অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱদাস গান্ধী

দেৱদাস মোহনদাস গান্ধী (২২ মে ১৯০০ - ৩ আগষ্ট ১৯৫৭) আছিল মহাত্মা গান্ধীৰ চতুৰ্থটি আৰু একেবাৰে সৰুটো সন্তান। তেওঁৰ দক্ষিণ আফ্ৰিকাত জন্ম হয় আৰু ডেকাকালত হৈ মাক দেউতাকৰ লগত ভাৰতলৈ ঘূৰি আহে। তেওঁ দেউতাকৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি কাৰাবাসো খাটিছিল। তেওঁ এজন বিশিষ্ট সাংবাদিক আছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দেৱদাস মোহনদাস গান্ধী (২২ মে ১৯০০ - ৩ আগষ্ট ১৯৫৭) আছিল মোহনদাস কৰমচান্দ গান্ধীৰ চতুৰ্থটি আৰু একেবাৰে সৰুটো সন্তান। তেওঁৰ দক্ষিণ আফ্ৰিকাত জন্ম হয় আৰু ডেকাকালত হৈ মাক দেউতাকৰ লগত ভাৰতলৈ ঘূৰি আহে। তেওঁ দেউতাকৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি কাৰাবাসো খাটিছিল। তেওঁ এজন বিশিষ্ট সাংবাদিক আছিল। তেওঁ হিন্দুস্থান টাইমছৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯১৮ চনত তামিলনাডুৰ মোহনদাস গান্ধীৰ দ্বাৰা প্ৰতিষ্ঠাপিত দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভা (ডিবিএইচপিএছ)ৰ প্ৰথম প্ৰচাৰক আছিল। সভাৰ উদ্দেশ্য আছিল দক্ষিণ ভাৰতত হিন্দী ভাষাৰ প্ৰচলন কৰা। ১

বৈবাহিক জীৱন

লক্ষ্মী আৰু দেৱদাস গান্ধীৰ বিয়াৰ ফটো
লক্ষ্মী আৰু দেৱদাস গান্ধীৰ বিয়াৰ ফটোছবি: Unknown author · Public domain

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়তে দেৱদাসৰ পিতৃৰ সহযোগী চি.ৰাজাগোপালেশ্বৰীৰ কন্যা লক্ষ্মীৰ সৈতে দেৱদাসৰ প্ৰেম হৈছিল। সেই সময়ত লক্ষ্মীৰ বয়স আছিল মাত্ৰ ১৫ বছৰ আৰু দেৱদাসৰ বয়স ২৮ বছৰ, দেৱদাসৰ পিতৃ আৰু ৰাজাজী দুয়োজনে নিজৰ পুত্ৰ আৰু কন্যাক দুয়োয়ে এজনে আনজনক দেখা নকৰাকৈ পাঁচ বছৰ অপেক্ষা কৰিবলৈ কৈছিল। পাঁচ বছৰ পাৰ হোৱাৰ পিছত, তেওঁলোকক ১৯৩৩ চনত পিতৃৰ কথা মতে বিয়া পাতি দিয়ে।২

দেৱদাস আৰু লক্ষ্মীৰ চাৰিটা সন্তান আছিল,তেওঁ ক্ৰমে- ৰাজমোহন গান্ধী, ৰামচন্দ্ৰ গান্ধী, গোপালকৃষ্ণ গান্ধী,৩ তাৰা গান্ধী ভট্টাচাৰ্যী(জন্ম ২৪ এপ্ৰিল ১৯৩৪ চন, নতুন দিল্লী)

তথ্যসূত্ৰ

  1. ↑ When Gandhi turned half-naked fakir in Tamil Nadu. Outlook India
  2. ↑ Tunzelmann, Alex Von. (2008). Indian Summer: The Secret History of the End of an Empire. Simon & Schuster. পৃ. 78. ISBN 9781416522256
  3. ↑ Ramachandra Guha. (15 August 2009). The Rise and Fall of the Bilingual Intellectual. Economic and Political Weekly. Economic and Political Weekly

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱদাস গান্ধী” প্ৰবন্ধৰ সংশোধন ৬৩৭২৪৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।