কেতুমতী (Ketumati) ৰাক্ষষ ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ পুত্ৰ সুমালীৰ দাম্পত্য সঙ্গী আছিল৷১ তেওঁ আছিল গন্ধৰ্ব ৰাজকুমাৰী নৰ্মদাৰ কন্যা৷ তেওঁ ১০ গৰাকী পুত্ৰ আৰু ৪ গৰাকী কন্যা সন্তানৰ মাতৃ আছিল৷২
তেওঁৰ ভনী দুগৰাকীৰ নাম হৈছে- বসুদা আৰু সুন্দৰী,২ যাক মালী আৰু মাল্যবানে বিবাহ কৰাইছিল৷ তেওঁৰ কন্যা কৈকেষী ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এটি কন্যা শূৰ্পনখাৰ জন্ম হয়।৩
তথ্যসূত্ৰ
- ↑ ancientvoice.wikidot.com/src-vrm:ram7-5
- ↑ Ketumati wife sumali.. Indianetzone.com
- ↑ Mittal, J. P. (2006). History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেতুমতী” প্ৰবন্ধৰ সংশোধন ৫৯৮২৯৬ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।