অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

জনক

জনক (जनकः) প্ৰাচীন ভাৰতৰ মিথিলা অঞ্চলত অৱস্থিত বিদেহ ৰাজ্যৰ ৰজা আছিল। তেওঁৰ শাসনকাল আনুমানিক ভাৱে খীষ্ট্ৰপূৰ্ব অষ্টম অথবা সপ্তম শতিকাত আছিল বুলি ঠাৱৰ কৰা হৈছে। বিদেহ ৰাজ্যৰ অধিপতিসকলক জনক নামেৰে জনা গৈছিল। অৰ্থাৎ জনক বিদেহ ৰাজ্যৰ অধীশ্বৰসকলৰ কৌলিক খিতাপ।

হালনাগাদ: ২০ এপ্ৰিল ২০২৪ ৫৫১ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জনক (जनकः) প্ৰাচীন ভাৰতৰ মিথিলা অঞ্চলত অৱস্থিত বিদেহ ৰাজ্যৰ ৰজা আছিল। তেওঁৰ শাসনকাল আনুমানিক ভাৱে খীষ্ট্ৰপূৰ্ব অষ্টম অথবা সপ্তম শতিকাত আছিল বুলি ঠাৱৰ কৰা হৈছে।১ বিদেহ ৰাজ্যৰ অধিপতিসকলক জনক নামেৰে জনা গৈছিল। অৰ্থাৎ জনক বিদেহ ৰাজ্যৰ অধীশ্বৰসকলৰ কৌলিক খিতাপ। জনক নামৰ এক বা একাধিক ৰজাৰ উল্লেখ ৰামায়ণ, মহাভাৰত, উপনিষদ্‌ আৰু পুৰাণত পোৱা যায়। এই কথা অন্ততঃ নিশ্চিত যে, জনক নামৰ অতি কমেও দুজন প্ৰসিদ্ধ ৰজা আছিল; এজন বৈদিক সাহিত্যত উল্লিখিত দাৰ্শনিক আৰু তত্ত্বজ্ঞানী জনক, আৰু আনজন ভগৱান শ্ৰীৰামচন্দ্ৰৰ শহুৰ জনক, যাৰ উল্লেখ বাযুপুৰাণ আৰু পদ্মপুৰাণত শীৰধ্বজ হিচাপে পোৱা যায়॥ গতিকে জনক নামেৰে আন কেইবাজনো ৰজা থকাটোও অসম্ভৱ নহয়। ৰামায়ণত সীতাৰ পিতৃ হিচাপে জনক ৰজাক বৰ্ণনা কৰা হৈছে। তেওঁৰ প্ৰকৃত নাম আছিল শীৰধ্বজ আৰু তেওঁৰ কুশধ্বজ নামৰ এজন ভাতৃ আছিল। জনকৰ পিতৃৰ নাম আছিল হ্ৰস্বৰোমা। পুৰাণৰ মতে বিদেহ ৰাজ্যৰ প্ৰথম ৰজা আছিল নিমি আৰু তেৱেঁই সূৰ্যবংশী ৰাজবংশৰ প্ৰতিষ্ঠাতা। ৰজা মিথিৰ নাম অনুসাৰে এই অঞ্চলৰ নাম মিথিলা হয়। মিথিৰ পুত্ৰ জনক (প্ৰথম) আছিল জনক খিতাপধাৰী প্ৰথম ৰজা। তেওঁৰ তিনিজন উত্তৰসুৰীৰ পিছত দেৱব্ৰত ৰজা হৈছিল আৰু দেৱব্ৰতৰ পিছৰ পঞ্চদশ উত্তৰসুৰী আছিল হ্ৰস্বৰোমা। এই হ্ৰস্বৰোমাৰেই নাতি আছিল সীতাদেৱী। উল্লেখনীয় যে, সীতাৰ পিতৃ জনকক বিষ্ণুৰ দ্বাদশ মহাজনবৃন্দৰ এজন আখ্যা দিয়া হয়।

ৰজা জনকক বস্তুবাদী ভাৱধাৰাৰ প্ৰতি অনাসক্তিৰ এক আদৰ্শ আৰ্হি ৰূপে সশ্ৰদ্ধাৰে ডাঙি ধৰা হয়। আধ্যাত্মিক চিন্তা-চৰ্চা আৰু আলাপ-আলোচনাৰ প্ৰতি ৰজা জনক তীব্ৰভাৱে আকৰ্ষিত আছিল। তেওঁ নিজকে পাৰ্থিৱ বস্তুবাদী মৰীচিকাসমূহৰ পৰা মুক্ত হিচাপে গণ্য কৰিছিল। অষ্টবক্ৰ আৰু সুলভৰ দৰে সাধু আৰু জ্ঞানান্বেষকৰ সৈতে তেওঁৰ আধ্যাত্মিক বাৰ্তালাপসমূহ পৌৰাণিক পুথি-পাঁজিত লিপিবদ্ধ হৈ আছে। নেপালৰ জনকপুৰ নগৰৰ নামকৰণ জনকৰ নামেৰে কৰা হৈছে।২ বিদেহ বা পৌৰাণিক মিথিলা ৰাজ্য গণ্ডকী নদীৰ পূৱ প্ৰান্তত, মহানন্দ নদীৰ পশ্চিম প্ৰান্তত, গঙ্গা নদী নদীৰ উত্তৰ প্ৰান্তত, আৰু হিমালয় পৰ্বতৰ দক্ষিণ প্ৰান্তত অৱস্থিত আছিল।৩৪

আখ্যান মতে জনক বা শীৰধ্বজে এদিন যজ্ঞভূমিৰ বাবে মাটি চহাওঁতে নাঙলৰ সীৰলুত এটি সুন্দৰী কন্যা সন্তান পায়। নাঙলৰ সীৰলুৰ আন এক নাম সীতা হোৱা বাবেই সেই কন্যাৰ নাম সীতা ৰখা হ'ল। সীতা বিবাহযোগ্যা হোৱাত জনকে স্থিৰ কৰিলে যে তেওঁৰ কন্যা বীৰ্যশুল্কা হ'ব। ৰজা জনকৰ নাম অনুসাৰেই তেওঁৰ পোষ্যপুত্ৰী সীতাৰ আন নাম 'জানকী মাতা' আৰু 'জনকনন্দিনী'। ৰজা সুধন্বাই সীতাক পাবলৈ বিচাৰিছিল যদিও জনকে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰাত সুধন্বাই মিথিলা অৱৰোধ কৰে। ৰজা শীৰধ্বজে সুধন্বাক পৰাস্ত কৰি সেই ৰাজ্যৰ ভাৰ নিজৰ ভাতৃ কুশধ্বজৰ হাতত অৰ্পণ কৰে। জনকৰ পণ আছিল যে তেওঁৰ ৰাজসভাত যিজন ব্যক্তিয়ে হৰধনুত কাড়ঁ ৰোপণ কৰি ধনু ভংগ কৰিব পাৰিব তেৱেঁই সীতাৰ পতি হ'ব। ভগৱান ৰামে এই চৰ্ত পূৰণ কৰি সীতাৰ সৈতে বিবাহত বহে। শীৰধ্বজৰ আনগৰাকী কন্যা উৰ্মিলা ৰামৰ ভাতৃ লক্ষ্মণৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। আনহাতে কুশধ্বজৰ দুই কন্যা মাণ্ডৱী আৰু শ্ৰুতিকীৰ্তি ৰামৰেই আন দুই ভাতৃ যথাক্ৰমে ভৰত আৰু শত্ৰুঘ্নৰ সৈতে বিয়া হয়।৫৬

বৈদিক সাহিত্যত জনক

বৈদিক ভাৰতত বিদেহ আৰু অন্যান্য ৰাজ্যসমূহ
বৈদিক ভাৰতত বিদেহ আৰু অন্যান্য ৰাজ্যসমূহছবি: Avantiputra7 · CC BY-SA 3.0
ৰজা জনকক বৰ্হ্ম্ বিদ্যাৰ শিক্ষা দি থকা অৱস্থাত যজ্ঞবল্ক্য
ৰজা জনকক বৰ্হ্ম্ বিদ্যাৰ শিক্ষা দি থকা অৱস্থাত যজ্ঞবল্ক্যছবি: எஸ். பி. கிருஷ்ணமூர்த்தி · CC BY-SA 3.0

শতপথ ব্ৰাহ্মণ আৰু বৃহদাৰনক্য উপনিষদৰ দৰে বৈদিক যুগৰ নৱ সাহিত্যসম্ভাৰত বিদেহ ৰাজ্যত জনক নামৰ এজন মহান দাৰ্শনিক ৰজাৰ উল্লেখ আছে (আনুমানিক খীষ্ট্ৰপূৰ্ব অষ্টম আৰু সপ্তম শতাব্দীত)। এইগৰাকী ৰজা বৈদিক সংস্কৃতি আৰু দৰ্শনৰ প্ৰতি তেওঁৰ পৃষ্ঠপোষকতাৰ বাবে বিখ্যাত আছিল। তেওঁৰ ৰাজসভা যজ্ঞবল্ক্য, উদ্দাল্ক আৰুণি আৰু গাৰ্গী বচকনৱীৰ দৰে পণ্ডিত সাধুৰ সমাৱেশেৰে বৌদ্ধিক চৰ্চাৰ থলী আছিল। তেওঁৰ শাসনকালতেই ভাৰতীয় উপমহাদেশত বিদেহ এক শক্তিশালী ৰাজনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল।৭৮

অন্যান্য সাহিত্যসম্ভাৰত

হিন্দু মহাকাব্য ৰামায়ণৰ বৰ্ণনা অনুসৰি জনক সীতাদেৱীৰ পিতৃ আৰু সীতা আছিল ভগৱান ৰামচন্দ্ৰৰ ভাৰ্যা। সাধু অষ্টবক্ৰ সৈতে তেওঁৰ আলোচনাৰাজি অষ্টবক্ৰ গীতা হিচাপে জনা যায়। এই গ্ৰন্থত ৰজা জনকক মোক্ষ অনুধাৱনকাৰী হিচাপে কোৱা হৈছে। বহু আধ্যাত্মিক শিক্ষকে এই অষ্টবক্ৰ গীতাৰ অনুবাদ আৰু অৰ্থোদ্ধাৰ কৰিছে। ৯১০

তথ্যসূত্ৰ

প্ৰসংগসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ Raychaudhuri 2006, পৃ. 41–52
  2. ↑ Raychaudhuri 2006, পৃ. 44
  3. ↑ Jha, M. (1997). Anthropology of Ancient Hindu Kingdoms: A Study in Civilizational Perspective. M.D. Publications Pvt. Ltd. পৃ. 27–42. ISBN 9788175330344
  4. ↑ Mishra, V. (1979). Cultural Heritage of Mithila. Mithila Prakasana. পৃ. 13
  5. ↑ পৌৰাণিক অভিধান - সুধীৰচন্দ্ৰ চৰকাৰ
  6. ↑ বাল্মীকি ৰামায়ণ - ৰাজশেখৰ বসু
  7. ↑ Raychaudhuri 2006, পৃ. 41–52
  8. ↑ Michael Witzel (1989), Tracing the Vedic dialects in Dialectes Dans Les literatures Indo-Aryennes ed. Caillat, Paris, 97–265
  9. ↑ Vanita, Ruth. (2009). Full of God:Ashtavakra and ideas of Justice in Hindu Text. Religions of South Asia
  10. ↑ Mukerjee, Radhakamal. (1971). The song of the self supreme (Aṣṭāvakragītā): the classical text of Ātmādvaita by Aṣṭāvakra. Motilal Banarsidass Publ. ISBN 978-81-208-1367-0

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জনক” প্ৰবন্ধৰ সংশোধন ৪১৯১৪২ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।