অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুমালী

সুমালী (Sumali) ৰাক্ষস ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ সন্তান আছিল। তেওঁৰ দুজন ভাই আছিল মাল্যবান আৰু মালী। সুমালী কেতুমতীক বিবাহ কৰাইছিল। তেওঁৰ ১০গৰাকী পুত্ৰ আছিল ক্ৰমে- (প্ৰহস্ত, অকম্পন, বিকট, কালিকামুখা, ধুমৰক্ষ, দণ্ড, সুপ্ৰস্ব, সংৰাদি, প্ৰঘাস (Praghasa) আৰু ভাস্কৰ্ণ) আৰু ৪গৰাকী কন্যা…

হালনাগাদ: ১৯ এপ্ৰিল ২০২৪ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

সুমালী (Sumali) ৰাক্ষস ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ সন্তান আছিল।১ তেওঁৰ দুজন ভাই আছিল মাল্যবান আৰু মালী। সুমালী কেতুমতীক বিবাহ কৰাইছিল। তেওঁৰ ১০গৰাকী পুত্ৰ আছিল ক্ৰমে- (প্ৰহস্ত, অকম্পন, বিকট, কালিকামুখা, ধুমৰক্ষ, দণ্ড, সুপ্ৰস্ব, সংৰাদি, প্ৰঘাস (Praghasa) আৰু ভাস্কৰ্ণ) আৰু ৪গৰাকী কন্যা ক্ৰমে- ৰাকা (Raka), পুষ্পটকতা (Puspotkata), কৈকেষী আৰু কুম্ভনাশী। তেওঁৰ কন্যা কৈকেষী ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এটি কন্যা শূৰ্পনখাৰ জন্ম হয়।২

শিৱৰ পৰা বৰ প্ৰাপ্ত কৰি সুকেশৰ তিনি পুত্ৰ সুমালী, মাল্যবান আৰু মালী অহংকাৰী হৈ পৰিছিল আৰু দেৱতা, ঋষি-মুনিসকলক অত্যাচাৰ কৰিবলৈ লৈছিল৷ অত্যাচাৰ সহিব নোৱাৰি গন্ধৰ্ব, দেৱতাসকলে শিৱৰ ওচৰত গৈ সুকেশৰ তিনি পুত্ৰক বধ কৰিবলৈ কয় যদিও শিৱই সুকেশক লালনপালন কৰা হেতু সিহঁতক বধ কৰিবলৈ অস্বীকাৰ কৰে আৰু ভগৱান বিষ্ণুৰ ওচৰলৈহে যাবলৈ কয়৷

দেৱতাসকলে মালীৰ ৰাজ্য আক্ৰমণ কৰাৰ আগতে গোপন সূত্ৰে মালীয়ে এই খবৰ পায় আৰু সিঁহতেও দেৱতাসকল আক্ৰমণ কৰিবলৈ সাজু হৈ যায়৷ পিছত ভগৱান বিষ্ণু আৰু ৰাক্ষসসকলৰ মাজত এক ভয়ানক যুদ্ধ আৰম্ভ হয়৷ অৱশেষত বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সুমালীৰ ভাতৃ মালীক বধ কৰে৷ মালীৰ মৃত্যু হোৱা দেখি সুমালী আৰু মাল্যবান আৰু যুদ্ধ ক্ষেত্ৰৰ পৰা পলাই যায়৷

ইয়াৰ পিছত ভগৱান বিষ্ণুৰ আদেশ মতে লংকাত কুবেৰে শাসন কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ ancientvoice.wikidot.com/src-vrm:ram7-5
  2. ↑ Mittal, J. P. (2006). History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰৰামায়ণৰ ৰাক্ষস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমালী” প্ৰবন্ধৰ সংশোধন ৪১৮৭৯১ (১৯ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।