মোহনদাস কৰমচান্দ গান্ধী (મોહનદાસ કરમચંદ ગાંધી; Mohandas Karamchand Gandhi; ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) ব্ৰিটিছ ৰাজৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিবীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয়।১ তেখেতক সাধাৰণতে মহাত্মা (ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰদান কৰা সন্মানসূচক 'মহান আত্মা')২ নামেৰেও জনা যায়। ভাৰতীয়সকলে তেখেতক জাতিৰ পিতাৰ মৰ্যাদা দিয়ে আৰু সেয়ে বাপু বুলি সম্বোধন কৰে। তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়।
গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উকিল হৈ থকাৰ সময়তে তাত থকা প্ৰবাসী ভাৰতীয়সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংস অসহযোগৰ প্ৰয়োগ কৰে। ১৯১৫ চনত ভাৰতলৈ ঘূৰি আহি তেখেতে চৰকাৰৰ উচ্চ খাজনাৰ দৰ আৰু বৈষম্যবাদী নীতিৰ প্ৰতিবাদ কৰিবলৈ খেতিয়ক আৰু বনুৱাসকলক সংগঠিত কৰা আৰম্ভ কৰে। ১৯২১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাবে তেখেতে দৰিদ্ৰতা নিবাৰণ, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, আৰ্থিক স্বাৱলম্বিতা গঢ়ি তোলা আদিৰ দাবীত, বিশেষকৈ স্বৰাজ অৰ্থাৎ ভাৰতৰ বিদেশী শাসনৰ পৰা মুক্ত কৰা ইত্যাদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰে। ১৯৩০ চনত ব্ৰিটিছ শাসকে ভাৰতীয়সকলৰ ওপৰত জাপি দিয়া নিমখ কৰৰ প্ৰতিবাদত তেখেতে ৪০০ কিলোমিটাৰ পদযাত্ৰা কৰি গৈ দাণ্ডি নামে স্থানত দাণ্ডী যাত্ৰা নিমখ তৈয়াৰ কৰি ব্ৰিটিছ আইন উলংঘা কৰা কাৰ্য বিশেষভাৱে উল্লেখযোগ্য। ১৯৪২ চনত ইংৰাজক ভাৰত ত্যাগ কৰি গুচি যাবলৈ দাবী কৰি তেখেতে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে। আন্দোলনৰ বাবে তেখেতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাতো কেইবাবাৰো কাৰাবন্দী হ'ব লগা হৈছিল।
গান্ধীয়ে সকলো ক্ষেত্ৰতে সত্য আৰু অহিংসাৰ ব্যৱহাৰত গুৰুত্ব দিছিল আৰু আনকো তেনে কৰিবলৈ উদ্গণি দিছিল। সাবৰমতী আশ্ৰমত অত্যন্ত সাধাৰণভাৱে থকা গান্ধীয়ে হাতেকটা সূতাৰে তৈয়াৰী আঁঠুৰ ওপৰলৈকে পৰা এখন চুৰিয়া পিন্ধিছিল আৰু শৰীৰ ঢাকিবলৈ এখন খদ্দৰৰ কাপোৰ ব্যৱহাৰ কৰিছিল। নিজেও তেখেতে প্ৰতিদিনেই যঁতৰত সূতা কাটিছিল। নিৰামিষাহাৰী গান্ধীয়ে প্ৰায়েই শৰীৰ আৰু আত্মাৰ শুদ্ধিৰ বাবে আৰু কেতিয়াবা প্ৰতিবাদৰ বাবে অনশন কৰিছিল।
জীৱনৰ প্ৰথমছোৱা


মোহনদাস কৰমচান্দ গান্ধীৰ৩ জন্ম হৈছিল ১৮৬৯ চনৰ অক্টোবৰ মাহৰ ২ তাৰিখে, গুজৰাটৰ পোৰবন্দৰ (বৰ্তমান কীৰ্তি মন্দিৰ) নামে স্থানত। হিন্দু ধৰ্মাৱলম্বী মোধ সম্প্ৰদায়, পিতাক কৰমচান্দ গান্ধীয়ে (১৮২২ - ১৮৮৫) পোৰবন্দৰ ৰাজ্যৰ এজন দেৱান হিচাবে কাথিৱাৰ এজেন্সি নামে ব্ৰিটিছ প্ৰশাসনীয় বিভাগত কাম কৰিছিল।৪ বৈষ্ণৱ ধৰ্মাৱলম্বী মাতৃ পুতলীবাই আছিল কৰমচান্দ গান্ধীৰ চতুৰ্থা স্ত্ৰী, এখেতৰ আগৰ কেইগৰাকীৰ সন্তান জন্মৰ সময়ত মৃত্যু ঘটিছিল। জৈন ধৰ্মৰ পৰিবেশত এগৰাকী ধাৰ্মিক মাতৃৰ সান্নিধ্যত ডাঙৰ-দীঘল হোৱা গান্ধীৰ জীৱনত ভবিষ্যতলৈ গভীৰ প্ৰভাব পেলায়। সহজ-সৰল জীৱন যাপন, নিৰামিষ আহাৰ, ব্ৰত আৰু অনশন, পাৰস্পৰিক সহনশীলতা আদি পাছলৈ তেখেতৰ জীৱনৰ অভিন্ন অংগ হৈ পৰে।৫

১৮৮৩ চনত ১৩ বছৰ বয়সত মহাত্মা গান্ধীয়ে পিতৃ-মাতৃৰ পছন্দ অনুসৰি কস্তুৰবা মাখাঞ্জীৰ (কস্তুৰবাই নামেও পৰিচিত আছিল) লগত বিবাহ-পাশত আবদ্ধ হয়। তেওঁলোকৰ চাৰি গৰাকী পুত্ৰ সন্তান ক্ৰমে: হৰিলাল গান্ধী (জন্ম ১৮৮৮), মণিলাল গান্ধী (জন্ম ১৮৯২), ৰামদাস গান্ধী (জন্ম ১৮৯৭) আৰু দেৱদাস গান্ধী (জন্ম ১৯০০)। মহাত্মা গান্ধীয়ে শৈশৱত পোৰবন্দৰ আৰু ৰাজকোটত পঢ়া-শুনা কৰিছিল। ছাত্ৰ হিচাপে তেওঁ মধ্যমীয়া আছিল। গুজৰাটৰ ভৱনগৰৰ ছামালদাস কলেজৰ পৰা মহাত্মা গান্ধীয়ে সাধাৰণভাৱে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কলেজত অধ্যয়নকালত তেওঁৰ পৰিবাৰৰ ইচ্ছা আছিল তেখেতে বেৰিষ্টাৰীৰ বাবে পঢ়ক।
১৮ বছৰ বয়সত ১৮৮৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজলৈ যায়। লণ্ডনত পঢ়াৰ সময়ছোৱাত গান্ধীৰ জীৱন যাপন আছিল ছাত্ৰকালতে মাকক দিয়া শপত বাক্যৰ দ্বাৰা প্ৰভাৱিত। এগৰাকী জৈন সন্ন্যাসী বেচাৰ্জীৰ সম্মুখত তেওঁ মাকৰ আগত শপত লৈছিল যে তেওঁ মাংস, মদ আৰু উচ্ছৃঙ্খলতা ত্যাগ কৰাৰ লগতে হিন্দু নৈতিক উপদেশ পালন কৰি জীৱন যাপন কৰিব। অৱশ্যে তেওঁ ইংৰাজৰ কিছুমান আদৱ-কায়দা পৰীক্ষামূলকভাৱে গ্ৰহণ কৰিছিল, যেনে নাচৰ শিক্ষা। কিন্তু তেওঁৰ ভাৰাঘৰৰ মালিকনীয়ে দিয়া ভেড়াৰ মাংস আৰু বন্ধাকবি তেওঁ খোৱা নাছিল। লণ্ডনত অৱস্থিত অতি কম সংখ্যক নিৰামিষ ভোজনালয়তে তেওঁ দৈনিক আহাৰ গ্ৰহণ কৰিছিল। মাকক দিয়া শপত বাক্যৰ উপৰিও নিৰামিষ ভোজনৰ উপকাৰিতা সম্বন্ধে তেওঁ পঢ়া-শুনাও কৰে আৰু একান্ত আগ্ৰহী হৈয়েই নিৰামিষাহাৰী হয়। তেখেতে নিৰামিষভোজী সংঘত যোগ দিয়ে আৰু কাৰ্যকৰী কমিটিৰ সদস্যও নিৰ্বাচিত হয়, লগতে এই সংস্থাৰ এটা স্থানীয় শাখাও প্ৰচলন কৰে। তেখেতৰ এই অভিজ্ঞতা পৰৱৰ্তী জীৱনৰ সাংগঠনিক কাম-কাজৰ সহায়ক হয়। নিৰামিষভোজী বহুতো সদস্য থিওছ'ফিকেল ছ'ছাইটি (Theosophical Society)-ৰো সদস্য আছিল। এই ছ'ছাইটি গঠিত হৈছিল ১৮৭৫ চনত; সৰ্বজনীন ভ্ৰাতৃত্বৰ উদ্দেশ্যে ইয়াক গঠন কৰা হৈছিল। ইয়াত ধৰ্ম শিক্ষা হিচাপে বৌদ্ধ আৰু হিন্দু ব্ৰাহ্মণ্য দসাহিত্য পঢ়ুওৱা হৈছিল। ইয়াতেই গান্ধীয়ে শ্ৰীমদ্ভগৱতগীতা অধ্যয়ন কৰিবলৈ অনুপ্ৰেৰণা পাইছিল। ইয়াৰ আগলৈকে ধৰ্মৰ কাৰণে গান্ধীয়ে বিশেষ উৎসাহ অনুভৱ কৰা নাছিল যদিও এই সময়তে তেওঁ হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, ইছলামসহ অন্যান্য ধৰ্ম সম্পৰ্কে আৰু বিভিন্ন ৰীতি-নীতি সম্পৰ্কে অধ্যয়ন কৰে।
১৮৯১ চনৰ জুন মাহত গান্ধীয়ে ওকালতি কৰাৰ অনুমতি পায় আৰু ভাৰতলৈ উভতি আহে। স্বগৃহলৈ উভতি আহি তেখেতে জানিব পাৰে যে ইতিমধ্যে মাকৰ মৃত্যু হৈছে আৰু বিদেশত থকা কালত তেখেতক এই কথা জানিবলৈ দিয়া হোৱা নাছিল।৬ বোম্বাইত তেখেতে ওকালতি আৰম্ভ কৰে। কিন্তু তেখেতৰ ওকালতি পেছা ভালকৈ আগবঢ়া নাছিল, কাৰণ আদালতত কথা ক'বলৈ তেখেতে অসুবিধা পাইছিল। সেয়ে তেওঁ ৰাজকোটলৈ উভতি আহে আৰু 'আৰ্জি লেখক' হিচাপে কাম কৰিবলৈ লয়। কিন্তু এক ইংৰাজ বিষয়াৰ লগত হোৱা মতানৈক্যৰ ফলস্বৰূপে এই কামো তেখেতে বন্ধ কৰিবলগীয়াত পৰে।৭৬ ১৮৯৩ চনত তেখেতে 'দাদা আব্দুল্লা এণ্ড কো.' নামৰ দক্ষিণ আফ্ৰিকাৰ ব্ৰিটিছ উপনিবেশ নাটালত অৱস্থিত এক ভাৰতীয় কোম্পানীৰ লগত এবছৰীয়া চুক্তিত স্বাক্ষৰ কৰে আৰু আৰু দক্ষিণ আফ্ৰিকালৈ যায়।৭
দক্ষিণ আফ্ৰিকাৰ গণঅধিকাৰ আন্দোলন (১৮৯৩-১৯১৪)

দক্ষিণ আফ্ৰিকাত গান্ধীৰ জীৱনৰ নাটকীয় পৰিৱৰ্তন হয়। ইয়াতেই তেওঁ ভাৰতীয় তথা কৃষ্ণাঙ্গসকলৰ প্ৰতি সাধাৰণভাৱে প্ৰচলিত বৈষম্যৰ চিকাৰ হয়। এদিনাখন ডাৰবানৰ আদালতৰ মেজিষ্ট্ৰেটে তেখেতক পাগুৰি খুলিবলৈ আদেশ দিয়ে। গান্ধীয়ে সেই আদেশ অমান্য কৰি আদালত কক্ষৰপৰা বাহিৰ হৈ আহে। পিটাৰ মেৰিজবাৰ্গ ভ্ৰমণকালত প্ৰথম শ্ৰেণীৰ টিকট থকা সত্বেও তেখেতক ৰেলৰ প্ৰথম শ্ৰেণীৰ দবা এটাৰ পৰা তৃতীয় শ্ৰেণীলৈ স্থানান্তৰ কৰা হয়। ষ্টেজকোচত ভ্ৰমণৰ সময়ত এগৰাকী পৰিচালকে গান্ধীক প্ৰহাৰ কৰে, কাৰণ তেখেতে এজন ইউৰোপীয় যাত্ৰীক সুবিধা কৰি দিবলৈ ফুটবোৰ্ডত থিয় হৈ যাবলৈ অমান্তি হৈছিল। যাত্ৰাপথত কেবাবাৰো এনে বৈষম্যৰ মুখামুখি হোৱাৰ উপৰিও কেইবাখনো হোটেলতো গান্ধীক থাকিবলৈ দিয়া হোৱা নাছিল। এই ঘটনাৱলীয়ে গান্ধীৰ পাছৰ পৰ্যায়ৰ সামাজিক কাৰ্যকলাপৰ দিশ নিৰ্ণয় কৰে। ভাৰতীয়সকলে সততে সন্মুখীন হোৱা বৰ্ণভেদ, কুসংস্কাৰ আৰু অবিচাৰ দেখি গান্ধীয়ে জনগণৰ মৰ্য্যদা আৰু সামাজিক অৱস্থান সম্পৰ্কে সচেতন হয়।
দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলৰ ভোটাধিকাৰ নাছিল। এই অধিকাৰ আদায়ৰ বিল উত্থাপনৰ বাবে জনজাগৰণ সংগঠিত কৰি তেওঁ আৰু কিছুদিন দক্ষিণ আফ্ৰিকাতে থাকে। বিলখনৰ উদ্দেশ্য সিদ্ধি নহ'লেও এই আন্দোলনে সেই দেশৰ ভাৰতীয়সকলক নিজৰ অধিকাৰ সম্বন্ধে সচেতন কৰি তুলিছিল। ১৮৯৪ চনত গান্ধীয়ে নাটাল ইণ্ডিয়ান কংগ্ৰেছ প্ৰতিষ্ঠা কৰে। এই সংগঠনে সেই স্থানৰ ভাৰতীয়সকলক ৰাজনৈতিকভাৱে সংঘবদ্ধ কৰে। ১৮৯৭ চনৰ জানুৱাৰী মাহত এক সংক্ষিপ্ত ভ্ৰমণ সম্পন্ন কৰি ভাৰতলৈ উভতি অহাৰ পথত শ্বেতাঙ্গসকলৰ এটা গোটে গান্ধীক প্ৰাণে মৰাৰ চেষ্টা কৰে। গান্ধীয়ে এই গোটৰ বিৰুদ্ধে কোনো অভিযোগ দিয়া নাছিল। কাৰণ, এজনৰ ব্যক্তিগত ভুলৰ বাবে সমগ্ৰ দলৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাটোক তেওঁ সমৰ্থন নকৰিছিল।
১৯০৬ চনত ট্ৰান্সভাল চৰকাৰে উপনিবেশখনৰ ভাৰতীয়সকলক প্ৰবন্ধনত বাধ্য কৰাবৰ বাবে এখন আইন পাছ কৰে। ১১ ছেপ্টেম্বৰত জোহান্সবাৰ্গত সংঘটিত এক গণ প্ৰতিৰোধত গান্ধীয়ে সকলোকে এই আইন বৰ্জন কৰাৰ বাবে আহ্বান কৰে। তেওঁ কৈছিল, আইন নমনাৰ কাৰণে তেওঁলোকৰ ওপৰত যি অত্যাচাৰ হ'ব সেইখিনি সহ্য কৰা যাব, কিন্তু আইন মানি চলা নহ'ব। এই পৰিকল্পনাই সাফল্য লাভ কৰে আৰু ৭ বছৰ বিয়পা আন্দোলনৰ সূত্ৰপাত হয়। এই সময়ত আইন অম্যান্য কৰা, প্ৰবন্ধন কাৰ্ড পুৰি পেলোৱা আদি বিভিন্ন 'দোষ'ত বহুতো ভাৰতীয়ক বন্দী কৰা হয়। কেবাসংখ্যক লোক আহত বা নিহত হয়। চৰকাৰ সফলতাৰ দিশত আগুৱাই যাবলৈ আৰম্ভ কৰে। কিন্তু শান্তিকামী এই প্ৰতিবাদৰ প্ৰতি গ্ৰহণ কৰা দমনমূলক নীতিৰ বিৰোধিতা কৰি দক্ষিণ আফ্ৰিকাৰ সাধাৰণ মানুহৰ মাজৰপৰাই প্ৰতিবাদ আৰম্ভ হয়। অগত্যা, দক্ষিণ আফ্ৰিকাৰ জেনেৰেল ইয়ান ক্ৰিশ্চিয়ান স্মুট-এ গান্ধীৰ সৈতে আপোচ কৰিবলৈ বাধ্য হয়। ইয়াৰ মাজেৰেই গান্ধীৰ আদৰ্শই প্ৰতিষ্ঠা পায়, সত্যাগ্ৰহ আন্দোলনে নিজৰ স্বৰূপ লাভ কৰিবলৈ আৰম্ভ কৰে।
গান্ধী আৰু আফ্ৰিকাবাসী
দক্ষিণ আফ্ৰিকাত থকা সময়ছোৱাত গান্ধীৰ কৰ্মক্ষেত্ৰ ঘাইকৈ ভাৰতীয়সকলৰ লগতে সীমাবদ্ধ আছিল, আৰু থলুৱা আফ্ৰিকানসকলৰ লগত একে শাৰীতে ভাৰতীয়সকলকো ৰখাৰ তেওঁ বিৰোধিতা কৰিছিল।৮৯১০ শ্বেতাংগসকলৰ শাসনকালত বিভিন্ন জাতিৰ মাজত বৈষম্যমূলক নীতি আৰোপ কৰি তেওঁলোকৰ মাজত মতানৈক্য সৃষ্টি কৰা হৈছিল। ইতিহাসবিদ ভানা (Bhana) আৰু ৱাহেদ (Vahed)-ৰ মতে প্ৰথমে গান্ধীয়েও এই বৈষম্য ৰখাটো সমৰ্থন কৰিছিল যদিও কাৰাবাসত থকা সময়ছোৱাত তেখেত কৃষ্ণবৰ্ণৰ লোকসকলৰ প্ৰতি কৰা অবিচাৰৰ প্ৰতি সজাগ হয়।
১৯০৬ চনত ব্ৰিটিছ চৰকাৰে নাটালৰ জুলু সম্প্ৰদায়ৰ ৰাজ্যৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত গান্ধীয়ে ভাৰতীয়সকলক যোগদান দিয়াতো সমৰ্থন কৰিছিল। তেখেতে বিচাৰিছিল এই যুদ্ধত ভাৰতীয়সকলৰ যোগদানে তেওঁলোকৰ পূৰ্ণ নাগৰিকত্বৰ দাবীৰ প্ৰতি আস্থা আনিব পাৰিব। ইংৰাজ চৰকাৰে গান্ধীৰ মনোবাঞ্ছা মানি লৈ ২০ গৰাকী ভাৰতীয় স্বেচ্ছাসেৱকৰ দ্বাৰা গঠিত এম্বুলেন্স সেৱাৰ সহযোগী গোট গঠন কৰে। গান্ধীয়ে এই গোটৰ নেতৃত্ব দিছিল আৰু প্ৰায় দুমাহ এই গোটত কৰ্মৰত আছিল।১১ এই সময়ত লাভ কৰা অভিজ্ঞতাৰপৰা তেওঁ বুজিছিল যে সুগঠিত ইংৰাজ সেনাৰ লগত যুদ্ধত নিয়োজিত হৈ বিজয়লাভ অসম্ভৱ, ইংৰাজক সেও মনাবলৈ বিশুদ্ধ অন্তঃকৰণেৰে অহিংস আন্দোলন আঁকোৱালি লোৱাৰ গত্যন্তৰ নাই।১২
দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগ শাসন আৰম্ভ হোৱাৰ পাছত, মহাত্মা গান্ধীক জাতীয় বীৰ হিচাপে স্বীকৃতি দিয়া হয়।১৩
ভাৰতৰ স্বাধীনতা আন্দোলন (১৯১৫-১৯৪৭)
মূল প্ৰবন্ধ: ভাৰতৰ স্বাধীনতা আন্দোলন
১৯১৫ চনত মোহনদাস গান্ধী স্থায়ীভাৱে ভাৰতলৈ উভতি আহে। এগৰাকী আন্তৰ্জাতিক পৰ্যায়ৰ ভাৰতীয় জাতীয়তাবাদী, সংগঠক আৰু সূত্ৰকাৰ (theorist) হিচাপে বিপুল সন্মানেৰে তেখেতক আদৰণি জনোৱা হয়। তেখেতে আহি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু ভাৰতৰ সমস্যাসমূহ আৰু প্ৰচলিত ৰাজনীতিৰ বিষয়ে জানিবলৈ পায়। সেইসময়ত কংগ্ৰেছ দলৰ নেতা গোপাল কৃষ্ণ গোখলে আদিয়ে নৰম পন্থাৰ সমৰ্থন কৰিছিল আৰু ব্যৱস্থাৰ ভিতৰত থাকিয়েই ভাৰতীয়সকলৰ সমস্যাৰ সমাধান আশা কৰিছিল। গান্ধীয়ে গোখলেৰ উদাৰনীতিৰ পোষকতা কৰে আৰু ইয়াৰ ভিত্তিতে নতুন আৰু সম্পূৰ্ণ ভাৰতীয় স্বৰূপৰ আন্দোলনৰ ভেঁটি গঢ়ি তোলে।১৪
১৯২০ চনত গান্ধী কংগ্ৰেছ দলৰ নেতা নিৰ্বাচিত হয় আৰু ১৯৩০ চনলৈ বিভিন্ন দাবীৰে স্বাধীনতা আন্দোলন আগবঢ়াই নিয়ে। এই সময়ছোৱাত গান্ধীয়ে দাবী সমৰ্থনৰ লগতে কেতিয়াবা আপোচকামী আৰু কেতিয়াবা নীৰৱতাৰ পন্থাও মানি চলিছিল। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ দাবী তোলে। বিভিন্ন দাবীৰ সন্মতিৰে ভাৰতৰ কেবাখনো ৰাজ্যত ইতিমধ্যে কংগ্ৰেছে চৰকাৰ গঠনত ভাগ লৈছিল। ভাৰতীয়সকলৰ সন্মতি নোলোৱাকৈ ভাৰতৰ ভাইচৰয়ে জাৰ্মানীৰ লগত যুদ্ধ ঘোষণা (১৯৩৯) কৰাত গান্ধী আৰু অন্যান্য কংগ্ৰেছ নেতাই সমৰ্থন প্ৰত্যহাৰ কৰে। ১৯৪২ চনত গান্ধীয়ে স্বাধীনতাৰ দাবী তোলাৰ লগে লগে ৰাজনৈতিক প্ৰেক্ষাপটত সংকটৰ সূচনা হয় আৰু গান্ধী প্ৰমুখ্যে বহুতো নেতাক কাৰাবাস দিয়া হয়। আনহাতে মুছলিম লীগে ইংৰাজ চৰকাৰক সহযোগিতাৰ আশ্বাস দিয়ে আৰু বিনিময়ত পৃথক মুছলিম ৰাষ্ট্ৰৰ দাবী জনায়। মহাত্মা গান্ধীয়ে এই দাবীৰ তুমূল বিৰোধিতা কৰিছিল। অৱশেষত ১৯৪৭ চনৰ আগষ্ট মাহত ভাৰতৰ ভূ-খণ্ডক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক স্বাধীন ৰাষ্ট্ৰৰ গঠন হয়। দ্বিখণ্ডিত এই ব্যৱস্থাৰ প্ৰতি গান্ধীৰ সন্মতি নাছিল।১৫
প্ৰথম বিশ্বযুদ্ধত ভূমিকা
প্ৰথম বিশ্বযুদ্ধৰ দ্বিতীয় ভাগত ভাৰতৰ ভাইচৰয় ফ্ৰেডেৰিক থেছীগাৰে দিল্লীত অনুষ্ঠিত যুদ্ধৰ এক বৈঠকলৈ গান্ধীক নিমন্ত্ৰণ কৰে১৬ যুদ্ধৰ প্ৰতি গান্ধীৰ সমৰ্থন আদায় আৰু ভাৰতৰ স্বাধীনতা সম্বন্ধে আলোচনা কৰিবলৈ।১৭ এই যুদ্ধত গান্ধীয়ে ভাৰতীয়সকলক নিয়োজন কৰাত সন্মতি আগবঢ়ায়। গান্ধীয়ে ১৯০৬ চনত জুলুসকলৰ লগত যুদ্ধ আৰু প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিতে (১৯১৪) যুদ্ধত সৈনিকৰ পৰিৱৰ্তে সেৱা বিভাগত যোগ দিয়াৰহে পোষকতা কৰিছিল। ১৯১৮ চনৰ আলোচনাত গান্ধীয়ে সৈনিক হিচাপে ভাৰতীয় লোকক যোগ দিয়াৰ কথাটোত মান্তি হৈছিল।১৮ ১৯১৮ চনৰ জুন মাহত প্ৰকাশিত 'যুদ্ধত যোগদানৰ বাবে আবেদন' শীৰ্ষক এক প্ৰচাৰপুস্তিকাত গান্ধীয়ে লিখিছিল, "এনে এটা অৱস্থা পাবলৈ আমি নিজকে প্ৰতিৰক্ষা দিয়াৰ ক্ষমতা লাভ কৰিব লাগিব। এই ক্ষমতাৰ বাবে অস্ত্ৰ তুলি লোৱাৰ আৰু ব্যৱহাৰ কৰাৰ সামৰ্থ প্ৰয়োজনীয়… অস্ত্ৰ ব্যৱহাৰৰ পূৰ্ণ সামৰ্থ্য পাবলৈ সৈনিক হিচাপে যোগদান কৰাৰ গত্যন্তৰ নাই।" ("To bring about such a state of things we should have the ability to defend ourselves, that is, the ability to bear arms and to use them… If we want to learn the use of arms with the greatest possible despatch, it is our duty to enlist ourselves in the army.")১৯ অৱশ্যে ভাইচৰয়ৰ ব্যক্তিগত সচিবলৈ লিখা এক পত্ৰত অৱশ্যে গান্ধীয়ে নিশ্চিত কৰি দিছিল যে "ব্যক্তিগত পৰ্যায়ত তেওঁ বন্ধু বা শত্ৰু কাকোৱেই হত্যা বা আঘাত কৰিব নোৱাৰে।" ("personally will not kill or injure anybody, friend or foe.")২০
যুদ্ধত যোগদানৰ বাবে গান্ধীয়ে জনোৱা সঁহাৰি দেখি তেখেতৰ অহিংস নীতিৰ প্ৰতি কিছু প্ৰশ্ন উঠিছিল। গান্ধীৰ বন্ধু 'চাৰ্লছ এণ্ড্ৰুজ'-এ লিখিছে, "ব্যক্তিগতভাৱে গান্ধীৰ এই সিদ্ধান্ত আৰু সাধাৰণভাৱে তেখেতৰ নীতিৰ মাজৰ বিৰোধিতা মই কেতিয়াও মানি ল'ব নোৱাৰিলোঁ। এই একেটা কথাকে মই তেখেতৰ লগত মান্তি হ'ব পৰা নাই।" ("Personally I have never been able to reconcile this with his own conduct in other respects, and it is one of the points where I have found myself in painful disagreement.")২১ মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব মহাদেৱ দেশায়ে লিখিছে, "গান্ধীজীৰ অহিংস নীতি আৰু যুদ্ধৰ যোগদানৰ আহবান এই দুটাৰ মাজত থকা পাৰ্থক্যৰ প্ৰশ্ন অকল সমসাময়িক সময়তে নহয়, আজিও আলোচিত হৈ আছে।" ("The question of the consistency between his creed of 'Ahimsa' (non-violence) and his recruiting campaign was raised not only then but has been discussed ever since.")১৮
চম্পাৰন আৰু খেড়া

ক্ৰমে বিহাৰ আৰু গুজৰাটৰ অন্তৰ্গত চম্পাৰন আৰু খেড়াত হোৱা সত্যাগ্ৰহ আন্দোলনতে গান্ধীয়ে প্ৰথম উল্লেখনীয় সফলতা লাভ কৰিছিল। চম্পাৰনত স্থানীয় কৃষকে সেই ঠাইৰ ঘাইকৈ ইংৰাজ জমিদাৰ আৰু প্ৰশাসনৰ বিৰূদ্ধে আন্দোলন গঢ়ি তুলিছিল। কৃষকসকলক নীলৰ খেতি কৰিবলৈ বাধ্য কৰোৱা হৈছিল। প্ৰথম অৱস্থাত খেতিয়কসকলে লাভৰ মুখ দেখিছিল যদিও দুটা দশকৰ পাছতো কৃষকসকলে একেটা মূল্যতে নীলৰ ফচল জামিদাৰক বিক্ৰী কৰিব লাগিছিল। চম্পাৰনৰ খেতিয়কসকলে মহাত্মা গান্ধীক এই বিষয়ে অৱগত কৰে। অহিংসাৰ ভিত্তিত গান্ধীয়ে এই আন্দোলন আগবঢ়ায় নিয়ে আৰু প্ৰশাসকৰ ফালক আগৰ অৱস্থা সলনি কৰিবলৈ বাধ্য কৰে।২২
১৯১৮ চনত গুজৰাটৰ খেড়াত হোৱা বানপানীয়ে খেতিয়কসকলক জুৰুলা কৰিছিল আৰু তেওঁলোকে কৰৰ বোজা কম কৰিবলৈ আবেদন কৰিছিল। গান্ধীয়ে এই আন্দোলনৰ নেতৃত্ব দিবলৈ 'নদিয়াদ' নামে ঠাইত বাহৰ পাতে।২৩ গান্ধীয়ে আন্দোলনৰ বাবে সমৰ্থক আৰু স্বেচ্ছাসেৱক সংগঠিত কৰিছিল। চৰ্দাৰ বল্লভভাই পেটেল ইয়াতেই গান্ধীৰ সংস্পৰ্শলৈ আহিছিল।২৪ অসহযোগকে মুখ্য অস্ত্ৰ হিচাপে লৈ গান্ধীয়ে কৃষকসকলৰপৰা স্বাক্ষৰ সংগ্ৰহ অভিযানত নামে, য'ত খেতিয়কসকলে ভূমি কাঢ়ি লোৱাৰ ভয় দেখুৱালেই কৰ দিয়া নহ'ব বুলি স্বাক্ষৰ কৰিছিল। লগতে স্থানীয় ৰাজহ বিষয়া 'মমলতদাৰ' আৰু 'তলতদাৰ'সকলকো সামাজিকভাৱে এঘৰীয়া কৰাৰ নীতি গ্ৰহণ কৰা হৈছিল। এই আন্দোলনৰ প্ৰতি সমগ্ৰ দেশৰ নাগৰিকৰ সমৰ্থন আদায়ৰ প্ৰতিও গান্ধীয়ে লক্ষ্য ৰাখিছিল। পাঁচ মাহ জুৰি আন্দোলন চলাৰ পাছত ১৯১৮ চনৰ মে' মাহৰ শেষৰ ফালে চৰকাৰে কৰদানৰ ক্ষেত্ৰত ভালেমান সংস্কাৰ সাধন কৰে। খেড়া আন্দোলনৰ চৰকাৰৰ সৈতে হোৱা বৈঠকত বল্লভ ভাই পেটেলে অংশ লৈছিল। ইংৰাজ চৰকাৰে কৰ সংগ্ৰহত শিথিলতা দিয়াৰ উপৰিও সকলো বন্দীকে মুক্ত কৰি দিছিল।২৫
খিলাফত আন্দোলন
১৯১৯ চনত গান্ধীয়ে নিজৰ স্থিতি সৱল কৰিবলৈ ইছলাম ধৰ্মী লোকসকলৰ খিলাফত আন্দোলনত যোগ দিয়ে। প্ৰথম বিশ্বযুদ্ধত অট্টোমান সাম্ৰাজ্যৰ পতনৰ পিছত ইছলাম ধৰ্মৰ নেতা 'খালিফ' (Caliph)-ৰ স্থিতি দুৰ্বল হৈ আহে আৰু ইয়াৰ লগতে গোটেই পৃথিৱীৰ মুছলমানসকলে নিজৰ পৱিত্ৰ স্থানসমূহৰ নিৰাপত্তা আশা কৰি খিলাফত আন্দোলন গঢ়ি তুলিছিল।২৬ ভাৰতত এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল 'সদৌ ভাৰত মুছলিম সমাৱৰ্তনে' (All-India Muslim Conference)। মোহনদাস গান্ধী এই সমাৱৰ্তনৰ স্থাপনৰ লগত জড়িত নাছিল২৭ যদিও তেওঁ সোনকালেই ইয়াৰ উল্লেখযোগ্য মুখপাত্ৰ ৰূপে স্বীকৃতি লাভ কৰে আৰু সমগ্ৰ দেশৰে মুছলমান লোকৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়।২৮ এই সফলতাৰ বাবেই গান্ধীয়ে ভিন্ন ধৰ্ম আৰু স্থানৰ লোকৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। ভিন্ন সংস্কৃতিৰ লোকৰ মাজত জনপ্ৰিয় হোৱা মোহনদাস গান্ধীয়েই আছিল প্ৰথম গৰাকী ভাৰতীয় নেতা। ইয়াৰ লগতে কংগ্ৰেছেও ইছলাম ধৰ্মী লোকৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। ১৯২০ চনত মহাত্মা গান্ধী কংগ্ৰেছৰ নেতা মনোনীত হয়।২৯৩০ ১৯২২ চনলৈ খিলাফত আন্দোলনৰ অন্ত পৰে।৩১
মহাত্মা গান্ধীয়ে সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰিছিল। ভাৰতৰ ৰাজনীতিত হিন্দু আৰু মুছলমানৰ মাজত সংঘাত এটা মুখ্য কাৰক আছিল। অৱশ্য ১৯২২ চনৰপৰা ক্ৰমান্বয়ে বাঢ়ি অহা সাম্প্ৰদায়িকতাক ৰোধ কৰিবলৈ মোহনদাস গান্ধী সক্ষম হোৱা নাছিল। এই সময়ত কেবাখনো ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষই গা কৰি উঠিছিল। অকল উত্তৰ প্ৰদেশতে ৯১টা সংঘৰ্ষ হৈছিল।৩২৩৩ এই সময়ছোৱাতে কংগ্ৰেছৰ ভিতৰত থকা মুছলমান নেতাৰ সংখ্যা কমি আহিবলৈ ধৰে। ১৯২১ চনত ১১% মুছলমান নেতাৰ ভিতৰত ১৯২৩ চনত ৪%তকৈও কম ৰৈছিল।৩৪
অসহযোগ আন্দোলন
মূল প্ৰবন্ধ: অসহযোগ আন্দোলন

১৯২০ চনত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছত গান্ধীয়ে ব্ৰিটিছ ৰাজৰ বিৰূদ্ধে সংগ্ৰাম আৰম্ভ কৰে। এই সংগ্ৰামত তেখেতে 'অস্ত্ৰ' হিচাপে লৈছিল অসহযোগ, অহিংসা আৰু শান্তিপূৰ্ণ প্ৰতিবাদক। হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়তে থকা তেখেতৰ জনপ্ৰিয়তাই তেখেতৰ নেতৃত্বক ফলপ্ৰসূ কৰি তুলিছিল। তেখেতে আনকি অতি সাম্প্ৰদায়িক মুছলমানসকলকো তেখেতৰ শান্তিপূৰ্ণ অসহযোগত যোগ দিবলৈ উদ্বুদ্ধ কৰিব পাৰিছিল।৩৫ এনে সময়তে ব্ৰিটিছ সেনাৰ দ্বাৰা পঞ্জাবৰ জালিয়ানৱালাবাগত হোৱা গণহত্যাৰ দেশজুৰি তীব্ৰ প্ৰতিবাদ হয়। বহু ব্ৰিটিছ বিষয়াই এই কাণ্ডক ১৮৫৭-ৰ দৰে আন এটা বিদ্ৰোহ দমন কৰিবলৈ উত্তম পন্থা বুলি সমৰ্থন দিছিল। কিন্তু ব্ৰিটিছৰ এই কাৰ্যই ভাৰতীয় নেতাসকলক ব্ৰিটিছ ৰাজ ভাৰতৰ শত্ৰু বুলি ভাবিবলৈ বাধ্য কৰাইছিল। মহাত্মা গান্ধীয়ে ব্ৰিটিছসকলৰ এই কাৰ্যৰ বিৰোধ কৰাৰ উপৰিও জালিয়ানৱালাবাগৰ ফলশ্ৰুতিত ভাৰতীয়সকলে হাতত লোৱা উগ্ৰ পন্থাৰো বিৰোধিতা কৰিছিল। গান্ধীয়ে সংঘৰ্ষত নিহত ইংৰাজ অসামৰিক লোকসকলৰ প্ৰতিও শোকবাৰ্তা প্ৰকাশ কৰিছিল। তেখেতৰ এই কাৰ্যত প্ৰথমে দলে আপত্তি কৰিছিল। কিন্তু গান্ধীয়ে এই শোকবাৰ্তাৰ সমৰ্থনত আগবঢ়োৱা বক্তৃতাৰ দ্বাৰা অনুপ্ৰাণিত কংগ্ৰেছ দলে এই শোকবাণী প্ৰকাশ কৰিবলৈ মান্তি হৈছিল। বক্তৃতাত গান্ধীয়ে কৈছিল যে যিকোনো হিংসাই ক্ষতিকাৰক আৰু কোনো পৰিস্থিতিতে হিংসাক সমৰ্থন কৰা উচিত নহয়।৩৬
জালিয়ানৱালাবাগ আৰু ইয়াৰ প্ৰতিক্ৰিয়াত হোৱা সংঘৰ্যলৈ চাই গান্ধীয়ে গান্ধীয়ে পূৰ্ণ স্বায়ত্ত্ব-শাসন আৰু সকলো চৰকাৰী প্ৰতিষ্ঠানৰ পূৰ্ণ নিয়ন্ত্ৰণৰ প্ৰতি মনোনিবেশ কৰে। কালক্ৰমত ইয়েই 'স্বৰাজ'ৰ দাবীত পৰিণত হয়। স্বৰাজৰ দ্বাৰা গান্ধীয়ে 'সম্পূৰ্ণ ব্যক্তিগত, আধ্যত্মিক আৰু ৰাজনৈতিক স্বাধীনতা'ৰ (complete individual, spiritual, political independence) দাবী তুলিছিল।৩৭ এই সময়তে গান্ধীয়ে নিজকে 'গোঁড়া পন্থী হিন্দু' বুলি উল্লেখ কৰিছিল আৰু ১৯২১ চনত বৰতালৰ স্বামীনাৰায়ণ মন্দিৰত দিয়া এক ভাষণত কৈছিল হিন্দু ধৰ্মত অসহযোগিতা এক প্ৰাসংগিক ধাৰণা বুলি উল্লেখ কৰিছিল। তেখেতে কৈছিল: "এই পৱিত্ৰ স্থানত মই কওঁ যে যদি আপুনি 'হিন্দু ধৰ্ম'ক ৰক্ষা কৰিব বিচাৰিছে, তেন্তে অসহযোগেই হৈছে আপুনি আয়ত্ত কৰিবলগীয়া প্ৰথম আৰু অন্তিম পন্থা।" ("At this holy place, I declare, if you want to protect your 'Hindu Dharma', non-cooperation is first as well as the last lesson you must learn up.")৩৮
, গুজৰাটত গান্ধীৰ বাসস্থান]]
১৯২১ চনত মোহনদাস গান্ধী ভাৰতীয় কংগ্ৰেছ দলৰ কাৰ্যবাহী সম্পাদক নিযুক্ত হয় আৰু তেখেতৰ নেতৃত্বত কংগ্ৰেছৰ সংবিধান সলনি কৰি 'স্বৰাজ' দলৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। এক প্ৰতিকী মূল্যৰ বিনিময়ত দলৰ সদস্যপদ সকলোৰে বাবে মুক্ত কৰা হয়। লগতে দলৰ শৃঙ্খলা বজাই ৰখাৰ বাবে নতুন শাখা প্ৰৱৰ্তন কৰাৰ উপৰিও এই দলক এই বিশেষ শ্ৰেণীৰ লোকৰ সলনি সৰ্বসাধাৰণৰ দল হিচাপে গঠিত কৰাৰ প্ৰয়াস কৰা হয়। স্বদেশী আন্দোলনৰ বাবে গান্ধীয়ে অহিংস নীতিৰ পোষকতা কৰে আৰু বিদেশত নিৰ্মিত বস্তু বৰ্জনৰ সিদ্ধান্ত লোৱা হয়। বিদেশী বস্তু বৰ্জন কৰাৰ লগতে গান্ধীয়ে ব্ৰিটেইনত নিৰ্মিত কাপোৰৰ সলনি ঘৰুৱাভাৱে নৰ্মিত 'খাদী' বা 'খদ্দৰ'ৰ প্ৰচলনৰ বাবে ওকালতি কৰে। ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে দিনটোৰ কিছু সময় যঁতৰত সূতা কাটি খাদী কাপোৰ তৈয়াৰ কৰি স্বাধীনতা আন্দোলনত ভাগ ল'বলৈ গান্ধীয়ে আহ্বান কৰিছিল।৩৯
মোহনদাস গান্ধীয়ে কঢ়িয়াই লৈ ফুৰিব পৰা এটা সৰু যঁতৰ উদ্ভাৱন কৰিছিল।৪০ সকলোৰে মাজত শৃঙ্খলাবোধ জগাই তোলা, অতি উচ্চাকাংখাক নিয়ন্ত্ৰণ কৰা আৰু মহিলাসকলকো এই আন্দোলনৰ প্ৰতি উদ্বুদ্ধ কৰা ইয়াৰ ইয়াৰ মূল উদ্দেশ্য আছিল। বিদেশী বস্তু বৰ্জন কৰাৰ উপৰিও গান্ধীয়ে ইংৰাজ শিক্ষানুষ্ঠান, আদালত বৰ্জন কৰাৰ বাবেও আহ্বান কৰিছিল। চৰকাৰী চাকৰী ত্যাগ কৰাৰ লগতে ব্ৰিটিছে দিয়া সন্মান আদিও ঘূৰাই দিবলৈ গান্ধীয়ে কৈছিল।৪১
অসহযোগ আন্দোলনে জনসাধাৰণক আকৰ্ষণ কৰিছিল আৰু সফল হৈছিল। কিন্তু ১৯২২ চনত উত্তৰ প্ৰদেশৰ চৌৰী চোৰাত সংঘটিত এক হিংসাত্মক কাণ্ডৰ পাছত অসহযোগ আন্দোলন বন্ধ কৰি দিয়া হয়। গান্ধীয়ে বিশ্বাস কৰিছিল আন্দোলন লোৱা এই হিংসাত্মক মোৰে গান্ধীয়ে আৰম্ভ কৰা অহিংস কাৰ্যাৱলীক দুৰ্বল কৰি তুলিব।৪২ এনেদৰে গান্ধীয়ে তৃত্বীয় বাৰৰ বাবে হাতত লোৱা কাৰ্যসূচী বন্ধ কৰি দিছিল।৪৩ এনেতে ১৯২২ চনৰ ১০ মাৰ্চ তাৰিখে ৰাজদ্ৰোহৰ অপৰাধত মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হয় আৰু ৬ বছৰৰ বাবে কাৰদণ্ড দিয়া হয়। ১৮ মাৰ্চ তাৰিখে তেখেতৰ কাৰাবাসৰ আৰম্ভ হৈছিল। কিন্তু ২ বছৰ পাছত ১৯২৪ চনত 'এপেণ্ডিচাইটিছ' অপাৰেছনৰ বাবে গান্ধীক কাৰাবাসৰপৰা ৰেহাই দিয়া হয়।৪৪
মহাত্মা গান্ধী কাৰাগাৰত থকা সময়চোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভেঁটি দুৰ্বল হ'বলৈ আৰম্ভ কৰে আৰু দুটা ভাগত বিভক্ত হৈ পৰে। চৈয়দ ইছমাইল হোছেইন ছিৰাজী আৰু মতিলাল নেহৰুৰ নেতৃত্বাধীন এটা অংশই বিধায়িনী দলত অংশ লোৱাৰ পোষকতা কৰিছিল, আনহাতে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বাধীন আনটো গোটে ইয়াৰ বিৰোধিতা কৰিছিল। এই আচিলাতে কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হৈ পৰে। আনহাতে অহিংস আন্দোলনৰ আৰম্ভণিতে গঢ়ি উঠা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মাজতো ফাঁত মেলিবলৈ আৰম্ভ কৰে। মহাত্মা গান্ধীয়ে এই বিভাজন ৰোধ কৰিবলৈ ১৯২৪ চনত তিনি সপ্তাহ জোৰা অনশন কৰে, কিন্তু তেওঁ সম্পূৰ্ণ সফল হোৱা নাছিল।৪৫ ১৯২৪ চনতে গান্ধীয়ে বেলগাঁৱত হোৱা কংগ্ৰেছ মহাসভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। কিন্তু গান্ধীয়ে চৰ্ত আৰোপ কৰিছিল যে তেখেতৰ সভাপতিত্বত হোৱা মহাসভাত সকলো কংগ্ৰেছ পন্থীয়ে খাদী পৰিধান কৰিব লাগিব। মহাত্মা গান্ধীৰ দীৰ্ঘ ৰাজনৈতিক কালত এই এবাৰেই কংগ্ৰেছৰ সভাৰ সভাপতি হৈছিল।৪৬
লোণ সত্যাগ্ৰহ (দাণ্ডী যাত্ৰা)
মূল প্ৰবন্ধ: দাণ্ডী যাত্ৰা
১৯২০-ৰ দশকৰ বেছিভাগ সময়েই মোহনদাস গান্ধী সক্ৰিয় ৰাজনীতিৰপৰা আঁতৰত আছিল। লোকচক্ষুৰপৰা আঁতৰি তেখেতে স্বৰাজ পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত থকা বিভেদ আঁতৰ কৰি একলগ কৰাৰ প্ৰয়াস কৰি আছিল। ইয়াৰ লগতে তেওঁ অস্পৃশ্যতা, মাদক দ্ৰব্যৰ নিবাৰণ, অজ্ঞানতা আৰু দাৰিদ্ৰ দূৰ কৰাৰ বাবে চেষ্টা কৰিছিল। ১৯২৮ চনত তেখেত আকৌ সন্মুখ পটলৈ আহে। ইয়াৰ আগৰ বৰ্ষটোত ব্ৰিটিছে ছাৰজন ছাইমনৰ নেতৃত্বত এখন সংবিধান সংশোধনী সমিতি গঠন কৰে। এই সমিতিত কোন ভাৰতীয়ক সদস্য লোৱা হোৱা নাছিল। এই কাৰণতে ভাৰতৰ ৰাজনৈতিক দলসমূহে এই সমিতিক অস্বীকাৰ কৰিছিল। ১৯২৮ চনত হোৱা কংগ্ৰেছৰ কলিকতা অধিবেশনত মহাত্মা গান্ধীৰ চেষ্টাত ব্ৰিটিছ শাসনে ভাৰতক অংগৰাজ্যৰ (dominion) মৰ্যাদা দিয়াৰ দাবী তোলে, ইয়াৰ অন্যথা অন্য এক অসহযোগ আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰে যাৰ লক্ষ্য হ'ব ভাৰতৰ পূৰ্ণ স্বাধীনতা। কংগ্ৰেছৰ ডেকা নেতা সুভাষ চন্দ্ৰ বসু আৰু জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বাধীনতাৰ বাবে আন্দোলন কৰাৰ পক্ষপাতী আছিল। কিন্তু গান্ধীয়ে তেওঁলোকক সৈমান কৰাবলৈ সক্ষম হয়, কিন্তু আন্দোলনৰ বাবে তেখেতে নিজে বিচৰা অপেক্ষাৰ দুবছৰৰ পৰিৱৰ্তে এবছৰ কৰে।৪৭
ব্ৰিটিছ চৰকাৰে এই দাবীৰ প্ৰতি কোনো মন্তব্য কৰা নাছিল। ১৯২৯ চনৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে লাহোৰত ভাৰতৰ পতাকা উন্মোচন কৰা হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে লাহোৰত ভাৰতীয় জাতীয় কংগ্ৰেছে স্বাধীনতা দিৱস (ভাৰত) পালন কৰে। প্ৰায় প্ৰতিটো ভাৰতীয় দলেই এই দিনটোক বিভিন্ন ধৰণে উদ্যাপন কৰে। ইয়াৰ পাছতে গান্ধীয়ে নিমখৰ (লোণ) ওপৰত আৰোপ কৰা কৰৰ বিৰূদ্ধে এক নতুন সত্যাগ্ৰহ গঢ়ি তোলে। এই সত্যাগ্ৰহৰ অংশ হিচাপে গান্ধীয়ে ১২ মাৰ্চৰপৰা ৬ এপ্ৰিললৈ দাণ্ডী যাত্ৰা কৰে। এই যাত্ৰাত গান্ধীয়ে পদব্ৰজে ৩৮৮ কি.মি. (388 কি.মি.) ভ্ৰমণ কৰি আহমেদাবাদৰপৰা দাণ্ডীৰ সাগৰতীৰত উপস্থিত হয়, আৰু নিজহাতে নিমখ তৈয়াৰ কৰি যাত্ৰাৰ সমাপ্তি কৰে। কেবাহাজাৰ ভাৰতীয়ই গান্ধীৰ এই যাত্ৰাত অংশ লৈছিল। ভাৰতত ব্ৰিটিছৰ খোপনি দুৰ্বল কৰি জনসাধাৰণক উদ্বুদ্ধ কৰাত এই যাত্ৰাই বিশেষ ভূমিকা লৈছিল। চৰকাৰে ৬০,০০০-ৰো অধিক ব্যক্তিক এই যাত্ৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।৪৮
নাৰীৰ অংশগ্ৰহণ
ঘৰুৱা ব্যৱহাৰত নিমখৰ দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবে স্ত্ৰীসকলো এই সত্যাগ্ৰহৰ প্ৰতি আকৰ্ষিত হৈছিল। গান্ধীয়ে নাৰীসকলৰ অংশগ্ৰহণ পোষকতা কৰিছিল; তেখেতে কৈছিল: "মহিলাসকলে মোকো তেওঁলোকৰ মাজৰে এজন বুলি ভাবিব পাৰিছে" ("the women have come to look upon me as one of themselves.")। গান্ধীয়ে নাৰীৰ বিৰূদ্ধে প্ৰচলিত সংস্কাৰ পৰ্দা প্ৰথা, বাল্য বিবাহ, অস্পৃশ্যতা আৰু সতীদাহৰ বিৰোধ কৰিছিল। লোণ সত্যাগ্ৰহ আৰু বিদেশী দ্ৰৱ্য বৰ্জন আন্দোলনৰ বাবে তেওঁ মহিলা কৰ্মী নিয়োগ কৰিছিল।৪৯ মহাত্মা গান্ধীৰ এই মতবাদে ভাৰতীয় নাৰীসকলৰ মনত আত্মসন্মানবোধ জগাই তোলাৰ লগতে ভাৰতীয় সমাজৰ মুখ্য ধাৰাত নাৰীক সন্মানীয় স্থান দিছিল।৫০
লোকবীৰ ৰূপত গান্ধী
১৯২০ৰ দশকত কংগ্ৰেছে গান্ধীয়ে এগৰাকী ত্ৰাণকৰ্তা অৱতাৰৰৰ (messiah) ৰূপত তুলি ধৰিছিল। এই নীতিয়ে সাধাৰণ ভাৰতীয় কৃষকসকলক অহিংসা আন্দোলৰ প্ৰতি আগ্ৰহান্বিত কৰাত সহায় কৰিছিল। ভাৰতৰ বহুতো গাঁৱত প্ৰদৰ্শিত নাট-ভাওনাত গান্ধীক অতীজৰ ভাৰতীয় বীৰসকলৰ নৱজন্মৰ ৰূপ হিচাপে প্ৰদৰ্শন কৰাৰ লগতে কেতিয়াবা দেৱতাৰ ৰূপতো তুলি ধৰিছিল। ভাৰতৰ অশিক্ষিতসকলৰ মাজত এনে নাটবোৰে ব্যাপক প্ৰভাৱ পেলাইছিল। এনে নাটৰ বাহিৰেও ৰচিত গীত-মাত, কংগ্ৰেছে অনুষ্ঠিত কৰা ধৰ্মীয় সভা আদিত মোহনদাস গান্ধীক এনে অৱতাৰী ৰূপত আলোচনা কৰা হৈছিল। ইয়াৰ আধৰতে গান্ধী সাধাৰণ লোকৰ মানত এক লোকবীৰত পৰিণত হৈছিল, লগতে কংগ্ৰেছ দল গান্ধীৰ পৱিত্ৰ অস্ত্ৰ হিচাপে পৰিগণিত হৈছিল।৫১
আলোচনা
গান্ধীক পঢ়ি শুনাইছে। বিৰলা হাউছ, বোম্বে, ৭ এপ্ৰিল ১৯৩৯]]
অৱশেষত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীৰ লগত আলোচনাত মিলিত হ'বলৈ মান্তি হয়। এই আলোচনাৰ মৰ্মে লৰ্ড এডৱাৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত মাৰ্চ, ১৯৩১-ত গান্ধী–আৰউইন চুক্তি সম্পাদিত হয়। এই চুক্তি মৰ্মে ব্ৰিটিছ চৰকাৰে আইন অমান্য আন্দোলন বন্ধ কৰাৰ বিনিময়ৰ সকলো ৰাজনৈতিক বন্দীকে মুকলি কৰি দিবলৈ সন্মত হয়। এই চুক্তিৰ আধাৰতে মহাত্মা গান্ধীক লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেললৈ আমন্ত্ৰণ কৰা হয়। এই মেলত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিল। অৱশ্যে এই ঘূৰণীয়া মেজমেলৰপৰা গান্ধী আৰু জাতীয়তাবাদী নেতাসকলে হতাশ হৈ উভতিব লগীয়া হয়। এই মেলত ক্ষমতাৰ সালসনিৰ কোনো আলোচনা হোৱাৰ সলনি ভাৰতত থকা ৰাজ্যসমূহৰ ৰাজপুত্ৰ আৰু সংখ্যালঘুসকলৰ বিষয়েহে আলোচনা কৰা হৈছিল। লৰ্ড ৱেলিংটনে ভাৰতৰ জাতীয়তাবাদী নেতাসকলৰ প্ৰতি উগ্ৰ মোনোভাৱ প্ৰদৰ্শন কৰে আৰু জাতীয়তাবাদী আন্দোলন মষিমূৰ কৰাৰ বাবে নতুন পন্থা গ্ৰহণ কৰে। মহাত্মা গান্ধীক আকৌ গ্ৰেপ্তাৰ কৰি অনুগামীসকলৰপৰা আঁতৰত ৰখাৰ প্ৰয়াস কৰে। কিন্তু চৰকাৰৰ এই চেষ্টা সফল নহ'ল।৫২
অস্পৃশ্যতাৰ বিৰুদ্ধে
মূল প্ৰবন্ধ: হৰিজন সেৱক সংঘ
দলিত সম্প্ৰদায়ৰ নেতা বি. আৰ. আম্বেদকাৰৰ প্ৰচাৰাভিযানৰ ফলশ্ৰুতিত ১৯৩২ চনত চৰকাৰে 'অস্পৃশ্য'সকলৰ বাবে পৃথক নিৰ্বাচন মণ্ডলী গঠন কৰি দিয়ে। মহাত্মা গান্ধীয়ে ইয়াৰ প্ৰতিবাদত ছেপ্টেম্বৰ মাহত ছয় দিনীয়া অনশন পালন কৰে। পৰিণতিত গঠিত হোৱা জনমতলৈ লক্ষ্য ৰাখি চৰকাৰে আপোচলৈ আহিবলৈ বাধ্য হয়। পালৱাওকাৰ বালুয়ে এই আপোচ আলোচনাত মুখ্য ভূমিকা লৈছিল। এই কাৰ্যৰে গান্ধীয়ে সমাজৰ অস্পৃশ্য বুলি পৰিচিত সম্প্ৰদায়সমূহৰ লোকৰ জীৱন যাপনৰ মান উন্নত কৰিবলৈ এক অভিযানৰ আৰম্ভণি কৰে। গান্ধীয়ে সমাজৰ অস্পৃশ্য বুলি পৰিচিতসকলক 'হৰিজন' (হৰিৰ পুত্ৰ) বুলি আখ্যা দিছিল।৫৩
১৯৩৩ চনৰ ৮ মে তাৰিখে গান্ধীয়ে আত্মাশুদ্ধিৰ বাবে ২১ দিনীয়া অনশন কৰে, আৰু এবছৰ জোৰা হৰিজন আন্দোলনৰ আৰম্ভণি কৰে।৫৪ অৱশ্য দলিত সমাজৰ সকলোৱে এই আন্দোলন সমৰ্থন কৰা নাছিল। আম্বেদকাৰে গান্ধীয়ে আখ্যা দিয়া 'হৰিজন' শব্দৰ বিৰোধিতা কৰিছিল আৰু কৈছিল যে দলিতসকল সামাজিকভাৱে পৈণত হোৱা নাই আৰু উন্নত জাতিৰ লোকসকলে দলিতসকলৰ ওপৰত 'সদাশয় স্বৈৰাচাৰ'ৰ (paternalistic) ভূমিকা লৈ আহিছে। আম্বদেকাৰ আৰু তেখেতৰ সমৰ্থকসকলে বিশ্বাস কৰিছিল যে গান্ধীয়ে দলিতসকলৰ ৰাজনৈতিক অধিকাৰক অৱজ্ঞা কৰি আহিছে। ১৯২৪-২৫ চনত দলিতসকলে মন্দিৰত পূজা-অৰ্চনা কৰাৰ অনুমতি বিচাৰি কৰা আন্দোলনত গান্ধীয়ে সমৰ্থন কৰা নাছিল। আম্বেদকাৰে গান্ধীক 'শঠ আৰু বিশ্বাসৰ অযোগ্য' (devious and untrustworthy) বুলি অভিহিত কৰিছিল।৪৩ জন্মসূত্ৰে গান্ধী বৈশ্য সম্প্ৰদায়ৰ আছিল যদিও তেওঁ নিজকে দলিতসকলৰ প্ৰতিনিধি হিচাপে যোগ্য বুলি বিবেচনা কৰিছিল।৫৫ গান্ধী আৰু আম্বেদকাৰৰ মাজত মতবিৰোধ প্ৰায়েই হৈ থাকিছিল, কাৰণ আম্বেদকাৰে দলিতসকলক হিন্দু সম্প্ৰদায়ৰ বাহিৰলৈ নিব বিচাৰিছিল। আনহাৰে গান্ধীয়ে অস্পৃশ্যতাকে দূৰ কৰি হিন্দুত্বক শক্তিশালী কৰিবলৈ বিচাৰিছিল। আম্বেদকাৰে গান্ধীৰ আন্দোলন অত্যন্ত ধীৰ গতিৰ বুলি অভিযোগ কৰিছিল, আনহাতে হিন্দু ৰক্ষণশীলসকলে গান্ধীয়ে শাস্ত্ৰৰ বাণী অৱজ্ঞা কৰি হিন্দু ধৰ্মৰ বিপথে যোৱা বুলি অভিযোগ কৰিছিল। ৰামচন্দ্ৰ গুহই ২০১২ চনত মন্তব্য দিয়ে যে "আদৰ্শবাদীসকলে এই পুৰণি শত্ৰুতাক এতিয়াও কঢ়িয়াই লৈ ফুৰিছে আৰু ইয়াৰ বাবেই বৰ্তমানৰ আম্বেদকাৰৰ অনুগামী ৰাজনৈতিক নেতাসকলে গান্ধীক খলনায়কলৈ ৰূপান্তৰ কৰিছে" ("Ideologues have carried these old rivalries into the present, with the demonization of Gandhi now common among politicians who presume to speak in Ambedkar’s name.")।৫৬ ৰামচন্দ্ৰ গুহৰ মতে গান্ধী আৰু আম্বেদকাৰৰ কৰ্মই পৰিপূৰকৰ কাম কৰিছিল। গান্ধীয়ে প্ৰায়েই আম্বেদকাৰৰ প্ৰশংসা কৰিছিল।
১৯৩৪ চনৰ গ্ৰীষ্মকালত গান্ধীৰ জীৱনৰ ওপৰত তিনিটাকৈ আক্ৰমণ হৈছিল।৫৭৫৮
কংগ্ৰেছ ৰাজনীতি
১৯৩৪ চনত গান্ধীয়ে কংগ্ৰেছৰ সদস্যপদ ইস্তাফা দিয়ে। মোহনদাস গান্ধী কংগ্ৰেছৰ দলীয় নীতিৰ বিৰোধী হৈ এই ইস্তাফা দিয়া নাছিল। তেওঁ বিশ্বাস কৰিছিল যে তেখেতে অৱসৰ ল'লে কংগ্ৰেছৰ সদস্যৰ সংখ্যা বাঢ়িব, কাৰণ তেখেতৰ নীতিয়ে বহুতকে কংগ্ৰেছৰপৰা আঁতৰত ৰাখিছিল। এইসকলৰ ভিতৰত কমিউনিষ্ট, সমাজবাদী (socialist), ট্ৰেড-ইউনিয়ন, ধৰ্মীয় গোড়া সংস্থান, আৰু ব্যৱসায়ীসকল আছিল। তেখেতে এইসকল আহি নিজৰ বক্তব্য কংগ্ৰেছৰ মঞ্চতে দাঙি ধৰাটো বিচাৰিছিল। 'ৰাজ' ব্যৱস্থাত অংশ লোৱাৰ বাবে সাময়িক অনুমোদন জনোৱা কংগ্ৰেছ দলে 'ৰাজ'ৰ অনুমোদনৰ বাবে তেখেতকো হেঁচা দিয়াটো গান্ধীয়ে বিচৰা নাছিল।৫৯
জৱাহৰলাল নেহৰুৰ সভাপতিত্বত ১৯৩৬ চনত লক্ষ্ণৌত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনত গান্ধীয়ে আকৌ সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহণ কৰে। ভাৰতৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে গুণা-গঁথা কৰি থকাৰ সলনি গান্ধীয়ে পূৰ্ণ স্বাধীনতাৰ বাবে কাৰ্য্যসূচী লোৱাৰ পোষকতা কৰিছিল, কিন্তু তেখেতে কংগ্ৰেছে সমাজবাদক নিজৰ লক্ষ্য হিচাপে গ্ৰহণ কৰাত আপত্তি কৰা নাছিল। ১৯৩৮ চনত কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱা সুভাষ চন্দ্ৰ বসুৰ লগত গান্ধীৰ মতানৈক্য ঘটিছিল। সুভাষ বসুৱে অহিংস প্ৰতিবাদৰ নীতিত বিশ্বাস ৰখা নাছিল।৬০ মহাত্মা গান্ধীয়ে সমৰ্থন নকৰিলেও সুভাষ চন্দ্ৰ বসু দ্বিতীয় বাৰৰ বাবেও কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। মহাত্মা গান্ধীৰ সমৰ্থিত প্ৰাৰ্থী পট্টভি সীতাৰামায়া সুভাষ বসুৰ হাতত পৰাজিত হয়। কিন্তু গান্ধীৰ নীতি অমান্য কৰাৰ বাবে কংগ্ৰেছ দলৰ নেতাসকলে সুভাষ বসুৰ বিৰোধিতা কৰি সদস্য পদৰপৰা ইস্তাফা দিয়ে। এই প্ৰতিবাদৰ ফলস্বৰূপে সুভাষ চন্দ্ৰ বসুৱে পদত্যাগ কৰে।৬১৬২ পট্টভি সীতাৰামায়াৰ পৰাজয় গান্ধীয়ে নিজৰ পৰাজয় বুলি উল্লেখ কৰে।৬৩
দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰত ত্যাগ আন্দোলন
মূল প্ৰবন্ধ: ভাৰত ত্যাগ আন্দোলন
১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধত মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ প্ৰতি প্ৰথমে "অহিংস নৈতিক সমৰ্থন" আগবঢ়াইছিল। কিন্তু কংগ্ৰেছৰ অন্যান্য নেতাসকলে ব্ৰিটিছসকলে নিজাববীয়াকৈ ভাৰতকো বিশ্বযুদ্ধৰ অংশীদাৰ কৰাত আপত্তি কৰিছিল। কাৰণ ব্ৰিটিছে ভাৰতৰ প্ৰতিনিধিৰ মতামত অবিহনেই ভাৰতক বিশ্বযুদ্ধৰ অংশীদাৰ কৰিছিল। ইয়াৰ প্ৰতিবাদত সকলো কংগ্ৰেছ নেতাই বিধায়িনী সদস্য পদৰপৰা ইস্তাফা দিয়ে।৬৪ দীঘলীয়া মন্থনৰ পাছত গান্ধীয়ে ঘোষণা কৰে যে ভাৰত এই যুদ্ধৰ অংশীদাৰ হ'ব নোৱাৰে, কাৰণ জাতীয় স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে হোৱা এই বিশ্বযুদ্ধত লিপ্ত ইংলেণ্ডে ভাৰতৰ স্বাধীনতাৰ দাবী মানি লোৱা নাই। যুদ্ধ আগবঢ়াৰ লগে লগে গান্ধীয়ে স্বাধীনতাৰ দাবীও প্ৰবল কৰি তোলে আৰু ব্ৰিটিছে "ভাৰত ত্যাগ" কৰিব লাগিব বুলি গোৱালিয়া পুখুৰী মৈদানত অনুষ্ঠিত এখন সভাত ঘোষণা কৰে। ভাৰত ত্যাগ আন্দোলন কংগ্ৰেছ দল আৰু মহাত্মা গান্ধীৰ চূড়ান্ত আন্দোলন আছিল য'ত ভাৰতৰপৰা ব্ৰিটিছক সম্পূৰ্ণৰূপে খেদি পঠিওৱাৰ আহ্বান জনোৱা হৈছিল।৬৫
কংগ্ৰেছ দলৰ বাহিৰত আৰু ভিতৰতো গান্ধীয়ে যুদ্ধৰ প্ৰতি লোৱা স্থিতিক বহুতে সমালোচনা কৰিছিল। কিছু সংখ্যকে বিশ্বাস কৰিছিল যে নাজী জাৰ্মানীৰ বিৰূদ্ধে ব্ৰিটিছক সমৰ্থন নিদিয়াটো নৈতিকভাৱে উচিত নাছিল। আন কিছুমানে আকৌ বিশ্বযুদ্ধত ব্ৰিটিছক সমৰ্থন নিদিয়াৰ ক্ষেত্ৰত গান্ধীয়ে শক্তিশালী আৰু নিৰ্দিষ্ট মনোভাৱ প্ৰকাশ কৰা নাছিল বুলি আপত্তি কৰিছিল। আনফালে ইংলেণ্ডে এই নাজীবাদৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ সময়তে ভাৰতৰ স্বাধীনতাৰ দাবী প্ৰত্যাখান কৰিছিল। এনে অৱস্থাতে ভাৰত ত্যাগ আন্দোলন তীব্ৰ হৈ উঠে, বহুতো লোকক গ্ৰপ্তাৰ কৰা হয় আৰু ঠায়ে ঠায়ে হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয়।৬৬
১৯৪২ চনত গান্ধীয়ে অহিংস আন্দোলনৰ পোষকতা কৰিও মন্তব্য দিয়ে যে টুকুৰা-টুকুৰভাৱে সংঘটিত হিংসাত্মক কাৰ্যকলাপে আন্দোলনটোক স্থবিৰ কৰি নোতোলে, প্ৰকৃত অৰাজকতাতকৈ ব্ৰিটিছ প্ৰশাসনে সৃষ্টি কৰা 'নিয়মাধীন অৰাজকতা' (ordered anarchy) বেছি ভয়াবহ। ("ordered anarchy" of "the present system of administration" was "worse than real anarchy.")৬৭৬৮ ইয়াৰ পাছতেই গান্ধীয়ে সকলো কংগ্ৰছকৰ্মী আৰু ভাৰতীয়ক পূৰ্ণ স্বাধীনতাৰ দাবীত অহিংস পন্থা অৱলম্বন কৰি 'কৰো য়া মৰো' নীতিৰে আগবাঢ়িবলৈ আহ্বান জনায়।৬৯
, বোম্বে, ১৯৪৪]]
১৯৪২ চনৰ ৯ আগষ্টত গান্ধী সমন্বিতে কংগ্ৰছৰ কৰ্মী সংস্থাৰ (Congress Working Committee) সকলো সদস্যকে গ্ৰেপ্তাৰ কৰা হয়। পুনাৰ আগা খান মহল গান্ধীক ২ বছৰৰ বাবে বন্দী কৰি ৰখা হয়। এই বন্দীকালতেই গান্ধীৰ ৫০ বছৰৰ সচিব মহাদেৱ দেশাইৰ মৃত্যু হয়। বন্দী দশাৰ ১৮ মাহ পাছত ১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰীত মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰো মৃত্যু হয়। ইয়াৰ ছমাহ পাছত গান্ধীয়ে মেলেৰিয়া জ্বৰত ভোগে। বিশ্বযুদ্ধ শেষ হোৱাৰ আগেয়েই ১৯৪৪ চনৰ ৬ মেত স্বাস্থ্যজনিত কাৰণত তেখেতক মুক্ত কৰি দিয়া হয়। ব্ৰিটিছ ৰাজে কাৰাবন্দী হৈ থকা কালতে গান্ধীৰ মৃত্যু হোৱাটো বিচৰা নাছিল। জেলৰপৰা ওলাই গান্ধীয়ে ভাৰতৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পায়। কিছু বছৰৰ আগলৈ প্ৰভাৱহীন হৈ থকা সদৌ ভাৰত মুছলীম লীগ এক শক্তিশালী ৰাজনৈতিক হিচাপে পৰিগণিত হয়৭০; লগতে মুছলীয় লীগৰ নেতা মহম্মদ আলি জিন্নাই তোলা 'পাকিস্তানৰ দাবী' ভাৰতৰ ৰাজনীতিৰ এক কেন্দ্ৰবিন্দু হৈ পৰে। ১৯৪৪ চনত মুম্বাইত গান্ধীয়ে জিন্নাৰ সৈতে আলোচনা কৰে, কিন্তু জিন্নাই গান্ধীয়ে জনোৱা আহ্বান আওকাণ কৰে কাৰণ আলোচনাত স্বাধীন পাকিস্তানৰ দাবী আলোচনা কৰা হোৱা নাছিল। মুছলিম সংখ্যাগৰিষ্ঠ প্ৰদেশ সমূহে গঠিত হ'বলৈ যোৱা ভাৰতৰ অংশ হোৱাৰ পৰা আঁতৰি থকাৰ অধিকাৰ পোৱাটো জিন্নাই বিচাৰিছিল।৭১৭২
কংগ্ৰেছৰ নেতাসকল জেলত বন্দী হৈ থকাৰ সময়ত অন্যান্য দলসমূহে বিশ্বযুদ্ধৰ প্ৰতি সমৰ্থন আগবঢ়ায় আৰু অধিক সংগঠিত হয়। ক্ষুদ্ৰ ৰাজনৈতিক নেতাসকলে কংগ্ৰেছ নেতাসকলৰ অনুপস্থিতিত মুখ্য ভূমিকা লৈছিল যদিও সমগ্ৰ পৰিস্থিতৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা তেওঁলোকৰ নাছিল।৭৩ বিশ্বযুদ্ধৰ পাছতেই ইংৰাজে চৰকাৰে ভাৰতৰ শাসনভাৰ ভাৰতীয়লৈ হস্তান্তৰিত কৰাৰ সপক্ষে মত দিয়ে। ইয়াৰ ভিত্তিত গান্ধীয়ে সংগ্ৰাম সমাপ্ত হোৱাৰ কথা ঘোষণা কৰে। কংগ্ৰেছৰ নেতা সমন্বিতে প্ৰায় ১,০০,০০০ ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়া হয়।৭৪
দেশ বিভাজন আৰু স্বাধীনতা, ১৯৪৭
লগতে চাওক: ভাৰত বিভাজন
দেশ বিভাজনৰ নীতিৰ প্ৰতি মহাত্মা গান্ধীয়ে বিৰোধিতা কৰিছিল কাৰণ ই তেখেতে বিচৰা ধৰ্মীয় অখণ্ডতাৰ দৰ্শনৰ বিপৰীত আছিল।৭৫ মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছৰ ভাৰত ত্যাগৰ বাবে দাবী তুলি আন্দোলন কৰা কালতে মুছলীম লীগে ১৯৪৩ চনত ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত ত্যাগ কৰাৰ বাবে দাবী তোলে।৭৬ মহাত্মা গান্ধীয়ে মধ্যৱৰ্তী পথ এটা সৃষ্টি কৰি কংগ্ৰেছ আৰু মুছলীম লীগক সংঘবদ্ধ হৈ এখন সাময়িক চৰকাৰ গঠন কৰাৰ বাবে প্ৰস্তাৱ দিয়ে। চৰকাৰখনে পাছত মুছলীম সংখ্যাগৰিষ্ঠ জিলাসমূহত গণভোটৰ দ্বাৰা বিভাজন সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত ল'ব।৭৭ জিন্নাই ১৬ আগষ্ট ১৯৪৬ চনত 'প্ৰত্যক্ষ সংগ্ৰাম দিৱস' আহ্বান কৰি সৃষ্টি কৰা সাম্পৰ্দায়িক সংঘৰ্ষ দেখি গান্ধী বিমৰ্ষ হৈ পৰে আৰু সংঘৰ্ষ ৰোধ কৰিবলৈ ব্যক্তিগতভাৱে সংঘৰ্ষপীড়িত অঞ্চলসমূ্হ ভ্ৰমণ কৰে।৭৮ ভাৰতীয় হিন্দু, মুছলমান আৰু খ্ৰীষ্টিয়ানসকলৰ মাজত সম্প্ৰীতি অনাৰ বাবে লগতে অস্পৃশ্যসকলক হিন্দু সমাজৰ অন্তৰ্গত কৰিবলৈ গান্ধীয়ে অহোপুৰুষাৰ্থ কৰিছিল।৭৯
১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টত 'ভাৰতীয় স্বাধীনতা আইন' প্ৰনয়ন কৰা হয়। ইয়াৰ লগে লগে সীমান্ত অঞ্চলৰ ১-১.২ কোটি জনসাধাৰণ এফালৰপৰা আনফাললৈ প্ৰব্ৰজন কৰে। ইয়াৰ লগতে সংঘটিত হোৱা হিন্দু, মুছলমান আৰু শিখ ধৰ্মাৱলম্বী মানুহৰ মাজত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰায় আধা নিযুত লোকৰ প্ৰাণহানি হয়।৮০ নৰৱেৰ খ্যাতনামা বুৰঞ্জীবিদ জেন্স এৰূপ ছিপৰ (Jens Arup Seip) মতে মহাত্মা গান্ধীৰ বুজনি, তেখেতৰ অনুগামীসকলৰ অহোপুৰুষাৰ্থ আৰু তেখেতৰ উপস্থিতি অবিহনে দেশ বিভাজনৰ পাছত হোৱা সংঘৰ্ষত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছিল।৮১
ষ্টেন্লী ৱলপৰ্টৰ (Stanley Wolport) মতে, "মহাত্মা গান্ধীয়ে কেতিয়াও ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ বিভাজন সমৰ্থন বা গ্ৰহণ কৰা নাছিল… কিন্তু তেওঁ বেছ পলমকৈহে ধৰিব পাৰিছিল যে তেওঁৰ নিকটতম সহকৰ্মী আৰু অনুগামীসকল আদৰ্শতকৈ ক্ষমতাৰ প্ৰতিহে বেছি লালায়িত আছিল, আৰু তেখেতৰ নিজস্ব দৰ্শনো এই ধাৰণাৰ দ্বাৰা ভ্ৰমিত আছিল যে তেখেতে নেতৃত্ব দিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰাম অহিংস আছিল।" (…plan to carve up British India was never approved of or accepted by Gandhi… who realised too late that his closest comrades and disciples were more interested in power than principle, and that his own vision had long been clouded by the illusion that the struggle he led for India's freedom was a nonviolent one.")৮২
হত্যাকাণ্ড
মূল প্ৰবন্ধ: মহাত্মা গান্ধীৰ হত্যাকাণ্ড
১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে গান্ধীক গুলিয়াই হত্যা কৰা হয়। সেই সময়ত তেওঁ নতুন দিল্লীৰ গান্ধী স্মৃতিৰ সমীপত নৈশকালীন পথসভাত অংশ লৈ আছিল। তেওঁৰ হত্যাকাৰী নাথুৰাম গডছে এজন হিন্দু মৌলবাদী আছিল আৰু তেওঁৰ চৰমপন্থী হিন্দু মহাসভাৰ সৈতে যোগাযোগ আছিল। পাকিস্তানক অৰ্থ সাহায্য দিয়াৰ প্ৰস্তাৱ দি ভাৰতক দুৰ্বল কৰাৰ কাৰণে হিন্দু মহাসভাই গান্ধীক দোষাৰোপ কৰে।৮৩ গডছে আৰু তেওঁৰ সহায়কাৰী নাৰায়ণ আপ্তেক গান্ধীৰ হত্যাৰ কাৰণে দোষী সাব্যস্ত কৰা হয় আৰু ১৯৪৯ চনত দুয়োকে ফাঁচী দিয়া হয়। বিশ্বাস কৰা হয় যে গান্ধীৰ মুখেৰে উচ্চাৰিত শেষ উক্তিটো আছিল "হে ৰাম", আৰু সেয়ে নতুন দিল্লীৰ ৰাজঘাটস্থিত গান্ধীৰ স্মৃতিসৌধত এই উক্তিটো খোদিত কৰা আছে।৮৪ জৱাহৰলাল নেহৰুৱে ৰেডিঅ'যোগে জাতিক উদ্দেশ্যি দিয়া ভাষণত কৈছিল:
"বন্ধু আৰু সহযোদ্ধাসকল, আমাৰ জীৱনৰপৰা পোহৰ হেৰাই গৈছে, আৰু এতিয়া সকলোতে অন্ধকাৰ, আৰু মই প্ৰকৃততে নাজানো আপোনালোকক কি কওঁ আৰু কেনেকৈ কওঁ। আমাৰ মৰমৰ নেতা যাক আমি বাপু বুলি মাতোঁ, আমাৰ জাতিৰ পিতা এতিয়া আৰু নাই। হয়তো মই এনেদৰে কোৱা অনুচিত, কিন্তু আমি তেখেতক আগতে যেনেদৰে দেখিছিলোঁ তেনেদৰে আৰু দেখা নাপাম, কিবা উপদেশ বা সান্ত্বনা বিচাৰি আমি আৰু তেখেতৰ ওচৰলৈ দৌৰি নাযাম, আৰু ই এক মোক্ষম আঘাত, অকল মোৰ কাৰণেই নহয় এই দেশৰ লাখ লাখ মানুহৰ কাৰণে।"৮৫
গান্ধীৰ ইচ্ছানুসৰি তেওঁৰ দেহভষ্মৰ কিছু অংশ নীল নদী, ভল্গা নদী, টেম্ছ নদী আদি পৃথিৱীৰ বহুকেইখন নদীত বিসৰ্জন দিয়া হয়।
সৎ মূলনীতি
সত্য
সত্য অনুসন্ধানৰ বৃহৎ উদ্দেশ্যত গান্ধীয়ে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ নিজে কৰা ভুলৰপৰা শিক্ষা লৈ আৰু নিজৰ ওপৰতে পৰীক্ষা-নিৰীক্ষা চলাই সত্য অনুসন্ধানৰ প্ৰয়াস কৰিছিল। তেওঁৰ আত্মজীৱনীখনৰ নাম The Story of My Experiments with Truth (মোৰ সত্য অন্বেষণৰ কাহিনী)।৮৬
ব্ৰুছ ৱাটছনৰ মতে গান্ধীৰ সত্যাগ্ৰহৰ ধাৰণাটোৰ মূল ভেঁটি আছিল বৈদিক ধাৰণাত থকা আত্মবিশ্লেষণ। জৈন আৰু বৌদ্ধ ধৰ্মৰ অহিংসা, নিৰামিষাহাৰ, জীৱহত্যা নকৰা আৰু বিশ্বশান্তিৰ ধাৰণাৰ লগতে খ্ৰীষ্টিয়ান আৰু ইছলামসকলৰ সমতা, ভ্ৰাতৃত্ব আদি ধাৰণায়ো গান্ধীৰ সত্যাগ্ৰহত স্থান পাইছিল।৮৭
গান্ধীয়ে কৈছিল যে তেওঁৰ জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ যুদ্ধখন আছিল নিজৰ মনৰ অন্ধকাৰ, ভয় আৰু নিৰাপত্তাহীনতাক জয় কৰা। তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰেই সত্য আৰু সত্যই ঈশ্বৰ।৮৮
অহিংসা
অহিংসাৰ ধাৰণা হিন্দু ধৰ্মীয় চিন্তাধাৰাত পুৰণি কালৰপৰা আছে আৰু বৌদ্ধ, জৈন, ইহুদি আৰু খ্ৰীষ্টিয়ান ধৰ্মীয় চিন্তাধাৰাতো ইয়াৰ নিদৰ্শন পোৱা যায়। গান্ধীয়ে তেওঁৰ জীৱনীত কৈছে: "যেতিয়া মই হতাশ হওঁ, তেতিয়া মই স্মৰণ কৰোঁ যে সমগ্ৰ ইতিহাসত সত্য আৰু ভালৰ জয় হৈ আহিছে। দুঃশাসক আৰু হত্যাকাৰীসকল কোনো সময়ত অপৰাজেয় হ'লেও অৱশেষত তেওঁলোকৰ পতন ঘটে আৰু এই কথা সদায় মনত ৰখা উচিত।"
নিৰামিষভোজন
সৰুকালত গান্ধীয়ে পৰীক্ষামূলকভাৱে মাংস খায়। ইয়াৰ কাৰণ হয়তো তেওঁৰ বংশগত কৌতূহল বা তেওঁৰ বন্ধু শেখ মেহতা। নিৰামিষভোজনৰ ধাৰণাটো হিন্দু আৰু জৈন ধৰ্মত গভীৰভাৱে বিদ্যমান আৰু সেই সময়ত গুজৰাটৰ বেছিভাগ হিন্দু লোকেই আছিল নিৰামিষাহাৰী। গান্ধীৰ পৰিয়ালো ইয়াৰ ব্যতিক্ৰম নাছিল। লণ্ডনলৈ পঢ়িবলৈ যোৱাৰ আগত গান্ধীয়ে তেওঁৰ মাক পুতলি বাই আৰু খুড়াক বেচাৰ্জীৰ সন্মুখত প্ৰতিজ্ঞাবদ্ধ হয় যে, তেওঁ মাংস, মদ আৰু নাৰীসংগৰপৰা আঁতৰত থাকিব। তেওঁ এই প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰিছিল আৰু খাদ্যাভ্যাসসম্পৰ্কে এক দৰ্শন লাভ কৰিছিল। গান্ধী পিছৰ জীৱনকালত এজন সম্পূৰ্ণ নিৰামিষাহাৰী হৈ উঠে। তেওঁ London vegetarian Societyৰ সভ্য হয় আৰু ছোছাইটিৰ পত্ৰিকা The Vegetarianত নিৰামিষভোজনৰ সম্পৰ্কে বহুকেইটা প্ৰবন্ধ লিখে। ইয়াৰ উপৰিও তেওঁ The Moral Basis of Vegetarianism নামৰ এখন গ্ৰন্থ লিখি উলিয়ায়।
গান্ধীয়ে মাজে মাজে নিৰামিষভোজনৰ পক্ষে আন্দোলনতো যোগদান কৰে। লণ্ডনৰপৰা অহাৰ পাছতো গান্ধীয়ে নিৰামিষ খাবলৈ মানুহক উৎসাহিত কৰে। গান্ধীৰ মতে, নিৰামিষ আহাৰে শৰীৰৰ চাহিদা পূৰণ কৰাৰ লগতে মাছ-মাংস কিনোতে হোৱা খৰচো ৰেহাই হয়। সেই সময়ত বহুতো ভাৰতীয় নিম্নবিত্তীয় হোৱাৰ কাৰণে নিৰামিষভোজনৰ আন্দোলন তেওঁলোকৰ কাৰণে কেৱল আদৰ্শগত আন্দোলনেই নাছিল, ইয়াৰ বাস্তৱ প্ৰয়োজনো আছিল। তেওঁ অধিক ভোজনৰ বিৰোধিতা কৰিছিল আৰু অনশনক ৰাজনৈতিক প্ৰতিবাদৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ নিজৰ দাবী পূৰণৰ কাৰণে বহু সময়ত আমৰণ অনশনৰো পণ কৰিছিল। তেওঁৰ জীৱনীত লিখা আছে যে, নিৰামিষভোজনেই আছিল তেওঁৰ ব্ৰহ্মচৰ্চাত গভীৰ মনোযোগৰ সূচনা। মুখৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিলে ব্ৰহ্মচৰ্য ব্যৰ্থ হ'ব পাৰে।
ব্ৰহ্মচৰ্য
গান্ধীৰ ১৬ বছৰ বয়সত তেওঁৰ দেউতাক ভীষণ অসুস্থ হৈ পৰে, আৰু অসুস্থ হোৱাৰ এই সময়ছোৱা গান্ধীয়ে দেউতাকৰ কাষত কটায়। এনিশা গান্ধীৰ খুড়াকে দেউতাকৰ ওচৰত থাকি গান্ধীক বিশ্ৰামৰ সুযোগ প্ৰদান কৰে। তেওঁ তেওঁৰ শোৱনিকোঠাত গৈ পত্নীৰ সৈতে প্ৰণয়ত লিপ্ত হয়। অলপ পাছতে এজন কৰ্মচাৰীয়ে গান্ধীক তেওঁৰ দেউতাকৰ মৃত্যুৰ সংবাদ জনায়। তেওঁ এই ঘটনাটোত দুগুণ লজ্জা পায় আৰু ইয়ে তেওঁক ১৬ বছৰ বয়সতে বিবাহিত হোৱা সত্ত্বেও ব্ৰহ্মচাৰী হ'বলৈ বাধ্য কৰে।৮৯ গান্ধীয়ে ব্ৰহ্মচৰ্যক ঈশ্বৰৰ সান্নিধ্য লাভ আৰু আত্মোপলব্ধিৰ পন্থা হিচাপে গ্ৰহণ কৰিছিল। গান্ধীৰ মতে ব্ৰহ্মচৰ্যৰ অৰ্থ "চিন্তা, বাক্য আৰু কৰ্মৰ নিয়ন্ত্ৰণ।"
বিশ্বাস
গান্ধী হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ গোটেই জীৱন হিন্দু ধৰ্ম পালন কৰে আৰু হিন্দু ধৰ্মৰ অধিকাংশ আদৰ্শই গ্ৰহণ কৰে। এজন সাধাৰণ হিন্দু হিচাপে তেওঁ সকলো ধৰ্মৰে প্ৰতি সমভাৱ ৰাখিছিল আৰু প্ৰায় সকলো ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহ অধ্যয়ন কৰিছিল। তেওঁ ব্ৰহ্মত্ব সম্পৰ্কে আগ্ৰহী আছিল। হিন্দুত্ব সম্পৰ্কে তেওঁ কৈছিল:
হিন্দুত্বই মোক পূৰ্ণৰূপে তৃপ্তিদান কৰে, মোৰ সত্তাক পৰিপূৰ্ণ কৰে…। যেতিয়া মনত সংশয় জন্মে, যেতিয়া হতাশাই মোক আগুৰি ধৰে, আৰু যেতিয়া মই দিগন্তত এক বিন্দু পোহৰো দেখা নাপাওঁঁ, তেতিয়াই মই শ্ৰীমদ্ভগৱতগীতাৰ ফালে চাওঁ, আৰু নিজকে শান্ত কৰাৰ কাৰণে একোটা পংক্তি বিচাৰোঁ, আৰু মই অনতিপলমে অত্যধিক কষ্টৰ মাজতো সুখ অনুভৱ কৰোঁ। মই ভাগৱত গীতাৰ শিক্ষাৰ ওচৰত কৃতজ্ঞ।
গান্ধীয়ে গুজৰাটী ভাষাত ভাগৱত গীতাৰ সম্পৰ্কে এটি ধাৰাভাষ্য লিখিছিল। গুজৰাটী পাণ্ডুলিপিটো ইংৰাজী ভাষালৈ অনুবাদ কৰে মহাদেৱ দেশায়ে। দেশায়ে ইয়াতে এটা অতিৰিক্ত পাতনি আৰু ধাৰাভাষ্য যোগ কৰে, আৰু ই গান্ধীৰ এটি ভূমিকাসহ ১৯৪৬ চনত প্ৰকাশ পায়।৯০৯১ গান্ধীয়ে বিশ্বাস কৰিছিল যে, সকলো ধৰ্মৰে মূলতে আছে সত্য আৰু প্ৰেম (কৰুণা, অহিংসা আৰু সোণালী শাসন)। তেওঁ এজন ক্লান্তিহীন সমাজ সংস্কাৰক আছিল আৰু সকলো ধৰ্মৰে ভণ্ডামি, অপকৰ্ম আৰু অন্ধবিশ্বাসৰ বিপক্ষে মাত মাতিছিল। ধৰ্ম সম্পৰ্কে মন্তব্য কৰি তেওঁ কৈছিল:
যদি খ্ৰীষ্টান ধৰ্মক নিখুঁত আৰু সৰ্বশ্ৰেষ্ঠ বুলি মানি ল'ব নোৱাৰি, তেন্তে হিন্দু ধৰ্মকো নিখুঁত আৰু সৰ্বশ্ৰেষ্ঠ বুলি ক'ব নোৱাৰি। হিন্দু ধৰ্মৰ ত্ৰুটিবিলাক মোৰ দৃষ্টিগোচৰ হৈছে। যদি অস্পৃশ্যতা হিন্দু ধৰ্মৰে অংশ হয়, ই এই ধৰ্মৰ এটি বেয়া অংশ। বেদবাক্যবিলাক ঈশ্বৰৰ অনুপ্ৰাণিত উক্তি বোলাৰ কাৰণ কি? যদি এইবিলাক ঈশ্বৰ অনুপ্ৰাণিত হয়, তেন্তে বাইবেল বা কোৰআন কিয় নহয়? খ্ৰীষ্টান বন্ধুৱে যেনেদৰে মোক ধৰ্মান্তৰিত কৰাৰ প্ৰবল চেষ্টা কৰিছিল, ঠিক তেনেদৰে মুছলিম বন্ধুৱেও কৰিছিল। আব্দুল্লা শেঠে ইছলাম ধৰ্ম চৰ্চা কৰিবলৈ মোক প্ৰৰোচিত কৰিছিল আৰু সকলো সময়তে এই ধৰ্মৰ সৌন্দৰ্য বৰ্ণনা কৰি থাকে। যেতিয়া আমাৰ নৈতিক ভিত্তি হেৰাই যায়, তেতিয়া ধাৰ্মিক হৈ একো লাভ নাই। উদাহৰণস্বৰূপে মিছলীয়া, নিৰ্দয় আৰু আত্মসংযমহীন লোকে ঈশ্বৰ তেওঁৰ সৈতে আছে বুলি দাবী কৰিব নোৱাৰে।
পৰৱৰ্তী সময়ত যেতিয়া গান্ধীক তেওঁ হিন্দু হয় নে নহয় বুলি সোধা গৈছিল, তেওঁ কৈছিল:
হয়, মই হিন্দু। ইয়াৰ উপৰিও মই এজন খ্ৰীষ্টান, এজন মুছলমান, এজন বৌদ্ধ আৰু এজন ইহুদী।
গান্ধীৰ বিভিন্ন ৰচনা
গান্ধী আছিল এজন বহুমুখী লেখক আৰু সম্পাদক। বহুবছৰ ধৰি তেওঁ গুজৰাটী, হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশিত পত্ৰিকা হৰিজন সম্পাদনা কৰিছিল। ইয়াৰ উপৰিও তেওঁ দক্ষিণ আফ্ৰিকাত থকা সময়ত ইণ্ডিয়ান অপিনিয়ন আৰু স্বদেশত থকাকালত ইয়ং ইণ্ডিয়া নামৰ দুখন ইংৰাজী কাকত সম্পাদনা কৰিছিল। গুজৰাটী ভাষাৰ মাহেকীয়া আলোচনী নৱজীৱনৰো সম্পাদনা তেওঁ কৰিছিল। নৱজীৱন আলোচনীখন পাছলৈ হিন্দী ভাষাতো প্ৰকাশিত হ'বলৈ লয় আৰু পিছলৈ ই নৱজীৱন ট্ৰাষ্ট হয়।৯২ গান্ধীয়ে কাকত-আলোচনীলৈ বহুতো চিঠি-পত্ৰ লিখিছিল। প্ৰায় প্ৰতিদিনেই কোনো নহয় কোনো এখন কাকতত তেওঁৰ চিঠি প্ৰকাশ হৈছিল।
গান্ধীৰ বহুকেইখন কিতাপ প্ৰকাশিত হৈছে। ইয়াৰ ভিতৰত 'The Story of My Experiments With Truth' (আত্মজীৱনী; অসমীয়া ৰূপান্তৰ: মোৰ সত্য অন্বেষণৰ কাহিনী), 'Satyagraha in South Africa', হিন্দ স্বৰাজ, আৰু গুজৰাটীলৈ অনুবাদ কৰাজন ৰাস্কিনৰ "Unto This Last" উল্লেখযোগ্য।৯৩ ইয়াৰ উপৰিও নিৰামিষভোজন, আহাৰ আৰু স্বাস্থ্য, ধৰ্ম, সমাজ সংস্কাৰ আদিৰ বিষয়ে তেওঁ প্ৰচুৰ লিখা-মেলা কৰিছিল।
১৯৬০ৰ দশকত ভাৰত চৰকাৰে গান্ধীৰ ৰচনাৱলী (The Collected Works of Mahatma Gandhi) প্ৰকাশ কৰে। শতাধিক খণ্ডত প্ৰকাশিত এই গ্ৰন্থখনত ৫০,০০০-তকৈ অধিক পৃষ্ঠা আছে।
গান্ধীৰ প্ৰভাৱ
গান্ধীয়ে বহুতো গুৰুত্বপূৰ্ণ নেতা আৰু ৰাজনৈতিক আন্দোলনক প্ৰভাৱিত কৰিছিল। মাৰ্টিন লুথাৰ কিং, কনিষ্ঠ, জেমস লছন আৰু জেমস বেভেলকে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক অধিকাৰ আন্দোলনৰ নেতাসকলে অহিংসাৰ বিষয়ে তেওঁলোকৰ নিজৰ তত্বৰ বিকাশত গান্ধীৰ লিখনিৰ পৰা অনুপ্ৰেৰণা লয়।৯৪৯৫৯৬ মাৰ্টিন লুথাৰে কৈছিল "যীশু খ্ৰীষ্টই আমাক লক্ষ্য দিছিল আৰু মহাত্মা গান্ধীয়ে কৌশল দিছিল"৯৭ আৰু তেওঁ গান্ধীক মাজে মাজে "সৰু মুগাবৰণীয়া শন্ত" ("the little brown saint") বুলি অভিহিত কৰিছিল।৯৮ বৰ্ণবৈষম্য নীতি বিৰোধী কৰ্মী আৰু দক্ষিণ আফ্ৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলা গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।৯৯ আনলোকৰ ভিতৰত আছে খান আব্দুল গফ্ফৰ খান,১০০ ষ্টিভ বিকো, আৰু অং চান চ্যু কি।১০১
গান্ধীৰ বিষয়ে কিতাপ
বহুকেইজন জীৱনীকাৰে গান্ধীৰ জীৱনী ৰচনা কৰিছে। ইয়াৰ ভিতৰত ডি. জি. টেণ্ডুলকাৰৰ ৮ খণ্ডৰ "Mahatma. Life of Mohandas Karamchand Gandhi" আৰু পিয়াৰীলাল আৰু সুশীলা নায়াৰৰ ১০ খণ্ডৰ "Mahatma Gandhi" উল্লেখযোগ্য। শুনা যায় যে বলদেৱ সিঙে তেওঁৰ গৱেষণা গ্ৰন্থ "Gandhi Behind the Mask of Divinity" লিখিবলৈ ২০ বছৰ ধৰি গান্ধীৰ মূল বক্তৃতা আৰু ৰচনাসমূহ সংগ্ৰহ কৰিছিল।১০২ গান্ধী সম্পৰ্কে লিখা আনসমূহ গ্ৰন্থ হ'ল- বাপু (গ্ৰন্থ), গান্ধী দ্য মেন, গান্ধী, ফাইটাৰ ৱিদাউট আ চৰ্ড, দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী আদি।
গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ
গান্ধীৰ জীৱনৰ আধাৰত বহুতো চলচ্চিত্ৰ নিৰ্মান হৈছে। তাৰ ভিতৰত ৰিচাৰ্ড এটেনবৰ' পৰিচালিত ১৯৮২ চনৰ 'গান্ধী' উল্লেখযোগ্য। গান্ধীৰ প্ৰাৰম্ভিক জীৱনৰ ওপৰত আধাৰিত 'দ্য মেকিং অৱ দ্য মহাত্মা' (১৯৯৬) আন এখন চলচ্চিত্ৰ। ২০০৬ চনত মুক্তি লাভ কৰা হিন্দী ছবি 'লাগে ৰহো মুন্না ভাই'ত গান্ধীবাদৰ মতবাদ বা গান্ধীগিৰিৰ ব্যৱহাৰ জনপ্ৰিয় হৈ পৰিছিল।১০৩১০৪১০৫
প্ৰসংগ সমল
গ্ৰন্থৰাজী
- Bhana, Surendra; Vahed, Goolam H. (2005). The making of a political reformer: Gandhi in South Africa, 1893–1914. Manohar. ISBN 978-81-7304-612-4
- Bondurant, Joan Valérie. (1971). Conquest of violence: the Gandhian philosophy of conflict. University of California Press
- Brown, Judith M. "Gandhi, Mohandas Karamchand [Mahatma Gandhi] (1869–1948)", Oxford Dictionary of National Biography, Oxford University Press, 2004; online edn, Jan 2011 accessed 25 February 2012
- Brown, Judith M. (25 October 1974). Gandhi's Rise to Power: Indian Politics 1915-1922. Cambridge University Press. ISBN 978-0-521-09873-1
- Brown, Judith Margaret. (23 October 1991). Gandhi: Prisoner of Hope. Yale University Press. ISBN 978-0-300-05125-4
- Brown, Judith M.; Parel, Anthony. (21 February 2011). The Cambridge Companion to Gandhi. Cambridge University Press. ISBN 978-0-521-13345-6
- Chadha, Yogesh. (1997). Gandhi: a life. John Wiley. ISBN 978-0-471-24378-6
- Harold G. Coward. (2003). Indian critiques of Gandhi. SUNY Press. ISBN 978-0-7914-5910-2
- Desai, Mahadev Haribhai. (1930). Day-to-day with Gandhi: secretary's diary. Sarva Seva Sangh Prakashan
- Easwaran, Eknath. (1 August 1997). Gandhi, the man: the story of his transformation. Nilgiri Press. ISBN 978-0-915132-96-6
- Fischer, Louis. (4 August 1997). The life of Mahatma Gandhi. HarperCollins. ISBN 978-0-00-638887-6
- Gandhi, Rajmohan. (2006). Gandhi: the man, his people, and the empire. University of California Press. ISBN 978-0-520-25570-8
- Gangrade, K.D. (1 January 2004). Moral Lessons From Gandhi S Autobiography And Other Essays. Concept Publishing Company. ISBN 978-81-8069-084-6
- Hardiman, David. (2003). Gandhi in his time and ours: the global legacy of his ideas. C. Hurst & Co. ISBN 978-1-85065-711-8
- Hatt, Christine. (12 April 2002). Mahatma Gandhi. Evans Brothers. ISBN 978-0-237-52308-4
- Herman, Arthur. (2008). Gandhi and Churchill: the epic rivalry that destroyed an empire and forged our age. Random House Digital, Inc. ISBN 978-0-553-80463-8
- Jai, Janak Raj. (1996). Commissions and Omissions by Indian Prime Ministers: 1947-1980. Regency Publications. ISBN 978-81-86030-23-3
- Jones, Constance; Ryan, James D. (28 February 2007). Encyclopedia of Hinduism. Infobase Publishing. পৃ. 160. ISBN 978-0-8160-5458-9
- Kumar, Shanti. (2006). Gandhi meets primetime: globalization and nationalism in Indian television. University of Illinois Press. পৃ. 170. ISBN 978-0-252-07244-4
- Lapping, Brian. (1 January 1989). End of empire. Paladin. ISBN 978-0-586-08870-8
- Lelyveld, Joseph. (29 March 2011). Great soul: Mahatma Gandhi and his struggle with India. Random House Digital, Inc. ISBN 978-0-307-26958-4
- Majmudar, Uma. (2005). Gandhi's pilgrimage of faith: from darkness to light. SUNY Press. ISBN 978-0-7914-6405-2
- Miller, Jake C. (2002). Prophets of a just society. Nova Publishers. ISBN 978-1-59033-068-5
- Nayyar, Pyarelal. (1956). Mahatma Gandhi—the last phase, Vol 1. Navajivan Publishing House. ISBN 0-85283-112-9
- Pāṇḍeya, Viśva Mohana. (1 January 2003). Historiography of India's partition: an analysis of imperialist writings. Atlantic Publishers & Dist. ISBN 978-81-269-0314-6
- Parekh, Bhikhu C. (2001). Gandhi: a very short introduction. Oxford University Press. পৃ. 6–9. ISBN 978-0-19-285457-5
- Pilisuk, Marc; Nagler, Michael N. (2011). Peace Movements Worldwide: Players and practices in resistance to war. ABC-CLIO. ISBN 978-0-313-36482-2
- Rudolph, Susanne Hoeber; Rudolph, Lloyd I. (15 April 1983). Gandhi, the traditional roots of charisma. University of Chicago Press. পৃ. 48. ISBN 978-0-226-73136-0
- Rühe, Peter. (5 October 2004). Gandhi. Phaidon. ISBN 978-0-7148-4459-6
- Schouten, Jan Peter. (30 September 2008). Jesus as guru: the image of Christ among Hindus and Christians in India. Rodopi. ISBN 978-90-420-2443-4
- Sharp, Gene. (1979). Gandhi as a political strategist: with essays on ethics and politics. P. Sargent Publishers. ISBN 978-0-87558-090-6
- Shashi, S. S. (1996). Encyclopaedia Indica: India, Pakistan, Bangladesh. Anmol Publications. ISBN 978-81-7041-859-7
- Sofri, Gianni. (1999). Gandhi and India: a century in focus. Windrush Press. ISBN 978-1-900624-12-1
- Sorokin, Pitirim Aleksandrovich. (March 2002). The ways and power of love: types, factors, and techniques of moral transformation. Templeton Foundation Press. পৃ. 169. ISBN 978-1-890151-86-7
- Tendulkar, D. G. (1951). Mahatma; life of Mohandas Karamchand Gandhi. Ministry of Information and Broadcasting, Government of India
- Thacker, Dhirubhai. (1 January 2006). The Encyclopaedia Of Indian Literature (Volume Two) (Devraj To Jyoti). Sahitya Akademi. পৃ. 1345. ISBN 978-81-260-1194-0
- Elst, Koenraad. (2001). Gandhi and Godse - A review and a critique. Les Belles Lettres. ISBN 81-85990-71-9
- Todd, Anne M. (2004). Mohandas Gandhi. Infobase Publishing. ISBN 978-0-7910-7864-8; short biography for children
প্ৰাথমিক উৎস
- Andrews, C. F. (2008). Mahatma Gandhi's Ideas Including Selections from His Writings. Pierides Press. ISBN 978-1-4437-3309-0
- Dalton, Dennis. (1996). Mahatma Gandhi: selected political writings. Hackett Publishing. ISBN 978-0-87220-330-3
- Duncan, Ronald. (May 2011). Selected Writings of Mahatma Gandhi. Literary Licensing, LLC. ISBN 978-1-258-00907-6
- Gandhi, M. K.; Fischer, Louis. (2002). The essential Gandhi: an anthology of his writings on his life, work and ideas. Vintage Books. ISBN 978-1-4000-3050-7
- Gandhi, Mohandas Karamchand. (1928). Satyagraha in South Africa. Navajivan Publishing House Free online access at Wikilivres.ca (1/e). Pdfs from Gandhiserve (3/e) & Yann Forget (hosted by Arvind Gupta) (1/e).
- Gandhi, Mohandas Karamchand. (1994). The collected works of Mahatma Gandhi. Publications Division, Ministry of Information and Broadcasting, Govt. of India. ISBN 978-81-230-0239-2 (100 volumes). Free online access from Gandhiserve.
- Gandhi, Mohandas Karamchand. (1940). ((The Story of My Experiments with Truth|An Autobiography or The Story of My Experiments With Truth)). Navajivan Publishing House. ISBN 0-8070-5909-9 Also available at Wikisource.
- Gandhi, Mohandas Karamchand. (1928). (www.saadigitalarchive.org/item/20111212-545 Drain Inspector's Report). The United States of India. পৃ. 3–4
- Jack, Homer A. (1994). The Gandhi reader: a source book of his life and writings. Grove Press. ISBN 978-0-8021-3161-4
- Johnson, Richard L.; Gandhi, M. K. (2006). Gandhi's experiments with truth: essential writings by and about Mahatma Gandhi. Lexington Books. ISBN 978-0-7391-1143-7
- Parel, Anthony J. (2009). Gandhi: 'Hind Swaraj' and Other Writings Centenary Edition. Cambridge University Press. ISBN 978-0-521-14602-9
ৱেবছাইট
- Keen, Shirin. (Spring, 1998). The Partition of India. Emory University
- Sannuti, Arun. (6 April 2010). Mohandas K. Gandhi (1869–1948) – Vegetarianism: The Road to Satyagraha. International Vegetarian Union (IVU)
- Smith, Colleen. (1 October 2006). Mbeki: Mahatma Gandhi Satyagraha 100th Anniversary (01/10/2006). Speeches. www.polity.org.za
- Sughosh, India. (2 October 2010). Bapu: Complete Life of Bapu. Life History. www.bapu.sughosh.in
গৱেষণাপত্ৰৰ প্ৰবন্ধ
- Cribb, R. B. (1985). The Early Political Philosophy of M. K. Gandhi, 1869-1893. Asian Profile. পৃ. 353–360
- Hardiman, David. (April 2001). Champaran and Gandhi: Planters, Peasants and Gandhian Politics by Jacques Pouchepadass (Review). Journal of the Royal Asiatic Society. পৃ. 99–101
- Khan, Yasmin. (2011). Performing Peace: Gandhi's assassination as a critical moment in the consolidation of the Nehruvian state. Modern Asian Studies. পৃ. 57–80
- Mohanty, Rekha. (2011). From Satya to Sadbhavna. Orissa Review. পৃ. 45–49
- Murali, Atlury. (January 1985). Non-Cooperation in Andhra in 1920–22: Nationalist Intelligentsia and the Mobilization of Peasantry. Indian Historical Review. পৃ. 188–217
- Norvell, Lyn. (1997). Gandhi and the Indian Women's Movement. British Library Journal. পৃ. 12–27
- Prashad, Ganesh. (1966). Whiggism in India. Political Science Quarterly. পৃ. 412–431
- Sarkar, Jayabrata. (18 April 2006). Power, Hegemony and Politics: Leadership Struggle in Congress in the 1930s. Modern Asian Studies. পৃ. 333–370
- Sarma, Bina Kumari. (January 1994). Gandhian Movement and Women's Awakening in Orissa. Indian Historical Review. পৃ. 78–79
- Spodek, Howard. (February 1971). On the Origins of Gandhi's Political Methodology: The Heritage of Kathiawad and Gujarat. The Journal of Asian Studies. পৃ. 361–372
বাতৰি
- Ferrell, David. (27 September 2001). A Little Serenity in a City of Madness. Los Angeles Times. পৃ. B 2).
- Ramesh, Randeep. (16 January 2008). Gandhi's ashes to rest at sea, not in a museum. The Guardian
- Roberts, Andrew. (26 March 2011). Among the Hagiographers (A book review of "((Great Soul: Mahatma Gandhi and His Struggle With India))" by ((Joseph Lelyveld))). BookShelf. Wall Street Journal
- Unattributed. (31 January 1948). Of all faiths and races, together they shed their silent tears. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 5 (top centre)
- Unattributed. (1 February 1948). Over a million get last darshan. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 1 (bottom left)
বাহ্যিক সংযোগ
- মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫
- মহাত্মা গান্ধীৰ অনুশীলন আৰু বিশ্বাস
- মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, ভাৰতীয় সংসদ ভৱন
- মহাত্মা গান্ধীৰ হত্যাকাণ্ড
- মহাত্মা গান্ধীয়ে কৰা অনশনৰ তালিকা
- মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, গান্ধী ময়দান
- মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (হিউষ্টন)
- মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (ছান ফ্ৰান্সিস্কো)
- মহাত্মা গান্ধী স্মৃতি কেন্দ্ৰ, মাটালে
- মহাত্মা গান্ধী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
- Gandhi's correspondence with the Indian government 1942–1944
- About Mahatma Gandhi
- Gandhi Ashram at Sabarmati
- Mani Bhavan Gandhi Sangrahalaya Gandhi Museum & Library
তথ্যসূত্ৰ
- ↑ Gandhi, "The Momentous Issue", Young India, 10 November 1921, in Collected Works of Mahatma Gandhi, electronic edition,vol. 25, pp. 76–8; and letter to P. Kodanda Rao, 10 September 1935, in Collected Works of Mahatma Gandhi, electronic edition,vol. 67, p. 400, where he stated: "... I found that even civil disobedience failed to convey the full meaning of the struggle. I therefore adopted the phrase civil resistance."
- ↑ an honorific first applied to him byৰবীন্দ্ৰনাথ ঠাকুৰ). Bhattacharya, Sabyasachi. (1997). The Mahatma and the Poet. National Book Trust, India. পৃ. 1
- ↑ Gandhi means "grocer" in Gujarati (L. R. Gala, Popular Combined Dictionary, English-English-Gujarati & Gujarati-Gujarati-English, Navneet), or "perfumer" in Hindi (Bhargava's Standard Illustrated Dictionary Hindi-English)
- ↑ Fischer, Louis. (1954). Gandhi:His life and message for the world. Mentor
- ↑ Sannuti, Arun. Vegetarianism: The Road to Satyagraha. International Vegetarian Union (IVU)
- ↑ Brown, (1991)
- ↑ Tendulkar (1951)
- ↑ The Collected Works of Mahatma Gandhi, Government of India (CWMG), Vol I, p. 150
- ↑ The Collected Works of Mahatma Gandhi, Government of India (CWMG), Vol I, p. 74
- ↑ The Collected Works of Mahatma Gandhi, Government of India (CWMG), Vol I, pp. 244–245
- ↑ Herman, (2010). p. 137
- ↑ Gandhi, Rajmohan (2006), pp. 108–109
- ↑ Smith, (2006)
- ↑ Prashad, (1966)
- ↑ Claude Markovits. (2004). A History of Modern India, 1480-1950. Anthem Press. পৃ. 367–86
- ↑ Chronology of Mahatma Gandhi's Life:India 1918 in WikiSource based on the Collected Works of Mahatma Gandhi. Based on public domain volumes
- ↑ Gandhi,(1940). Chapter "Recruiting Campaign"
- ↑ Desai, (1930)
- ↑ Gandhi, (1965) Collected Works, Vol 17. Chapter "67. Appeal for enlistment", Nadiad, 22 June 1918
- ↑ Gandhi, (1965) Collected Works, Vol 17. "Chapter 8. Letter to J. L. Maffey", Nadiad, 30 April 1918
- ↑ Andrews (1930)
- ↑ Hardiman, (2001)
- ↑ Unattributed. (2004). Satyagraha Laboratories Of Mahatma Gandhi. ভাৰতীয় জাতীয় কংগ্ৰেছ website. All India Congress Committee
- ↑ Gandhi, Rajmohan (2006),pp. 196–197
- ↑ Brown, (1974). pp. 94–102
- ↑ Gail Minault, The Khilafat Movement Religious Symbolism and Political Mobilization in India (1982)
- ↑ Kham, Aqeeluzzafar. (1990). The All-India Muslim Conference and the Origin of the Khilafat Movement in India. Journal of the Pakistan Historical Society. পৃ. 155–162
- ↑ Roberts, W. H. (1923). A Review of the Gandhi Movement in India. Political Science Quarterly. পৃ. 227–248
- ↑ Sugata Bose; Ayesha Jalal. (2004). Modern South Asia: History, Culture, Political Economy. Psychology Press. পৃ. 112–14
- ↑ Judith Margaret Brown. (1991). Gandhi: Prisoner of Hope. Yale University Press. পৃ. 140–47
- ↑ Wilhelm von Pochhammer. (2005). India's Road to Nationhood: A Political History of the Subcontinent. Allied Publishers. পৃ. 440
- ↑ Sumit Sarkar. (1983). Modern India: 1885-1947. Macmillan. পৃ. 233
- ↑ Claude Markovits, ed. (2004). A History of Modern India, 1480-1950. Anthem Press. পৃ. 372
- ↑ Judith Margaret Brown. (1994). Modern India: the origins of an Asian democracy. Oxford U. Press. পৃ. 228
- ↑ Roberts, "A Review of the Gandhi Movement in India," Political Science Quarterly, (1923) p. 229
- ↑ Gandhi 1990, পৃ. 82
- ↑ Chakrabarty, Bidyut. (2008). Indian politics and society since independence: events, processes and ideology. Routledge. পৃ. 154. ISBN 978-0-415-40868-4
- ↑ Hardiman, (2003). p. 163
- ↑ Gandhi 1990, পৃ. 89
- ↑ Unattributed. (December 1931). Gandhi Invents Spinning Wheel. Popular Science. Bonnier Corporation. পৃ. 60
- ↑ Shashi, (19960. p. 9
- ↑ Gandhi 1990, পৃ. 105
- ↑ Roberts, (2011)
- ↑ Datta, Amaresh. (1 January 2006). The Encyclopaedia Of Indian Literature (Volume Two) (Devraj To Jyoti). Sahitya Akademi. পৃ. 1345. ISBN 978-81-260-1194-0
- ↑ Gandhi 1990, পৃ. 131
- ↑ Jain, Jagdishchandra. (1987). Gandhi, the forgotten Mahatma. Mittal Publications. পৃ. 17. ISBN 81-7099-037-8
- ↑ Gandhi 1990, পৃ. 172
- ↑ Hatt, (2002). p. 33
- ↑ Norvell, 1997
- ↑ Sarma, (1994)
- ↑ Murali, (1985)
- ↑ Herman (20080. pp. 375–377
- ↑ Coward, (2003). pp. 52–53
- ↑ Gandhi 1990, পৃ. 230–232
- ↑ 100 Most Influential People of All Times . p. 354
- ↑ Ramachandra Guha, "The Other Liberal Light" The New Republic June 22, 2012
- ↑ Pyarelal, (1956)
- ↑ Jones & Ryan (2007). p. 160
- ↑ Gandhi 1990, পৃ. 246
- ↑ Ghose, Sankar (1992). Jawaharlal Nehru, A Biography, p. 137. Allied Publishers Limited
- ↑ Gandhi 1990, পৃ. 277–281
- ↑ Sarkar, (2006)
- ↑ Dash, Siddhartha. Orissa Review
- ↑ Gandhi 1990, পৃ. 283–286
- ↑ Gandhi 1990, পৃ. 309
- ↑ Gandhi 1990, পৃ. 318
- ↑ Brock, Peter. (1983). The Mahatma and mother India: essays on Gandhiʼs non-violence and nationalism. Navajivan Publishing House. পৃ. 34
- ↑ Limaye, Madhu. (1990). Mahatma Gandhi and Jawaharlal Nehru: a historic partnership. B. R. Publishing Corporation. পৃ. 11. ISBN 8170185475
- ↑ Wilhelm von Pochhammer. (2005). India's Road to Nationhood: A Political History of the Subcontinent. Allied Publishers. পৃ. 469
- ↑ Lapping, (1989)
- ↑ (7 May 1947). Gandhi, Jinnah Meet First Time Since '44; Disagree on Pakistan, but Will Push Peace. The New York Times
- ↑ Jalil, Azizul. (1944). When Gandhi met Jinnah. The Daily Star (Bangladesh)The Daily Star
- ↑ Bhattacharya, Sanjoy. (2001). Propaganda and information in Eastern India, 1939-45: a necessary weapon of war. Psychology Press. পৃ. 33. ISBN 978-0-7007-1406-3
- ↑ S. S. Shashi. (1996). Encyclopaedia Indica: India, Pakistan, Bangladesh. Anmol Publications. পৃ. 13. ISBN 978-81-7041-859-7
- ↑ Reprinted in The Essential Gandhi: An Anthology of His Writings on His Life, Work, and Ideas, Louis Fischer, ed., 2002 (reprint edition) pp. 106–108
- ↑ Keen, Shirin. (Spring, 1998). The Partition of India. Emory University
- ↑ Gandhi, Mohandas Karamchand. (5 January 1994). The Gandhi reader: a source book of his life and writings. Grove Press. পৃ. 418. ISBN 978-0-8021-3161-4
- ↑ Wolpert, Stanley. Gandhi's Passion – The Life and Legacy of Mahatma Gandhi. Oxford University Press. ISBN 0-19-513060-X
- ↑ Tønnesson, Øyvind. (1 December 1999). Mahatma Gandhi, the Missing Laureate. Nobelprize.org
- ↑ Metcalf, Barbara Daly; Metcalf, Thomas R. A concise history of modern India. Cambridge University Press. পৃ. 221–222. ISBN 978-0-521-86362-9
- ↑ Saikia, Bijoy Sankar. (2 October 2006). Why Mahatma Gandhi didn't get a Nobel Prize. CNN IBN-Live
- ↑ Stanley Wolpert, Gandhi's Passion p. 7
- ↑ R. Gandhi, Patel: A Life, p. 472
- ↑ Vinay Lal. ‘Hey Ram’: The Politics of Gandhi’s Last Words. Humanscape 8, no. 1 (January 2001): pp. 34–38
- ↑ Nehru's address on Gandhi's death. Retrieved on March 15 2007
- ↑ Johnson, Richard L. (2006). Gandhi's Experiments With Truth: Essential Writings By And About Mahatma Gandhi. Lexington Books. পৃ. 11. ISBN 978-0-7391-1143-7
- ↑ Watson, I. Bruce. (1977). Satyagraha: The Gandhian Synthesis. Journal of Indian History. পৃ. 325–335
- ↑ Parel, Anthony. (10 August 2006). Gandhi's philosophy and the quest for harmony. Cambridge University Press. পৃ. 195. ISBN 978-0-521-86715-3
- ↑ Time magazine people of the century
- ↑ Desai, Mahadev. The Gospel of Selfless Action, or, The Gita According To Gandhi. (Navajivan Publishing House: Ahmedabad: First Edition 1946). Other editions: 1948, 1951, 1956
- ↑ A shorter edition, omitting the bulk of Desai's additional commentary, has been published as: Anasaktiyoga: The Gospel of Selfless Action. Jim Rankin, editor. The author is listed as M.K. Gandhi; Mahadev Desai, translator. (Dry Bones Press, San Francisco, 1998) ISBN 1-883938-47-3
- ↑ Peerless Communicator by V.N. Narayanan. Life Positive Plus, Oct–Dec 2002
- ↑ Gandhi, M. K. Unto this Last: A paraphrase. Navajivan Publishing House. ISBN 81-7229-076-4
- ↑ King's Trip to India. Mlk-kpp01.stanford.edu
- ↑ Sidner, Sara. (17 February 2009). King moved, as father was, on trip to Gandhi's memorial. cnn.com Asia-Pacific. CNN
- ↑ D'Souza, Placido P. (20 January 2003). Commemorating Martin Luther King Jr.: Gandhi's influence on King. San Francisco Chronicle
- ↑ Tougas, Shelley. (2011). Birmingham 1963: How a Photograph Rallied Civil Rights Support. Capstone Press. পৃ. 12. ISBN 978-0-7565-4398-3
- ↑ Cone, James. (1992). Martin & Malcolm & America: A Dream Or a Nightmare. Orbis Books. ISBN 0-88344-824-6
- ↑ নেলছন মেণ্ডেলা, "The Sacred Warrior: The liberator of South Africa looks at the seminal work of the liberator of India", Time, 3 January 2000
- ↑ Pal, Amitabh. (February 2002). A pacifist uncovered- Abdul Ghaffar Khan, Pakistani pacifist. The Progressive
- ↑ (22 February 2004). An alternative Gandhi. The Tribune
- ↑ Gandhi Behind the Mask of Divinity
- ↑ Ghosh, Arunabha (December 23–29, 2006). "Lage Raho Munna Bhai: Unravelling Brand Gandhigiri: Gandhi, the man, was once the message. In post-liberalisation India, 'Gandhigiri' is the message ." Economic and Political Weekly'41' (51)
- ↑ Sharma, Swati Gauri. "How Gandhi got his mojo back ." Boston Globe, October 13, 2006
- ↑ Ramachandaran, Shastri. (23 September 2006). Jollygood Bollywood:Munnabhai rescues Mahatma. tribuneindia.com. The Tribune Trust
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোহনদাস কৰমচান্দ গান্ধী” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৯৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।