গুজৰাটৰ ব্যক্তি
২৪ প্ৰবন্ধ
-
মোহনদাস কৰমচান্দ গান্ধী
মোহনদাস কৰমচান্দ গান্ধী (મોહનદાસ કરમચંદ ગાંધી; Mohandas Karamchand Gandhi; ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে।
-
নৰেন্দ্ৰ মোদী
নৰেন্দ্ৰ দামোদৰদাস মোদী (Narendra Damodardas Modi, জন্ম: ১৭ ছেপ্তেম্বৰ, ১৯৫০) বা চমুকৈ নৰেন্দ্ৰ মোদী হৈছে ভাৰতবৰ্ষৰ ১৫তম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে সুদীৰ্ঘ ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল।
-
বল্লভভাই পেটেল
চৰ্দাৰ বল্লভভাই পেটেল (Sardar Vallabhbhai Patel, ) (১৮৭৫-১৯৫০) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় যুঁজাৰু, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু ভাৰতীয় গণতন্ত্ৰৰ এজন অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী আছিল।
-
অমিত শ্বাহ
অমিত অনিলচন্দ্ৰ শ্বাহ (জন্ম ২২ অক্টোবৰ ১৯৬৪) ভাৰতৰ ৰাজনৈতিক নেতা আৰু ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী। তেওঁ ২০১৪ চনৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
-
পংকজ উধাছ
পংকজ উধাছ (Pankaj Udhas; ১৭ মে' ১৯৫১ – ২৬ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী চিনেমা আৰু ভাৰতীয় পপ্ সংগীতৰ জগতত গজল আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিশেষভাবে জনাজাত। ১৯৮০ চনত 'আহাত' নামৰ এটা গজল এলবাম মুক্তিৰ জৰিয়তে তেওঁ সাংগীতিক জীৱন আৰম্ভ কৰিছিল।
-
উমাশংকৰ যোশী
উমাশংকৰ যোশী (Umashankar Jethalal Joshi; জন্ম:২১ জুলাই’ ১৯১১ - মৃত্যু: ১৯ ডিচেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় কবি, পণ্ডিত আৰু লেখক। গুজৰাটী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক জনা যায়। তেওঁ গুজৰাটী ভাষাতে অধিকাংশ কাম কৰিছে।
-
পন্নালাল পেটেল
পন্নালাল নানালাল পেটেল (Pannalal Nanalal Patel; জন্ম:৭ মে’ ১৯১২ - মৃত্যু: ৬ এপ্ৰিল ১৯৮৯) এগৰাকী ভাৰতীয় গুজৰাটী লেখক। গুজৰাটী সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বিশেষ ভাৱে পৰিচিত।
-
ভুৱন বাম
ভুৱন অভনীন্দ্ৰ শংকৰ বাম (জন্ম ২২ জানুৱাৰী ১৯৯৪) ভাৰতৰ দিল্লীৰ এজন ভাৰতীয় কমেডিয়ান, লেখক, গায়ক, গীতিকাৰ, আৰু ইউটিউব ব্যক্তিত্ব। ইউটিউবত BB Ki Vines নামৰ কমেডী চেনেলটোৰ বাবে তেওঁ পৰিচিত। মহাৰাষ্ট্ৰীয় বামে ১৯৯৪ চনৰ ২২ জানুৱাৰীত গুজৰাটৰ বদোদৰাত জন্মগ্ৰহণ কৰিছিল অভনীন্দ্ৰ আৰু পদ্ম বামৰ ঘৰত।
-
সীতাংশু য়শচন্দ্ৰ
সীতাংশু য়শচন্দ্ৰ মেহতা (জন্ম ১৯ আগষ্ট ১৯৪১), যাক সীতাংশু য়শচন্দ্ৰ বুলি জনা যায়, এগৰাকী গুজৰাটী ভাষাৰ কবি, নাট্যকাৰ, অনুবাদক আৰু ভাৰতীয় শিক্ষাবিদ। তেওঁ গুজৰাটী সাহিত্য পৰিষদৰ সভাপতি আছিল।
-
তুষাৰ গান্ধী
তুষাৰ অৰুণ গান্ধী ( জন্ম: ১৭ জানুৱাৰী ১৯৬০) এজন ভাৰতীয় লেখক আৰু অৰুণ মনিলাল গান্ধীৰ পুত্ৰ। তুষাৰ গান্ধী মহাত্মা গান্ধীৰ আজোনাতি। ২০০৫ চনৰ মাৰ্চ মাহত তেওঁ ৭৫বছৰীয়া দণ্ডি মাৰ্চৰ পুনৰ প্ৰণয়নৰ নেতৃত্ব দিয়ে।
-
নাৰায়ণ দেশাই
নাৰায়ণ দেশাই ( Narayan Desai; ২৪ ডিচেম্বৰ ১৯২৪ – ১৫ মাৰ্চ ২০১৫) এজন ভাৰতীয় গান্ধীবাদী আৰু লেখক।
-
মনুভাই পাঞ্চলি
মনুভাই পাঞ্চলি (Manubhai Pancholi) এগৰাকী ভাৰতীয় গুজৰাটী ৰাজনীতিবিদ। তেওঁ দৰ্শক উপনামেৰে লেখা-মেলা কৰে আৰু ঘাইকৈ এই নামেৰেই পঢ়ুৱৈৰ মাজত পৰিচিত। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু স্বাধীনতাৰ পিছত শিক্ষাবিদ আৰু ৰাজনীতিক ৰূপে সেৱা আগবঢ়াইছিল।
-
ইলা ভাট
ইলা ৰমেশ ভাট (Ela Bhatt,৭ ছেপ্টেম্বৰ ১৯৩৩ – ২ নৱেম্বৰ ২০২২) এগৰাকী ভাৰতীয় সমবায় সংগঠক, কৰ্মী আৰু গান্ধীবাদী৷ তেওঁ ১৯৭২ চনত ভাৰতীয় স্ব-নিয়োজিত মহিলা সংস্থা (SEWA) প্ৰতিষ্ঠা কৰিছিল আৰু ১৯৭২ চনৰ পৰা ১৯৯৬ চনলৈকে ইয়াৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ২০১৫ চনৰ ৭ মাৰ্চৰ পৰা ২০২২ চনৰ ১৯…
-
কুন্দনিকা কাপাডিয়া
কুন্দনিকা কাপাডিয়া (Kundanika Kapadia; (১১ জানুৱাৰী, ১৯২৭ – ৩০ এপ্ৰিল, ২০২০) গুজৰাটী ভাষাৰ এগৰাকী ভাৰতীয় ঔপন্যাসিক, গল্প লেখক আৰু প্ৰাৱন্ধিক।
-
জোহৰাবেন চাৱড়া
জোহৰাবেন আকবৰভাই চাৱড়া (১৯২৩–১৯৯৭) এগৰাকী গান্ধীবাদী সমাজ সংস্কাৰক আৰু বানাস্কান্তৰ পৰা তৃতীয় লোকসভাৰ সদস্য আছিল।
-
দেৱল দেৱী
দেৱল দেৱী (Deval Devi) গুজৰাটৰ বাঘেলা সাম্ৰাজ্যৰ শেষ সাৰ্বভৌম শাসক কৰ্ণ দেৱ দ্বিতীয়ৰ জীয়ৰী আছিল। ১৩০৮ খ্ৰীষ্টাব্দত তেওঁৰ আলাউদ্দিন খিলজীৰ জ্যেষ্ঠ পুত্ৰ খিজিৰ খানৰ সৈতে বিবাহ হয়। আঠ বছৰ পিছত খিজিৰ খাঁক তেওঁৰ ভাতৃ মুবাৰক শ্বাহে (১৩১৬-২০) মৃত্যুদণ্ড দিয়ে আৰু দেৱল দেৱীক নিজৰ হাৰেমলৈ লৈ যায়।
-
নাকৰ
নাকৰ (Nakar) আছিল এজন ষষ্ঠদশ শতিকাৰ গুজৰাটী কবি, যিয়ে কেইবাখনো আখ্যান লিখিছিল।
-
পি এন ভাগৱতী (ন্যায়ধীশ)
প্ৰফুল্লচন্দ্ৰ নটৱাৰলাল ভাগৱতী (জন্ম,২১ ডিচেম্বৰ ১৯২১ – মৃত্যু,১৫ জুন ২০১৭) ভাৰতৰ উচ্চতম ন্যায়লয়ৰ ১৭সংখ্যক মুখ্য ন্যায়াধীশ আছিল, ১৯৮৫ চনৰ ১২ জুলাইৰপৰা ১৯৮৬ চনৰ ২০ ডিচেম্বৰত অৱসৰ লোৱালৈকে কাৰ্যনিৰ্বাহ কৰিছিল। দেশৰ ন্যায়িক সক্ৰিয়তাৰ এজন পথ-প্ৰদৰ্শক।
-
বৰ্ষা মহেন্দ্ৰ আদলজা
বৰষা মহেন্দ্ৰ আদলজা (জন্ম ১০ এপ্ৰিল ১৯৪০) এগৰাকী ভাৰতীয় গুজৰাটী ভাষাৰ নাৰীবাদী ঔপন্যাসিক, নাট্যকাৰ আৰু আলোচনাপন্থী, যিয়ে ১৯৯৫ চনত আনছাৰ উপন্যাসৰ বাবে গুজৰাটী ভাষাৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। মঞ্চ নাটক, চিত্ৰনাট্য, ৰেডিঅ' আদিৰ বাবেও লিখে এগৰাকী নাট্যকাৰে।
-
ভায়োলেট আলভা
ভায়োলেট হৰি আলভা (Violet Alva; ২৪ এপ্ৰিল ১৯০৮ – ২০ নৱেম্বৰ ১৯৬৯)এগৰাকী ভাৰতীয় অধিবক্তা, সাংবাদিক, ৰাজনীতিবিদ, ৰাজ্যসভাৰ উপ-সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (INC)ৰ সদস্য আছিল। তেওঁ ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা অধিবক্তা আৰু ৰাজ্যসভাৰ সভাপতিত্ব কৰা প্ৰথমগৰাকী মহিলা অধিবক্তা আছিল।
-
ভাৱনা চিখালিয়া
ভাৱনা চিখালিয়া (Bhavna Chikhalia; ১৪ ফেব্ৰুৱাৰী ১৯৫৫ – ২৮ জুন ২০১৩) ২০০৩ চনৰ পৰা ২০০৪ চনলৈকে ভাৰত চৰকাৰৰ সংসদীয় পৰিক্ৰমা, পৰ্যটন আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী আছিল৷ তেওঁ গুজৰাটৰ জুনাগড় সমষ্টিৰ পৰা (১৯৯১ চনৰ পৰা ২০০৪ চনলৈ) একেৰাহে চাৰিটা কাৰ্যকাল লোকসভাত জয়ী হোৱা গুজৰাটৰ প্ৰথমগৰাকী মহিলা।
-
সাৰদাবেন পেটেল
সাৰদাবেন অনিলভাই পেটেল (Shardaben Anilbhai Patel,জন্ম ২১ মাৰ্চ ১৯৪৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৭ নং লোকসভাৰ সদস্য আছিল।
-
সুজাতা মনোহৰ
সুজাতা বসন্ত মনোহৰ (Sujata Manohar, জন্ম-২৮ আগষ্ট ১৯৩৪) হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য।
-
ৰমাবেন পেটেল
ৰমাবেন ৰামজীভাই মাৱনী পেটেল (Ramaben Ramjibhai Mavani Patelজন্ম ১৯৫৩) গুজৰাটৰ এগৰাকী অধিবক্তা আৰু ৰাজনীতিবিদ। তেওঁ ৮ম লোকসভাৰ সদস্য আছিল।