| colspan="2" style="text-align:center; background: #000000;" | | |
| bgcolor="#ffffc0" colspan="2" | 'পৰ্যবেক্ষণলব্ধ তথ্য | |
|---|---|
| পৃথিৱী পৰা গড় দূৰত্ব | ১৪৯.৬ কিমি (৯২.৯৫ মা) |
| দৃশ্যমান উজ্জ্বলতা (ভি) | −২৬.৮m |
| পৰম মান | ৪.৮m |
| বৰ্ণালীভিত্তিক শ্ৰেণীবিন্যাস | জি২ভি |
| bgcolor="#ffffc0" colspan="2" | কক্ষীয় বৈশিষ্ট্যসমূহ | |
| হাতীপতিৰ কেন্দ্ৰৰ গড় দূৰত্ব | ~২.৫ কিমি |
| কক্ষপথৰ পৰ্যায়কাল | ২.২৫-২.৫০ a |
| বেগ | ২১৭ কিমি/ছে তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালৰ কক্ষপথত ২০ কিমি/ছে প্ৰতিবেশি নক্ষত্ৰৰ আপেক্ষিকত |
| bgcolor="#ffffc0" colspan="2" | ভৌতিক বৈশিষ্ট্যসমূহ | |
| গড় ব্যাস | ১.৩৯২ কিমি (১০৯ পৃথিৱী) |
| পৰিধি | ৪.৩৭৩ কিমি |
| কমলাকৃতি | 9 |
| পৃষ্ঠৰ ক্ষেত্ৰফল | ৬.০৯ মি² (১১,৯০০ পৃথিৱী) |
| আয়তন | ১.৪১ মি³ (১,৩০০,০০০ পৃথিৱী) |
| ভৰ | ১.৯৮৮ ৪৩৫ কেজি (৩৩২,৯৪৬ পৃথিৱী) |
| ঘনত্ব | ১,৪০৮ কেজি/মি³ |
| পৃষ্ঠৰ মধ্যাকৰ্ষণ | ২৭৩.৯৫ মি সে-২ ( g ৰ ২৭.৯ গুন) |
| পৃষ্ঠৰ পলায়ন বেগ | ৬১৭.৫৪ কিমি/সে (৫৫ পৃথিৱী) |
| পৃষ্ঠৰ তাপমাত্ৰা | ৫৭৮৫ K |
| কৰোনাৰ তাপমাত্ৰা | ৫ MK |
| কেন্দ্ৰৰ তাপমাত্ৰা | ~১৩.৬ MK |
| উজ্জ্বলতা (Lsol) | ৩.৮২৭ [ৱাট|W]] |
| গড় তীব্ৰতা (Isol) | ২.০০৯ W m-২ sr-১ |
| bgcolor="#ffffc0" colspan="2" | ঘূৰ্ণন বৈশিষ্ট্যসমূহ | |
| ক্ৰান্তিকোণ | ৭.২৫° (ভূকক্ষৰ লগত) |
| উত্তৰ মেৰুৰ বিষুৱাংশ | ২৮৬.১৩° |
| উত্তৰ মেৰুৰ বিষুবলম্ব | +৬৩.৮৭° |
| বিষুৱৰেখাৰ ঘূৰ্ণন কাল | ২৫.৩৮ দিন |
| বিষুৱৰেখাৰ বেগ | ৭১৭৪ কিমি/ঘ |
| bgcolor="#ffffc0" colspan="2" | আলোক মণ্ডলীয় গঠন (ভৰ অনুসৰে) | |
| উদজান | ৭৩.৪৬ % |
| হিলিয়াম | ২৪.৮৫ % |
| অম্লজান | ০.৭৭ % |
| কাৰ্বন | ০.২৯% |
| লো | ০.১৬ % |
| নিয়ন | ০.১২ % |
| নাইট্ৰ’জেন | ০.০৯ % |
| ছিলিকন | ০.০৭ % |
| মেগনেছিয়াম | ০.০৫ % |
| ছালফাৰ | ০.০২ % |
সৌৰজগতৰ কেন্দ্ৰত থকা নক্ষত্ৰটো হ’ল বেলি বা সূৰ্য। সৌৰজগতৰ মুঠ ভৰৰ ৯৮.৫% ভৰৰ গৰাকী হ’ল সূৰ্য। পৃথিৱী সূৰ্যৰ পৰা গড়ে ১৪,৯৫,৭৮,০০০ কিমি (৯,২৯,৫৬,০০০ মাইল) আঁতৰত আছে। পোহৰে এই দূৰত্ব অতিক্ৰম কৰিবলৈ ৮ মিনিট ১৯ ছেকেণ্ড সময় লয়। সূৰ্যৰ পৰা পৃথিৱীৰ নিকটতম দূৰত্ব হ’ল ১৪,১০,০০,০০০ কিমি আৰু সৰ্বোচ্চ দূৰত্ব হ’ল ১৫,২০,০০,০০০ কিমি। পোহৰৰ যোগেদি সূৰ্যৰ শক্তি পৃথিৱীলৈ আহে। ইয়াৰ বলতেই ধৰাত সমগ্ৰ জীৱজগত জীয়াই আছে। ইয়েই বতৰ পৰিবৰ্তনৰ মূল কাৰক।
সূৰ্যৰ পৃষ্ঠভাগৰ উপাদান সমূহ হ’ল উদজান (প্ৰায় মুঠ ভৰৰ ৭৪% বা মুঠ আয়তনৰ ৯২%), হিলিয়াম (প্ৰায় মুঠ ভৰৰ ২৪% বা মুঠ আয়তনৰ ৭%) আৰু কম পৰিমাণৰ লো, নিকেল, অম্লজান, কেলছিয়াম, ছিলিকন, মেগনেছিয়াম, কাৰ্বন, নিয়ন আৰু ক্ৰমিয়াম। সৌৰ বৰ্ণালী হ’ল G2V শ্ৰেণীৰ। G2 মানে ইয়াৰ পৃষ্ঠভাগৰ প্ৰায় ৫৭৪০কেলভিন (৫৫০০ ডিগ্ৰী ছেলছিয়াছ) উষ্ণতাৰ পৰা বগা পোহৰ নিৰ্গত হয়, যি বায়ুমণ্ডলৰ বিচ্ছুৰণৰ প্ৰভাৱত আমি হালধীয়া দেখো। বিচ্ছুৰণ হ’ল এটা বিয়োগাত্মক প্ৰক্ৰিয়া, য’ত চুটি তৰংগ দৈৰ্ঘ্যৰ বেঙুনীয়া ৰশ্মি আৰু নীলা ৰশ্মি শোষণ হয় আৰু আমাৰ চকুত ধৰা পৰা হালধীয়া ৰশ্মিৰ তৰংগৰ কম্পনাংক পৃথিৱীপৃষ্ঠ স্পৰ্শ কৰে। এই প্ৰক্ৰিয়াত নীলা ৰশ্মিৰ বিচ্ছুৰণৰ কাৰেণই আমি আকাশৰ ৰং নীলা দেখো। ৰাতিপুৱা আৰু গধূলি সময়ত যেতিয়া সূৰ্যৰ পোহৰে অধিক বায়ুমণ্ডল অঞ্চল অতিক্ৰম কৰি আহে, তেতিয়া আৰু অধিক তৰংগৰ বিচ্ছুৰণ ঘটে, ফলত আমি আকাশখন হালধীয়াৰ পৰা ৰঙা পৰ্যন্ত দেখো।
সূৰ্যৰ বৰ্ণালীত আয়নিভূত আৰু নিষ্ক্ৰিয় ধাতু আৰু অতি সূক্ষ্ম হাইড্ৰ’জেনৰ পতি পোৱা যায়। এই বৰ্ণালী শ্ৰেণীৰ V (ৰোমান সংখ্যা ৫) এ আঙুলিয়াই দিয়ে যে গৰিষ্ঠ সংখ্যক নক্ষত্ৰৰ দৰে ই মূল সূঁতি (main sequence)ৰ নক্ষত্ৰ। ইয়াৰ অৰ্থ হ’ল সূৰ্যই শক্তি হাইড্ৰ’জেনৰ পৰা হিলিয়ামলৈ ৰূপান্তৰিত হোৱা পাৰমাণৱিক সংযোজন প্ৰক্ৰিয়াৰ পৰা পায়। আমাৰ তাৰকাৰাজ্যত ১০০ মিলিয়নতৈকও অধিক G2 শ্ৰেণীৰ নক্ষত্ৰ আছে। সূৰ্য ইয়াৰে ৮৫% নক্ষত্ৰ (য’ৰ অধিকাংশই হ’ল ৰক্তিম বাওনা (Red dwarf) নক্ষত্ৰতকৈ উজ্জ্বল।
সূৰ্যই নিজ কক্ষপথত হাতিপতি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ পৰা ২৪০০০ৰ পৰা ২৬০০০ আলোক-বৰ্ষ দূৰত্বত থাকি কেন্দ্ৰক পৰিক্ৰমা কৰি থাকে। সূৰ্যক এবাৰ পৰিক্ৰমা কৰোঁতে প্ৰায় ২২৫-২৫০ মিলিয়ন বছৰ লাগে (এক গেলেটিক বা তাৰকাৰাজ্যিক বৰ্ষ)। সূৰ্যৰ কক্ষীয় গতিবেগ হ’ল ২২০+/-২০ কিমি/ছে, কিন্তু শেহতীয়া গণনা মতে ই ২৫২ কিমি/ছে। ই প্ৰায় ১১৯০ বছৰত ১ আলোকবৰ্ষ বা ৭ বছৰত এক সৌৰবৰ্ষৰ সমকক্ষ। বৰ্তমান উপলব্ধ তথ্যৰ মতে এই আন্তঃতাৰকাৰাজ্যিক দূৰত্ব আৰু গতিবেগ শুদ্ধ বুলি মনা হৈছে যদিও নতুন তথ্যৰ সন্ধান পালে এই মান সলনি কৰিব পাৰে। যিহেতু Cosmic background radiation (CMB) আপেক্ষিক ভাৱে আমাৰ তাৰকাৰাজ্যখন হাইড্ৰা (hydra) ৰ দিশত ৫৫০ কিমি/ছে গতি কৰি আছে, গতিকে সূৰ্যৰ CMB ৰ আপেক্ষিকভাৱে সামগ্ৰিক বেগ Crater বা Leo ৰ দিশত ৩৭০ কিমি/ছে হ’ব।
সূৰ্য বৰ্তমান হাতিপতি তাৰকাৰাজ্যৰ বৃহতাকাৰ Perseus বাহু আৰু Segittarius বাহুৰ মাজৰ Orion বাহুৰ ভিতৰ ফালৰ কাষটোত স্থানীয় আন্তঃনক্ষত্ৰীয় ডাৱৰ (Local Interstellar Cloud) ৰ উচ্চ উষ্ণতাৰ গেছৰ লঘুভিত কম ঘনত্বৰ স্থানীয় বাবল (Local Bubble) অঞ্চলৰ মাজেদি গৈ আছে। সূৰ্যৰ নিকটৱৰ্তী ১৭ আলোকবৰ্ষৰ ভিতৰৰ ৫০খন নক্ষত্ৰজগত (Stellar System) ৰ ভিতৰত সূৰ্যৰ পৰম মাত্ৰা (Absolute Magnitude)ৰ স্থান চতুৰ্থ।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সূৰ্য” প্ৰবন্ধৰ সংশোধন ৫৬৬১৮৮ (২৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।