নেপালৰ (Nepal नेपाल), চৰকাৰী নাম হৈছে সংঘীয় লোকতান্ত্ৰিক গণতন্ত্ৰ নেপাল। দক্ষিণ এছিয়াত অৱস্থিত নেপাল এখন সাৰ্বভৌমত্ব ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ১৪৭,১৮১ বৰ্গ কিঃমিঃ (৫৬,৮২৭ বৰ্গ মাইল)১ আৰু জনসংখ্যা প্ৰায় ২.৭ কোটি২। নেপালৰ উত্তৰ দিশত চীন দেশ, দক্ষিণ, পূৱ আৰু পশ্চিম দিশত ভাৰত অৱস্থিত।
নেপালৰ ৰাজধানী হৈছে কাঠমাণ্ডু আৰু ৰাষ্ট্ৰখনৰ বৃহত্তম মহানগৰ। কাঠমাণ্ডুৰ মুঠ জনসংখ্যা প্ৰায় ৫০ লাখ।
নেপালৰ উত্তৰ দিশত পৃথিৱীৰ দহটা সৰ্ব্বোচ্চ পৰ্বতৰ ভিতৰত আঠোটাই ইয়াত অৱস্থিত। পৃথিৱীৰ উচ্চতম স্থান মাউণ্ট এভাৰেষ্ট (নেপালীত সাগৰমাথা বোলা হয়) ইয়াতেই অৱস্থিত। ইয়াত ২০,০০০ ফুট (৬,০৯৬ মিটাৰ)ৰো অধিক উচ্চতাৰ ২৪০ তাৰো অধিক শৃংগ আছে।৩ নেপালৰ দক্ষিণ অঞ্চলটো সাৰুৱা আৰু আৰ্দ্ৰ হোৱা হেতু ইয়াৰ জনবসতি বেছি।
নেপালৰ মুঠ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠই হৈছে হিন্দু ধৰ্মাৱলম্বী লোক।৪ ইয়াৰ ৮১% নেপালী লোকেই হিন্দু। বৌদ্ধ ধৰ্ম লোকৰ সংখ্যা কম যদিও এই ধৰ্মৰ ইতিহাসৰ লগত নেপাল ওতপ্ৰোতভাৱে জড়িত আছে।
নামৰ উৎপত্তি
"নেপাল" নামৰ উৎপত্তি কিদৰে হ'ল সঠিক ভাৱে জনা নাযায়। তথাপি প্ৰায়বিলাকৰ মতে "নে" অৰ্থাৎ "পৱিত্ৰ" আৰু "পাল" অৰ্থাৎ "গুহা" - এই দুটা শব্দৰ পৰা গঠিত হৈছে। অৰ্থাৎ নেপাল মানে "পৱিত্ৰ গুহা"।
ভূগোল
thumb|left|300px|নেপালৰ ভৌগোলিক মানচিত্ৰ নেপালৰ ভূ-প্ৰকৃতি অত্যন্ত বৈচিত্ৰপূৰ্ণ। নেপালৰ আকৃতি এটা চতুৰ্ভুজৰ নিচিনা, প্ৰায় ৮০০ কিঃমিঃ (৫০০মাইল) দৈৰ্ঘ্য আৰু ২০০ কিঃমিঃ (১২৫ মাইল) প্ৰস্থ। নেপালৰ মুঠ মাটিকালি প্ৰায় ১৪৭,১৮১ বৰ্গকিঃমিঃ (৫৬,৮২৭ বৰ্গমাইল)। ভূ-প্ৰকৃতিৰ বৈচিত্ৰ্যঅনুসৰি নেপালক তিনিটা ভাগত ভাগ কৰা হৈছে - পৰ্বত, পাহাৰ আৰু তৰাই।
প্ৰধান ভৌগোলিক অঞ্চল:
- হিমালয় অঞ্চল
- পাহাৰ অঞ্চল
- তৰাই অঞ্চল
প্ৰশাসনিক অঞ্চলসমূহ

নেপালক মূলতঃ ৫টা উন্নয়ন মণ্ডলত ভাগ কৰা হৈছে। এই উন্নয়ন মণ্ডল সমূহক পুনৰ ১৪টা প্ৰশাসনিক অঞ্চল (अञ्चल) আৰু ৭৫খন জিলাত (जिल्ला) ভাগ কৰা হৈছে।
- পূৰ্বাঞ্চল
- মেচী অঞ্চল
- কোশী অঞ্চল
- সগৰমাথা অঞ্চল
- মধ্যাঞ্চল
- জনকপুৰ অঞ্চল
- বাগমতী অঞ্চল
- নাৰায়ণী অঞ্চল
- পশ্চিমাঞ্চল
- গণ্ডকী অঞ্চল
- লুম্বিনী অঞ্চল
- ধৱলাগিৰী অঞ্চল
- মধ্যপশ্চিমাঞ্চল
- ৰাপ্তী অঞ্চল
- কৰ্ণালী অঞ্চল
- ভেৰী অঞ্চল
- সুদূৰ পশ্চিমাঞ্চল
- সেতী অঞ্চল
- মহাকালী অঞ্চল
শিক্ষা
নেপালৰ কেইখনমান উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে:
- ত্ৰিভুৱন বিশ্ববিদ্যালয়
- কাঠমাণ্ডু বিশ্ববিদ্যালয়
- পোখৰা বিশ্ববিদ্যালয়
- নেপাল কৃষি আৰু বন বিশ্ববিদ্যালয়
- পূৰ্বাঞ্চল বিশ্ববিদ্যালয়
- খুল্লা বিশ্ববিদ্যালয়
- মহেন্দ্ৰ সংস্কৃত বিশ্ববিদ্যালয়
নেপালৰ প্ৰায় দুই-তৃতীয়াংশ মহিলা আৰু এক-তৃতীয়াংশ পুৰুষেই হৈছে অশিক্ষিত।৫
বাহ্যিক সংযোগ
- of the Government of Nepal
- Planet Nepal Nepal Encyclopedia Project
- Key Development Forecasts for Nepal from International Futures
- Where is Nepal located
- Where is Nepal
- Nepal info
তথ্যসূত্ৰ
- ↑ census.gov.np/images/pdf/Population%20Census%20P
- ↑ The World Factbook: Rank order population. CIA
- ↑ Shaha (1992), p. 1
- ↑ CIA Factbook, Nepal, "People" section. Cia.gov
- ↑ Human Development Report 2010 – Nepal. Hdrstats.undp.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপাল” প্ৰবন্ধৰ সংশোধন ৫২১০৫৭ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।