অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (ছান ফ্ৰান্সিস্কো)

মহাত্মা গান্ধীৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ১৯৮৮ চনত ছান ফ্ৰান্সিস্কোত ঝ্লাটকো পাউনভ আৰু ষ্টিভেন লোৱ নামৰ দুগৰাকী শিল্পীয়ে নিৰ্মাণ কৰিছিল। এই প্ৰতিমূৰ্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ চান ফ্ৰাঞ্চিস্কোৰ এমবাৰ্কাডেৰোৰ কাষত চান ফ্ৰাঞ্চিস্কো ফেৰী ভৱনৰ দক্ষিণ-পূবৰ প্লাজাত অৱস্থিত।

হালনাগাদ: ৮ জুন ২০২৪ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মোহনদাস কৰমচান্দ গান্ধীৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ১৯৮৮ চনত ছান ফ্ৰান্সিস্কোত ঝ্লাটকো পাউনভ আৰু ষ্টিভেন লোৱ নামৰ দুগৰাকী শিল্পীয়ে নিৰ্মাণ কৰিছিল। এই প্ৰতিমূৰ্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ চান ফ্ৰাঞ্চিস্কোৰ এমবাৰ্কাডেৰোৰ কাষত চান ফ্ৰাঞ্চিস্কো ফেৰী ভৱনৰ দক্ষিণ-পূবৰ প্লাজাত অৱস্থিত।১ ৮ ফুট (২.৪ মিটাৰ) ওখ ভাস্কৰ্যটোৰ ভেটিত দুটা খলপৰ ওপৰত এখন ফলক আছে। এই প্ৰতিমূৰ্তি গান্ধী মেম'ৰিয়েল ইণ্টাৰনেচনেল ফাউণ্ডেচনৰ পৰা এটা উপহাৰ আছিল।২

অভ্যৰ্থনা

১৯৮৮ চনৰ ৩ অক্টোবৰত এই মূৰ্তিটো ছান ফ্ৰান্সিস্কোৰ মেয়ৰ আৰ্ট এগনোছৰ নামত উৎসৰ্গা কৰা হয়।১৯৯০ চনত হনোলুলুৰ কাপিওলানি পাৰ্কত এজোপা বেনিয়ান গছৰ তলত শিল্পী পাউনভ আৰু ল'ৱেৰ নিৰ্মিত একেধৰণৰ মূৰ্তি উন্মোচন কৰা হয়।৩ msnbc.com ৰ সাংবাদিক ক্ৰীছ ৰ'ডেলে লিখিছিল যে "বিখ্যাত নিৰামিষভোজী" গান্ধীৰ ভাস্কৰ্য্য সেই প্লাজাৰ বাবে উপযুক্ত, কাৰণ ই সাপ্তাহিক কৃষকৰ বজাৰৰ স্থান আছিল।২ ২০১০ চনত ভাৰতীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ প্ৰতিবাদত গঠন হোৱা "অৰ্গেনাইজেচন ফৰ মাইনৰিটিজ অৱ ইণ্ডিয়া" নামৰ এটা গোটে গান্ধী এজন বৰ্ণবাদী "হিংসাত্মক চিন্তাধাৰাক আশ্ৰয় দিয়া" লোক বুলি দাবী কৰি ভাস্কৰ্যটো আঁতৰোৱাৰ দাবী জনাইছিল। ৪ ভাস্কৰ্যটো চুৰি আৰু ধ্বংসৰ বাবে এক জ্ঞাত লক্ষ্য;মূৰ্তিটোৰ চশমাটো কেইবাবাৰো চুৰি হৈছি, আৰু মূৰ্তিটোৰ একাংস কেইবাবাৰো ভাঙি পেলোৱাৰ বাতৰিও পোৱা গৈছে।৫৬

তথ্যসূত্ৰ

  1. ↑ Gandhi, M. K. (1869). Mohandas Karamchand Gandhi. The Story of My Experiments with Truth, 1
  2. ↑ Rodell, Chris. Look out, RoboCop! Statues from Yoda to Rocky lure tourists to cities. Msnbc.com
  3. ↑ (2015). About the Artist: Stephen Lowe. Gandhi Statue Waikiki
  4. ↑ Coté, John. (October 2, 2010). Group says Gandhi racist, plans to protest statue. San Francisco Chronicle
  5. ↑ Ho, Vivian; Huet, Ellen; Kane, Will. (5 June 2013). Chron Watch year: hits, misses. San Francisco Chronicle
  6. ↑ Huet, Ellen. (27 March 2013). S.F. Gandhi statue vandalized – again. San Francisco Chronicle

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (ছান ফ্ৰান্সিস্কো)” প্ৰবন্ধৰ সংশোধন ৪২২৫৫৬ (৮ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।