আমেৰিকান পাদ্ৰী মাৰ্টিন লুথাৰ কিং, অনুজ আছিল একাধাৰে সক্ৰিয় কৰ্মী, আফ্ৰিকীয়-আমেৰিকান গণ অধিকাৰ আন্দোলনৰ আগশাৰীৰ নেতা। তেওঁক বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতে গণ অধিকাৰৰ বিষয়ে সজাগতা অনাৰ বাবে জনা যায়। মোহনদাস কৰমচান্দ গান্ধীৰ অহিংস নীতিয়ে তেওঁক প্ৰভাৱিত কৰে আৰু নিজ কৰ্মপদ্ধতিতো ইয়াৰ প্ৰয়োগ কৰে।১
এজন ব্যাপ্তিষ্ট পাদুৰি কিঙে কৰ্মজীৱনৰ আৰম্ভণিতেই এজন সক্ৰিয় গন-অধিকাৰ কৰ্মী হৈ পৰে। ১৯৫৫ চনত তেওঁ মণ্টগোমাৰী বাচ বয়্কটত নেতৃত্ব দিয়ে। তেখেতৰ চেষ্টাতেই বিখ্যাত ৱাচিংটনৰ সমদল হয়। ইয়াতে তেওঁ “মোৰো এটি সপোন আছে (I have a dream)” ভাষণটি দিয়ে। এই ভাষণৰ বাবেই তেওঁক আমেৰিকাৰ সৰ্বোকৃষ্ট বক্তাসকলৰ এজন বুলি কোৱা হয় আৰু তেখেতে এজন গন-অধিকাৰ সংগ্ৰামী হিচাপে খ্যাতি লাভ কৰে।
বৰ্ণবৈষম্যৰ বিৰুদ্ধে কৰা অহিংস সংগ্ৰামৰ বাবে ১৯৬৪ চনৰ শান্তিৰ নোবেলেৰে মাৰ্টিন লুথাৰ কিঙক সন্মানিত কৰা হয়। ইয়াৰ পাচতো কিঙে দাৰিদ্ৰ আৰু ভিয়েটনাম যুদ্ধৰ বিপক্ষে যুঁজে।
৪ এপ্ৰিল ১৯৬৮ ত টেনচীত মাৰ্টিন লুথাৰ কিং আততায়ীৰ হাতত মৃত্যুবৰণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত এই দিনটোতে মাৰ্টিন লুথাৰ কিং দিৱস পালন কৰি তেখেতলৈ সন্মান জনোৱা হয়।
চমু জীৱনী
শিক্ষা আৰু জীৱনৰ আগচোৱা
১৫ জানুৱাৰী ১৯২৯ত আটলাণ্টা চহৰত মাৰ্টিন লুথাৰ কিং অনুজৰ জন্ম হয়। পিতৃ মাৰ্টিন লুথাৰ কিং অগ্ৰজ আৰু মাতৃ এলবাৰ্টা ৱিলিয়ামচ কিং।
সৰুকালত কিং নানান খ্ৰীষ্টিয় বিশ্বাসৰ ওপৰত সন্দেহী আছিল। কিন্তু পাচলৈ তেওঁৰ ভাৱ হয় যে বাইবেল বহুতো গভীৰ সত্যৰ ভঁৰাল আৰু ছেমিনাৰীত যোগদান কৰে।
আটলাণ্টাত ডাঙৰ-দীঘল হোৱা কিঙে বুকাৰ টি ৱাচিংটন হাইস্কুলত শিক্ষা লাভ কৰে। ১৫ বচৰ বয়সতে তেওঁ মুৰহাউচ মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৪৮ চনত সমাজ তত্ত্বৰ স্নাতক উপাধি লাভ কৰে। ইয়াৰ পাচত তেওঁ ক্ৰ্'জাৰ থিয়'ল'জিকেল চেমিনাৰী পেনচিলভেনিয়াৰ পৰা ঈশ্বৰত্বৰ স্নাতক উপাধি লাভ কৰে।
১৯৫৩ চনৰ ১৮ জুনত কিং আলাবামাত ক'ৰেট্টা স্কটৰ সৈতে বিৱাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ চাৰিটি সন্তানৰ জন্ম হয় ক্ৰমে য়'লাণ্ডা কিং, মাৰ্টিন লুথাৰ কিং ৩য়, ডেস্কটাৰ স্কট কিং, বাৰ্নিচ কিং।
১৯৫৪ চনত তেওঁ দেক্সতাৰ পথৰ ব্যাপ্তিষ্ট গিৰ্জা, মণ্টগোমাৰীৰ পাষ্ট’ৰ নিযুক্ত হয়। কিঙে ব’ষ্ট’ন বিশ্ববিদ্যালয়ত প্ৰণালীবদ্ধ ঈশ্বৰতত্ত্বৰ ডক্টৰেটৰ বাবে অধ্যয়ন কৰে আৰু ১৯৫৫ চনত দৰ্শনৰ ডক্টৰেট লাভ কৰে।
বাহ্যিক সংযোগ
- The King Center
- "Martin Luther King Jr. Collection", Morehouse College, RWWL
- The Martin Luther King, Jr. Papers Project
তথ্যসূত্ৰ
- ↑ D'Souza, Placido P. gandhis_influence
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্টিন লুথাৰ কিং, কনিষ্ঠ” প্ৰবন্ধৰ সংশোধন ৪৪৪৯২১ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।