কেৱট (Kewat)১ হিন্দু মহাকাব্য ৰামায়ণৰ এটি চৰিত্ৰ৷ বনবাসৰ সময়ত তেৱেঁ ৰাম, সীতা আৰু লক্ষ্মণক নাৱত তুলি লৈ গঙ্গা নদী পাৰ কৰাই দিছিল৷২৩ এই কাহিনীটো ৰামায়ণৰ অযোধ্যা কাণ্ডত বৰ্ণিত আছে৷৪
কিংবদন্তি
কেৱট হৰিবংশ কীৰ সমাজৰ লোক আছিল। কেৱট শ্ৰীৰামচন্দ্ৰৰ এগৰাকী বিশেষ ভক্ত আছিল। কোৱা হয় যে, পৃথিৱীৰ আৰম্ভণিতে যেতিয়া গোটেই পৃথিৱীখন প্লাবিত হৈছিল, তেতিয়া নাৱৰীয়াগৰাকী এটি কাছৰ অৱতাৰত জন্মগ্ৰহণ কৰিছিল। কাছ অৱতাৰত তেওঁ ঈশ্বৰৰ প্ৰতি এক মহান ভক্তিভাৱ ৰাখিছিল। তেওঁ তেওঁৰ মুক্তিৰ বাবে ভগৱান বিষ্ণুৰ বুঢ়া আঙুলি স্পৰ্শ কৰিবলৈ অপাৰ চেষ্টা চলায় যদিও তেওঁ বিফল হয়৷ অৱশেষত তেওঁ বহু যুগ ভগৱানৰ ওচৰত তপস্যা কৰিছিল আৰু ত্ৰেতা যুগত, এগৰাকী নাৱৰীয়া হিচাপে জন্ম গ্ৰহণ কৰিছিল৷ ভগৱান বিষ্ণুৰ অৱতাৰ ভগৱান ৰামক সেৱা কৰিছিল৷৫৬৭৮
তথ্যসূত্ৰ
- ↑ www.patrika.com/festivals/kewat-jayanti-2019-in-
- ↑ www.amarujala.com/uttarakhand/champawat/kevat-to
- ↑ www.jagran.com/uttar-pradesh/varanasi-city-14764
- ↑ www.telegraphindia.com/india/pm-narendra-modi-to
- ↑ www.bhaskar.com/state/haryana/news/haryana-news-
- ↑ hindi.webdunia.com/hindu-religion/ramayan-kevat-
- ↑ aajtak.intoday.in/story/lord-shri-ram-where-met-
- ↑ www.amarujala.com/photo-gallery/entertainment/bo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৱট” প্ৰবন্ধৰ সংশোধন ৪১৯১৫০ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।