অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

নাৰদ

নাৰদ, হিন্দু পুৰাণমতে কলহসংঘটক নামেৰে খ্যাত এজন দেবৰ্ষি। তেওঁ ব্ৰহ্মাৰ মানসপুত্ৰ। নাৰদক ধীৰ, গম্ভীৰ, সৰ্বজ্ঞ আৰু ভগৱৎ ভক্তিৰ পৰিচায়ক হিচাপেই পৰিচিত। হৰিবংশত নাৰদক পৰম বিষ্ণুভক্ত ৰূপত উল্লেখ পোৱা যায়।

হালনাগাদ: ১২ মে’ ২০২৪ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

নাৰদ, হিন্দু পুৰাণমতে কলহসংঘটক নামেৰে খ্যাত এজন দেবৰ্ষি। তেওঁ ব্ৰহ্মাৰ মানসপুত্ৰ।

নাৰদক ধীৰ, গম্ভীৰ, সৰ্বজ্ঞ আৰু ভগৱৎ ভক্তিৰ পৰিচায়ক হিচাপেই পৰিচিত। হৰিবংশত নাৰদক পৰম বিষ্ণুভক্ত ৰূপত উল্লেখ পোৱা যায়।১

নাৰদ যথেষ্ট শিক্ষিত আছিল। চাৰি বেদ, ইতিহাস, পুৰাণ, দেৱবিদ্যা, ব্ৰহ্মবিদ্যা, ভূতবিদ্যা, ক্ষত্ৰবিদ্যা, নক্ষত্ৰবিদ্যা, দেৱযজনবিদ্যা আদিৰ দৰে বিষয়বোৰ তেওঁৰ নখ-দৰ্পণত আছিল।২

ভৃগুৰত্ৰিৰ্বশিষ্ঠশ্চ বিশ্বকৰ্মা ময়স্তথা। নাৰদো নগ্নজিচ্চৈৱ বিশালাক্ষঃ পুৰন্দৰঃ॥অষ্টাদশৈতে বিখ্যাতা বাস্তুশাস্ত্ৰোপদেশকাঃ॥

তথ্যসূত্ৰ

  1. ↑ পুৰণি অসমীয়া সাহিত্যত ‘নাৰদ’. nilacharai.com
  2. ↑ মৎস্য পুৰাণ. পৃ. ২,৩ আৰু ৪

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰদ” প্ৰবন্ধৰ সংশোধন ৪২১০৩৬ (১২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।