যক্ষ (Yakshas) হৈছে একপ্ৰকাৰৰ বনদেৱতা। তেওঁলোক সাধাৰণতে কোমল অন্তৰৰ হয় যদিও কোনো কোনো সময়ত শঠ প্ৰকৃতিৰ আৰু হঠাৎ মনোভাব সলনি কৰা বিধৰ হোৱাও দেখা যায়। তেওঁলোক জলধাৰা, উৰ্বৰতা, বৃক্ষ, অৰণ্য, ধন-সম্পত্তি আৰু বন্যতাৰ সৈতে জড়িত।১২ হিন্দু ধৰ্ম, জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ ৰচনাৱলীত যক্ষসকলৰ উপস্থিতি দেখা যায়। ইয়াৰ উপৰিও দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ মন্দিৰসমূহতো পহৰাদাৰী দেৱতা হিচাপে যক্ষৰ চিত্ৰায়ন কৰা হয়।২৩ যক্ষৰ নাৰীৰূপ হৈছে যক্ষিণী।৪৫
হিন্দু, জৈন আৰু বৌদ্ধধৰ্মৰ ৰচনাসমূহত যক্ষক দুটা ৰূপত দেখা পোৱা যায়। এহাতে তেওঁলোক অৰণ্য আৰু পৰ্বতৰ সৈতে জড়িত নম্ৰ স্বভাৱৰ দেৱতা আৰু আনহাতে তেওঁলোক একপ্ৰকাৰৰ ভূত বা ৰাক্ষস। দ্বিতীয় ৰূপটোৰে তেওঁলোকে হাবি-বননি আৰু পদপথত বিচৰণ কৰে আৰু ভ্ৰমণকাৰী লোকক ভক্ষণ কৰে।
হিন্দুধৰ্ম
মৌৰ্য সাম্ৰাজ্যৰ সময়ৰেপৰা ভাৰত পাটনা, বিদিশা, পৰ্খম, বেচনগৰ আদি ঠাইত বিভিন্ন যক্ষৰ মূৰ্ত্তি দেখা পোৱা যায়। আদি অৱস্থাত এই যক্ষসকলক সম্ভৱতঃ অৰণ্য আৰু গাওঁসমূহৰ দেৱতা হিচাপে গণ্য কৰা হৈছিল। পৰৱৰ্ত্তী কালত তেওঁলোকক মানুহে ভূমিৰ দেৱতা আৰু মাটিৰ তলত পুতি থোৱা ধন-সম্পত্তিৰ ৰক্ষক হিচাপে গণ্য কৰিবলৈ লয়।৬
কুবেৰ
হিন্দুসকলৰ মতে সম্পত্তিৰ দেৱতা কুবেৰ বা কুবেৰন হৈছে যক্ষসকলৰ ৰজা। তেওঁক দিশসমূহৰ প্ৰহৰী অৰ্থাৎ দিকপাল আৰু পৃথিৱীৰ ৰক্ষাকৰ্তা অৰ্থাৎ লোকপাল বুলি কোৱা হয়। ৭
বৌদ্ধধৰ্ম
বৌদ্ধ ৰচনাৱলীত যক্ষসকল হৈছে চাৰিজন স্বৰ্গৰাজৰ অন্যতম তথা উত্তৰ দিশৰ ৰক্ষক বৈশাৱনৰ অনুচৰ। মহাময়ূৰী সূত্ৰত প্ৰাচীন ভাৰতৰ নগৰসমূহত বাস কৰা বহুকেইজন যক্ষৰ নাম পোৱা যায় যি বৌদ্ধধৰ্মৰ ৰক্ষাৰ্থে নিয়োজিত আছিল।৮
থাইলেণ্ডৰ মন্দিৰ আৰু স্থাপত্যসমূহতো যক্ষৰ উপস্থিতি দেখা যায়।৯
জৈনধৰ্ম
জৈনধৰ্মত প্ৰায়েই ৰক্ষক বা প্ৰহৰী হিচাপে যক্ষসকলৰ প্ৰতিমূৰ্ত্তি দেখা যায়। তেওঁলোক সাধাৰণতে তীৰ্থংকৰসকলৰ কাষতে বিদ্যমান হয় আৰু তেওঁলোকতলৰ সেৱা কৰে। অন্য জীৱৰ দৰে তেওঁলোকো জীৱন-মৃত্যুৰ চক্ৰত আৱদ্ধ কিন্তু তেওঁলোকৰ আতিভৌতিক শক্তি আছে।১০
যক্ষ আৰু যক্ষিণীৰ ধাৰণা মূৰ্ত্তিপূজক শ্বেতাম্বৰ আৰু বিচপন্থী দিগম্বৰসকলৰ মাজত সততে বিদ্যমান। দিগম্বৰ তেৰাপন্থ আন্দোলনে এওঁলোকৰ পূজাৰ বিৰোধিতা কৰে।১১১২ মূৰ্ত্তিপূজক শ্বেতাম্বৰসকলৰ মাজত ত্ৰিস্তুতিক গচ্ছ পন্থা আৰু আধুনিক পন্থাৰ লোকে এই শ্ৰুত দেৱতাসকলৰ পূজাৰ বিৰোধ কৰে।১৩
জৈন ধৰ্মত চৌব্বিশজন তীৰ্থংকৰৰ সেৱাৰ বাবে চৌব্বিশগৰাকী যক্ষ আৰু যক্ষিণী আছে।১৪
তথ্যসূত্ৰ
- ↑ Singh. (2008). A History of Ancient and Early Medieval India. Pearson Education. পৃ. 430. ISBN 978-81-317-1120-0
- ↑ Stefon, Matt. Yaksha · Hindu mythology. Encyclopedia Britannica
- ↑ Richard John Richards. (1995). South-east Asian Ceramics: Thai, Vietnamese, and Khmer: From the Collection of the Art Gallery of South Australia. Oxford University Press. পৃ. 27, 67. ISBN 978-967-65-3075-2
- ↑ For यक्षी as the feminine of यक्षः see V. S. Apte, The Practical Sanskrit-English Dictionary, p. 776
- ↑ For yakṣiṇī (यक्षिणी) as a regular Sanskrit term for a female yakṣa, and yakṣaṇī as a Buddhist variant, see Franklin Edgerton, Buddhist Hybrid Sanskrit Grammar and Dictionary, Vol. 2, Motilal Banarsidass, first Ed., 1953, p. 442
- ↑ DeCaroli, Robert. (2004). Haunting the Buddha: Indian Popular Religions and the Formation of Buddhism. Oxford University Press, US. ISBN 978-0-19-516838-9
- ↑ (1999). The Poems of Sūradāsa. Abhinav publications. ISBN 9788170173694
- ↑ [V. S. Agravala, " Geographical Contents of Mahamayuri JUPHS, Vol. XV, Pt. ii, 1942, p. 28]
- ↑ Thai temples - page 2/7. www.thaiworldview.com
- ↑ Pramodaben Chitrabhanu, Jain symbols, Ceremonies and Practices
- ↑ [Studies in Jaina History and Culture: Disputes and Dialogues, edited by Peter Flügel, Routledge, 2006 p. 352]
- ↑ (31 December 1903). Indian Antiquary. Popular Prakashan
- ↑ Jain, Shalin. (2012). Divided Identities: The Jain Sects in Medieval India. Proceedings of the Indian History Congress. পৃ. 450–60
- ↑ Twenty Four Tirthankaras at a glance. jaindharmonline.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যক্ষ” প্ৰবন্ধৰ সংশোধন ৬৩২২৩২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।