মহাদেৱ দেশাই (১ জানুৱাৰী ১৮৯২ – ১৫ আগষ্ট ১৯৪২) ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যকৰ্তা তথা ৰাষ্ট্ৰবাদী লেখক আছিল। তেওঁৰ প্ৰসিদ্ধি এইকাৰণেই বেছি যে তেওঁ বহু সময়লৈ (প্ৰায় ২৫ বছৰ) জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধীৰ ব্যক্তিগত সচিব আছিল।
জীৱন পৰিচয়
১৮৯২ চনৰ ১ জানুৱাৰীত চুৰাটৰ সৰস নামৰ এখন সৰু গাঁৱত মহাদেৱ দেশাইৰ জন্ম হৈছিল। ১৯১৭ চনৰ ৩ নৱেম্বৰত গোধৰা নামে ঠাইত মহাত্মা গান্ধীৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাত্ হৈছিল। ইয়াৰ পৰাই মহাদেৱ দেশাই বাপু আৰু তেওঁৰ আন্দোলনৰ সৈতে জড়িত হৈ পৰে আৰু জীৱন পৰ্যন্ত ৰাষ্ট্ৰসেৱা কৰি ১৯৪২ চনৰ ১৫ আগষ্টত আগা খান পেলেচত নশ্বৰ দেহ ত্যাগ কৰে। মহাদেৱ দেশাইয়ে বাপুৰ ব্যক্তিগত সচিব হিচাবে কাম কৰি নিজৰ ডায়েৰীত ভাৰতৰ স্বাধীনতা আন্দোলনৰ যি জীৱন্ত বৰ্ণন কৰিছে, সেইয়া অদ্ভুত। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰুত্বপূৰ্ণ সৈনিক আছিল। হসীদে এদীবৰ 'ইনচাইড ইণ্ডিয়া' নামৰ কিতাপখনৰ 'ৰঘুবৰ তুমকো মেৰী লাজ' নামৰ চতুৰ্থ অধ্যায়ত মহাদেৱ দেশাইৰ সুন্দৰ বৰ্ণন পোৱা যায়। বাপুৰ সৈতে ভাৰত ভ্ৰমণ তথা জেল যাত্ৰাৰ উপৰিও গ্ৰেট ব্ৰিটেইনৰ মহাৰজাৰ নিমন্ত্ৰণত মহাত্মা গান্ধীৰ সৈতে মহাদেৱ দেশাইয়ে বাকিংঘম পেলেচ, ইংলেণ্ডলৈও যায়। মহাত্মা গান্ধীয়ে তেওঁক নিজপুত্ৰ মানিছিল।
সেৱাগ্ৰাম
মহাদেৱ দেশাইয়ে সেৱাগ্ৰামত বাস কৰিছিল।
সাংবাদিকতা আৰু লিখন কাৰ্য
দ্যা ইণ্ডিপেণ্ডেণ্ট
১৯২১ চনত মহাদেৱ দেশাইয়ে প্ৰয়াগৰাজৰ পৰা প্ৰকাশিত দ্যা ইণ্ডিপেণ্ডেণ্ট নামৰ বাতৰিকাকতখনৰ সৈতে জড়িত হয়। মতিলাল আৰু জৱাহৰলাল নেহৰু জেললৈ যাৱলগীয়া হোৱাত মহাদেৱ দেশাইয়ে এই কাকতখনৰ সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। মহাদেৱ দেশাই গ্ৰেপ্তাৰ হোৱাৰ পাছত মহাত্মা গান্ধীৰ পুত্ৰ দেৱদাস গান্ধীয়ে এই কাকতখন প্ৰকাশ কৰিবলৈ লয় আৰু দেশাইৰ পত্নী দুৰ্গাবেনে সক্ৰিয় সংযোগ দিয়ে।

মহাদেৱ দেশাই হৰিজন নামৰ আন এখন বাতৰিকাকতৰো সম্পাদক আছিল আৰু ১৯২৪ চনত নৱজীৱনৰ সম্পাদক আছিল।
লিখন কাৰ্য
- খান আব্দুল গফ্ফৰ খানৰ ওপৰত কিতাপ ৰচনা
- নৱজীৱনৰ বাবে ডায়েৰী লিখন
- লৰ্ড মাৰ্লীৰ ৰচনাৰাজি গুজৰাটী ভাষালৈ অনুবাদ
- ২০টা খণ্ডত ৰচিত মহাদেৱ দেশাইৰ ডায়েৰী
- গুজৰাটী ভাষাত লিখা মোহনদাস কৰমচান্দ গান্ধীৰ আত্মকথা ইংৰাজীলৈ অনুবাদ
- জৱাহৰলাল নেহৰু ৰ আত্মকথা গুজৰাটীলৈ অনুবাদ
মৃত্যু
১৯৪২ চনৰ ৮ আগষ্টত মুম্বাইৰ গোৱালিয়ৰ টেকৰ পথাৰত নিজৰ ঐতিহাসিক ভাষণত মহাত্মা গান্ধীয়ে "ভাৰত এৰা - কৰা নহলে মৰা" শ্লোগান দিছিল। ৯ আগষ্টত পুৱাই মোহনদাস কৰমচান্দ গান্ধী, সৰোজিনী নাইডু আৰু মহাদেৱ দেশাইক ইংৰাজে গ্ৰেপ্তাৰ কৰি আগা খান পেলেচত বন্দী কৰি থয়। অৱশেষত ১৫ আগষ্টত মহাদেৱ দেশাইৰ এই কাৰাগাৰতেই মৃত্যু হয়।
মহাদেৱ দেশাইৰ সমাধি
আৰু মহাদেৱ দেশাইৰ সমাধি]]
মহাদেৱ দেশাইৰ মৃত্যুৰ পাছত মহাত্মা গান্ধীৰ ইচ্ছানুসৰি আগা খান পেলেচত তেওঁৰ সমাধি নিৰ্মাণ কৰা হয়। এই সমাধিত ওম আৰু ক্ৰছ চিহ্ন অংকন কৰা হৈছে। মহাদেৱ দেশাইৰ মৃত্যুৰ এবছৰ পাছত মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰ স্বৰ্গবাস হয় আৰু কস্তুৰবা গান্ধীৰ সমাধিয়ো মহাদেৱ দেশাইৰ সমাধিৰ কাষতেই নিৰ্মাণ কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাদেৱ দেশাই” প্ৰবন্ধৰ সংশোধন ৩০০৬৫৬ (২৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।