অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

খৰ

খৰ (खर) ভাৰতীয় মহাকাব্য ৰামায়ণত বৰ্ণিত এজন মানুহ খোৱা ৰাক্ষস আছিল। তেওঁ লংকাৰ অধিপতি ৰাৱণৰ সম্পৰ্কীয় ভাই আৰু কৈকেষীৰ ভগ্নী ৰাকৰ পুত্ৰ আছিল।

হালনাগাদ: ৫ আগষ্ট ২০২৫ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

খৰ (खर) ভাৰতীয় মহাকাব্য ৰামায়ণত বৰ্ণিত এজন মানুহ খোৱা ৰাক্ষস আছিল। তেওঁ লংকাৰ অধিপতি ৰাৱণৰ সম্পৰ্কীয় ভাই আৰু কৈকেষীৰ ভগ্নী ৰাকৰ পুত্ৰ আছিল।

কিংবদন্তি

বাল্মীকি ৰামায়ণৰ মতে পঞ্চৱতীৰ অৰণ্যলৈ যাওঁ‌তে শূৰ্পনখাই অযোধ্যাৰ নিৰ্বাসিত ৰাজকুমাৰ ৰামক লগ পাইছিল আৰু লগে লগে তেওঁৰ যৌৱনোচ্ছল সুন্দৰ চেহেৰাৰ দ্বাৰা প্ৰভাৱিত হয়। তেওঁ ৰামক প্ৰলোভিত কৰিবলৈ এক সুন্দৰ ৰূপ ধাৰণ কৰে কিন্তু ৰামেই তেওঁৰ প্ৰস্তাৱ অস্বীকাৰ কৰি কয় যে তেওঁ নিজৰ পত্নী সীতাৰ প্ৰতি বিশ্বাসী আৰু এনেদৰে আন নাৰীৰ পানি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। তেতিয়া শূৰ্পনখা প্ৰেমপ্ৰাৰ্থী হৈ লক্ষ্মণৰ ওচৰলৈ যায়। লক্ষ্মণে কয় যে ৰামৰ পিছতহে তেওঁৰ স্থান আৰু সেয়েহে শূৰ্পনখাৰ বাবে তেওঁ যোগ্য নহয়। এই কথাত ক্ষুব্ধ আৰু অপমানিত হৈ ঈৰ্ষাগ্ৰস্ত শূৰ্পনখা তেওঁৰ পৈশাচিক ৰূপলৈ ঘূৰি আহে আৰু সীতাক আক্ৰমণ কৰে। কিন্তু লক্ষ্মণে তেওঁৰ নাক কাটি পেলায়। ১

তেতিয়া শূৰ্পনখা প্ৰথমে পলাই খৰৰ ওচৰলৈ যায়। তেওঁ ৰামক আক্ৰমণ কৰিবলৈ সাতজন যোদ্ধা পঠিয়াই যদিও ৰামে তেওঁলোকক সহজে পৰাজিত কৰে। ইয়াৰ পিছত খৰে নিজেই ১৪,০০০ সৈন্যৰ সৈতে দশৰথৰ পুত্ৰদ্বয়ক আক্ৰমণ কৰে। এই যুদ্ধত লক্ষ্মণে তেওঁক হত্যা কৰে। লক্ষ্মণে খৰৰ ভাতৃ দূষণ আৰু ত্ৰিশিৰাকো হত্যা কৰে। ২

খৰ দণ্ড ৰাজ্যৰ শাসক আছিল, যি প্ৰায় নাছিক জিলাৰ সমতুল্য আছিল, জনস্থান (নাছিক চহৰ) ইয়াৰ ৰাজধানী আছিল। তেওঁ মূল ভূখণ্ডত লংকাৰ উত্তৰ ৰাজ্যসুৰক্ষিত কৰিছিল আৰু তেওঁৰ ৰাজ্যই কোশল ৰাজ্যৰ সীমা স্পৰ্শ কৰিছিল। তেওঁ যুদ্ধত তেওঁৰ উৎকৃষ্ট দক্ষতাৰ বাবে সুপৰিচিত আছিল। ৰাম-ৰাৱণৰ যুদ্ধত, খৰৰ পুত্ৰ মকৰাক্ষই, ৰাৱণৰ পক্ষত যুঁজিছিল আৰু ৰামৰ দ্বাৰা হত্যা মৃত্যু হৈছিল।৩

তথ্যসূত্ৰ

  1. ↑ Richman 1991
  2. ↑ Khara's Death
  3. ↑ A Classical Dictionary of Hindu Mythology & Religion by John Dowson

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰৰামায়ণৰ ৰাক্ষস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খৰ” প্ৰবন্ধৰ সংশোধন ৫৩০৪১০ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।