অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

লংকাৰ শাসকসকলৰ তালিকা

লংকা বা লংকাপুৰী বা স্বৰ্ণ লংকা হৈছে ৰামায়ণ আৰু মহাভাৰত মহাকাব্যত উল্লিখিত কিংবদন্তি ৰাক্ষসৰাজ ৰাৱণৰ দুৰ্গসদৃশ নগৰ-দ্বীপ। এই নগৰ ত্ৰিকুট পৰ্বতমালা নামেৰে জনাজাত তিনিটা পৰ্বত শৃংগৰ মাজৰ এটা মালভূমিত অৱস্থিত আছিল। প্ৰাচীন লংকা নগৰখনত হনুমানে অগ্নিসংযোগ কৰিছিল বুলি বিশ্বাস কৰা হয়।

হালনাগাদ: ৫ আগষ্ট ২০২৫ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

লংকা বা লংকাপুৰী বা স্বৰ্ণ লংকা হৈছে ৰামায়ণ আৰু মহাভাৰত মহাকাব্যত উল্লিখিত কিংবদন্তি ৰাক্ষসৰাজ ৰাৱণৰ দুৰ্গসদৃশ নগৰ-দ্বীপ। এই নগৰ ত্ৰিকুট পৰ্বতমালা নামেৰে জনাজাত তিনিটা পৰ্বত শৃংগৰ মাজৰ এটা মালভূমিত অৱস্থিত আছিল। প্ৰাচীন লংকা নগৰখনত হনুমানে অগ্নিসংযোগ কৰিছিল বুলি বিশ্বাস কৰা হয়। ৰাৱণৰ ভায়েক বিভীষণৰ সহায়ত ৰামে ইয়াৰ অধিপতি ৰাৱণক হত্যা কৰাৰ পিছত বিভীষণক লংকাপুৰীৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰা হয়। পূৰ্বৰ লংকাই বৰ্তমানৰ শ্ৰীলংকা বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ বংশধৰসকলে পাণ্ডৱসকলৰ সময়ত ৰাজ্য শাসন কৰিছিল বুলি কোৱা হয়। মহাভাৰতৰ মতে, পাণ্ডৱ সহদেৱে যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞৰ বাবে তেওঁৰ দক্ষিণৰ সামৰিক অভিযানৰ সময়ত এই ৰাজ্য ভ্ৰমণ কৰিছিল।

লংকাৰ শাসকসকল

ৰামায়ণ আৰু মহাভাৰত উভয়ৰে মতে, লংকা আদিতে সুমালী নামৰ এজন ৰাক্ষসে শাসন কৰিছিল। পৰৱৰ্তী কালত কুবেৰে লংকা দখল কৰে আৰু যক্ষ ৰাজ্য স্থাপন কৰে। তেওঁৰ ৰাজধানী ৰাক্ষসসকলৰ দ্বাৰা সুৰক্ষিত আছিল। তেওঁৰ সতীয়া ভ্ৰাতৃ তথা বিশ্ৰবা আৰু সুমালীৰ জীয়ৰী কৈকেষীৰ পুত্ৰ ৰাৱণে কুবেৰৰ সৈতে দ্বন্দ্বত লিপ্ত হৈ তেওঁক লংকাৰ ৰাজসিংহাসনৰ পৰা অপসাৰণ কৰে আৰু নিজে ৰজা হয়। লংকাৰ যুদ্ধ দ্বাদশ শতিকাৰ ক্ষ্মেৰ মন্দিৰ এংকৰ ৱাটত চিত্ৰিত কৰা হৈছে। ৰাৱণৰ মৃত্যুৰ পিছত বিভীষণ লংকাৰ সিংসাহনত বহে।

শাসকসকল

  • হেতি আৰু প্ৰহেতি সাগৰীয় স্তন্যপায়ী প্ৰাণী আছিল। ব্ৰহ্মাই যেতিয়া পৃথিৱীত লুণীয়া পানীৰ সাগৰ নিৰ্মাণ কৰি আছিল তেতিয়া সিঁহতে তেওঁক বিচলিত কৰিছিল৷ যাৰ ফলত ব্ৰহ্মাই সিঁহতক অসুৰ হ’বলৈ অভিশাপ দিছিল আৰু তেওঁলোকে লংকা নামৰ এটা দ্বীপত ৰাজ্য গঠন কৰিছিল।
  • বিধুৎকেশ হেতিৰ সন্তান আছিল৷
  • সুকেশ বিধুৎকেশৰ পুত্ৰ আছিল৷
  • মাল্যবান, সুমালী আৰু মালী সুকেশৰ পুত্ৰ আছিল৷
  • কুবেৰ এগৰাকী যক্ষ ৰজা আছিল। ভগৱান বিষ্ণুৰ আদেশমৰ্মে তেওঁ পুনৰ লংকা নিৰ্মাণ কৰিছিল আৰু শাসন কৰিছিল।
  • ব্ৰহ্মা আৰু শিৱৰ পৰা বৰ প্ৰাপ্ত কৰাৰ পিছত ৰাৱণে তেওঁৰ ডাঙৰ ভায়েক কুবেৰক লংকাৰ পৰা পলাই যাবলৈ বাধ্য কৰাইছিল আৰু তেওঁ লংকাৰ ৰাজকুমাৰ হৈছিল আৰু সুমালীক পুনৰ লংকাৰ ৰজা পাতিছিল। সুমালীৰ মৃত্যুৰ পিছত তেৱেঁ লংকা শাসন কৰিছিল৷
  • ৰাৱণৰ মৃত্যুৰ পিছত ভগৱান ৰামৰ নিৰ্দেশ মতে, বিভীষণে লংকা শাসন কৰিছিল৷

গ্ৰন্থপঞ্জী

সম্পৰ্কিত শ্ৰেণী

তালিকাসমূহৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লংকাৰ শাসকসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৩০৩৮৯ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।