অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বিশ্বকৰ্মা

বিশ্বকৰ্মা (विश्वकर्मान्,; অৰ্থাৎ "সকলোৰে সৃষ্টিকৰ্তা") স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা। ঋকবেদৰ মতে তেওঁ তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে। তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টকৰ্তা হিচাপে গণ্য কৰা হয়। তেওঁ দেৱতাৰ শিল্পী তথা তেওঁক দেৱশিল্পী হিচাপে অভিহিত কৰা হয়।

হালনাগাদ: ২৭ ফেব্ৰুৱাৰী ২০২৬ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰ মণ্ডিৰ বিশ্বকৰ্মা মন্দিৰত বিশ্বকৰ্মাৰ বিগ্ৰহ]]

বিশ্বকৰ্মা (विश्वकर्मान्,; অৰ্থাৎ "সকলোৰে সৃষ্টিকৰ্তা") স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা। ঋকবেদৰ মতে তেওঁ তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে।১ তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টকৰ্তা হিচাপে গণ্য কৰা হয়।২৩৪ তেওঁ দেৱতাৰ শিল্পী তথা তেওঁক দেৱশিল্পী হিচাপে অভিহিত কৰা হয়। বিশ্বকৰ্মা বৈদিক দেৱতা, ঋগবেদৰ ১০ম মণ্ডলৰ ৮১ আৰু ৮২ সূক্তদ্বয়ত বিশ্বকৰ্মাৰ উল্লেখ আছে। ৫ ঋগবেদ অনুসৰি তেওঁ সৰ্বদৰ্শী আৰু সৰ্বজ্ঞ। তেওঁৰ চকু, মুখমণ্ডল, বাহু আৰু পদ সকলো দিশতে পৰিব্যাপ্ত। তেওঁ বাচস্পতি, মনোজৱ, বদান্য, কল্যাণকৰ্মা আৰু বিধাতা নামেৰে জনাজাত। তেওঁ ধাতা, বিশ্বদ্ৰষ্টা আৰু প্ৰজাপতি। দেৱগুৰু বৃহস্পতিৰ ভগিনী যোগসিদ্ধা তেওঁৰ মাতৃ আৰু অষ্টম বসু প্ৰভাষ তেওঁৰ পিতৃ। ৬

বিশ্বকৰ্মা লংকা নগৰীৰ নিৰ্মাতা। তেওঁ বিশ্বভুৱন নিৰ্মাণ কৰিছে। বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুবেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰ, কাৰ্তিকৰ শক্তি আদি তেওঁ নিৰ্মাণ কৰিছিল। শ্ৰীক্ষেত্ৰৰ প্ৰসিদ্ধ জগন্নাথৰ মূৰ্তিও তেওঁ নিৰ্মাণ কৰিছিল। তদুপৰি বিভিন্ন মন্দিৰ আৰু ৰাজপ্ৰসাদ তেওঁ নিৰ্মাণ কৰিছে বুলি প্ৰবাদ আছে।

বিশ্বকৰ্মাৰ ভাস্কৰ্য
বিশ্বকৰ্মাৰ ভাস্কৰ্যছবি: Suraj Belbase · CC BY-SA 4.0

বিশ্বকৰ্মা পূজা

বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়।৭৮ এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Vishvakarman – Oxford Reference
  2. ↑ Melton, J. Gordon. (2011). Religious Celebrations: L-Z. ABC-CLIO. ISBN 9781598842050
  3. ↑ Rig Veda: Rig-Veda, Book 10: HYMN LXXXI. Visvakarman.. www.sacred-texts.com
  4. ↑ Rig Veda: Rig-Veda, Book 10: HYMN LXXXII. Visvakarman.. www.sacred-texts.com
  5. ↑ দেৱদদেৱীৰ পৰিচয় আৰু বাহন ৰহস্য, শ্ৰীশিৱ শংকৰ চক্ৰৱৰ্তী
  6. ↑ পৌৰাণিক অভিধান, সুধীৰচন্দ্ৰ সৰকাৰ
  7. ↑ (17 September 2017). विश्वकर्मा पूजा: जानें महत्व और जन्म की कहानी. Aajtak
  8. ↑ All About Lord Vishwakarma and Vishwakarma Puja. Hind Utsav

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বকৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৮৩১১৮ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।