সুলোচনা (सुलोचना; তেওঁ, যাৰ চকু ধুনীয়া) সৰ্পৰাজ শেষনাগৰ কন্যা আছিল আৰু ৰাৱণৰ জ্যেষ্ঠ পুত্ৰ মেঘানাদ (ইন্দ্ৰজিৎ)ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷১ বাল্মীকি ৰামায়ণত সুলোচনাৰ কোনো উল্লেখ পোৱা নাযায়, অৱশ্যে ইয়াৰ পৰৱৰ্তী সংস্কৰণসমূহত তেওঁৰ উল্লেখ আছে।২ মেঘনাদ বধ কাব্য নামৰ মালিতাত উল্লেখ কৰা প্ৰমিলাক ইন্দ্ৰজিৎৰ পত্নী বুলি কোৱা হয়। সেয়েহে, এইটো যুক্তিসঙ্গতভাৱে ধৰি ল'ব পাৰি যে সুলোচনাকে প্ৰমিলা বুলিও জনা গৈছিল।
যেতিয়া মেঘানাদে ৰাম আৰু তেওঁৰ সৰু ভায়েক লক্ষ্মণৰ সৈতে যুদ্ধ কৰিবলৈ গৈছিল, সুলোচনাই কান্দি-কান্দি তেওঁৰ স্বামীক সমৰ্থন কৰিছিল আৰু কেতিয়াও বাধা দিয়া নাছিল বা যুদ্ধলৈ নাযাবলৈ অনুৰোধ কৰা নাছিল।
জনপ্ৰিয় সংস্কৃতি
তেওঁৰ কাহিনীটো বহুতো চলচ্চিত্ৰৰ আধাৰ স্বৰূপ, এইসমূহৰ ভিতৰত আছে জি. ভি. সানে পৰিচালিত সতী সুলোচনা (১৯২১)। এইখন এখন নীৰৱ চলচ্চিত্ৰ, পৰৱৰ্তী ১৯৩৪ চনত মুক্তি পোৱা কন্নড় চলচ্চিত্ৰ সতী সুলোচনা আছিল প্ৰথমখন কন্নড় ভাষাৰ শ্ৰাৱ্য চলচ্চিত্ৰ, লগতে এন.টি.ৰামা ৰাও অভিনীত ১৯৬১ চনত মুক্তিপোৱা তেলুগু ভাষাৰ ছবি সতী সুলোচনা আৰু বিক্ৰম গোখলে আৰু জয়শ্ৰী গাডকাৰ অভিনীত বাবুভাই মিস্ত্ৰীৰ হিন্দী চলচ্চিত্ৰ সতী নাগ কন্যা আন দুটা উদাহৰণ। সুলোচনাৰ বেলাড মাৰাঠী মহিলাৰ এক প্ৰিয় বেলাড, বেছিভাগ মাৰাঠী পৰিয়ালত এই বেলাড গোৱা হয়। প্ৰখ্যাত তামিল পণ্ডিত এছ. কে. ৰামৰাজনে ইন্দ্ৰজিৎৰ পত্নী সুলোচনাৰ চৰিত্ৰায়নৰ বাবে জনাজাত মেগানধাম অৰ্থাৎ ইন্দ্ৰজিৎৰ ট্ৰেজেডী নামৰ এক প্ৰসিদ্ধ মহাকাব্য লিখিছিল।
তথ্যউৎস
সহায়ক গ্ৰন্থ
- Das, Sisir Kumar. (2005). A History of Indian Literature, 500-1399: From Courtly to the Popular. Sahitya Akademi. ISBN 978-81-260-2171-0
বাহ্যিক সংযোগ
- Valmiki Ramayana Book X. War in Ceylon (Lanka Kanda) translated by Ralph T. H. Griffith (1870–1874)
তথ্যসূত্ৰ
- ↑ Das 2005
- ↑ Singh, Avadhesh K. (2007). Rāmāyaṇa Through the Ages: Rāma, Gāthā in Different Versions. D.K. Printworld. ISBN 978-81-246-0416-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুলোচনা (ৰামায়ণৰ চৰিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৩০৪৩৩ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।