বৈদিক গ্ৰন্থসমূহত সম্পাতি (सम्पाति) হৈছে অৰুণ আৰু শ্যেনীৰ জ্যেষ্ঠ সন্তান তথা জটায়ুৰ ভ্ৰাতৃ।১ তেওঁৰ অৱয়ব এক শগুনৰ দৰে। ব্ৰহ্ম পুৰাণৰ মতে, বব্ৰু নামেৰে সম্পাতিৰ এক পুত্ৰ আছে যি অতি বেগবান আৰু খাতিমান। শৈশৱ কালতে সম্পাতিয়ে নিজৰ ডেউকা দুখন হেৰুৱায়।
ৰামায়ণৰ আখ্যান
ৰামায়ণত সীতাৰ উদ্ধাৰ অভিযানত সম্পাতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আখ্যানমতে হনুমানৰ নেতৃত্বত অঙ্গদ, জাম্বৱন্ত, নল আৰু নীলে দক্ষিণ দিশলৈ সীতাক বিচাৰি যায়। দাক্ষিণাত্যৰ পাৰাপাৰহীন সমুদ্ৰ তটত উপস্থিত হৈ তেওঁলোকে সীতাৰ কোনো সন্ধান নোপোৱাত হতাশ হৈ পৰে আৰু পিয়াহ আৰু ভাগৰত জৰ্জৰিত হৈ বলুকাত বাগৰি পৰে। তেনে সময়তে সম্পাতিৰ আগমণ ঘটে আৰু এনেদৰে কম আয়াসতে পদূলিমুখতে খাদ্যসম্ভাৰ লাভ কৰা বাবে নিজকে সৌভাগ্যৱান বুলি জ্ঞান কৰে। তেনেতে জাম্ববনে বিলাপ কৰি সীতাক ৰাৱণৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰা জটায়ুৰ সৈতে আৰ্তজনৰ ওপৰত ক্ষুধা নিবাৰণ কৰিবলৈ জপিয়াই পৰা সম্পাতিৰ নৈতিকতাৰ তুলনা কৰে।
জটায়ুৰ নাম শুনি সম্পাতি জঠৰ হৈ পৰে আৰু জাম্ববনক গোটেই ঘটনাক্ৰমৰ বিষয়ে অৱগত কৰিবলৈ কয়। জটায়ুৰ কাহিনী শুনি সম্পাতিয়ে উচুপিবলৈ ধৰে আৰু এই কথা জানিবলৈ দিয়ে যে তেওঁ জটায়ুৰ জ্যেষ্ঠ ভ্ৰাতৃ আৰু বহুদিন ধৰি তেওঁলোক পৰস্পৰ লগ হোৱা নাছিল। সম্পাতিয়ে জটায়ুৰ বিষয়ে জনোৱাৰ বাবে কৃতজ্ঞ হৈ দলটোক কয় যে ৰাৱণে সীতাক দক্ষিণৰ লংকালৈ (শ্ৰীলংকা) লৈ গৈছে।
মধ্য প্ৰদেশৰ ছটনা জিলাৰ গৃধৰাজ পৰ্বত সম্পাতিৰ জন্মস্থান বুলি বিশ্বাস কৰা হয়।২
তথ্যসূত্ৰ
- ↑ Dalal, Roshen. (2010). Hinduism: An Alphabetical Guide. Penguin Books India. ISBN 978-0-14-341421-6
- ↑ স্কন্দ পুৰাণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সম্পাতি” প্ৰবন্ধৰ সংশোধন ৪১৯১৪৭ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।