অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বিশ্বামিত্ৰ

বিশ্বামিত্ৰ (विश्वामित्र) হোওছে প্ৰাচীন ভাৰতৰ এগৰাকী প্ৰখ্যাত ঋষি। গায়ত্ৰী মন্ত্ৰকে আদি কৰি ঋকবেদৰ তৃতীয় মণ্ডলৰ প্ৰায়বোৰ অংশ ৰচনাৰ কৃতিত্ব তেওঁকে দিয়া হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বিশ্বামিত্ৰ (विश्वामित्र) হোওছে প্ৰাচীন ভাৰতৰ এগৰাকী প্ৰখ্যাত ঋষি। গায়ত্ৰী মন্ত্ৰকে আদি কৰি ঋকবেদৰ তৃতীয় মণ্ডলৰ প্ৰায়বোৰ অংশ ৰচনাৰ কৃতিত্ব তেওঁকে দিয়া হয়। পুৰাণসমূহত সৃষ্টিৰ আদিৰে পৰা বিদ্যমান ২৪গৰাকী ঋষিৰ উল্লেখ আছে যিসকলে গায়ত্ৰী মন্ত্ৰৰ সম্পূৰ্ণ অৰ্থ অনুধাৱন কৰি এই মন্ত্ৰৰ সমস্ত শক্তি ধাৰণ কৰিছিল। ইয়াৰ ভিতৰত বিশ্বামিত্ৰ হৈছে প্ৰথমগৰাকী আৰু যাজ্ঞবল্ক্য অন্তিমগৰাকী ঋষি।

সাহিত্যৰ সূত্ৰ

ঐতিহাসিকভাৱে বিশ্বামিত্ৰ গথিনা এজন ঋকবৈদিক ঋষি আছিল যি আছিল ঋগবেদৰ তৃতীয় মণ্ডলৰ মুখ্য ৰচয়িতা।১ বশিষ্ঠৰ আগলৈকে তেওঁ ভৰত জনজাতিৰ ৰজা সুদাসৰ পুৰোহিত আছিল। ২ তেওঁ ভৰতসকলক বিপাস আৰু সুতুদ্ৰী নদী অতিক্ৰম কৰাত সহায় কৰিছিল।৩ পৰৱৰ্তী হিন্দু গ্ৰন্থসমূহত বিশ্বামিত্ৰ আৰু বশিষ্ঠৰ দীৰ্ঘদিনীয়া বিবাদৰ কথা বৰ্ণনা কৰা হৈছে। পণ্ডিতসকলৰ মতে যে ভৰতসকলৰ পুৰোহিতৰ স্থিতি সম্পৰ্কে ঐতিহাসিকভাৱে তেওঁলোকৰ মাজত বিবাদ হৈছিল। অৱশ্যে অভ্যন্তৰীণ প্ৰমাণৰ অভাৱ আৰু ঋকবেদৰ ওপৰত পৰৱৰ্তী কালৰ মতামতৰ বাবে এই দৃষ্টিভংগীক সমালোচনা কৰা হৈছে।৩৪

বিশ্বমিত্ৰৰ জীৱনৰ সৈতে সম্পৰ্কিত বেছিভাগ কাহিনী বাল্মীকি ৰামায়ণত বৰ্ণনা কৰা হৈছে। ৫ বিশ্বামিত্ৰ প্ৰাচীন ভাৰতৰ এজন ৰজা আছিল যাক কৌশিক (কুশৰ বংশধৰ) বুলিও কোৱা হয়। তেওঁ আছিল অমাৱসু ৰাজবংশৰ। বিশ্বামিত্ৰ মূলতঃ কান্যকুব্জৰ (আধুনিক দিনৰ কনৌজ) চন্দ্ৰবংশী (সোমবংশী) ৰজা। তেওঁ এজন বীৰ যোদ্ধা আৰু কুশ নামৰ এজন মহান ৰজাৰ বংশধৰ আছিল।

তথ্যসূত্ৰ

  1. ↑ Jamison, Stephanie; Brereton, Joel. (2014). The Rigveda: 3-Volume Set. Oxford University Press. পৃ. 464. ISBN 978-0-19-972078-1
  2. ↑ Jamison Brereton 2014, পৃ. 465
  3. ↑ Witzel, Michael. (1995). The Indo-Aryans of Ancient South Asia: Language, Material Culture and Ethnicity. De Gruyter. পৃ. 248-249, 251
  4. ↑ Jamison Brereton 2014, পৃ. 1015-1016
  5. ↑ Valmiki Ramayana. Valmikiramayan.net

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন ভাৰতীয় ঋষি-মুনি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বামিত্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩০৮৩১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।