱে) এচিৰ আৰু আদি-উৰানিক এচেৰা, এই আটাইকেইটা শব্দৰ অৰ্থ অধিপতি, শক্তিশালী আত্মা বা দেৱতা।২৮২৯ পাৰপলাই লগতে কয় যে এচেৰা-অসুৰৰ উপৰি দুয়োধৰ্মৰ আখ্যানসমূহৰ ইনমাৰ-ইন্দ্ৰ, স্তম্পছ-স্তম্ভ আদি শব্দযুগলৰো এনে মিল আছে।২৮

বৈশিষ্ট্য

প্ৰাচীনতম বৈদিক সাহিত্যত সকলোবোৰ আতিভৌতিক শক্তিধাৰী প্ৰাণীক দেৱ (দেৱতা)৬৩০৩১৩২ আৰু অসুৰ বুলি কোৱা হৈছিল।২ ঋকবেদৰ এক বহুল উচ্চাৰিত শ্লোকত অসুৰ দেৱভ (দেৱতালৈ উত্তৰণ ঘটা অসুৰ) বুলি উল্লেখ কৰা হৈছে আৰু ই অসুৰ অদেৱঃ (অসুৰ দেৱতা নহয়) শ্লোকাংশৰ বিপৰীত অৰ্থ প্ৰকাশ কৰিছে।২০) প্ৰত্যেক অসুৰ আৰু দেৱতাৰে পিতৃ প্ৰজাপতি। তেওঁলোকৰ নিবাসস্থান (লোক) আৰু গ্ৰহণ কৰা পানীয়ও (সোম) একেই। তেওঁলোকৰ প্ৰত্যেকৰে নিজা প্ৰতিভা, জ্ঞান আৰু বিশেষ শক্তি আছে। দেৱত্ব লাভ কৰা অসুৰ আৰু অসুৰ হৈ ৰোৱা অসুৰৰ মাজত থকা পাৰ্থক্যসমূহ হৈছে তেওঁলোকৰ প্ৰবৃত্তি, কাম আৰু জীৱনত বাছি লোৱা পথসমূহ।২৪৩৩

অসুৰ হৈ ৰোৱা অসুৰসকল শক্তিশালী হোৱাৰ লগতে সোমৰস, ধন-সম্পত্তি, অহংকাৰ, ক্ৰোধ, উচ্ছৃংখল প্ৰকৃতি, বল আৰু হিংসাৰ প্ৰতি আসক্ত।৩৪৩৫ হিন্দু কিংবদন্তিসমূহৰ মতে যেতিয়া তেওঁলোকে কিবা হেৰুৱায়, অভাৱ অনুভয় কৰে বা যি বিচাৰে তাক নাপায় তেতিয়াই লুট-পাত আদি কৰিবলৈ দেৱত্ব লাভ কৰা অসুৰৰ ওপৰত আক্ৰমণ চলায়।৩৪৩৫

এই দুয়োটা গোটৰ মাজত হোৱা সংঘাত হিন্দুধৰ্মৰ আখ্যানসমূহৰ এক প্ৰধান সূত্ৰ। বহুতো ৰচনাত এই সংঘাতসমূহৰ বৰ্ণনা নিৰপেক্ষ দৃষ্টিভংগীৰে কৰা হৈছে।৩৩ ইয়াৰে কিছুসংখ্যক কাহিনী মহাকাব্য আৰু উৎসৱ-পাৰ্বণসমূহৰ মূল পৃষ্ঠভূমি। উদাহৰণস্বৰূপে ৰামায়ণ বা হিৰণ্যকশিপু আৰু নৰসিংহ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ কথা কোৱা হয়।৩৩৩৬

বৌদ্ধ কিংবদন্তিৰ মতে, দেৱতাসকল কিছু পৰিমাণে বাসনাত অনুৰক্ত হোৱাৰ বিপৰীতে অসুৰসকল বাসনাত আসক্ত। এই অসুৰসকলে মানুহতকৈ বহু সুখকৰ আৰু বিলাসী জীৱন-যাপন কৰে কিন্তু দেৱতাৰ প্ৰতি ঈৰ্ষাৰভাৱে ইয়াত নেতিবাচক প্ৰভাৱ পেলায়।

প্ৰতীকী অৰ্থ

এডেলমেনকে ধৰি অন্য কিছু পণ্ডিতে মত প্ৰকাশ কৰে যে হিন্দুধৰ্মত অসুৰৰ ধাৰণাটো পৌৰাণিক আৰু মধ্যযুগীয় সাহিত্যসমূহত এক প্ৰতীক ৰূপত পোৱা যায়।৩৭৩৮ উদাহৰণস্বৰূপে উপনিষদ্‌ৰ বৰ্ণনা অনুসৰি আত্ম কি আৰু ইয়াক কেনেকৈ প্ৰাপ্ত কৰিব পাৰি সেয়া জানিবলৈ দেৱতা আৰু অসুৰ প্ৰজাপতিৰ কাষ চাপে। প্ৰজাপতিয়ে প্ৰথমেই এটা সৰল উত্তৰ দিয়ে আৰু অসুৰসকলে তাকে মানি লৈ প্ৰস্থান কৰে। কিন্তু ইন্দ্ৰৰ নেতৃত্বত যোৱা দেৱগণে এই উত্তৰটো সহজে গ্ৰহণ নকৰি ইয়াৰ তাৎপৰ্যৰ বিষয়ে প্ৰশ্ন কৰে।৩৯ এডেলমেনে কয় যে উপনিষদে এই কথাকেই সোঁ‌ৱৰাই দিয়ে যে উপস্থাপিত ধাৰণাসমূহক লৈ সংগ্ৰাম কৰিব লাগিব। শিক্ষা গ্ৰহণ এক প্ৰক্ৰিয়া আৰু দেৱত্ব যত্নৰ বলতহে প্ৰাপ্ত হয়।৩৯ পুৰাণসমূহতো একেধৰণৰ কাহিনী পোৱা যায় য'ত প্ৰজাপতিৰ সলনি এজন ঋষিয়ে অসুৰৰাজ বিৰোচন আৰু দেৱৰাজ ইন্দ্ৰক আত্ম সম্পৰ্কে উত্তৰ দিয়ে।৩৯ বিৰোচনে উত্তৰ পায়েই সেই জ্ঞানক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথা ভাবি প্ৰস্থান কৰে। আনহাতে ইন্দ্ৰই ঋষিক অভ্যন্তৰীণ আনন্দ আৰু শক্তি লাভৰ বাবে প্ৰশ্ন কৰা অব্যাহত ৰাখে। ৩৯

এডেলমেনৰ মতে দেৱতা আৰু অসুৰ প্ৰতীকাৰ্থত প্ৰতিজন মানুহৰ অভ্যন্তৰত থকা বিপৰীতমুখী শক্তি আৰু সেয়ে এই ধাৰণাটো কোনো জীৱ প্ৰজাতিৰ সলনি আধ্যাত্মিকহে।৪০ ভাগৱত পুৰাণৰ কাহিনী অনুসৰি অসুৰৰ পৰিয়ালতো বলিৰজা বা প্ৰহ্লাদৰ দৰে সাধুলোকৰ জন্ম হয় আৰু বংশবৃক্ষতকৈও কৰ্মৰদ্বাৰাহে দেৱত্ব বা অসুৰত্বৰ প্ৰাপ্তি হয়।৪০

অসুৰি

অসুৰৰ স্ত্ৰীলিংগ অসুৰিৰ অৰ্থ হৈছে হৈছে দানৱ বা আত্মাৰ সৈতে সম্পৰ্ক থকা।৪১ অসুৰৰ দৰে অসুৰিসকলো শক্তিশালী জীৱ আৰু প্ৰাক-বৈদিক সাহিত্যত ই সকলো দেৱীকে সূচায়।৪২ ভাৰতীয় সাহিত্যত অসুৰিয়ে ৰাক্ষসীকো বুজায়।৪৩২

অসুৰিসকলৰ শক্তি ৰোগবিশেষৰ নিৰাময়কাৰী গছ-লতিকাৰ সৈতে জড়িত।৪৪৪৫

অথৰ্ববেদৰ মতে অসুৰিয়ে ইন্দ্ৰক মোহিত কৰিবলৈ নিজৰ জ্ঞানৰ প্ৰয়োগ কৰে।৪৬

বৌদ্ধধৰ্ম

বৌদ্ধধৰ্মৰ মতে অসুৰ হৈছে পূৰ্বজন্ম বা বৰ্তমানৰ জন্মৰ কৰ্মফলত জন্ম লোৱা একপ্ৰকাৰৰ আতিভৌতিক শক্তিসম্পন্ন জীৱ।৪৭ তেওঁলোকৰ বাসস্থান সুমেৰু পৰ্বতৰ নিম্নাংশত। তেওঁলোক সততে দেৱতাৰ সৈতে ঈৰ্ষাজনিত যুদ্ধ-বিগ্ৰহত লিপ্ত থাকে।৪৮ পূব আৰু দক্ষিণ-পূব এছিয়ালৈ বৌদ্ধধৰ্মৰ প্ৰসাৰৰ লগে লগে অসুৰ সম্পৰ্কে ভাৰতীয় ধাৰণাসমূহ বৌদ্ধধৰ্মৰ সৈতে সংমিশ্ৰিত হৈ পৰে।৪৮

তথ্যসূত্ৰ

  1. ↑ Robert Beer The Handbook of Tibetan Buddhist Symbols Serindia Publications 2003 page 246
  2. ↑ Hale, Wash Edward. (1999). Ásura in Early Vedic Religion. Motilal Barnarsidass. ISBN 978-8120800618
  3. ↑ Don Handelman (2013), One God, Two Goddesses, Three Studies of South Indian Cosmology, Brill Academic,, pages 23–29
  4. ↑ Wendy Doniger (1988), Textual Sources for the Study of Hinduism, Manchester University Press,, p. 67
  5. ↑ Robert E. Buswell Jr., Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. পৃ. 411. ISBN 978-1400848058
  6. ↑ Monier Monier-Williams, A Sanskrit-English Dictionary” Etymologically and Philologically Arranged to cognate Indo-European Languages, Motilal Banarsidass, page 121
  7. ↑ Malalasekera, G.P. (2007). Dictionary of Pali Proper Names. Motilal Banarsidass Publishers. ISBN 978-81-208-3020-2
  8. ↑ Asko Parpola (2015), The Roots of Hinduism: The Early Aryans and the Indus Civilization, Oxford University Press,, pages 114-116
  9. ↑ P.L. Bhargava, Vedic Religion and Culture, South Asia Books
  10. ↑ Mandala 1, Hymn 35 Ralph T Griffith, Wikisource
  11. ↑ Stephanie Jamison. (2015). The Rigveda – Earliest religious poetry of India. Oxford University Press. পৃ. 142. ISBN 978-0190633394
  12. ↑ Rig Veda Sanskrit text, Wikisource
  13. ↑ Oertel, Hanns. (1896). The Jāiminīya or Talavakāra Upaniṣad Brāhmaṇa. Journal of the American Oriental Society; JSTOR. পৃ. 193
  14. ↑ Jeaneane D Fowler (2012), The Bhagavad Gita, Sussex Academic Press,, pages 253-262
  15. ↑ Christopher K Chapple (2010), The Bhagavad Gita: Twenty-fifth–Anniversary Edition, State University of New York Press,, pages 610-629
  16. ↑ G.V.Tagare. Brahmanda Purana - English Translation - Part 4 of 5. পৃ. 1063 (9.66-69)
  17. ↑ Sanskrit Dictionary for Spoken Sanskrit: 'Sura'. spokensanskrit.org
  18. ↑ Roshen Dalal (2011). Hinduism: An Alphabetical Guide, p.46. Penguin Books India
  19. ↑ Alain Daniélou (1991). The Myths and Gods of India: The Classic Work on Hindu Polytheism from the Princeton Bollingen Series, pp. 141–142. Inner Traditions / Bear & Co
  20. ↑ FBJ Kuiper (1975), The Basic Concept of Vedic Religion, History of Religion, volume 15, pages 108-112
  21. ↑ Bahadur, Om Lata. (1996). The book of Hindu festivals and ceremonies. UBS Publishers Distributors ltd. পৃ. 168. ISBN 81-86112-23-5
  22. ↑ Ananda Coomaraswamy (1935), Angel and Titan: An Essay in Vedic Ontology, Journal of the American Oriental Society, volume 55, pages 373-374
  23. ↑ Ananda Coomaraswamy (1935), Angel and Titan: An Essay in Vedic Ontology, Journal of the American Oriental Society, volume 55, page 374
  24. ↑ Nicholas Gier (1995), Hindu Titanism, Philosophy East and West, Volume 45, Number 1, pages 76, see also 73-96
  25. ↑ P. von Bradke (1885), Dyaus Asuras, Ahura Mazda und die Asuras, Max Niemeyer, Reprinted as
  26. ↑ F.B. J.Kuiper, Ancient Indian Cosmogony, Bombay 1983
  27. ↑ Herrenschmidt, Clarisse; Kellens, Jean. (1993). Encyclopaedia Iranica. Mazda. পৃ. 599–602
  28. ↑ Asko Parpola (2015), The Roots of Hinduism: The Early Aryans and the Indus Civilization, Oxford University Press,, pages 66–67, 82–109
  29. ↑ Douglas Adams (1997), King, in Encyclopedia of Indo-European Culture, Routledge,, page 330
  30. ↑ Deva. Encyclopaedia Britannica
  31. ↑ Coulter, Charles Russell; Turner, Patricia. Encyclopedia of Ancient Deities. পৃ. 147
  32. ↑ Williams, George. (2008). A Handbook of Hindu Mythology. Oxford University Press. পৃ. 90, 112. ISBN 978-0195332612
  33. ↑ Bonnefoy, Yves; Doniger, Wendy. (1993). Asian Mythologies. University of Chicago Press. পৃ. 52–53. ISBN 978-0226064567
  34. ↑ Gier, Nicholas. (1995). Hindu titanism. Philosophy East and West. পৃ. 76-80
  35. ↑ Kramrisch, Stella; Burnier, Raymond. (1986). The Hindu Temple. Motilal Banarsidass. পৃ. 75-78. ISBN 978-8120802230
  36. ↑ Doniger. (2000). Merriam-Webster's Encyclopedia of World Religions. Merriam-Webster. পৃ. 455. ISBN 978-0877790440
  37. ↑ Jonathan Edelmann (2013), Hindu Theology as Churning the Latent, Journal of the American Academy of Religion, Volume 81, Issue 2, pages 427-466
  38. ↑ Doris Srinivasan (1997), Many Heads, Arms and Eyes: Origin, Meaning, and Form of Multiplicity in Indian Art, Brill Academic,, pages 130-131
  39. ↑ Jonathan Edelmann (2013), Hindu Theology as Churning the Latent, Journal of the American Academy of Religion, Volume 81, Issue 2, pages 439-441
  40. ↑ Jonathan Edelmann (2013), Hindu Theology as Churning the Latent, Journal of the American Academy of Religion, Volume 81, Issue 2, pages 440-442
  41. ↑ American Oriental Society (1852). Proceedings (American Oriental Society) 1874-1893, p.xv
  42. ↑ Coburn, Thomas B. (1988). Devī-Māhātmya, p.200. Motilal Banarsidass Publications
  43. ↑ Bodewitz, H. W. (1990). The Jyotiṣṭoma Ritual: Jaiminīya Brāhmaṇa I, 66-364, p.265. Volume 34 of Orientalia Rheno-traiectina
  44. ↑ Shende, N.J. (1967). Kavi and kāvya in the Atharvaveda, p. 22. Issue 1 of Publications of the Centre of Advanced Study in Sanskrit, Centre of Advanced Study in Sanskrit, University of Poona
  45. ↑ Garg, Gaṅgā Rām (1992). Encyclopaedia of the Hindu World: Ar-Az, p.751. Volume 3 of Encyclopaedia of the Hindu World. Concept Publishing Company
  46. ↑ Hymns of the Atharva Veda, Ralph T.H. Griffith (Translator), Luzac and Co., London, page 344
  47. ↑ Norman C. McClelland. (2010). Encyclopedia of Reincarnation and Karma. McFarland. পৃ. 32–34, 136. ISBN 978-0-7864-5675-8
  48. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 76. ISBN 978-1-4008-4805-8

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তিঅসুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসুৰ” প্ৰবন্ধৰ সংশোধন ৬৩১১৫১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।