অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হংসা জীৱৰাজ মেহতা

হংসা জীৱৰাজ মেহতা (Hansa Jivraj Mehta, ৩ জুলাই ১৮৯৭ – ৪ এপ্ৰিল ১৯৯৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল। তেওঁৰ পিতৃ মনুভাই মেহতা বৰোদা আৰু বিকানেৰ ৰাজকীয় ৰাজ্যৰ দিৱান আছিল।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ৪৩৫ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

হংসা জীৱৰাজ মেহতা (Hansa Jivraj Mehta, ৩ জুলাই ১৮৯৭ – ৪ এপ্ৰিল ১৯৯৫)১ এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল।২ তেওঁৰ পিতৃ মনুভাই মেহতা বৰোদা আৰু বিকানেৰ ৰাজকীয় ৰাজ্যৰ দিৱান আছিল। সাংবাদিকতা আৰু সমাজতত্ত্বত উচ্চ শিক্ষা লাভ কৰিবলৈ তেওঁ ১৯১৯ চনত ইংলেণ্ডলৈ গৈছিল। গুজৰাটৰ প্ৰথম মুখ্যমন্ত্ৰী জীৱৰাজ নাৰায়ণ মেহতা তেওঁৰ স্বামী। ১৯৪৬ চনত তেওঁ মুম্বাইত অৱস্থিত শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয় আৰু ১৯৪৯ চনত নৱগঠিত বৰোদা বিশ্ববিদ্যালয়ৰ তেওঁ উপাচাৰ্য নিযুক্তি লাভ কৰিছিল। ইয়াৰ লগে লগে তেওঁ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।৩ ১৯৫৯ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। ১৯৯৫ চনৰ ৪ এপ্ৰিল তাৰিখে তেওঁৰ মৃত্যু হয়।

প্ৰাৰম্ভিক জীৱন

১৮৯৭ চনৰ ৩ জুলাই তাৰিখে বৰোদা ষ্টেটৰ নগৰ ব্ৰাহ্মণ পৰিয়ালত হংসা মেহতাৰ জন্ম হৈছিল। তেওঁ বৰোদা ৰাজ্যৰ দেৱান মনুভাই মেহতাৰ কন্যা আৰু প্ৰথম গুজৰাটী উপন্যাস 'কৰণ ঘেলো'ৰ লেখক আনন্দশংকৰ মেহতাৰ নাতিনী আছিল।১৪

তেওঁ বৰোদা মহাবিদ্যালয়ৰ পৰা ১৯১৮ চনত দৰ্শনৰ সৈতে স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ ইংলেণ্ডত সাংবাদিকতা আৰু সমাজতত্ত্ব অধ্যয়ন কৰিছিল। ১৯১৮ চনত তেওঁ সৰোজিনী নাইডু আৰু পিছত ১৯২২ চনত মোহনদাস কৰমচান্দ গান্ধীক লগ পাইছিল।৪৫

তেওঁ এজন বিশিষ্ট চিকিৎসক আৰু প্ৰশাসক জীৱৰাজ নাৰায়ণ মেহতাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। পিছলৈ তেওঁ গুজৰাটৰ প্ৰথম মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিছিল।

কৰ্মজীৱন

হংসা মেহতাই বিদেশী কাপোৰ আৰু সুৰা বিক্ৰী কৰা দোকানৰ পিকেটিঙৰ আয়োজন কৰিছিল আৰু মোহনদাস কৰমচান্দ গান্ধীৰ পৰামৰ্শৰ সৈতে সংগতি ৰাখি অন্যান্য স্বাধীনতা আন্দোলনৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিছিল। আনকি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ১৯৩২ চনত তেওঁৰ স্বামীৰ সৈতে ব্ৰিটিছসকলে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। পিছত তেওঁ বোম্বে বিধান পৰিষদলৈ নিৰ্বাচিত হৈছিল।২

স্বাধীনতাৰ পিছত তেওঁ ১৫ গৰাকী মহিলাৰ ভিতৰত আছিল যি ভাৰতীয় সংবিধান খচৰা সংবিধান সভাৰ অংশ আছিল।৬ তেওঁ মৌলিক অধিকাৰ সম্পৰ্কীয় উপদেষ্টা সমিতি আৰু উপ সমিতিৰ সদস্য আছিল।৭ তেওঁ ভাৰতত মহিলাসকলৰ বাবে সমতা আৰু ন্যায়ৰ পোষকতা কৰিছিল।৮৪৯

তেওঁ ১৯২৬ চনত বোম্বে বিদ্যালয় সমিতিলৈ নিৰ্বাচিত হৈছিল আৰু ১৯৪৫-৪৬ চনত অল ইণ্ডিয়া ৱমেন কণফাৰেন্সৰ অধ্যক্ষ হৈছিল। হায়দৰাবাদত অনুষ্ঠিত সৰ্বভাৰতীয় মহিলা সন্মিলনত তেওঁৰ অধ্যক্ষৰ সম্বোধনত তেওঁ মহিলা অধিকাৰৰ চাৰ্টাৰৰ প্ৰস্তাৱ দিছিল। তেওঁ ১৯৪৫ চনৰ পৰা ১৯৬০ লৈ ভাৰতত বিভিন্ন পদত অধিষ্ঠিত আছিল। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল - শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সৰ্বভাৰতীয় মাধ্যমিক শিক্ষা পৰিষদৰ সদস্য, ভাৰতৰ আন্তঃ বিশ্ববিদ্যালয় পৰিষদৰ অধ্যক্ষ আৰু বৰোদাৰ মহাৰাজ সায়াজিৰাও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। তেওঁ বৰোদা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল।৫

তেওঁ ১৯৪৬ চনত মহিলাৰ স্থিতিৰ ওপৰত নিউক্লিয়াৰ উপ-সমিতিত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১৯৪৭-৪৮ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগত ভাৰতীয় প্ৰতিনিধি হিচাপে, তেওঁ "সকলো পুৰুষক সমান সৃষ্টি কৰা হৈছে" (এলিনোৰ ৰুজভেল্টৰ পছন্দৰ বাক্যাংশ) ৰ পৰা "সকলো মানুহ"লৈ মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণাৰ ভাষা সলনি কৰাৰ বাবে দায়বদ্ধ আছিল।১০ তেওঁ এই ঘোষণা পত্ৰত লিংগ সমতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।১১ পিছলৈ ১৯৫০ চনত তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উপাধ্যক্ষ হৈছিল। তেওঁ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ কাৰ্যবাহী পৰিষদৰ সদস্যও আছিল।৩১২

সাহিত্য

তেওঁ গুজৰাটী ভাষাত 'অৰুণু অদ্ভুত স্বপ্ন' (১৯৩৪), 'ববলানা পৰাক্ৰমো' (১৯২৯), 'বলৱৰ্তাৱলী অংশ ১-২' (১৯২৬, ১৯২৯) কে ধৰি কেইবাটাও শিশুৰ বাবে উপযোগী গ্ৰন্থ লিখিছিল। তেওঁ বাল্মীকি ৰামায়ণ অৰণ্যকাণ্ড, বালকাণ্ড আৰু সুন্দৰকাণ্ড অনুবাদ কৰিছিল। তেওঁ বহুতো ইংৰাজী সাহিত্য অনুবাদ কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হৈছে 'গুলিভাৰ্চ ট্ৰেভেল'। তেওঁ ৱিলিয়াম শ্বেইক্সপিয়াৰৰ কিছুমান নাটকৰ আলমত নাটক ৰচনা কৰিছিল। তেওঁৰ প্ৰবন্ধসমূহ সংগ্ৰহ 'কেতলাক লেখো' (১৯৭৮) হিচাপে প্ৰকাশ কৰা হৈছিল।২৫

মৃত্যু

১৯৯৫ চনৰ ৪ এপ্ৰিল তাৰিখে তেওঁৰ মৃত্যু হয়। ভাৰত চৰকাৰে তেওঁক ১৯৫৯ চনত পদ্মভূষণ আগবঢ়াইছিল।১৩

তথ্যসূত্ৰ

  1. ↑ Trivedi, Shraddha. (2002). Gujarati Vishwakosh (Gujarati Encyclopedia). Gujarati Vishwakosh Trust. পৃ. 540
  2. ↑ Wolpert, Stanley. (5 April 2001). Gandhi's Passion: The Life and Legacy of Mahatma Gandhi. Oxford University Press. পৃ. 149. ISBN 9780199923922
  3. ↑ Srivastava, Gouri. (2006). Women Role Models: Some Eminent Women of Contemporary India. Concept Publishing Company. পৃ. 14–16. ISBN 9788180693366
  4. ↑ (2018-01-22). Hansa Jivraj Mehta: Freedom fighter, reformer; India has a lot to thank her for. The Indian Express
  5. ↑ Chaudhari. (2005). વીસમી સદીનું ગુજરાતી નારીલેખન. সাহিত্য অকাডেমি. পৃ. 350. ISBN 8126020350
  6. ↑ Ravichandran, Priyadarshini. (13 March 2016). The women who helped draft our constitution. Mint
  7. ↑ CADIndia. cadindia.clpr.org.in
  8. ↑ CADIndia. cadindia.clpr.org.in
  9. ↑ RAJU, M. P. Denial of rights. Frontline
  10. ↑ Jain, Devaki. (2005). Women, Development and the UN. Indiana University Press. পৃ. 20
  11. ↑ www.un.int/india/india%20&%20un/humanrights.
  12. ↑ Dhanoa, Belinder. (1997). Contemporary art in Baroda. Tulika. পৃ. 267. ISBN 9788185229041
  13. ↑ Hansa Jivraj Mehta. Praful Thakkar's Thematic Gallery of Indian Autographs

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় শিক্ষাবিদসমাজ সংস্কাৰকভাৰতীয় ৰাজনীতিবিদভাৰতৰ স্বাধীনতা সংগ্ৰামীভাৰতীয় সাহিত্যিকপদ্মভূষণ বঁটা বিজয়ীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হংসা জীৱৰাজ মেহতা” প্ৰবন্ধৰ সংশোধন ৪৮৫১৮৮ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।