সুকেশ (Sukesa) লংকাৰ এগৰাকী ৰাক্ষস ৰজা আছিল৷ তেওঁ গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীক বিবাহ কৰাইছিল৷১ তেওঁৰ তিনিটা সন্তান আছিল ক্ৰমে- সুমালী, মাল্যবান আৰু মালী৷
সুকেশ আছিল বিধুৎকেশ আৰু সালকণ্টকটাৰ সন্তান৷ সুকেশৰ জন্ম হোৱাৰ পিছত বিধুৎকেশ আৰু সালকণ্টকটায়ে ৰতিক্ৰিয়া কৰিবলৈ নিজ সন্তান সুকেশক এৰি থৈ যায়৷ শিৱ আৰু পাৰ্বতী আকাশমাৰ্গৰে গৈ থাকোঁতে সুকেশক দেখে আৰু সিহঁতে তাক লালন-পালন কৰে৷ সুকেশৰ প্ৰকৃত পিতৃ বিধুৎকেশ আছিল হেতি আৰু কালৰ ভনিয়েক ভয়াৰ সন্তান, যি সন্ধ্যাৰ জীয়ৰী সালকণ্টকটাক বিবাহ কৰাইছিল৷
সুকেশৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মালীয়ে লংকাৰ সিংহাসনত আৰোহণ কৰে৷২
তথ্যসূত্ৰ
- ↑ ancientvoice.wikidot.com/src-vrm:ram7-5
- ↑ চন্দ্ৰ, ড° দীপক শৰ্মা. (২০১৩). ((দশানন ৰাৱণ (গ্ৰন্থ)|দশানন ৰাৱণ)). অসম পাবলিচিং কোম্পানী. পৃ. ১২. ISBN 978-81-86384-43-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুকেশ” প্ৰবন্ধৰ সংশোধন ৩১৩৪৪৫ (১০ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।