অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দশাৱতাৰ

দশাৱতাৰ (Dashavatara) হৈছে হিন্দু ধৰ্মৰ এজন প্ৰধান উপাস্য দেৱতা বিষ্ণুৰ দহটা প্ৰধান অৱতাৰ। বৈষ্ণৱ দৰ্শনত, কোনো বিশেষ উদ্দেশ্যে আগত ৰাখি মৰ্ত্যত অৱতীৰ্ণ পৰম সত্তাকে অৱতাৰ (अवतार) নামেৰে অভিহিত কৰা হয়। বিষ্ণুৰ (বা কোনো কোনো ক্ষেত্ৰত কৃষ্ণৰ) দহটা মুখ্য অৱতাৰৰ সমষ্টিগত নামেই দশাৱতাৰ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩১২ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দশাৱতাৰ (Dashavatara) হৈছে হিন্দু ধৰ্মৰ এজন প্ৰধান উপাস্য দেৱতা বিষ্ণুৰ দহটা প্ৰধান অৱতাৰ। বৈষ্ণৱ দৰ্শনত, কোনো বিশেষ উদ্দেশ্যে আগত ৰাখি মৰ্ত্যত অৱতীৰ্ণ পৰম সত্তাকে অৱতাৰ (अवतार) নামেৰে অভিহিত কৰা হয়। বিষ্ণুৰ (বা কোনো কোনো ক্ষেত্ৰত কৃষ্ণৰ) দহটা মুখ্য অৱতাৰৰ সমষ্টিগত নামেই দশাৱতাৰ। এই দশাৱতাৰৰ কথা জনা যায় গৰুড় পুৰাণৰ (১। ৮৬। ১০-১১) পৰা।

দশাৱতাৰৰ অধিকাংশই অভিহিত হয় লীলা-অৱতাৰ নামেৰে। হিন্দু বিশ্বাস অনুসৰি, প্ৰথম চাৰি অৱতাৰৰ আৱিৰ্ভাবকাল হৈছে সত্যযুগ। পৰৱৰ্তী তিনি অৱতাৰ ত্ৰেতাযুগত অৱতীৰ্ণ হয়। অষ্টম আৰু নৱম অৱতাৰৰ আৱিৰ্ভাৱকাল যথাক্ৰমে দ্বাপৰযুগ আৰু কলিযুগ। দশম অৱতাৰ কল্কিৰ আৱিৰ্ভাৱ ৪২৭,০০০ বছৰৰ পিছত কলিযুগত অন্তিম পৰিব বুলি ভৱিষ্যতবাণী কৰা হৈছে।১ বিষ্ণু পুৰাণত কোৱা হৈছে যে, কল্কি অৱতাৰৰ আগমনৰ লগে লগেই কলিযুগৰ সমাপ্তি ঘটিব। কল্কি দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰি এক নতুন সত্যযুগৰ সূচনা কৰিব।২

দশাৱতাৰ

তলত ভগৱান বিষ্ণুৰ দহটা অৱতাৰৰ এখন মান্য তালিকা প্ৰদৰ্শন কৰা হৈছে। অঞ্চলভেদে আৰু মতভেদে দশাৱতাৰৰ ভিন্ন তালিকা পোৱা যায়।

  1. মৎস্য অৱতাৰ
  2. কূৰ্ম
  3. বৰাহ
  4. নৰসিংহ
  5. বামন
  6. পৰশুৰাম
  7. ৰাম
  8. কৃষ্ণ
  9. গৌতম বুদ্ধ
  10. কল্কি
বিষ্ণুৰ দশাৱতাৰৰ ৰূপাংকন
বিষ্ণুৰ দশাৱতাৰৰ ৰূপাংকনছবি: Unknown author · Public domain

মহাপুৰুষ শংকৰদেৱে দশাৱতাৰক ভগৱান বিষ্ণুৰ দহটা অৱতাৰ বুলি নকৈ কৃষ্ণৰ দহটা অৱতাৰহে বুলিছে। সেই অনুসৰি দশাৱতাৰৰ তালিকাত 'কৃষ্ণ'ৰ ঠাইত 'বলোৰাম'ক স্থান দিয়া হৈছে। অন্য কোনো তালিকাত গৌতম বুদ্ধৰ স্থান বলোৰামক দিয়া হয় আৰু তালিকাত কৃষ্ণৰ নামো থাকে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ B-Gita 8.17 "And finally in Kal-yuga (the yuga we have now been experiencing over the past 5,000 years) there is an abundance of strife, ignorance, irreligion and vice, true virtue being practically nonexistent, and this yuga lasts 432,000 years. In Kali-yuga vice increases to such a point that at the termination of the yuga the Supreme Lord Himself appears as the Kalki avatara"
  2. ↑ Klostermaier (2007) p. 495

সম্পৰ্কিত শ্ৰেণী

বিষ্ণুৰ অৱতাৰহিন্দুধৰ্মৰ দেৱ দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দশাৱতাৰ” প্ৰবন্ধৰ সংশোধন ৬৩১১০৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।