বিভীষণ হৈছে ৰামায়ণত বৰ্ণিত লংকাৰ অধিপতি ৰাৱণৰ কনিষ্ঠ ভ্ৰাতৃ।১ নিজে ৰাক্ষস হোৱা স্বত্বেও বিভীষণে ৰাৱণক পৰিত্যাগ কৰি ৰামৰ পক্ষ লৈছিল। ৰাৱণ বধৰ পিছত ৰামে বিভীষণক লংকাৰ ৰজা পাতে।
ৰামায়ণৰ বৰ্ণনা
বিভীষণৰ মন আৰু হৃদয় আছিল সাত্বিক (বিশুদ্ধ)।। শৈশৱৰ পৰাই তেওঁ ঈশ্বৰৰ ধ্যান কৰি সময় অতিবাহিত কৰিছিল। অৱশেষত ব্ৰহ্মা আৱিৰ্ভাৱ হৈ তেওঁৰ বাঞ্ছিত যিকোনো বৰ দিবলৈ ইচ্ছা প্ৰকাশ কৰে। বিভীষণে কৈছিল যে তেওঁ বিচৰা একমাত্ৰ বস্তুটো হ'ল পদুম পাতৰ (চৰণ কমল) দৰে বিশুদ্ধ প্ৰভুৰ চৰণত নিজৰ মন স্থিৰ কৰা। তেওঁ প্ৰাৰ্থনা কৰিছিল যে তেওঁক সেই শক্তি প্ৰদান কৰা হওক যাৰ দ্বাৰা তেওঁ সদায় ভগৱানৰ চৰণত থাকি তেওঁ বিষ্ণুৰ দৰ্শন লাভ কৰিব পাৰে। যেতিয়া তেওঁ নিজৰ সম্পত্তি আৰু পৰিয়াল-পৰিজনক ত্যাগ কৰি ভগৱান বিষ্ণুৰ অৱতাৰ ৰামৰ পক্ষত যোগদান কৰিছিল তেতিয়াই তেওঁৰ মনোবাঞ্ছা পূৰ্ণ হয়।
বিভীষণ কৈকেষী আৰু ঋষি বিশ্ৰবাৰ কনিষ্ঠ পুত্ৰ তথা ঋষি পুলস্ত্যৰ নাতি আছিল। তেওঁ লংকাৰ অধিপতি ৰাৱণ আৰু কুম্ভকৰ্ণৰ কনিষ্ঠ ভ্ৰাতৃ আছিল। যদিও তেওঁ ৰাক্ষস কুলত জন্মগ্ৰহণ কৰিছিল তথাপিও তেওঁ সৎ আৰু ধাৰ্মিক আছিল আৰু নিজকে ব্ৰাহ্মণ বুলি গণ্য কৰিছিল। যেতিয়া ৰাক্ষস সুমালীৰ জীয়ৰী কৈকেষীয়ে বিশ্ৰবাৰ ওচৰত তেওঁৰ পত্নী হোৱাৰ ইচ্ছা নিবেদন কৰে তেতিয়া বিশ্ৰবাই কয় যে, তেওঁ এনে এক অশুভ সময়ত এই ইচ্ছা প্ৰকাশ কৰিছে যে তেওঁলোকৰ সন্তানে ভয়ংকৰ শৰীৰি গঠন আৰু নিষ্ঠুৰ প্ৰকৃতিৰে জন্ম গ্ৰহণ কৰিব। এই কথা শুনি কৈকেষীয়ে তেওঁৰ ভৰিত পৰি কান্দিবলৈ ধৰে। এই কথা লক্ষ্য কৰি বিশ্ৰবাই কয় যে ভাগ্য সলনি কৰিব নোৱাৰি। কিন্তু কৰ্তব্যনিষ্ঠ পত্নী হিচাপে কৈকেষীৰ ভক্তি আৰু কাৰ্য্যৰ বাবে যে তেওঁলোকৰ কনিষ্ঠ পুত্ৰ স্বাভাৱিক শৰীৰৰ আৰু এক ধাৰ্মিক মনৰ হ'ব।
ৰাৱণৰ সৈতে মতভেদৰ বাবে বিভীষণ লংকাৰ পৰা পলাই যায়। তেওঁৰ মাক কৈকেষীয়ে তেওঁক ৰামৰ সেৱা কৰিবলৈ পৰামৰ্শ দিয়ে। বিভীষণে ৰাৱণৰ সৈন্যবাহিনীৰ গোপন কথা প্ৰকাশ কৰি লংকাৰ যুদ্ধত ৰাম বিজয় সুনিশ্চিত কৰে। ৰামে বিভীষণৰ সেৱা গ্ৰহণ কৰে আৰু ৰাৱণৰ মৃত্যুৰ পিছত তেওঁক লংকাৰ অধিপতি হিচাপে অভিষিক্ত কৰে।
যেতিয়া বিভীষণে লংকাৰ ৰাজসিংহাসনত উঠে তেতিয়া তেওঁ তেওঁৰ প্ৰজাসকলক অশুভ পথৰ পৰা ধৰ্মৰ পথলৈ আনে। তেওঁৰ পত্নী ৰাণী সৰমাইও তেওঁক এই প্ৰচেষ্টাত সহায় কৰিছিল। তেওঁৰ ত্ৰিজঁটা নামৰ এগৰাকী কন্যা আছিল।
ৰামে তেওঁৰ শাসনকালৰ শেষত অযোধ্যা এৰিবলৈ ওলাওঁতে নিজৰ মূল ৰূপ শ্ৰী বিষ্ণুৰ ৰূপত বিভীষণক পৃথিৱীত থাকি জনসাধাৰণৰ সেৱা কৰিবলৈ আৰু তেওঁলোকক সত্য আৰু ধৰ্মৰ পথ প্ৰদৰ্শন কৰিবলৈ আদেশ দিয়ে। সেয়েহে বিভীষণক সাতজন অমৰ ব্যক্তি বা চিৰঞ্জীৱৰ ভিতৰত এজন বুলি গণ্য কৰা হয়। ভগৱান বিষ্ণুৱে বিভীষণক সূৰ্যবংশৰ পাৰিবাৰিক দেৱতা ভগৱান ৰংগনাথক প্ৰাৰ্থনা কৰিবলৈও আদেশ দিছিল।২
তথ্যসূত্ৰ
- ↑ (3 January 2020). Ravana | King Ravana - Viral Sri Lanka
- ↑ Saraswati, Smt T. N. (2 March 2019). Vibhishana. Bharatha Samskruthi Prakashana. ISBN 978-93-89020-78-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভীষণ” প্ৰবন্ধৰ সংশোধন ৪১৯১১৬ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।